ল’ৰালিৰ ধেমালি : পদ্মলোচন ভৰদ্বাজ
সকলোৰে এটা সোণালী শৈশৱ থাকে৷ পখিলা খেদা, চিলা উৰুৱাই দৌৰি থকা, বৰগছৰ তলত বহি ৰবাব টেঙাৰ জুতি লোৱা, দলনিত ইকৰা-খাগৰিৰ বিন্ধা খাই ভৰি চেকচেকাই যোৱা আৰু সন্ধিয়া পঢ়া টেবুলত বহি টোপনিয়াই থকাৰ বাবে মা-দেউতাৰ ঠলামূৰি খোৱা আমাৰ শৈশৱৰ এটা অভিন্ন অংগ আছিল৷ আজিকালিৰ শিশুৱে এই আমেজখিনিৰপৰা প্ৰায় বঞ্চিত৷ সময় আৰু পৰিস্থিতিৰ ফলত আজিকালিৰ অভিভাৱকে নিজৰ সন্তানক ইমান স্বাধীনতা দিব নোৱাৰে বা নোখোজে৷ আমি এনেবোৰ কাৰ্যৰ দ্বাৰা আনন্দ-স্ফূৰ্তি কৰোঁতে কেতিয়াবা আমাৰ বহুত লটিঘটিও হৈছিল৷ মই তেনে এটা ঘটনা ক’বলৈ ওলাইছোঁ৷
আমি তেতিয়া দ্বিতীয়মানত। আজিকালি দ্বিতীয়মানৰ ছাত্ৰ মানে কোলাৰ কেঁচুৱা। অভিভাৱকে এনেকুৱা কৰে যেন শ্ৰেণীত নিজৰ সন্তানৰ লগত বহিয়েই দিবগৈ কিন্তু আমাৰ কথা আছিল সুকীয়া। আমি কেইজনমান অঘাইটঙে দ্বিতীয়মানতে বিয়াৰ কথা চিন্তা কৰিছিলোঁ৷ আমি কেইজনমানে এবাৰ আমাৰ লগৰ শ্ৰীদেৱী স্বৰূপ পাপৰিক কেনেকৈ লগৰ এটালৈ বিয়া কৰি থ’ব পাৰি কথাটো চিন্তা কৰিলোঁ৷ কথাটো ভাবিলোঁৱেই যেতিয়া এতিয়া কৰিতো দেখুৱাবই লাগিব। কথা মতেই কাম। আমাৰ লগৰ মুকুন্দ বুলি এটা ওলাল বিয়া পাতিবলৈ। প্ৰথমতে সি অলপ হোহোকা পিছলা কৰিছিল যদিও পিছত মই, কংকণ, সুব্ৰত আদি কেইটামানৰ বুজনিত বিয়া পাতিবলৈ মান্তি হ’ল। প্লেন প্রায় ফাইনেল হ’ল। সুব্ৰতে ছবি আঁকি বুজাই দিলে ছোৱালী কেনেকৈ আনিম কলৈ নিম। কথা মতেই কাম৷ প্ৰথম আহিল পানীতোলাৰ কথা৷ ভবা মতেই কাম, স্কুলৰ পানী খোৱা দমকলটোৰ তলত খান্দি গাঁত এটা কৰি অনুষ্টুপীয়াকৈ পানী তুলিবলৈ আৰু দুজনী মাম্পী আৰু ৰীণাক হায়াৰ কৰিলোঁ৷ বিনিময়ত কেঞাবগৰীৰ পেকেট ৰেডি৷ সুকলমে পানী তুলি আহি পোৱাৰ পাছত নিৰ্দিষ্ট সময়ত আমি ঘৰৰপৰা মাৰ শাড়ীকেইখনমান চুৰ কৰি স্কুল বেগত লৈ স্কুলত সৰুসুৰা পেণ্ডেলেই দি পেলালোঁ৷ পেণ্ডেলৰ ভিতৰত চিনেমাত দেখি থকাৰ দৰে ফুল-পাত দি মণ্ডপ এটাও তৈয়াৰ কৰিলোঁ৷ আমাৰ মাজৰে অত্যুৎসাহী দুটাই বকুলফুলৰ দুডাল মালাও গাঁঠি পেলালে৷ বিয়া নাম গাবলৈ মনমী আৰু পল্লৱীক হায়াৰ কৰিলোঁ দুটা কেঞাবগৰীৰ পেকেটৰ বিনিময়ত৷ শেষত মোৰ আৰু কংকণৰ ওপৰত গুৰুদায়িত্ব পৰিল কইনাক মণ্ডপলৈ অনাৰ৷ পাপৰিয়ে কইনা হ’বলৈ লাজ কৰিছিল৷ তাই হোহোকা-পিছলা কৰি আছিল৷ এনে হ’লেতো নহ’ব৷ বিয়া হ’বই লাগিব৷ গতিকে কইনাক টানি চোঁচৰাই মণ্ডপলৈ লৈ আহিলোঁ৷ কইনাক টনাটনিৰ কোবত তাইৰ আঁঠুৰ ছাল চিগি নোহোৱা হ’ল৷ তাই চিঞৰত গগন ফালিছে৷ সেইসময়ত আমাৰ গাত প্ৰাণ, ৰঞ্জিতৰ আত্মাৰ বসবাস৷ মুঠৰ ওপৰত এইখন বিয়া নহ’লে যেন আমাৰ ভাৱমূৰ্ত্তি বিনষ্ট হৈ যাব বন্ধুবৰ্গৰ মাজত৷ একেসময়তে মন্মী আৰু পল্লবীৰ বিয়া নাম আৰম্ভ হৈছে৷ (ৰাম কৃষ্ণ বিয়ালৈ ওলালোঁ টাইপ) হুলস্থূল হোৱাত বৰবাইদেৱে গোটেই ঘটনাটো গম পালে। গম পায়েই বৰবাইদেউকে ধৰি সকলো ছাৰ বাইদেউ হতভম্ব। ভাবি পাৰ পোৱা নাই কি শাস্তি দিব আমাক। ঘটনাই বহুত গুৰুতৰ ৰূপ ল’লে। ছাৰ বাইদেউসকলে বহুত আলোচনা বিলোচনাৰ অন্তত দৰাকে ধৰি আমাৰ বৰযাত্ৰী গোটেইকেইটাকে মাতি নিলে কমন ৰূমলৈ। গুৰুলা গুৰুলকৈ তেতিয়াই এচাৰি কেইবাডালো ফালি দিলে যদিও কোনেও মুখ নুখুলিলে প্লেনটো কাৰ আছিল৷ আজিও মনত পৰা নাই প্লেনটো সঁচাকৈ কোনে কৰিছিল। এতিয়াও কেতিয়াবা স্কুললৈ গ’লে আমাৰ কথা জুনিয়ৰ বহুতে লগ পালে কয়, দাদা আপোনালোকৰ কথা ছাৰ, বাইদেউৰ মুখত শুনিছোঁ৷ আপোনালোকে দ্বিতীয়মানতে বিয়া পাতিবলৈ ওলাইছিল নহয়!
10:21 am
হাঃ হাঃ কি জমনি? সৰুৰে পৰা মানে এটাই লক্ষ্য আছিল বিয়াপতা????
3:41 pm
সৰুতেহে আছিল
1:09 pm
কি জমনি দাদা ? ? ?
10:09 am
হাঃ হাঃ বৰবাইদেউ-বৰুৱা ছাৰৰ মুখকেইখন কেনে হৈছিল ভাবি হাঁহি মৰিছোঁ। ভাল অঘাইটং আছিলা দেই।
1:58 pm
yyyyyyyyyyyyyyy
4:41 pm
পানীও তোলাইছিল মানে????বঢ়িয়া লাগিল।