ফটাঢোল

অস্তিত্বৰ ত্ৰি-সত্তা-ড° দীপশিখা ভাগৱতী 

দ্বৈত সত্তা আৰু  ফ্ল’ৰা ৰিটা শ্বিবাৰৰ ‘চিবিল’

বহুবছৰ আগেয়ে, অসমৰ এখন বিখ্যাত আলোচনীত (এতিয়াও এই আলোচনীখনৰ পাঠক কমা নাই) এটা চুটি প্ৰবন্ধ পঢ়িছিলোঁ- “আপুনি বেয়া পালেই এজন মানুহ বেয়া হ’ব পাৰেনে?” দুখিতঃ, লেখকগৰাকীৰ নাম মনত পেলাব পৰা নাই৷ তেতিয়া আমি বিশ্ববিদ্যালয়ৰ ছাত্ৰী৷ বিশ্ব সাহিত্যৰ বহু সৃষ্টিয়েই মানুহৰ মনস্তাত্বিক জটিলতাৰ ওপৰত আধাৰিত৷ আমাৰ এটা আকৰ্ষণৰ বিষয় আছিল ‘split personality’, বা multiple personality disorder, যাক দ্বৈত সত্তা বুলিও জানো৷ সেই প্ৰবন্ধটোৰ কথাখিনি জেনেৰিক অৰ্থত যদি চাওঁ, সত্য৷ কাৰণ এজন মানুহৰ একেটা ৰূপেই নাথাকে৷ পৰিবেশ, পৰিস্থিতি, সুবিধা, সুৰক্ষাজনিত কথা আদি বিভিন্ন দিশে এই ব্যক্তিত্বক নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে৷ কিন্তু যি মানুহে কোনো এজনৰ স্বভাৱৰ আন্ধাৰ দিশটোহে দেখিছে, তেওঁৰ বাবে সেয়াই সত্য৷ জগতৰ সত্যটো তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব৷ সেইবাবেই আমি যেতিয়া খুব ভালপোৱা বা শ্ৰদ্ধা কৰা কোনো এজন মানুহৰ বিষয়ে কিবা ভাল নলগা ধৰণৰ কথা শুনি কওঁ যে তেওঁ বা তাইনো এনে কৰিব পাৰেনে, বা তেওঁনো এনে হ’ব পাৰেনে, তেতিয়া হয়তো আমাৰ ক্ষেত্ৰত এটা বদ্ধমূল পূৰ্বধাৰণা বা পজিটিভ প্ৰিজুদিচে ক্ৰিয়া কৰে, যাৰ দৃঢ় বান্ধোনৰপৰা আমি ওলাই অহা খুব কঠিন৷ কিন্তু সকলো সত্যই অৰ্ধসত্য হোৱাৰ দৰে এয়াও এক অৰ্ধসত্য৷ মানুহৰ ক্ষেত্ৰত সাধাৰণতে যিকোনো কথাই সম্ভৱপৰ৷ বন্দিত চিন্তাবিদ জি.ই. মুৰৰ দ্বাৰা প্ৰৱৰ্তিত, ১৯০৩ চনত প্ৰকাশিত তেওঁৰ সুবিখ্যাত গ্ৰন্থ ‘প্ৰিন্সিপিয়া এথিকা’ৰ হৃদয় দৰ্শন -‘naturalistic fallacy'(প্ৰকৃতিগত পতন)৷ এই সূত্ৰই ‘goodness’ বা ভালত্বৰ পক্ষপাতী পাৰম্পৰিক ধাৰাক নস্যাৎ কৰিছিল আৰু সামাজিক ডাৰউইনীয়( social darwinism) তত্ত্বৰ আওঁতাত, আধিদৈৱিকতাৰ এছাটি নতুন পোহৰেৰে ইয়াৰ বাখ্যা দিছিল৷ ‘নৈতিক অ-প্ৰকৃতিবাদ’ৰ সমৰ্থনত তেখেতে কৈছিল যে ‘ভাল’ৰ সংজ্ঞা অবিশ্লেষণীয়৷ যি প্ৰাকৃতিক, যি প্ৰবৃত্তিগত, যি হৰ্ষদায়ক, সিয়েই ‘ভাল’৷ মানৱ জীৱনৰ প্ৰাকৃতিক তাড়না সম্ভূত কোনো প্ৰবৃত্তিক নেওচা দি সৃষ্টি হোৱা বা পালন কৰা কোনো কাম প্ৰকৃততে ‘ভাল’ হ’ব নোৱাৰে৷ ‘ভাল’ বিষয়টো সংজ্ঞাসিদ্ধ নহয়, কিয়নো সংজ্ঞাৰ অৰ্থই হৈছে বিভিন্ন ভগ্ন টুকুৰাক একগোট কৰি এক অভগ্ন ৰূপ দিয়া আৰু ‘ভাল’ সদায়েই অভগ্ন, সংপৃক্ত৷ তেখেতে লিখিছিল :

“It may be true that all things which are good are also something else, just as it is true that all things which are yellow produce a certain kind of vibration in the light. And it is a fact, that Ethics aims at discovering what are those other properties belonging to all things which are good. But far too many philosophers have thought that when they named those other properties they were actually defining good; that these properties, in fact, were simply not ‘other’, but absolutely and entirely the same with goodness.” (এয়া সত্য হ’ব পাৰে, যে সকলো ভাল বস্তুৰেই আন এক ৰূপো থাকিব পাৰে, যেনেকৈ এয়াও সত্য যে সকলো হালধীয়া বস্তুৱেই পোহৰত এক নিশ্চিত ধৰণৰ কম্পনৰ সৃষ্টি কৰে আৰু এয়া এক যথাৰ্থতা যে নীতিয়ে সদায় সেই বৈশিষ্ট্যসমূহ আৱিষ্কাৰ কৰিব বিচাৰে যি সকলো ভাল বস্তুৰে অংশ৷ বহু দাৰ্শনিকে ভাৱে যে সেই বেলেগ বৈশিষ্ট্যসমূহৰ নাম লওঁতে তেওঁলোকে প্ৰকৃততে ‘ভালত্ব’ৰ সংজ্ঞাই দিছে, আচলতে সেইবোৰ ‘বেলেগ’ নহয়, সেইসমূহ ‘ভালত্ব’ৰ সৈতে সম্পূৰ্ণভাৱেই একে৷”

প্ৰিন্সিপিয়া এথিকা

multiple personality সকলোৰে মাজতে লুকাই থাকে, কিন্তু ই ডিচঅৰ্ডাৰৰ পৰ্যায় পালেহে এটা মানসিক অসন্তুলনৰ সৃষ্টি কৰে৷ শান্ত মানুহ এজনে খং উঠি অত্যধিক হুলস্থূল কৰাটো, বা সকলোৱে ভগৱানৰ দৰে পূজা কৰা এজন ‘ভাল’ মানুহে ঘৰৰ কোনো বিশেষ সদস্য এজনৰ সৈতে দুৰ্ব্যৱহাৰ কৰাটো এই চৰিত্ৰগত trait ৰ অন্তৰ্গত৷ অৱশ্যে বহুতে এই ধাৰণাটোক মেনিপুলেট নাইবা শোষণ নকৰাও নহয়৷ সেয়া এক বেলেগ ধৰণৰ অপৰাধজনিত প্ৰবৃত্তি৷ জেনেটিক বহু কাৰণ, ঘৰুৱা বা চৌপাশৰ পৰিবেশ, বন্ধু বান্ধৱৰ সংস্পৰ্শ, সৰু অৱস্থাত হোৱা আতিশয্যজনিত অভিজ্ঞতা, যৌন আতিশয্য বা মানসিক molestation, আদি বহু কাৰকে multiple personality disorder ৰ সৃষ্টি কৰিব পাৰে৷ কিছু লোকৰ ক্ষেত্ৰত বেয়া অভিজ্ঞতাই ধনাত্মক প্ৰভাবো পেলায়, কিন্তু ই নিচেই তাকৰ৷ কিন্তু আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে এইধৰণৰ চৰিত্ৰ বা স্বভাৱ অধিকাংশ মানুহৰ ক্ষেত্ৰত ইগ’ আৰু অহংকাৰে সৃষ্টি কৰা এটা আত্মসৃষ্ট অৱস্থা, য’ত কৰোঁতাজনে, আঘাত পোৱাজনৰ দুখ কষ্ট বা মানসিকভাৱে ভাগিপৰা অৱস্থাটো দেখি এটা চেডিষ্টিক সন্তুষ্টি লাভ কৰি পৰম সুখ পায়৷ বহু ফিল্ম, ৱেবচিৰিজ আদিয়ে এই অতি সংবেদনশীল বিষয়টোক সূক্ষ্ম কাভাৰেজ দিছে৷ The Magic Castle, Sybil আৰু Sleeper Agenda (আমি পঢ়াৰ ভিতৰত) শীৰ্ষক কিতাপকেইখনতো এই সমস্যাৰ নিৰীক্ষণমূলক বৰ্ণনা আছে৷ মানুহৰদ্বাৰা হ’বপৰা ভাল কাম যেনেকৈ পৰিধিবিহীন, বেয়াৰো তেনেকৈ শেষ নাই৷ ই মানুহৰ এক সুপ্ত সত্য৷ ভাগ্যই নিৰ্ধাৰণ কৰে, কোনে কোন মানুহৰ কি ৰূপৰ অভিজ্ঞতা লাভ কৰে৷

চাৰ্বাক আৰু অতুল্য সন্তাপ

Destiny is propounded by the invisible, life is written by you. চাৰ্বাক বা লোকায়ত দৰ্শনে সদায় দৃশ্যমান বস্তুৰ অস্তিত্বকহে মানি আহিছে৷ হয়তো এয়া বহু ক্ষেত্ৰত মিছাও নহয়, কিন্তু মানুহৰ আভ্যন্তৰীণ সংঘাত আমি নেদেখোঁ মানেই যে ইয়াৰ অস্তিত্ব নাই, সেয়াওতো নহয়৷ এই বিস্তীৰ্ণ, বিশাল পৃথিৱীত বহু ব্যক্তিয়ে নীৰৱে, অভাৱনীয় দুখ যন্ত্ৰণাক জয় কৰি নিজৰ কাহিনী লিখিছে, সেই বুদ্ধিলব্ধ কাহিনী হয়তো তেওঁ কাৰোবাৰ স’তে ভাগবতৰা কৰি লিখিব নোৱাৰিলেহেঁতেন৷ এই জীৱনৰ জলসাগৰত, নিজেই নিজৰ চকুলো মচি, নিজৰ ভাগৰুৱা উদাস কঁপালত নিজেই হাত ফুৰাই বহু মানুহে মাত্ৰ নমৰিবলৈকে সংগ্ৰাম কৰিছে৷ পৃথিৱীয়ে তেওঁৰ cosmetic face, হাঁহিভৰা উজ্জ্বল মুখ দেখিছে, হয়তো ফেচবুকত, নহয়তো আন ক’ৰবাত, কিন্তু ধুমুহাৰ দৰে যন্ত্ৰণা দেখা নাই (দেখিব নোৱাৰেও, কাৰণ আন এজনৰ দুখ বেজাৰক হৃদয়েৰে অনুভৱ কৰাৰ ইমান সূক্ষ্ম উপলব্ধিৰ শক্তি ঈশ্বৰে মানুহক দিয়াই নাই বুলি ক’লেও হয়তো ভুল নহয়, যাৰ ফলতেই ‘আন্তদ্বীপ’ শব্দটোৰ জন্ম)৷ কাৰোবাৰ স’তে ভগাই ল’লে হয়তো বেজাৰ কিছু প্ৰশমিত হয়, কিন্তু সেই সন্তাপৰ যি দহন, তাক ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে৷ এই কথা সদায় বিশ্বাস কৰি আহিছোঁ যে নিজৰ হাতত মুখ গুজি অন্তৰ উজাৰি কন্দাৰ যি শক্তি মানুহৰ আছে, সি বহুতো অব্যক্ত যন্ত্ৰণাৰ বিশ্বাসী আউটলেট৷ আত্মসন্তাপ যেনেকৈ নিজৰ মাজত উৎপন্ন হয়, তাক বুজাই বঢ়াই জীয়াই থকাৰ শক্তিও মানুহৰ নিজৰ মাজতেই সৃষ্টি হয়৷ মান্নাদেৰ সেই বিখ্যাত গীতটো, “আমি যে জলসাগৰে, হায় গো কি যে আগুন জ্বলে বুকেৰ মাঝে, বোঝেও তবু আমি বলতে পাৰি না যে”, সেই জুই চিনাকি মুখৰ কাৰ বুকুত জ্বলি আছে আমি নাজানো, সেইবাবেই বিশ্বাস কৰোঁ যে নিজক নিজেই বুজাব লাগিব, কাৰণ জীৱন নিজৰ, মৃত্যুও নিজৰ, সন্তাপ নিজৰ, সুখো নিজৰ৷ মানসিক শক্তিৰ বহু অতুল্য উদাহৰণ আমি দেখি থাকোঁ, সেই শক্তি প্ৰতিজন মানুহৰ মাজতেই থাকে, মাত্ৰ কৰ্ষণৰ প্ৰয়োজন৷ অত্যধিক ভোগবাদীতাৰ সূত্ৰটোক বাদ দি চাৰ্বাক দৰ্শনৰ এটা কথাত বিশ্বাস ৰাখোঁ যে জীৱন জীয়াই থাকিবলৈ, কাৰণ পৰজন্ম আমি নেদেখোঁ৷ সৌ শিলে শিলে কৰ্ষণ ঘটাই অগ্নিবন্দনাৰ ইতিহাসৰপৰা আৰম্ভ কৰি আজিৰ এই দিনলৈকে মানৱ সভ্যতাৰ ইতিহাসেই প্ৰমাণ কৰে যে সংগ্ৰাম, সংঘাত, মানৱ গোটৰ এটা সংপৃক্ত চৰিত্ৰ, ই বেছিভাগ সময়ত ব্যক্তিকেন্দ্ৰিক আৰু কেতিয়াবা সামুহিক৷ Life In A Metro চিনেমাখনৰ দুটামান দৃশ্য আমাৰ প্ৰিয়, বিশেষকৈ য’ত কংকনা সেন শৰ্মাই অফিচৰ ছাঁদৰ ওপৰত উঠি, নিজৰ বহুদিনৰ গোটমৰা আঘাত আজুৰি উলিয়াবলৈ, উন্মুক্ত আকাশলৈ চাই বুকু উজাৰি কান্দে, এই শক্তি আত্মসৃষ্ট৷ আমাৰ শৰীৰৰ যি অন্তৰ্নিহিত জ্ঞানেন্দ্ৰিয়( sensorimotor cortex), যি আৱেগিক, বা স্নায়বিক বুদ্ধিমত্তা, সি আমাক কেতিয়াও নঠগে, তাক শাণ দি কামত লগোৱাটো মানুহৰেই কাম৷

হিষ্ট’ৰিকেল ৱিট আৰু মাৰ্চেণ্ট অব ভেনিচ

হিষ্ট’ৰিকেল ৱিট বা বুৰঞ্জীমূলক চতুৰতাৰ ( Wit মানে বুদ্ধিহে, কিন্তু ইয়াত বিশেষ কাৰণবশতঃ চতুৰতা বুলি লিখা হৈছে) উদাহৰণ যদি দিবলৈ হয়, ৱিলিয়াম শ্বেক্সপীয়েৰৰ ‘মাৰ্চেণ্ট অব ভেনিচে’ সদায়েই আশ্চৰ্যকৰভাৱে দুখ দি আহিছে৷ বেচেৰা শ্বায়লকক কোনোদিনেই ভিলেইন বুলি মানি ল’ব নোৱাৰিলোঁ, যেনেকৈ খ্ৰীষ্ট’ফাৰ মাৰ্ল’ৰ ‘ডাক্তৰ ফ’ষ্টাছ’ত ‘ফাউষ্ট’ৰ পুনৰ্নিমাণ, সুপ্ত মাৰ্ল’ৰ প্ৰতিচ্ছবি, প্ৰ’টাগনিষ্ট  ফ’ষ্টাছতকৈ সম্পূৰ্ণ এথিক মানি চলা মেফিষ্ট’ফেলিচক ভিলেইন নহয়, পৰম শক্তিমন্ত এণ্টি হিৰ’ৰ মৰ্য্যদা দি আহিছোঁ৷ যুগ যুগ ধৰি শ্বায়লকহঁতক ‘জীৱিশ্ব’ বা ‘ইহুদী’ হোৱাৰ বাবেই এণ্টনিঅ’হঁতে তেওঁলোকৰ গাত থুৱাইছিল, মাত্ৰ ধৰ্মীয় অসহিষ্ণুতাৰ (কাৰণ তেওঁলোকে ‘সূত’ৰ ব্যৱসায় কৰিছিল, জাতিগত বৃত্তি হিচাপে, যিটো আজি বেংক ব্যৱসায় বা সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ মুলমন্ত্ৰ) বাবেই গোটেই ইহুদী জাতিটোক জোলোকা জোলোকে পানী খুৱাইছিল, আকৌ সময়মতে তেওঁৰপৰা অনা ঋণ পৰিশোধ কৰিব নোৱাৰি, বাগদত্তা পৰ্শ্বিয়াৰ সহায় লৈ তেওঁকেই ওলোটাই দোষী সাব্যস্ত কৰিছিল৷ সেই সময়ত কোৰ্ট, সাক্ষী, বুৰঞ্জী আৰু সময় সকলো এণ্টনিঅ’হঁতৰ পক্ষত আছিল বাবেই বেচেৰা শ্বায়লকক “গাৰ মঙহ কাটক চুক্তিপত্ৰমতে, কিন্তু এটোপালো তেজ ওলাব নোৱাৰিব”ৰ দৰে উদ্ভট ‘বুৰঞ্জীমূলক বুদ্ধি’ৰে বিতাৰিত কৰা হৈছিল৷ আনুমানিক ১৩৫৩ চনৰ ইউৰোপৰ প্লেগ মহামাৰীৰ বাবে ইহুদীসকলক প্ৰমাণ অবিহনেই দোষী সাব্যস্ত কৰি জীয়াই জীয়াই জ্বলাই দিয়া হৈছিল৷ সেই বুৰঞ্জীক পিছলৈ হিটলাৰে আগুৱাই নিছিল আৰু সেই বুৰঞ্জীয়েই  জন্ম দিছিল আইনষ্টাইনকো৷ সমাজব্যৱস্থাই সদায় মোহৰ মাৰি দিয়া ভিলেইনক ভিলেইনৰ ৰূপতেই চাবলৈ ভাল পায়, কিন্তু সময় আৰু বুৰঞ্জীয়ে নাপায়, সেইগতিকেই  মানৱ সভ্যতাৰ বহুতৰপীয়া, নিৰন্তৰ যাত্ৰাত বুৰঞ্জীয়ে নিজৰ শক্তিৰ প্ৰমাণ দি থাকে৷

হিৰ’ সদায় হিৰ’ নহয়, মানুহে নিজৰ লগত খাপ খুৱাই, সমকালীন সমাজ আৰু ৰাজনৈতিক, অৰ্থনৈতিক সুবিধা অনুযায়ী এজন মানুহ বা এটা চৰিত্ৰক হিৰ’ সজায়৷ আবেগ সুন্দৰ, কিন্তু বিবেকী পশ্চাদপটত গুৰুত্ব আৰোপ নকৰি, আবেগৰ কুটিল ৰসায়নেৰে চৰিত্ৰ আৰু ব্যক্তিসত্তাক জোখা কামটো সমসাময়িক শক্তিশালী গোটসমূহে অতি কৌশলেৰে কৰিব পাৰে, কৰি আহিছে, কিন্তু সময়ে নকৰে৷ এই পৃথিৱীৰ আহ্নিক বৃত্তত প্ৰত্যেকেই হিৰ’, প্ৰত্যেকেই ভিলেইন৷

☆ ★ ☆ ★ ☆

One comment

  • শ্ৰুতিমালা মিশ্ৰ

    বৰ ভাল লাগিল পঢ়ি প্ৰবন্ধটি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *