ফটাঢোল

হৰ এক দোষ্ট কমিনা হোটা হ্যেয়-উজ্বল দিপ্লু গগৈ

: ৰাস্তাত ৰৈ ক’লা চশমা লগাই চাল দেখুৱালে কিবা হিৰ’গিৰি হয় নেকি হে? সেইবোৰ অ’ল্ড ফেশ্যন বুইছ বেলেগ কিবা কৰি দেখুৱা তাইক, তেতিয়াহে ইম্প্ৰেছ হ’ব৷ 

চিগাৰেটৰ লাষ্ট পাফকণ টানি বন্ধুৱে দীঘলকৈ ধোঁৱা উৰুৱাই কথাখিনি ক’লে৷ ধোঁৱাখিনি মুখৰপৰা ওলাই থকাৰ কাৰণে তাৰ কথাখিনি অস্পষ্টকৈ ওলাইছিল যদিও মই কথাখিনি ঠিকেই বুজি পালোঁ৷ কলেজৰ ক্লাচ এটা অফ আছিল৷ জেবি কলেজ, যোৰহাটৰ বৰুৱা চাৰিআলিৰ নবীন পুস্তকালয়ৰ ওচৰৰ ঠাইখিনিত কলেজৰ ল’ৰাবোৰৰ তামাম আড্ডা এটা বহে৷ আমি ক্লাচ অফ থকা কেইটামানো তাত মজুত আছিলোঁ৷ মোৰ মুডটো সেইকেইদিন অলপ বেয়া হৈ আছিল৷ প্ৰায় এমাহমান ধৰি ছোৱালীজনীৰ পাছে পাছে খোজ কাঢ়ি তাইৰ হোষ্টেলৰ গেটলৈকে গৈছিলোঁ৷ তায়ো ঠিক বুজি পাইছিল যে পাছে পাছে অনুসৰণকাৰী এটা আহে৷ হঠাৎ তাই ডিঙিটো ঘূৰাই চায়, লগে লগে মই চোলাধৰা তিনিআলিৰপৰা সোমাই যোৱা সেই ৰাস্তাটোত থকা কাৰেণ্টৰ পষ্টকেইটাৰ  ওচৰত ৰৈ কাৰ বাৰীত নাৰিকলকেইটা লাগি আছে সেইবোৰ হিচাপ কৰাত লাগি যাওঁ৷ কেইবাদিনো চকুত ক’লা চশমা লগাই তাহাঁতৰ হোষ্টেলৰ আগেৰে পাতি-চাইকেলখন চলাই অহা-যোৱা কৰি থাকোঁ, অৱশ্যে তাইক চাইকেলত উঠাম বুলি নহয়, মাত্ৰ তহলটো যাতে সোনকালে দিব পাৰোঁ তাৰেই চিন্তাত৷

আমাৰ মেজৰ বিষয় বেলেগ আছিল যদিও পাচকৰ্চৰ ক্লাচ এটা মিলিছিল৷ সেই ক্লাচটো যদিও কেমিষ্ট্ৰীৰ ক্লাচ আছিল কিন্তু তাত মই সেই এমাহমান জ্যামিতি শিকাতহে অধিক গুৰুত্ব দিছিলোঁ৷ পাইথ’গৰাচৰ সকলো উপপাদ্যৰ উপৰিও বৃত্ত, সৰলৰেখা আৰু কোণৰ নতুন নতুন সূত্ৰৰ উদ্ভাৱন কৰি মই মুঠৰ ওপৰত তাইৰ লগত এংগলটো মিলাইছিলোঁ৷ শিক্ষকে বৰ্ডত বুজাইছিল, টাইট্ৰেশ্যন কিন্তু মোৰ মনত দিনকদিনে বাঢ়িছিল ফ্ৰাষ্ট্ৰেশ্যন৷ মাজে মাজে উৰি অহা চক পেঞ্চিলৰ টুকুৰাবোৰে মূৰত আঘাত সানিছিল, আঘাতৰ কোবত উচাপ খাই উঠিছিলোঁ৷ ৰসায়নৰ শিক্ষকে মোক পৰা গালিত আনবোৰৰ সৈতে ছোৱালীজনীয়েও হাঁহিছিল, কিন্তু মাষ্টৰে কি বুজিব তেখেতে যে মোক গোৰ মাৰি গংগাতহে পেলাইছিল৷

নেক্সট ক্লাচৰ সময় প্ৰায় হৈছিল৷ আমিকেইটা যাবলৈ সাজু হ’লোঁ৷ গোটেই গ্ৰুপটোৰ শেষত বন্ধুজন আৰু মই৷ আছুতীয়াকৈ মোৰ কান্ধত তাৰ সোঁহাতখন ৰাখি বাওঁহাতখনৰ আঙুলিকেইটাৰে অংগী-ভংগী কৰি বুজাই গ’ল, 

: চা, আজিকালি তই স্কুলৰ সময়ৰ সেই লাইন মাৰি ফুৰা ল’ৰাটো হৈ থকা নাই, তই ডাঙৰ হ’লি৷ চিৰিয়াছ প্ৰেমিক হ’বলৈ চেষ্টা কৰ৷ এই ফটুৱা লাইন মৰা প্ৰেমৰ কাৰবাৰবিলাক এৰ৷ বেছিভাগ ছোৱালীয়ে কি বিচাৰে জাননে? তোৰপৰা ভালপোৱা, সাহস আৰু আন কোনোবাই যদি ৰাস্তাত তাইক জোকাই তেন্তে চিধা গৈ গটা এটা মাৰি দিবপৰা তোৰ দমটোক৷ তই এনেকুৱা কিবা এটা কৰি দেখুৱা যাতে তাই ভাবে এই ল’ৰাটো কিন্তু সাংঘাতিক আছে দেই৷

তাক সুধিলোঁ, 

: মোক ক’চোন তাইক ডিষ্টাৰ্ব কৰি থকা কোনোবা আছে নেকি? দেখুৱাই দিওঁ ব’ল আজি৷

বন্ধুৱে ক’লে, 

: মূৰ্খ, কাজিয়া সমাধান নহয়৷ তোক এটা উপায় দিওঁ শুন৷ এতিয়া যে ক্লাচৰূমত সোমাবিগৈ, মই এনেই চিঞৰ এটা মাৰি হাতখন মেলি দি তোক ক’ম এইটো হাইটত কিক মাৰি লগাব পাৰিবিনে? লগে লগে তই ক’বি যে……

বন্ধুৰ কথাখিনি শেষ কৰাৰ আগতেই মই বুজি পাই গ’লোঁ৷ তাক বচ হ’ব হ’ব বুজিলোঁ বুলি কৈ মই ক’লোঁ, 

: কিকটো মৰাৰ সময়কণত তই কিন্তু পটককে হাতখন অলপ তললৈ নমাই দিবি দেই৷

বন্ধুৰ ভাষ্য, 

: সেইটো আৰু টেনশ্যন নেকি! দস্তুৰমত তললৈ নমাই দিম, তই ইম্প্ৰেছ কৰিবপৰা কথাটো মেইন না৷

বীৰদৰ্পে দুয়ো ক্লাচত সোমালোঁগৈ৷ পৰিকল্পনামতে বন্ধুৱে চিঞৰ এটা মাৰি হাতখনত কিক লগাবলৈ ক’লে৷ ময়ো ব্লেকবৰ্ডৰ বেৰখনৰ ফালৰপৰা আহি থাপকৈ কিকটো লগাই দেখুৱালোঁ৷ প্ৰায়ভাগেই আমাৰফালে চালে, প্ৰায়ভাগৰ মাজত তায়ো আছিল৷ মনটো ভাল লাগি আহিল৷ কিন্তু বন্ধুৱে সেইসময়তে বেয়া কাম এটা কৰিলে৷ 

সি হাতখন আৰু অলপ ওপৰলৈ নি ক’লে, 

: আগৰটো পাৰিলি যেতিয়া, এইবাৰটো লগাই দেখুৱা। 

মই এবাৰ তাৰ চকুলৈ আৰু আনবাৰ তাৰ হাতলৈ চাই তাক ইংগিত দিলোঁ “এইটো আকৌ কি আউট অৱ চিলেবাছ প্লেনিং কৰিলি?” 

বন্ধু নাচোৰবান্দা৷ মোলৈ চাই ফিচফিচালে,

: গগৈ দেখুৱাই দে আজি তোৰ জৌশ৷ 

কিংকৰ্তব্যবিমূঢ় মইটোৱে তাৰ হাতখনলৈ চালোঁ, ‘মোৰ মূৰটোতকৈও ওখত তাৰ হাতখন৷’ ডিঙিটো ঘূৰাই আওপকীয়াকৈ মই সুৰক্ষিত কৰিবলৈ গৈ থকা মোৰ এমহীয়া সপোনৰাণীজনীলৈ চালোঁ৷ তাই কথাৰ মাজত ব্যস্ত কিন্তু বহুতে আমাৰ ফালে লক্ষ্য কৰি আছে৷ শেষত যি হয় হওক বুলি ‘ইয়াআআআআআআ’ বুলি শব্দ এটা কৰি জাঁপ মাৰি সোঁভৰিটো তাৰ হাতখনলৈ কিক মাৰি পঠালোঁ৷ বন্ধুৱে হাতখন সেইবাৰ তললৈ নানি ওপৰলৈ লৈ গ’ল৷ মোৰ ভৰিটো নালাগিলগৈ যদিও ‘ফাটাচচচচচচ’ কৰি শব্দ এটা হ’ল৷ শব্দৰ ডেচিবেলৰ প্ৰাৱল্য ইমানেই বেছি আছিল যে সকলোৱে আমাৰফালে চালে৷ 

ময়ো অবাক, বোলো উৱা এই প্ৰচণ্ড চাউণ্ডপাত ক’ৰপৰা ওলাল?

প্ৰায় পাঁচ চেকেণ্ডমানৰ পাছত ছয় ইন্দ্ৰিয়ই কাম কৰিবলৈ আৰম্ভ কৰিলে৷ মন কৰিলোঁ, মোৰ ইউনিফৰ্মৰ পেণ্টটো স্কাৰ্ট এটাৰ নিচিনাকৈ মেল খাই পৰিছে৷ ক্ষণ গণিলোঁ, “পেণ্টৰ সিয়নিৰ চিলাইটো ফাটি থাকিল৷”  ফাৰ্ষ্ট বেঞ্চৰবিলাকে ফিচিঙা-ফিচিঙি আৰম্ভ কৰিলে, কোনো কোনোৱে মুখখন আআআ কৰি মেলি থাকিলে৷ উদ্ধাৰকাৰী বন্ধুস্কোৱাড আহি মোক ঘেৰি ধৰিলেহি যাতে যিয়ে যি দেখিলে সেয়া গ’ল, আৰু যাতে কোনেও একো নাজানে৷ কোনোবা এটাই কলেজৰ গেটলৈ দৌৰি গৈ ৰিক্সা এখন ৰখালেগৈ৷ বাকীকেইটাই নিজৰ নিজৰ বেগবোৰ মোৰ ওচৰলৈ লৈ আনিলে৷ মোৰ বেগটো পিঠিত লোৱা আছিল৷ কোনোবা দুটাৰ কান্ধত ওলোমাই লোৱা বেগ দুটাৰে মই পটলুং ষ্টাইলৰ স্কাৰ্টটো সোঁহাতেৰে আগফাল আৰু বাঁওহাতেৰে পাছফালটো ঢাকি ঢাকি ৰিক্সাত উঠিলোঁহি৷

লগৰবোৰৰ মাজত হাঁহিৰ গিৰ্জনি উঠিছিল৷ পাছফালৰপৰা কোনোবা এটাই চিঞৰিছিল, 

: কাইলৈ কলেজলৈ স্কাৰ্টটো পিন্ধি নাহিবি ঐ৷ 

মোৰ শ্ৰৱণ অংগ সেইসময়ত গৰম হৈ পৰিছিল যে সেইকথা অনুভৱ কৰিছিলোঁ৷

☆ ★ ☆ ★ ☆

5 Comments

  • Pranita Goswami

    বেছ হাঁহিলোঁ এইটো পঢ়ি। দৌষ্ট দৌষ্ট না ৰহা??।

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল উজ্জ্বল

    Reply
  • জিতু

    বঢ়িয়া

    Reply
  • বন্দিতা জৈন

    ??বঢ়িয়া

    Reply
  • Prerana Sarmah

    Oi JB thakute gom napalu nahoi, nohole tur skirt tu sabo Moiu goluhoi???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *