ফটাঢোল

খটৰা সত্ৰত প্ৰচলিত লোকসংস্কৃতি-কলচুম বিবি

দৰং জিলাত অৱস্থিত সত্ৰসমূহৰ ভিতৰত এখন উল্লেখযোগ্য সত্ৰ হৈছে খটৰা সত্ৰ। মাধৱদেৱৰ আজ্ঞাপৰ শিষ্য গোবিন্দ আতাই ১৫৬৮ খ্ৰীষ্টাব্দত এই সত্ৰখন স্থাপিত কৰিছিল। চাৰিশ পঞ্চাশ বছৰ অতিক্ৰম কৰা দৰঙৰ এই ঐতিহাসিক সত্ৰখনক কেন্দ্ৰ কৰি অতীতৰপৰা বৰ্তমানলৈকে বিভিন্ন ধৰণৰ লোকসংস্কৃতি প্ৰচলিত হৈ আছে। ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ উৎসৱ-অনুষ্ঠান, নৃত্য, গীত, নাটক আদি উল্লেখযোগ্য।

খটৰা সত্ৰত বছৰটোত কেইবাটাও উৎসৱ পালন কৰা হয়। মহাপুৰুষ দুজনাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিদৰে বিভিন্ন ধৰণৰ উৎসৱ-অনুষ্ঠান পাতিছিল ঠিক তেনেদৰে মাধৱদেৱৰ আজ্ঞাপৰ শিষ্য গোবিন্দ আতৈয়েও খটৰা সত্ৰত প্ৰতিষ্ঠা কালৰেপৰা বিভিন্ন ধৰণৰ নৃত্য-গীত, নাট-ভাওনা, উৎসৱ-পাৰ্বন, বিভিন্ন ধৰণৰ লোককৃষ্টি  পৰম্পৰাগতভাৱে প্ৰচলিত কৰিছিল। উৎসৱ-পাৰ্বনসমূহৰ কিছুমান তিথিকেন্দ্ৰিক, কিছুমান মাহকেন্দ্ৰিক আৰু কিছুমান নক্ষত্ৰকেন্দ্ৰিক। তিথিকেন্দ্ৰিক উৎসৱ হিচাপে প্ৰত্যেক বছৰে শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথিৰ লগতে গোবিন্দ আতাৰ জন্ম আৰু তিৰোভাৱ তিথিও পালন কৰা হয়৷

গোবিন্দ আতাৰ তিৰোভাৱ তিথি শাওণ মাহৰ শুক্লা চতুৰ্দশী তিথিত বিশেষ উলহ-মালহেৰে পালন কৰা হয়। ভকত-বৈষ্ণৱসকলে নাম প্ৰসঙ্গ কৰে, দেওৰীসকলে সেই নাম-প্ৰসংগৰ গুৰি ধৰে। নাম প্ৰসংগৰ পিছত ভবানন্দ মিশ্ৰৰ পুথি ‘গোবিন্দ চৰিত’ পাঠ কৰে। ইয়াৰ পিছত খোল প্ৰসংগ কৰে আৰু ৰাতি সত্ৰৰ ভকতসকলে থিয় নাম পৰিৱেশন কৰে। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথিত নাম প্ৰসংগৰ পিছত ‘গুৰু চৰিত’ পাঠ কৰা হয়। ইয়াৰ লগতে গুৰুজনাৰ অংকীয়া নাটো প্ৰদৰ্শন কৰা হয়।

সমগ্ৰ অসমতে পালন কৰাৰ দৰে খটৰা সত্ৰতো বৰ উলহ মালহেৰে বিহু পালন কৰা হয়। ব’হাগ বিহু আৰু মাঘ বিহুৰ সময়ত বিশেষভাৱে নাম-প্ৰসংগ কৰা হয়। কাতি বিহুৰ পিছদিনাৰপৰা সত্ৰৰ কীৰ্তনঘৰত মাহজোৰা অখণ্ড ভাগৱত পাঠচক্ৰ হয়। ব’হাগ বিহুৰ ছয়দিনৰ দিনা সত্ৰৰ খলাত মুকলি বিহু অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন ধৰণৰ খেল-ধেমালি, নৃত্য-গীত আদি অনুষ্ঠিত কৰা হয়।

দৰঙৰ এটি উল্লেখযোগ্য উৎসৱ হৈছে দেউল উৎসৱ। খটৰা সত্ৰৰ দেউল উৎসৱ বিষ্ণুকেন্দ্ৰিক। এই দেউল উৎসৱ শিয়ালা গোঁসাই ধৰ্মানন্দ ভূঞাই প্ৰথমতে অনুষ্ঠিত কৰিছিল বুলি শিয়ালা গোঁসাই চৰিতত পোৱা যায়। খটৰা সত্ৰত বহাগৰ ১৫ তাৰিখে দেউল অনুষ্ঠিত হয়। সত্ৰৰ পাচেতিখলাৰ উত্তৰ দিশত থকা দেউলৰ ভিঠাত ধৰ্মীয় আচাৰ নীতিৰে মগৰ স্থাপন কৰা হয়। দেউৰীসকলে নাম-কীৰ্তন কৰি গায়ন-বায়নসহ, ঢল-ছত্ৰ ধাৰণ কৰি কীৰ্তনঘৰৰ পৰা ওলাই গৈ দেউলৰ ভিঠাৰপৰা সামান্য দক্ষিণে আচুতীয়াকৈ ৰখা স্থানত ভগৱানৰ বাংময় মূৰ্তি ভাগৱত স্থাপন কৰে। ইয়াৰ পিছত তেওঁলোকে থিয়নাম পৰিৱেশন কৰে। দেউলৰ আনুষংগিক হিচাপে খুলীয়া ভাৱৰীয়া, নাম-প্ৰসংগ আদি অনুষ্ঠিত কৰা হয়।

খটৰা সত্ৰত প্ৰতি বছৰে জেঠ মাহৰ প্ৰথম সপ্তাহত বৰসবাহ অনুষ্ঠিত হয়। বৰসবাহ আগদিনা সন্ধিয়াৰপৰা আৰম্ভ হয় আৰু  পিছদিনা সন্ধিয়া সামৰণি হয়। সবাহৰ আগদিনা অৰ্থাৎ গোন্ধৰ নিশা থিয় নাম পৰিৱেশন কৰি বিয়াহৰ ওজাপালি প্ৰদৰ্শন কৰা হয়। বৰসবাহৰ দিনাও থিয় নামৰ পিছত বিয়াহৰ ওজাপালি পৰিৱেশন কৰা হয়।

খটৰা সত্ৰত পালিত আন এটা অনুষ্ঠান হৈছে বৰগোপিনী সবাহ। কীৰ্তনঘৰৰ দক্ষিণ দিশত থকা গুৰুগৃহৰ প্ৰাংগণত আইসকলে নাম-কীৰ্তন কৰি সমাপন কৰা অনুষ্ঠানক ‘বৰ গোপিনী সবাহ’ বোলা হয়। এই অনুষ্ঠানত মহিলাসকলে অংশগ্ৰহণ কৰে। তেওঁলোকে ঘোষা-কীৰ্তনৰ লগতে দিহানামৰ পদ গায়।

ভাদ মাহৰ কৃষ্ণা অষ্টমীত জন্মাষ্টমী পালন কৰা হয়। এই উপলক্ষে সত্ৰত নাম-কীৰ্তন, ভাওনা আৰু বৰ নাগাৰা নাম অনুষ্ঠিত হয়। জন্মাষ্টমীৰ পিছদিনা খটৰা সত্ৰত নন্দোৎসৱ পালন কৰা হয়। নন্দোৎসৱত ‘বোকা ভাওনা’ নামৰ আন এক সুকীয়া ভাওনা অনুষ্ঠিত হয়। বোকা ভাওনা খটৰা সত্ৰৰ এক উল্লেখযোগ্য ভাওনা। ইয়াত কোনো ধৰণৰ অভিনয় বা সংলাপ ব্যৱহাৰ কৰা নহয়। বোকা ভাওনাৰ বাবে সত্ৰৰ কীৰ্তনঘৰৰ মজিয়াত গাখীৰ, পানী, ঘিউ, মৌ, কেঁচা হালধিৰ ৰস আদিৰ মাটিৰ লগত সংমিশ্ৰণ ঘটাই ভকতসকলে ঘোষা-কীৰ্তনৰ নাম গাই গাই নাচি নাচি বোকাৰ সৃষ্টি কৰে। সেই বোকাত পৰি ভাও দেখুৱাৰ বাবে এই অনুষ্ঠানক বোকা ভাওনা বোলা হয়। ইয়াৰ পাছত সকলোৱে নাম-কীৰ্তন কৰি শাৰী পাতি সত্ৰৰ বৰপুখুৰীত গা ধোৱে। ভকতসকলৰ গাত লাগি ৰোৱা পবিত্ৰ বোকাখাট বৰপুখুৰীত পৰি পুখুৰীৰৰ পানী পবিত্ৰ হয় বুলি বিশ্বাস কৰা হয়। তীৰ্থযাত্ৰীসকলে সেই পানী জ্ঞান কৰি বটলত ভৰাই নিয়ে আৰু বোকামাটিৰে কঁপালত ফোঁট লৈ কৃতাৰ্থ হয়।

পাচেতি খটৰা সত্ৰৰ এটা প্ৰধান উৎসৱ। দৰঙত ‘পাচতি’ বা ‘পচতি’ উৎসৱক ‘পাচেতি’ বুলি কোৱা হয়। এই উৎসৱ গোবিন্দ আতাৰ সময়ৰেপৰা খটৰা সত্ৰত প্ৰচলিত হৈ আহিছে। এই উৎসৱ ভাদ আৰু আহিনৰ সংক্ৰান্তিত পালন কৰা হয়। পাচেতি উৎসৱৰ লগত কেইবাটাও অনুষ্ঠান জড়িত হৈ আছে। ইয়াৰ ভিতৰত গোন্ধৰ গীত, দধিমথন ভাওনা, নাম-প্ৰসংগ আদি উল্লেখযোগ্য। সাধাৰণতে দৰঙৰ খটৰা সত্ৰত পাচেতি উৎসৱ তিনিদিন ধৰি অনুষ্ঠিত হয়। দৰঙত পাচেতি উৎসৱ বৰ জনপ্ৰিয়। ইয়াত বিভিন্ন ঠাইৰ মানুহে অংশগ্ৰহণ কৰে। উৎসৱৰ সময়ত বিৰ দি বাট নোপোৱা অৱস্থা হয়। খটৰা সত্ৰত পালন কৰা ফাকুৱাৰ লগত সুঁৱেৰী আৰু গড় ভাঙা অনুষ্ঠান জড়িত হৈ আছে। সুঁৱেৰী ফুৰোৱা লোকসকলে পৰিৱেশন কৰা থিয় নাম খটৰা সত্ৰৰ আন এক আকৰ্ষণীয় অনুষ্ঠান। খটৰা সত্ৰত গোবিন্দ আতৈৰ দিনৰেপৰা নৃত্য আৰু নাট্য পৰম্পৰা প্ৰচলন আছিল। নৃত্য শিক্ষাৰ বাবে আচাৰ্য নিয়োগ কৰা ব্যৱস্থা আছিল। নটুৱা নৃত্য, খোলৰ জোৰণি, বহা চাহিনী, উঠা চাহিনী, বৰ ধেমালি, গাঁৰি বাগৰ আদি নৃত্যৰ চৰ্চা হৈছিল। মূূূূৰটো মাটিত নলগোৱাকৈ গাঁৰি ছোৱাৰে মাটিত বাগৰি বায়নে খোলেৰে সৈতে লুটি বাগৰ মাৰি এক বিশেষ কৌশলেৰে কৰা নৃত্যবিধ হৈছে গাঁৰি বাগৰ নৃৃৃৃত্য। খটৰা সত্ৰত পোৱা কেইখনমান নাট হ’ল- কালকুঞ্জ বধ- দীনাৰাম বৈশ্য, সুধনা বধ- শ্ৰীপতি কেওঁট, বঘাসুৰ বধ- আনন্দি বৈশ্য, হৰমোহন- ফটিক চন্দ্ৰ বৈশ্য, ৰামায়ণ-শ্ৰী কৰুণা বৰুৱা। নাট্যকাৰৰ নাম নোপোৱা কেইবাখনো নাট সত্ৰত প্ৰচলিত থকা দেখা যায়। ইয়াৰ ভিতৰত-বিৰাট পৰ্ব, খটাসুৰ বধ, ভুলুঙ্গ বধ, কৰ্ণ বধ, অভিমন্যু বধ ইত্যাদি উল্লেখযোগ্য।

খটৰা সত্ৰত খুলীয়া-ভাৱৰীয়া অতীতৰেপৰা প্ৰচলিত হৈ আহিছে। খোল বাদ্য খুলীয়া ভাওনাৰ মূল বাদ্য। কেতিয়াবা ইয়াত খোলৰ সংখ্যা ন-টা হোৱাও দেখা যায়। গুৰু দুজনাৰ আৱিৰ্ভাব আৰু তিৰোভাৱ তিথিৰ লগতে, গোবিন্দ আতাৰ তিথি, পাচেতি, ফাকুৱা, দেউল আদিত এইবিধ পৰিবেশ্য কলা পৰিৱেশন কৰা হয়৷ খটৰা সত্ৰত গোবিন্দ আতাৰ সময়ৰেপৰা বিভিন্ন ধৰণৰ নাম-কীৰ্তন প্ৰচলন হৈ আহিছে। ইয়াৰ ভিতৰত থিয় নাম, নাগাৰা নাম, ছেওচাপৰি নাম আদি উল্লেখযোগ্য। খটৰা সত্ৰৰ থিয় নামত নামঘোষা আৰু কীৰ্তন-ঘোষাৰ পদসমূহ গোৱা হয়। থিয় নামত পালিসকলে বৃত্তাকাৰে ঘূৰি ঘূৰি থিয়নাম পৰিৱেশন কৰে বাবে ইয়াক ঘূৰানাম বুলিও কোৱা হয়। সত্ৰত প্ৰচলিত বিভিন্ন ধৰণৰ তিথি, দেউল, পাচেতি, বৰসবাহ, ফাকুৱা আদি উপলক্ষে থিয় নাম পৰিৱেশন কৰা হয়৷ ছেওচাপৰি নাম খটৰা সত্ৰ প্ৰতিষ্ঠা কৰাৰ পূৰ্বৰেপৰা দৰঙত প্ৰচলিত আছিল বুলি জনা যায়। বিয়া-সবাহ, দেউল, পাচেতি, মথেনী আদিত এইবিধ নাম পৰিৱেশন কৰা হয়। এইবিধ নামত নাগাৰা আৰু ভোৰতাল ব্যৱহাৰ কৰা হয়। খটৰা সত্ৰত প্ৰচলিত নাগাৰা নাম এক উল্লেখযোগ্য লোককলা। দৰঙত এইবিধ নামক বৰনাম বুলিও কোৱা হয়। এইবিধ নাম তিথিসমূহৰ লগতে পাচেতি, দেউল, ফাকুৱা আদিত পৰিৱেশন কৰা হয়। চাৰিশ পঞ্চাশ বছৰীয়া ঐতিহ্য বহন কৰি অহা দৰঙৰ খটৰা সত্ৰত প্ৰচলিত বিভিন্ন ধৰণৰ নৃত্য-গীত, ভাওনা  আদিয়ে সত্ৰখনৰ সাংস্কৃতিক দিশৰ পৰিচয়বহন কৰাৰ লগতে সত্ৰখনে যে লোকসংস্কৃতিৰ ভঁৰাল চহকী কৰি আহিছে সেই কথাৰ উমান পাব পাৰি।  

তথ্য সংগ্ৰহ :

চাৰিশ পঞ্চাশ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ ‘গোবিন্দ সুৰভি’৷

☆ ★ ☆ ★ ☆

3 Comments

  • dhiren saikia

    ভাল লাগিল পঢ়ি,ধন্যবাদ আপোনালৈ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ধুনীয়াকৈ লিখিলে বা। বৰ ভাল পালোঁ পঢ়ি

    Reply
  • ডলী

    ভাল লাগিল। বহু কথা জানিব পাৰিলো

    Reply

Leave a Reply

Your email address will not be published.