প্ৰেমৰ নিচা-দিম্পল কলিতা
গাঁৱত বিশাল আয়োজনেৰে বিশ্ব শান্তিৰ বাবে মহাযজ্ঞৰ অনুষ্ঠান হৈছে। দূৰ-দূৰণিৰপৰা মানুহ আহিছে। গাঁওখনত সেইকেইদিন উৎসৱমুখৰ পৰিবেশ। মানুহবোৰে এসপ্তাহৰপৰা নিজৰ নামবোৰ কমিটিৰ ওচৰত লিখিছে যজ্ঞত আহুতি দিবলৈ। প্ৰথমদিনা বহুত কমসংখ্যক সাধাৰণ মানুহে লিষ্টত নাম ভৰাব পাৰিছে। কাৰণ সেইদিনা বেছিসংখ্যক নাম ভি আই পি অতিথিৰ বাবে সংৰক্ষিত হৈ আছে।
“এইবাৰ অংকিতা হাজৰিকা আগুৱাই আহিব লাগে।”
মাইকত কমিটিৰ সদস্য এজনে নামবোৰ ঘোষণা কৰি আছে, আৰু নাম মতেই মানুহবোৰে গৈ আহুতি দি আছে।
অংকিতা হাজৰিকা (গুৱাহাটী) নামটো মতাৰ লগে লগে এজন ওখ-পাখ ল’ৰা যজ্ঞৰ ওচৰত থিয় হ’ল। মাইকত আকৌ ক’লে,
“এইবাৰ অংকিতা হাজৰিকা”…
: ময়েই অংকিতা।
মানুহবোৰ আচৰিত। এইজন অংকিতা হাজৰিকা কেনেকৈ হ’ব! ই আমাৰ কলিতাৰ ল’ৰা জয়ন্তহে।
: দাদা ময়ে অংকিতাৰ নামত আহুতি আগবঢ়াম।
পৰিবেশটো শান্ত। মানুহবোৰে আচৰিত হৈ চাইছে, নাচাব কিয়! ইমান দিনৰ কষ্ট আৰু সময়ৰ পিছত আজি সেই দিনটো পাইছে য’ত নিজৰ প্ৰাৰ্থনা আগবঢ়াব। আজি জয়ন্তই নিজৰ ঘৰৰ সলনি ছোৱালী এজনীৰ প্ৰাৰ্থনাখিনি আগবঢ়াই দিছে। এয়া সৰু কথা নাছিল। হাজাৰ হাজাৰ মানুহৰ মাজত লাইনত থিয় হৈ নিজৰ প্ৰেমিকাৰ কুশলৰ বাবে কৰা ত্যাগ। এয়াই চাগে প্ৰেম।
কাহিনীটো অলপ প্ৰথমৰপৰা কৈ নায়ক-নায়িকাক চিনাকি কৰাই দিওঁ আপোনালোকক। জয়ন্ত মোৰ স্কুলৰ সহপাঠী। স্কুলীয়া জীৱনতো আমি একেলগেই পাৰ কৰিছিলোঁ। স্কুলত পঢ়ি থকা সময়তে গাঁৱৰ ছোৱালী এজনীৰ লগত তাৰ প্ৰেম হৈছিল। দুয়োটাৰে প্ৰেমৰ গাড়ী ফুল স্পীডত দৌৰিছিল। চিঠিৰ আদান-প্ৰদানৰ মাজেৰেই সিহঁতৰ প্ৰেমৰ বয়স দুবছৰীয়া হৈছিল আৰু সেই দুবছৰীয়া প্ৰেমৰ চিন চিঠিবোৰ জয়ন্তই সুন্দৰকৈ পাকঘৰৰ চাউল থোৱা ড্ৰাম এটাত চাউলেৰে ঢাকি থৈছিল। চাউল কমি যোৱা যেন পালেই সি বস্তাৰপৰা অলপ চাউল ড্ৰামটোত ঢালি দিয়ে, যাতে ড্ৰামৰ তলি উদং নহয় সেইটো সদায় লক্ষ্য কৰিছিল কিন্তু সেইদিনা সময় তাৰ পক্ষত নাছিল। ঘৰলৈ আলহী অহাত ভাত অলপ বেছি পৰিমাণে ৰান্ধিব লগা হোৱাত ড্ৰাম উদং হৈছিল আৰু জাপে জাপে চিঠিবোৰ ওলাই পৰিছিল। আনদিনাৰ দৰে সেইদিনাও সি নাচি-বাগি স্কুলৰপৰা ঘৰমুৱা হৈছিল। ৰাস্তাতে মাকে এখন হাতত সেই চিঠিৰ টোপোলাটো আৰু আনখন হাতত তাঁতশালৰ ফুল বচা মাৰি এডাল লৈ ৰৈ আছিল। জয়ন্তৰ ঘৰৰ পৰিবেশ বুজিবলৈ সময়লগা নাছিল। চিধাই সি ৰাস্তাৰপৰা নামি পথাৰ অভিমুখে দৌৰ দিছিল, পিছে পিছে মাক।
গধূলি তাৰ ঘৰত বিচাৰ বহিল, ছোৱালীৰ দেউতাকক মতাই অনালে আৰু সেইদিনাই যৱনিকা পৰিল এটা সুন্দৰ প্ৰেম কাহিনীৰ। তাৰপিছৰপৰা জয়ন্ত এই বিষয়টোৰপৰা বহুত দূৰ আঁতৰি থাকিল।
পিচে যৌৱনৰ আহ্বানত বন্ধু জয়ন্তৰ প্ৰেম আকৌ হৈছিল। প্ৰেম মানে গোটেই ৰাতি সাৰে থাকি ফোনতে ৰাতিটো পাৰ কৰা প্ৰেম। যি সময়ত আজিৰ দৰে ফ্ৰী ফোনকলৰ সুবিধা নাছিল সেই সময়ত তেনেকৈ ঘণ্টাৰ পিছত ঘণ্টা ফোনত কথা পতাটো কম সাহসী কথা নাছিল। প্ৰেম হৈছিল জয়ন্তৰ, তাৰ চকুত দেখিছিলোঁ মই সেইখিনি। জয়ন্ত আৰু মই সৰুকালৰ বন্ধু, গতিকে তাৰ জীৱনৰ সুখ-দুখৰ সকলো কাহিনীৰ মই শ্ৰোতা। গতিকে বুজি উঠিছোঁ আগৰ জয়ন্ত সি নহয়। সি সলনি হৈছে। চাইকেল লৈ ফুৰিবলৈ যোৱা জয়ন্তই চাইকেল চাৰিআলিত থৈ ফোন কাণত লৈ ঘৰ পায়গৈ। প্ৰেমৰ নিচা কিমান সাংঘাতিক সেয়া জানিবলৈ সি শিকালে।
পুহমহীয়া ঠাণ্ডাৰ সময় আছিল। জয়ন্ত আৰু মোক লগৰ এজনৰ ঘৰত ৰাতি থকাকৈ যাবলৈ নিমন্ত্ৰণ আহিছিল। লগৰজনৰ ঘৰৰ মানুহ সেইদিনা নাছিল বাবেই আমাৰ ৰাম ৰাজত্ব চলিছিল। ঠাণ্ডা বহুত আছিল বাবেই সোনকালে খাই বৈ লেপ লৈ তিনিও বিছনাত উঠিলোঁ। তিনিওৰে আড্ডা বৰ ধুনীয়াকৈ জমি উঠিছিল। হঠাৎ জয়ন্তৰ ফোনত মিছকল। হেডফোন কাণত লৈ লাগি গ’ল ৰাতিৰ প্ৰেমৰ সাগৰত সাঁতুৰিবলৈ। আমাৰ কেতিয়া টোপনি আহিল গমেই নাপালোঁ। মাজৰাতি হঠাৎ গাত ঠাণ্ডা অনুভৱ কৰিলোঁ। চকু মেলি দেখোঁ আমাৰ গাত লেপখন নাই। তাক নেটৱৰ্কে অলপ বাধা দিছিল বাবেই আমি তিনিওজনে লৈ থকা লেপখনেই গাত মেৰিয়াই সি বাহিৰলৈ উঠি গ’ল।
“হেল্ল’ হেল্ল’, শুনিছা অংকিতা হেল্ল”।
এয়াই চাগে প্ৰেম। এখনেই মাত্ৰ লেপ, তাকো সি গাত মেৰিয়াই হৃদয় জুৰায়
কিছুদিনৰ পাছৰ কথা। সিহঁতৰ প্ৰথম সন্মুখত বহি কথা পতাৰ দিনটো আহিল। বন্ধুৰ লগত মই থাকিব লাগিব বুলি আগৰেই চুক্তি। বন্ধুৱে মোক জনালে জু-ৰোডৰ কে.এফ.চি-ৰ সন্মুখত লগ কৰিব ৰবিবাৰে, সময় গধূলি ৬ বজাত। প্ৰস্তাৱটো দেখিয়েই চিন্তা কিছুমান মনলৈ আহিবলৈ ল’লে।
চিন্তা নম্বৰ এক, আমাৰ ঘৰৰপৰা সেই ঠাইখিনি ২ ঘণ্টাৰ বাট৷ তেতিয়া আমাৰ নিজাকৈ একো বাহন নাছিল। গতিকে বাছেই আমাৰ সাৰথি।
চিন্তা নম্বৰ দুই, ৬ বজাত ঠাইখিনি পামগৈ কিন্তু কেইবজালৈ আমি থাকিব লাগিব সেয়া আমাৰ জ্ঞাত নাছিল। কাৰণ ৰাতি হ’লে গাড়ী নাপাম বুলি ছোৱালীজনীক কৈ উঠি অহাটো সম্ভৱ নহয়। কাৰণ ইমান ভিতৰৰ ঠাইত থাকোঁ বুলি জনাবলৈ মনে নকয়। সেইসময়ত আমাৰ ঠাইলৈ গুৱাহাটীৰপৰা অহা বাছ ৭ বজাৰ পিছত পোৱা নগৈছিল।
একেবাৰে শেষ চিন্তা, যিহেতু কে.এফ.চি-ৰ সন্মুখত লগ কৰাৰ কথা কৈছিল। গতিকে কিবা এটা খাবলৈ সেইখনতে সোমাব লাগিব। ইয়াৰ আগত দুয়োৰে কোনেও সেইখন ৰেষ্টুৰেণ্টত সোমাই পোৱা নাই। মাত্ৰ জানো মাংসৰ ডিজাইন ডিজাইন আইটেমবোৰ থাকে। আৰু দামবোৰ সাংঘাতিক।
অৱশেষত ৰবিবাৰৰ দিনটো আহিল। ৪ বজাত বাছত উঠিলোঁ গাঁৱৰপৰা। সি তাৰ ঘৰত “মোৰ কিবা কাম থকা” আৰু মই মোৰ ঘৰত “তাৰ কিবা কাম থকা” বুলি যাত্ৰাটো আৰম্ভ কৰিলোঁ। মাজৰ সেই দিনকেইটাত মই অলপ ষ্টাডী কৰিছিলোঁ আচলতে কে.এফ.চি কি!
চিনাকি বন্ধু এজনক কথাবোৰ জনাওঁতে সি বুজাই দিছিল কি কি অৰ্ডাৰ দিম, নাম কি, দাম কি, আৰু কি খালে অলপতে পেট ভৰ্তি হ’ব। গতিকে সেইখিনি বাজেট মিলাই কাৰ্যসূচী চলাই নিয়াৰ দায়িত্ব মোৰ ওপৰতে পৰিল।
সময়তকৈ ২০ মিনিট দেৰিকৈ বাছৰপৰা নামিলোঁ। প্ৰথম লগ পোৱাৰ কথা, তাতেই পলম। সকলো নেদেখাজনৰ ওপৰত এৰি ছোৱালীজনীৰ ওচৰ পালোঁগৈ। এটা ধুনীয়া হাঁহিৰে আমাক সম্ভাষণ জনালে। বহুত বেছি সময় ৰ’ব লগা হোৱা নাছিল বুলি গম পালোঁ। ৰাতি দেৰি হ’ব বাবে তাইৰ লগত ভায়েক আৰু লগৰ বান্ধৱী এজনী লৈ আহিছে। গোটেইকেইটাৰ চিনাকি পৰ্ব আৰম্ভ হ’ল। এই গোটেই প্ৰক্ৰিয়াটোত মোৰ মূৰত সাংঘাতিকধৰণে অংক চলিছিল কে.এফ.চি-ৰ বাজেটৰ ওপৰত। তিনিটা মানুহৰ হিচাপ গুচি এতিয়া পাঁচজনৰ হিচাপ। বন্ধুৱে মোৰ ওপৰত বিশ্বাস ৰাখি “ব’লা কিবা এটা খাওঁ” বুলি কে.এফ.চি-ৰ ফালে খোজ ল’লে। প্ৰেমিক প্ৰেমিকা আগে আগে, মই ভায়েক, লগৰ ছোৱালীজনী পিছে পিছে।
প্ৰথমেই উল্লেখ কৰিছিলোঁ যে “প্ৰেমৰ নিচা বৰ সাংঘাতিক, কেতিয়া ক’লৈ লৈ যায় কোনেও নাজানে”। ঠিক তেনেকুৱা দুৰ্ঘটনা এটাই হ’ল সেই সময়খিনিত। হাতত ধৰি বন্ধুৱে কথাত মচগুল হৈ কে.এফ.চি-ৰ একদম লগতে লাগি থকা ‘ডমিন’জ পিজ্জা’ৰ ৰেষ্টুৰেণ্টৰ দৰ্জাখন খুলি প্ৰৱেশ কৰিলে। মই অলপ সময়ৰ বাবে সকলো ধোঁৱা ধোঁৱা দেখিলোঁ। এইখন ক’ত সোমালে ই! কি কৰিম, কিমান দাম, কি পায় একো নজনা দোকানখনত সি কি কৰিবলৈ সোমাল। দুয়ো ইমান আগত থাকিল যে ইতিমধ্যে দুয়ো আসন গ্ৰহণ কৰিছিলেই। উঠাই অনাৰ সাহস আৰু নাছিল। ভগৱানৰ নাম লৈ প্ৰৱেশ কৰিলোঁ ময়ো ইহঁতৰ লগতে।
বন্ধুৱে তেতিয়ালৈকে বুজি পোৱা নাই কি ভুল কৰি পেলালে। এতিয়াৰ দৰে তেতিয়া পিজ্জাৰ চাইজৰ বহুত বিভাগ নাছিল। মিডিয়াম আৰু ডাঙৰ চাইজৰ কেইটামান বিভাগৰ পিজ্জা উপলব্ধ আছিল। মেনুখন মেলি মই বাজেটৰ অংক কৰা আৰম্ভ কৰিলোঁ। ছোৱালীৰ ভায়েকে এটা পাকত মেনুখন টানি নি কিছুমান অদ্ভুত অদ্ভুত নাম মাতিবলৈ ধৰিলে। তাৰ বোলে ফেভাৰেট, সেইটোহে খাব। গতিকে অৰ্ডাৰ কৰিবলৈ দিলে। মেনুখন লৈ মই কাউণ্টাৰ অভিমুখে খোজ ল’লোঁ। দুটা পিজ্জা আৰু ক’ল্ড ড্ৰিংক্স ল’লে আমাৰ বাজেটৰ একদম ওচৰত ৰৈ যাব বিল। কাৰণ উভতি আহোঁতে গাড়ী এখন ভাড়া কৰি যে আহিব লাগিব সেয়াও মই বাজেটত ধৰি ৰাখিছিলোঁ। অৰ্ডাৰখিনি দিওঁতে কাউণ্টাৰৰ ছোৱালীজনীয়ে সুধিছিল,
: ছাৰ এক্সট্ৰা চীজ?
মূৰটো এনেই দুপিয়াই দিলোঁ। ফৰ-ফৰকৈ বিলখন ওলাই আহিল মেচিনটোৰপৰা। বিলখন চাই দেখোঁ মই ভবা বাজেটতকৈ বহুতখিনি ওপৰত এই বিল। সেইযে এক্সট্ৰা চীজ বুলি মাজতে কৈছিল সেইখিনিয়েও বিলত খেলিমেলি লগোৱাত সহায় কৰিছিল। বন্ধুৱে হাতৰ টিপত দি পঠিওৱা পইচাৰ উপৰিও মোৰ পকেটৰপৰা পইচা উলিয়াই বিলটো দি আহিলোঁ। ভয়ে ভয়ে সময়খিনি পাৰ কৰিলোঁ। মনতে ভাবি থাকিলোঁ ভায়েকে যেন আৰু একো এটা খাবলৈ নিবিচাৰে। কাৰণ লাজ, সন্মান সকলো জড়িত হৈ আছিল সেইখিনিতেই।
ঘড়ীত সময় ৯ বাজিবৰ হৈছিল। ঘৰৰপৰা দুয়োৰে ফোন অহা আৰম্ভ হৈছিল। ইফালে যাওঁ বুলি কৈ নিজক তল পেলাবলৈয়ো সাহস নাছিল। বান্ধৱীজনীৰ মাকৰ ফোন অহাত আমি গোটেইকেইটা ৰেষ্টুৰেণ্টৰপৰা বিদায় ল’লোঁ। বন্ধুৰ প্ৰেমিকাৰ প্ৰস্তাৱ গাড়ীত নাযাওঁ অলপ ৰাস্তা ব’লা খোজকাঢ়ি থৈ আহিবা। না কোৱাৰ সাহস নাছিল বন্ধুৰ। নতুন প্ৰেম, তাতেই আকৌ প্ৰেমৰ নিচা। গতিকে আৰম্ভ হ’ল, জু-ৰোডৰপৰা গণেশগুৰিলৈ সেই অলপ ৰাস্তাৰ খোজ। প্ৰেমিক প্ৰেমিকা পিছত আমি আগত। ২০ মিনিটমানৰ ৰাস্তা পাৰ হোৱাত প্ৰেমিকাৰ ভায়েকৰ পিয়াঁহ লাগিল আৰু তাৰ পিয়াঁহ আঁতৰাব পেপচিৰ বটল এটাৰে। দোকান এখনৰ আগত গোটেইকেইজন ৰৈ দিলোঁ। বন্ধুৰ পকেট খালী মোৰ পকেটৰ যিকেইটা আছে সেইকেইটাও এইবাৰ বিদায় লোৱাটো নিশ্চিত। মনত চিন্তা “ঘৰললৈ যাম কেনেকৈ।” ফ্ৰীজটো খুলি ভায়েকক এটা এটাকৈ পেপচিৰ বটল ৫ টা উলিয়াই দিলে। বিলৰ বাবে আগবাঢ়ি গ’লোঁ মই। এনেতে পিছফালৰপৰা বান্ধবীজনীয়ে মোক টানি ধৰিলে,
: দাদা মই দিছোঁ ৰ’ব।
মই বাধা নিদিলোঁ এবাৰলৈও। পেপচিটোতকৈ বেছি ঠাণ্ডা পাইছিলোঁ মনটোত সেই সহায়খিনিৰ বাবে।
ৰাতি প্ৰায় ১০ বজাত সিহঁতক বিদায় দিলোঁ। তাৰপিছত আমাৰ ব্যস্ততা, চিন্তা দুগুণ বাঢ়িল। গুৱাহাটীখন একদম ঠাণ্ডা হৈ গৈছিল। ৰবিবাৰ বাবেই চিটিবাছবোৰ সোনকালে বন্ধ হৈছিল। এতিয়াও আমাৰ ঘৰলৈ যাত্ৰা ২ ঘণ্টাৰ। এনেকুৱা লাগিল যেন ফুটপাথত চিঞৰি চিঞৰি কান্দিম দুয়ো। ঘৰলৈ গৈ কিমানধৰণৰ শাস্তি পাম সেয়াও ভবাৰ সময় নাছিল। মাত্ৰ গাড়ী লাগে আমাক, অলপ সহায় লাগে আমাক। ১০ কি:মি:মান খোজকঢ়াৰ পিছত গাড়ী এখন আহি থকা দেখিলোঁ। হাতখন মেলি দিয়াত দাদাজনে ৰখালে।
: ক’ত যাব দাদা?
মই সুধিলোঁ।
গম পালোঁ তেওঁ যোৱা ৰাস্তাটোৰে গ’লেই আমাৰ ঘৰ পাম। গতিকে পলম নকৰি গাড়ীখনৰ পিছৰফালে উঠি বহি ল’লোঁ মাছ কঢ়িয়াই অনা গাড়ীখনত। মাছৰ গোন্ধ লৈ লৈ প্ৰেমিক চৰাইটোৰ লগত ময়ো সেইদিনা ঘৰমুৱা পক্ষী হ’লোঁ।
সিহঁতৰ প্ৰেম কেইমাহ চলিল? কিয় সিহঁতৰ ব্ৰেকআপ হ’ল? অংকিতাৰ প্ৰেমিকজনৰ লগত জয়ন্তক ক’ত চিনাকি কৰাই দিছিল অংকিতাই, এজন ভাল বন্ধু বুলি? মাজৰাতি দুয়োকে ঘৰত কি কি শাস্তি দিছিল?এই সকলোখিনি আপোনালোকৰ কল্পনালৈ এৰিলোঁ। মাত্ৰ এটা কথাই কওঁ, প্ৰেমৰ নিচা বৰ ভয়ংকৰ। তাতকৈ বেছি ভয়ংকৰ বাজেট নিয়ন্ত্ৰণ কৰা আৰু প্ৰেমৰ মিডিলমেন হোৱা।
☆ ★ ☆ ★ ☆
3:39 pm
বৰ দুখ লাগিল।
11:25 am
মৰ্মান্তিক ন বা
11:35 pm
ইমান ধুনীয়াকৈ লিখিলা…ভাল লাগিল বহুত???প্ৰেমৰ নিচা বৰ ভয়ংকৰ দেই?
11:25 am
বহুত ধন্যবাদ
5:21 am
পঢ়ি বহুত ভাল লাগিল দেই দিম্পল।
11:26 am
ধন্যবাদ আপোনাক
11:27 am
নাজানো বুলি এনেই কোৱা ন? ভাল লাগিল, কিছুমান নিচা পাছতহে বুজা যায় ভালকৈ?
3:14 pm
মাজৰ মানুহ হোৱা বৰ কষ্ট বুজিছোঁ দেই বাবা মই ও ভুক্তভুগি। কথা খিনি বৰ ধুনীয়া কৈ উপস্থাপন কৰিলা।
10:00 am
উমম, পকেট খালি হোৱা দুখ মানে বাজেটৰ ওপৰত খৰছ,,,,এটা হৃদয় ভঙাৰ আন্দোলনৰ ইংগিত। তথাপি প্ৰেমৰ নিচা,,,,,,হুম