বৰদোৱাৰ দৌল উৎসৱৰ ঐতিহ্য আৰু পৰম্পৰা : এটি অৱলোকন -ড° চাহিন জাফ্ৰি
প্ৰকৃতিলৈ বসন্তৰ আগমন ঘটাৰ লগে লগে গছে-বিৰিখে নতুন সাঁজ পৰিধান কৰে। ফাগুনৰ পছোৱাই মানুহৰ মন-প্ৰাণ শিহৰিত কৰাৰ সময়তেই এই দৌল উৎসৱ পালন কৰা হয়। আচলতে, অন্য সকলোবোৰ বসন্তকালীন উৎসৱৰ দৰে এই উৎসৱৰ লগত জড়িত মূল বিশ্বাসটোও হৈছে, প্ৰকৃতিৰ উৰ্বৰা শক্তিৰ বৃদ্ধিৰ কামনা। বসন্তকালত প্ৰকৃতিত ফাকুগুৰি ছটিয়ালে পৃথিৱীৰ প্ৰজনন শক্তি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।উক্ত বিশ্বাসক কেন্দ্ৰ কৰিয়েই ফল্গু উৎসৱ বা দৌল উৎসৱৰ পালন কৰা হয় যদিও ইয়াৰ লগত মূলতঃ ধৰ্মীয় বিশ্বাস এটাও ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে৷
আনহাতে, দৌল মানে হৈছে- কৃষ্ণ বা ভগৱানৰ থান।ফাগুন মাহৰ পূৰ্ণিমা তিথিত ভগৱান শ্ৰীকৃষ্ণক দোলা বা আসনত বহুৱাই নাম কীৰ্তনেৰে ৰঙীন ফাকু খেলি কৰা আনন্দৰ শোভাযাত্ৰাই হৈছে- দৌল যাত্ৰা। কৃষ্ণ সংস্কৃতিৰ ভক্তি ধৰ্মৰ বৰ্ণনাৰে প্ৰত্যেক ফাগুন মাহৰ শুক্লা পূৰ্ণিমাত এই দৌল উৎসৱৰ পালন কৰা হয়। হিন্দুসকলৰ আৰাধ্য দেৱতা কৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি ভক্তি ধৰ্মৰ বৰ্ণনাৰে পূজা-অৰ্চনা তথা আধ্যাত্মিক ধ্যান-ধাৰণাৰে স্বকীয় বৈশিষ্ট্য সানি এই উৎসৱ পালন কৰা হয়। ঠাই ভেদে এই উৎসৱৰ সৈতে বহুতো ধৰ্মীয় আৰু লৌকিক জনবিশ্বাস জড়িত হৈ আছে।
অসমত দৌল উৎসৱ :
অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৪৭০ চনত। গুৰুজনাই বৰদোৱাত থাকোঁতেই এই উৎসৱ পালন কৰিছিল আৰু বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ইয়াৰ প্ৰচলন কৰিছিল।তেতিয়াৰেই পৰা বৰপেটা সত্ৰত পৰম্পৰাগতভাৱে দৌল উৎসৱ পালন কৰি থকা হৈছে। স্থানীয় ভাষাত ইয়াক দেউল বুলিও কোৱা হয় যদিও হোলী, ফল্গুৎসৱ, মদনোৎসৱ, ফাকু আদি বিভিন্ন নামেৰেও ইয়াক জনা যায়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা অৰ্থাৎ পাতেকীবাৰীত প্ৰথমে এই উৎসৱৰ পাতনি মেলিছিল।প্ৰবাদ আছে যে- গুৰুজনাই একৈশ বছৰ বয়সতে বৰদোৱা ধামত সাতখলপীয়া বৈকুণ্ঠৰ পট কৰি লৈ বলোৰাম আতৈক ফাকুগুৰি আনিবলৈ মৰুৱাপুৰলৈ পঠাই দহদিনৰ অন্তত সাতটা কড়িৰ বিনিময়ত সাত কলহ প্ৰাকৃতিক ফাকুগুৰি আনিছিল। তাৰ পিছত সন্ধাৰা দলৈক পঞ্জিকাত দিন বাৰ চাই ফাগুন মাহৰ পূৰ্ণিমা তিথিত শুভ দিন চাই দৌল উৎসৱ পালন কৰিছিল। দৌল উৎসৱ সম্পৰ্কে তেওঁ এইবুলি লিখি থৈ গৈছে,
..ৰংগে ফাগু খেলে চৈতন্য বনমালী
দুহাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী..।
কীৰ্তনগৃহ নিৰ্মাণৰ পাছত শংকৰদেৱে তেওঁৰ শিষ্যসকলৰ লগত নিয়মিতভাৱে ধৰ্মালোচনা কৰিছিল। এদিন প্ৰসংগক্ৰমে বৃন্দাবনত শ্ৰীকৃষ্ণই ফাকু খেলাৰ কথা ওলোৱাত শিষ্যসকলেও এই উৎসৱভাগি নিয়ম-নীতিৰ মাজেৰে পালন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। বৰদোৱা গুৰুচৰিতত পোৱা মতে ৰামৰায় আতাই শংকৰদেৱক অনুৰোধ কৰি কৈছিল যে-‘আপুনি বহু তীৰ্থত নানা ৰকম উৎসৱ দেখি আহিছে।আমালোকক এই আমোদজনক উৎসৱ দেখুৱাবলৈ হক।’ (বৰদোৱা গুৰুচৰিত, মহেশ্বৰ নেওগ (সম্পা)পৃ.৬২) ভূঞাসকলৰ অনুৰোধ ৰক্ষা কৰি শংকৰদেৱে ফাগুন মাহৰ পূৰ্ণিমা তিথিত বৃন্দাবনি গোপালৰ দৌলৎসৱ পালনৰ বাবে মন মেলিলে।পিছদিনাখনেই গুৰুজনাই ভূঞা আৰু ব্ৰাহ্মণসকলক একত্ৰিত কৰি ফাকুৱা উৎসৱ অনুষ্ঠানৰ বাবে দায়িত্ব অৰ্পণ কৰিলে। বলোৰামক ফাকু ক্ৰয় কৰিবলৈ মৰুৱাপুৰলৈ প্ৰেৰণ কৰিলে আৰু বাকীসকলক দৌল নিৰ্মাণৰ কাম কৰিবলৈ উপদেশ দিলে। পিছদিনাখনৰ পৰাই দৌল নিৰ্মাণৰ কাম আৰম্ভ হ’ল। দৌলৰ বাবে মাটি খান্দোতে মাটিৰ তলত এটি গোবিন্দৰ মূৰ্তি পোৱাত ভূঞাসকলে তাতেই তিনিটা দৌল নিৰ্মাণ কৰিলে। মুখ্য দৌল মন্দিৰত মাটিৰ তলত পোৱা গোবিন্দৰ মূৰ্তি স্থাপন কৰিলে। বলোৰামেও মৰুৱাপুৰৰ পৰা কেইবাকলহ ফাকু ক্ৰয় কৰি আনিলে। ফাকুৱাৰ দিনা শংকৰদেৱে প্ৰাতঃস্নান কৰি কীৰ্তনঘৰত বিষ্ণুক প্ৰণাম কৰিলে আৰু সকলোকে লগত লৈ দৌল মন্দিৰলৈ গ’ল। দৌল মন্দিৰত থকা মাধৱক জাগ্ৰত কৰিবলৈ আগদিনা ৰচনা কৰা দুয়োটা গীত খোল-তাল সংগত কৰি সকলোৱে আনন্দতে কীৰ্তন কৰিলে। সেই গীত পৰিবেশন কৰোঁতে শংকৰদেৱে নিজে কেতাই খাঁৰ লগত খোল লৈ সংগত কৰিলে আৰু বাজনাৰ তালে তালে সকলোৱে আনন্দৰে নৃত্য কৰিলে। গীতৰ অন্তত গুৰুজনাই সমবেত লোকসকলক ফাকু দিবলৈ আৰম্ভ কৰাৰ পাছত বাকীসকলেও ইজনে সিজনক ফাকু দিবলৈ ধৰিলে। সেইদৰে সেইদিনা গোটেই দিন আৰু ৰাতি দৌলোৎসৱ পালন কৰি পুৱাহে ঘৰলৈ আহিল। পিছদিনা স্নানাদি কৰি তেওঁলোক পুনৰ দৌল মন্দিৰলৈ গ’ল আৰু দৌল গোবিন্দৰ মূৰ্তিটো আসনত বহুৱাই সমবেত ভ্ৰমণ আৰম্ভ কৰিলে। যাত্ৰাত প্ৰায় দহ হাজাৰ লোকে ভাগ লৈ তেওঁলোকৰ মাজত ফাকু খেলি, নৃত্য-গীত আৰু ফাকুৰে এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰি তুলিলে। এইদৰে বহু ঠাই ভ্ৰমণৰ পাছত তেওঁলোক পুনৰ দৌল মন্দিৰলৈ ঘূৰি আহিল আৰু নাম-কীৰ্তনেৰে গোবিন্দক পুনৰ মন্দিৰত স্থাপন কৰিলে এইদৰেই দৌল উৎসৱৰ সামৰণি ঘটিল।এতিয়াও বৰদোৱাৰ সেই স্থানতে দৌল গোবিন্দৰ মন্দিৰটি আছে আৰু ভক্তসকলে পৰম্পৰাগতভাৱে দৌল উৎসৱটিৰ পালন কৰি আহিছে।(যুগনায়ক শংকৰদেৱ, দীপক হাজৰিকা, পৃ. ৩২-৩৩)–
এহিমতে সেইৰাত্রি আনন্দ কৰিয়া আতি
ভূঞাগণে জনেকো নশুইল।
ডেকাগিৰী খোল লৈল গুৰুৱে গায়ন ভৈল
কেতাই দোহাৰে খোল লৈল।।
যদু ৰামধন জয় বলায়ো লক্ষণ তয়
নাচিলন্ত পৰম হৰিষে
শুনন্তাজনৰ মন কৰ্ণে পীয়ে স্বাদ যেন
যেন মৰ্ত্তে অমৃত বৰিষে।।
(দ্বিতীয় বৈকুণ্ঠ বৰদোৱাৰ বুৰঞ্জী, শ্ৰী হেমচন্দ্ৰ শইকীয়া,পৃ.৩৬)
বটদ্ৰৱা বা বৰদোৱা অঞ্চলৰ ফাকুৱা উৎসৱ :
বৰ্তমানেও বৰদোৱা থানত অতি উলহ-মালহেৰে দৌল উৎসৱটি পালন কৰা হয়। থানত থকা পৱিত্ৰ দৌল মন্দিৰটো গুৰুজনাই নিৰ্মাণ কৰা বুলি গুৰুনাতি পুৰুষোত্তমে থান বৰ্ণনাৰ গীতত লিখিছে- “দক্ষিণে যাত্ৰাৰ দৌল মহাপুৰুষে নিম্মিৰ্লা।”
বটদ্ৰৱা বা বৰদোৱা অঞ্চলৰ ফাকুৱা উৎসৱটি পৰম্পৰাগতভাৱে শলগুৰি(সৰুহিছা) আৰু নৰোৱা(বৰহিছা) একত্রিতভাৱে সলনা-সলনিকৈ পালন কৰি আহিছে। ফাগুন মাহৰ শুক্লা চতুৰদৰ্শীৰ দিনা গন্ধবদনেৰে বৰদোৱাত ফাকুৱা উৎসৱৰ আৰম্ভণি কৰে। সেইদিনা সন্ধিয়া পৰম্পৰাগতভাৱে গন্ধ ঘৰ পোৰা অনুষ্ঠান পালন কৰা হয় আৰু কীৰ্তন ঘৰৰ পৰা কৃষ্ণৰ মূৰ্তি উলিয়াই ৰভাঘৰ স্থাপন কৰা হয়। গোসাঁইৰ মূৰত তেল দি – ‘বৈকুণ্ঠৰ নাথ দৌলৰসে কেলি কৰে’- আদি গীত গাই গোবিন্দ মূৰ্তিক দৌলৰ আসনত বহুৱা হয়। উল্লেখযোগ্য যে, বাহিৰৰ শিলিখা বৃক্ষৰ তলত সাজি থোৱা অস্থায়ী মণ্ডপত গোসাঁইক প্ৰাকৃতিকভাৱে বনোৱা সুগন্ধি দ্ৰব্য, গাখীৰ, তুলসী, জলপুষ্প আদি অমৃতেৰে নোৱাই-ধুৱাই নতুন বস্ত্ৰ আৰু অলংকাৰ পৰিধান কৰাই সজাই তোলা হয়। লগতে শংখ, ডবা, কাঁহ আৰু উৰুলিৰ মংগল ধ্বনিৰে কৃষ্ণ গোসাঁইক আদৰণি জনোৱা হয়। পিছদিনা ফাগুনৰ পূৰ্ণিমাৰ দিনা দুপৰীয়া গায়ন-বায়ন, ডবা-কাঁহ, শংখ ধ্বনিৰ মাজেৰে গোসাঁইৰ মূৰত ফাকু দিয়ে। তৃতীয় দিনা অৰ্থাৎ প্ৰতিপদ তিথিত নিৰ্দিষ্ট সজ্জিত আসনত গোবিন্দ মূৰ্তিক উঠাই নামগীত গাই দেৱবাদ্য বজাই গোসাঁইক দৌললৈ নি তিনিবাৰ প্ৰদক্ষিণ কৰায়। ইয়াৰ পিছতহে কীৰ্ত্তন ঘৰত স্থায়ী আসনত প্ৰতিষ্ঠা কৰোৱা হয়। যাত্ৰাপথত পৰম্পৰা অনুসৰি গোসাঁইক নৰোৱাসত্ৰ আৰু শিলিগুৰি সত্ৰত সেৱা-সৎকাৰ কৰা হয়। দুইখন সত্ৰৰ বাসিন্দাসকলৰ লগতে বটদ্ৰৱাৰ ৰাইজ বা অন্য ঠাইৰ পৰা যোৱা ভক্তপ্ৰাণ ৰাইজসকলেও সেৱা-সৎকাৰ কৰে। ইয়াৰ পিছতেই সকলোৱে ফাকু ছটিয়াই ৰং-ধেমালি কৰে। ফল্গু উৎসৱৰ প্ৰথম দিনা পশ্চিম দুৱাৰেদি গোসাঁইক উলিয়াই আকাশী গঙ্গাৰ পাৰত সাজি থোৱা এটা সৰু খেৰৰ ঘৰলৈ লৈ যোৱা হয় আৰু তাতে তিনি বা সাত পাক ঘূৰাই পূজা কৰি খোল-তাল বজাই নাম গাই আনন্দ কৰে। গোসাঁইক লৈ আহিবৰ পিছত ঘৰটো জ্বলাই দিয়া হয়। উল্লেখযোগ্য যে বৰদোৱাৰ ফল্গুৎসৱত গন্ধঘৰ পোৰা নামৰ এটা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই ঘৰ পোৰা উৎসৱক গন্ধঘৰ পোৰা বা আদিবাস কৰা বুলিও কোৱা হয়।ইয়াৰ পিছত গোসাঁইক কীৰ্তন ঘৰৰ বাহিৰত স্থাপন কৰা মণ্ডপত প্ৰতিষ্ঠা কৰা হয়।
ফাকুৱা বা দৌল উৎসৱ উপলক্ষে বটদ্ৰৱাত এখন ডাঙৰ মেলা প্ৰতিবাৰেই বহে। এই মেলাখনত বিভিন্ন প্ৰকাৰৰ বয়-বস্তু তথা জাক-জমকীয়া বস্তুৰ বেচা-কিনা হয়। ধনী-দুখীয়া, উচ্চ-নীচ আদিৰ ভেদাভেদ পাহৰি সমাজৰ সকলো শ্ৰেণীৰ লোকেই ইয়াত অংশ গ্ৰহণ কৰে। উল্লেখযোগ্য যে – এই মেলা তথা দৌল উৎসৱৰ প্ৰাঙ্গন সকলো জাতি-সম্প্ৰদায়ৰ মানুহৰ বাবেই মুক্ত।
সামৰণি :
ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ফাকুৱা উৎসৱক বিভিন্ন ধৰণেৰে পালন কৰা হয় যদিও অসমৰ প্ৰেক্ষাপটত ফাকুৱা বা দৌল উৎসৱৰ এটা সুকীয়া বিশেষত্ব আছে। মূলতঃ ইয়াৰ লগৰ ধৰ্মীয় বিশ্বাস জড়িত থাকিলেও অসমৰ এই উৎসৱে জাতীয় পৰম্পৰাৰ মৰ্যদা লাভ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলনৰ প্ৰভাৱত এই উৎসৱে অসমত এটা সুকীয়া ৰূপ পৰিগ্ৰহ কৰিছিল। কৃষ্ণলীলাৰ ভক্তিৰসৰ গীত-মাতৰ প্ৰাধান্যয়ো অসমৰ দৌল উৎসৱক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। মহাপুৰুষ জনাই আৰম্ভ কৰা দৌল উৎসৱত যি ফাকু খেলাৰ পৰম্পৰা সেয়া মুঠেই মাৰ্জিত আৰু গাম্ভীৰ্যপূৰ্ণভাৱে কৰা ৰং-আনন্দৰ সমাহাৰ। তাত যি ৰঙেৰে ফাকু খেলা হয়, সেয়া সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা। কেঁচা হালধি, পূৰৈ শাকৰ গুটি, জেতুকাপাত আদি শুকুৱাই অতি প্ৰাকৃতিকভাৱে সেই ৰং সমূহ প্ৰস্তুত কৰি লোৱা হৈছিল। ফাগুনৰ পছোৱাই কঢ়িয়াই আনিব পৰা বসন্তকে আদি কৰি বিভিন্ন ছালৰ ৰোগৰ বাবেও এই ৰঙসমূহ উপকাৰী বুলি ভাবিবৰ থল আছে। আনহাতে, দৌল যাত্ৰাৰ সময়ত পৰিবেশিত গীত-মাতসমূহেও অসমীয়া লোক-সংস্কৃতিৰ ঐতিহ্য বহন কৰি আহিছে। মুঠতে বৰদোৱাৰ দৌল উৎসৱক অসমৰ অতি আদৰৰ ৰং, আনন্দ আৰু সম্প্ৰীতিৰ মহা উৎসৱ বুলি ক’ব পাৰি। বিশেষকৈ, গুৰুজনাৰ পৱিত্ৰ জন্মস্থান হোৱাৰ লগতে সেই ঠাইতেই এই উৎসৱটিৰো শুভাৰম্ভ হোৱাৰ বাবে বৰদোৱাত এই উৎসৱৰ আড়ম্বৰ চিৰদিন থাকিব।
☆ ★ ☆ ★ ☆
10:21 am
ভাল লাগিল
4:10 pm
বহুত বহুত ধন্যবাদ জনালোঁ