ফটাঢোল

সংসাৰৰ সোণসেৰীয়া সাধু-মনজিত  

সোণমইনাৰ ফেইচবুকৰ পোষ্ট, 

“লক ডাউনত একেবোৰ মানুহকে দেখি দেখি আমুৱাইছেগৈহে দেই।” 

কমেণ্টত সেই বিষয়ে বিশদ চৰ্চা। হয়ভৰ দি এজাক বন্ধু বান্ধৱ। স্বাভাৱিকভাৱেই মইনামতীৰ শেনচকু পৰিল নহয় তাত। তাৰপিছত মহাভাৰত আৰম্ভ।

: অঁ, প্ৰেমতপৰাৰ দিনত মোক চাবলৈ ৰাতি আহিও মোৰ ঘৰ ওলোৱাহি, মনিবেগত সদায় মোৰ ফটো আৰু এতিয়া ফেইচবুকত পোষ্ট, মোক দেখি দেখি আমনি পাইছা। সৱ মতা মানুহবোৰ একেই। পতাবৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হৈ যায়।   পতাই লোৱাত পিছত দুদিনতে আমুৱালে। নাথাকোঁ তোমাৰ লগত লকডাউন খুলিলেই মাৰ ঘৰলৈ যামগৈ।

লাইক কমেণ্টৰ ‌আশাত সোণমইনাই ধেমালিকৈ দিয়া পোষ্টটোৱে গৃহকন্দলৰ লেভেল ইমান ওপৰলৈ নিব বুলি ভবা নাছিল সি। যি বুজিলে এতিয়া অকল দুৰদৰ্শনতেই নহয় ঘৰতো মহাভাৰত হ’ব সেয়া খাটাং হৈ গ’ল। নগদ আধা ঘণ্টালৈ মাত-বোল নাই। ৰূম বন্ধ কৰি ৰোহঘৰত। সোণমইনা বাহিৰত দৰ্জা ঢকিয়াই হাইৰাণ। চিন্তাত তত নাই। পৰিবেশ এনেকুৱা যে, আজিকালি সদায় নিগেটিভ চিন্তাহে আহে। নিগেটিভ চিন্তাই পৰিধি ভাঙি ফেইচবুকত পোষ্ট ভাইৰেল হোৱালৈকে দেখি গ’ল যে, ৱেব পৰ্টেলৰ সাংবাদিকে তাৰ মুখখন ৰঙা গোল চিন এটাৰ ভিতৰত সুমুৱাই কাঁড় মাৰি মাৰি দেখুৱাইছে আৰু চিঞৰি চিঞৰি কৈছে,

: পাৰিবাৰিক কন্দলৰ চৰম পৰিণতি নৱবিবাহিত বোৱাৰীৰ চাঞ্চ্যলকৰ মৃত্যু। চাওক এই নিমাখিত যেন লগা পুৰুষজন। কেনেকৈ নৱবিবাহিত পত্নীক মানসিক অত্যাচাৰ কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱালে। ব্লা ব্লা ব্লা ব্লা..  

ইফালে কমেণ্টত ৰাইজে ধাৰাষাৰ গালি ভৎসনা।

“এইবোৰ ভদ্ৰতাৰ মুখা পিন্ধা মানুহ ইহঁতক ফাঁচি দিব লাগে।” 

“এনেকুৱাই এইসৱ মানুহ, মনবোৰ বৰ ঠেক। ৰাস্তাত চোঁচৰাব লাগে।” 

ইফালে চিনাকিবোৰৰ ইচ-ইচ, আছ-আছ। 

“ইচ! ইমান ভাল ল’ৰাটো এনেকুৱা ওলাব বুলি ভবাই নাছিলোঁ। ছিঃ লাজ পাইছোঁ নিজৰ আগতে।”

“হে প্ৰভু কি দিন দেখুৱাইছা, মানুহক ধৰিবই নোৱাৰি দেখোন। সঁচাই মুখা পিন্ধা দেই মানুহবোৰ।”

ফেমিনিষ্ট টাইপৰ কেইগৰাকীয়ে সুবিধা পাই গোটেই পুৰুষ জাতিটোকে টাৰ্গেট কৰিছে।

“সৱ মতা মানুহ একেই all men are dog. সেয়ে বিয়াই হ’ব নালাগে।”

দুই চাৰিজনে শ্বেয়াৰো কৰিছে।

“মানুহ চিনা বৰ কঠিন” 

বুলি কেপচন দি। 

মুঠতে মইনামতীৰ আত্মাৰ সদ্গতিতকৈ সোণমইনাক গালিৰে, কথাৰে চোঁচৰাই বগৰাই থুকুচি পেলোৱা মানুহৰ ভীৰ। ইফালে পুলিচ অাহি পদূলিমুখত। চুবুৰিৰ মানুহৰ ভীৰ, ফিচিঙা-ফিচিঙি, ইচ-ইচ, আছ-আছ, লেই-লেই, ছেই-ছেই। মাক বাপেকে তাক চৰিয়াই চৰিয়াই কান্দিছে সকলো শেষ কৰি দিলি বুলি। মইনামতীৰ ভায়েকে দা লৈ কাটিবলৈ আহিছে, দুই এজনে কোনোমতে ধৰি ৰখাইছে নাই সি নামানে ভিনিহিয়েকক কাটি হে শান্ত হ’ব। তেনেতে চাইৰেণ বজাই ফাউচকে আহি পুলিচে কাউচকে হেণ্ডকাফ লগাই লৈ গ’ল সকলোৰে আগেদি। সোণমইনা দাগী অপৰাধীৰ দৰে তলমূৰকৈ গৈ থাকিল।

তেনেতে সম্বিত ঘূৰি আহিল, ধেৎ কি ভাবিছোঁ বুলি নিজকে নিজে চৰিয়াই  দুৱাৰত ঢকিয়ালে। পিচে সিফালে মাতবোল নাই, ভেণ্টিলেটৰে চাই একো নেদেখিলে। নাই এনেকৈ নহ’ব বুলি দৰ্জা ভাঙিবলৈ অলপ দূৰৰপৰা দৌৰি বাউসীৰে খুন্দা মাৰোঁতেই দৰ্জা খোল খালে। সোণমইনাই কিবাকৈ চম্ভালি নপৰাকৈ থাকিল। দৰ্জা খুলি ওলাই আহি মইনামতী নিৰ্বিকাৰ, আপেল এটা চোবাই চোবাই ক’লে,

: চাওঁ, হটস্পটটো দিয়াচোন, মোৰ 

২ GB শেষ হৈ গ’ল ‘নমামি’খন আধা চোৱা হ’ল। নমামিৰ জীয়েকক আইতাকে লগ পাব আৰু, সেই সময়তে শেষ হ’ব লাগেনে! ধুইৎ, এতিয়া ঘূৰি আছে ঘূৰিয়ে আছে। ফাল্টু নেটৱৰ্ক। নুখুলিছে বেং।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.

error: Content is protected !!