A Crossbreed (বৰ্ণসংকৰ) (A Sport)- মূল : ফ্ৰাঞ্জ কাফকা – ইংৰাজী অনুবাদ : ঊইলা আৰু এডৱিন মুইৰ অসমীয়া ভাবানুবাদ – ৰাজশ্ৰী শৰ্মা
মোৰ এটা আচৰিত জন্তু আছে। ইয়াৰ আধা মেকুৰী আৰু আধা ভেড়া ছাগলীৰ দৰে। জন্তুটো আচলতে মই মোৰ দেউতাৰপৰা উত্তৰাধিকাৰীসূত্ৰে লাভ কৰিছোঁ কিন্তু দেউতাৰ দিনতকৈ এতিয়াহে ই পূৰ্ণাংগ অৱস্থা পাইছে। আগতে এইটো মেকুৰী কম, ভেড়া বেছি আছিল। এতিয়া বাৰু দুয়োটা জীৱৰে বৈশিষ্ট্য প্ৰায় সমান সমান। মেকুৰীৰপৰা ই মূৰটো আৰু হাতোৰাকেইখন পাইছে আৰু ভেড়াৰপৰা আকাৰ আৰু আকৃতি। তাৰ চকু দুটা বন্য আৰু তিৰবিৰাই থকা আৰু গাৰ নোমবোৰ কোমল আৰু উমাল।
ইয়াৰ চালচলনবোৰো দুয়োটা জীৱৰ দৰেই ডেও দি ফুৰা আৰু সন্তৰ্পণে খোজ কঢ়া, দুয়োটাৰে সানমিহলি ধৰণৰ আছিল। ৰাতিপুৱা খিৰিকীৰ কাঠামত ৰ’দ পৰিলেই সি এটা বলৰ দৰে গোল হৈ তাৰ নোমাল মুখখন গাত গুজি ধৰি ৰ’দ পুৱাই থাকে। আকৌ আবেলি পৰত বাহিৰত পথাৰত ই এনেকৈ চেঁকুৰে যে তাৰ কাষ পাবলৈকে দিগদাৰ হৈ পৰে। চুবুৰীয়া আন মেকুৰীবোৰৰপৰা ই পলাই ফুৰে আৰু ভেড়া ছাগলীবোৰ খেদি লৈ ফুৰে। জোনাক নিশা ই আকৌ ঘৰবিলাকৰ নাওৰাৰ ওপৰে ওপৰে গা-ঘেলাই ফুৰিবলৈ ভালপায় কিন্তু ই আন মেকুৰীৰ দৰে ‘মিউ’, ‘মিউ’ বুলি ক’বলৈ শিকাই নাই আৰু নিগনি দেখিলেই ঘিণ কৰে। জন্তুটোৱে ঘৰৰ লগতে থকা মূৰ্গী গঁড়ালটোৰ কাষত জুহালৰ ফুটছাইত লেটি লৈ দিনটো চোপ লৈ বহি থাকিবলৈ বিচাৰে যদিও আজিলৈকে এটাও কুকুৰাৰ পোৱালিও চিকাৰ কৰিবলৈ সক্ষম হোৱা নাই।
মই তাক গাখীৰেই খুৱাওঁ, সিও সেইটোৱেই হজম কৰিবলৈ সহজ পায়। সি তাৰ দীঘল জোঙা দাঁতকেইটা উলিয়াই চুপি-চুপি এনেকৈ গাখীৰ খাই যেন খৰাং পথাৰত বৰষুণ হে পৰিছে। স্বাভাৱিকতে সৰু-সৰু ল’ৰা ছোৱালীবোৰৰ বাবে সি এটা অতিকৈ মনোৰঞ্জনৰ আহিলা। দেওবাৰৰ ৰাতিপুৱাটো মই তাক সকলোৰে লগত দেখা সাক্ষাৎৰ বাবে ৰাখোঁ। জন্তুটোক মই মৰমতে কোঁচত বহুৱাই ৰাখোঁ আৰু ওচৰ-পাজৰৰ শিশুৰ জাকটোৱে আমাক দুয়োজনকে ঘেৰি থাকে।
তাৰপিছত আৰম্ভ হয় সিহঁতৰ অদ্ভুত অদ্ভুত প্ৰশ্নবোৰৰ, যিবোৰৰ উত্তৰ কোনো নৰমনিচেই দিবলৈ হয়তো সক্ষম নহ’ব। কিয় ইয়াৰ দৰে মাত্ৰ এটাই জীৱ আছে, মোৰ বাদে কোনোবা বেলেগ মানুহৰেইবা ই পোহনীয়া নহ’ল কিয়! ইয়াৰ আগতে পৃথিৱীত ইয়াৰ দৰে আৰু পশু আছিলনে? ই মৰিলে কি হ’ব? ইয়াৰ কেতিয়াবা নিজকে অকলশৰীয়া লাগেনে? ইয়াৰ কিয় কোনো পোৱালি নাই ইত্যাদি ইত্যাদি প্ৰশ্নেৰে সিহঁতে মোক জুৰুলা কৰে।
মই কেতিয়াও উত্তৰ দিবলৈ চেষ্টা নকৰোঁ। মাত্ৰ গৰ্বেৰে মোৰ সম্পত্তিভাগি সিহঁতক দেখুৱাওঁ। কেতিয়াবা কেতিয়াবা শিশুবোৰে সিহঁতৰ পোহনীয়া মেকুৰীও লৈ আহে। এদিনতো সিহঁতে দুটা ভেড়া পোৱালিও লৈ আনিছিল কিন্তু সিহঁতৰ আশাত চেঁচা পানী পেলাই মোৰ পশুটোৱে কোনো ধৰণৰ চিনাকিৰ সঁহাৰিয়েই নিদিলে। গোটেই জন্তুকেইটাই কেৱল ইটোৱে-সিটোৰ পিনে শান্তভাৱে চালে আৰু ইজনে-সিজনৰ উপস্থিতি তৎক্ষণাত ঈশ্বৰৰ ইচ্ছা বুলিয়েই মানি ল’লে।
মোৰ আঁঠুৰ ওপৰত বহি জন্তুটোৱে না ভয় বুজি পাইছিল, না কিবা পাবলৈ হাঁহাকাৰ কৰিছিল। মোৰ গাত গা-ঘঁহাই বহি থকাটোৱেই তাৰ বাবে পৰম তৃপ্তিৰ কথা আছিল। যিটো পৰিয়ালে তাৰ যত্ন লৈছিল, সি মাত্ৰ সেই পৰিয়ালটোৰ প্ৰতি কৃতজ্ঞ আছিল। অৱশ্যে সেইটো কথাত অতিৰিক্ত প্ৰভুভক্তি বিচাৰিলেও নহ’ব, কাৰণ সেইটো পশুবোৰৰ স্বভাৱেই। যিহেতু ইয়াৰ তেজৰ সম্পৰ্কৰ কোনো নায়েই এই পৃথিৱীত আৰু দুই-এটা সৰু সুৰা চিনাকিৰ বাহিৰে কেৱল আমিয়েই আছোঁ, গতিকে সিয়ো এই নিৰাপত্তাৰ সম্বন্ধটো ৰাখিবলৈয়ে যত্নপৰ।
যেতিয়া ই মোৰ দুয়োভৰিৰ কাষে-কাষে ঘূৰি-ঘূৰি শুঙি ফুৰে, বৰ হাঁহি উঠে মোৰ। মোৰ ভৰি দুখনতেই লাগি থাকিব বিচাৰে সি। ই যেন এটা ভেড়া আৰু মেকুৰী হৈয়েই সন্তুষ্ট নহয়, ই যেন এটা কুকুৰো হ’ব বিচাৰে৷
কেতিয়াবা-কেতিয়াবা মই মোৰ ব্যৱসায়ৰ ঘাটিবোৰত চকু দিওঁ, এনেকুৱা অৱস্থা বাৰু সকলোৰে আহে দিয়কচোন! যেতিয়া মই সেই ব্যৱসায় সংক্ৰান্তীয় মেটমৰা সমস্যাসমূহৰপৰা পৰিত্ৰাণৰ কোনো উপায় নেদেখোঁ, মোৰ ব্যৱসায়ৰ লগৰীয়া আটায়ে সেই লোকচানৰ ব্যৱসায় এৰি যাবলৈ সাজু হৈ পৰে, ঠিক তেনেকুৱা সময়বোৰতেই মই মোৰ কোঠাৰ একমাত্ৰ আৰামী চকীখনত হেলান দি বহি থাকোঁ। এই জন্তুটো তেতিয়াও মোৰ কোঁচত বহি থাকে। চিন্তাৰে পাৰ নোপোৱা হৈ থকা তেনে সময়তে তাৰপিনে চাই দেখোঁ যে তাৰ দীঘল দাড়িবোৰত চকুপানী বৈ পৰিছে। সেয়া মোৰেই নে তাৰেই বা! এই মেকুৰীটো, যাৰ আত্মাটোত এটা ভেড়া ছাগলীৰো অংশ আছে, সি মানুহৰ দৰে উচ্চাকাংক্ষী হোৱাটো সম্ভৱনে? মোৰ বাবে মোৰ দেউতাই বিশেষ একো এৰি যোৱা নাই, কিন্তু এই সম্পত্তিটো সঁচাকৈয়ে আপুৰুগীয়া!
জন্তুটোৰ ছাগলী আৰু মেকুৰী, দুয়োবিধ জীৱৰ দৰেই ধৈৰ্য্য বৰ কম আৰু স্বভাৱবোৰো কিবা বেলেগ-বেলেগ ধৰণৰ। মই আৰামী চকীখনত বহি থাকিলে কেতিয়াবা-কেতিয়াবা ই মোৰ কোঁচত জাঁপ মাৰি উঠে আৰু আগঠেং দুখন মোৰ কান্ধত তুলি দি নাকটো আদৰতে মোৰ কাণত লগাই দিয়ে। এনেকুৱা লাগে ই যেন মোক ফুচফুচাই কিবা এটা কৈছে কাৰণ তাৰপিছতেই ই নিজৰ মূৰটো পিছলৈ হাওলাই দি মোৰ দুচকুত এনেকৈ নিজৰ দৃষ্টি স্থিৰ কৰি ৰাখে যেন সি কোৱা কথাখিনিয়ে মোৰ ওপৰত কি প্ৰভাৱ পেলালে সেইটোহে চাব বিচাৰিছে। মই বুজি পোৱা যেন দেখুৱাই মূৰ দুপিয়ালেই ই সন্তুষ্ট হৈ পৰে। তাৰপিছত ফূৰ্তিতে ই কোঁচৰপৰা মজিয়ালৈ জাঁপ দিয়ে আৰু আনন্দতে নাচিবলৈ ধৰে।
কিজানি বাটৰ মূৰৰ কচাইজনৰ দাখনেই এই জীৱটোক মুক্তি দিব পাৰিব কিন্তু ই যে মোৰ একমাত্ৰ উত্তৰাধিকাৰীসূত্ৰে পোৱা বস্তু! গতিকে যেতিয়ালৈকে তাৰ নিজে-নিজে প্ৰাণবায়ু বাহিৰ হৈ নাযায়, তেতিয়ালৈকে ই জীয়াই থাকিবলৈ বাধ্য। যদিও ই তাৰ গভীৰ তিৰবিৰাই থকা চকুহালেৰে মোৰ পিনে চাই থাকে, ঠিক এজন প্ৰাপ্তবয়স্ক মানুহৰ বুদ্ধিমত্তাৰে। যেন সেই সঠিক কামটো কৰিবলৈ ই মোক উচটাইহে আছে, যিটোৰ কথা আচলতে আমি দুয়ো মনে মনে ভাবি আছোঁ।
☆ ★ ☆ ★ ☆
10:25 am
ভাল লাগিল ❤️
11:25 am
ধন্যবাদ বা
10:37 am
মই ফোন কৰিম দেই বা। এইটো লেখা সম্বন্ধে সুধিবলগীয়া আছে।
11:25 am
উম, কৰিবা। ফিডবেক লাগে মোক।
10:47 am
ধুনীয়া আৰু সাৱলীল অনুবাদ কৰিছ।
11:25 am
থেংকু মাধু❤️
11:26 am
বৰ ভাল লাগিল। সাৱলীল অনুবাদ
11:41 am
ধন্যবাদ বা
11:05 pm
অতি সুন্দৰ। ভাল লাগিলে পঢ়ি।
11:25 pm
বহুত বহুত ধন্যবাদ তোলৈও❤️
11:42 pm
ভাল লাগিল দেই৷ মূল গল্পটো পঢ়িবলৈ মন গ’ল
11:45 pm
বহুত ধন্যবাদ। আচল গল্পটো নেটতো পাব চাগে। মই কিতাপৰ পৰা কৰিছিলোঁ
1:47 pm
সাৱলীল অনুবাদ, ভাল পালো পঢ়ি❤️
1:59 pm
বঢ়িয়া লাগিল মাইনা৷ মই দুবাৰ পঢ়িলো একে বহাতে৷ বুজিবলৈ বাৰে বাৰে চেষ্টা কৰিলো৷ পৰা নাই৷
4:00 pm
বৰ ভাল লাগিল, সুন্দৰ
8:07 pm
বৰ ভাল লাগিল পঢ়ি
3:25 pm
বৰ ভাল লাগিল
12:07 am
সুন্দৰ অনুবাদ… ভাল লাগিল পঢ়ি।
4:16 pm
ভাল পালোঁ পঢ়ি