কণ কবিতা – দিলীপ কুমাৰ শৰ্মা
/১/
আনিবলৈ দি
নিগনিক ৰথ,
মেকুৰী উঠি
ঘূৰিলে পথ।।
/২/
মহৰ সমান গায়ক
এই জগতত নাই,
তাৰ গান শুনি
সৱে চাপৰি বজায়।
/৩/
জিঞাৰ কঁকাল
কিয়নো চিঁয়া,
গীতে উত্তৰ ভাবি
পোৱা নাইকিয়া।।
/৪/
এশ গৰু মাৰিলে
বোলে বাঘৰ মৰণ,
৯৯টা মাৰি সেয়ে
বাপুৱে ল’লে শৰণ।।
/৫/
জৰী বান্ধি
ফিচাত জিঞাৰ,
জগত ঘূৰাৰ
ইচ্ছা হিয়াৰ।
/৬/
বৰশীৰ আগত
জিঞাটো দেখি,
মাছটোৱে সুধিলে
কিনো আছা লেখি?
/৭/
মৰুৱা কাঠৰ
যঁতৰ সাজি,
সোণ পৰুৱাই
দিলেহি আনি।।
/৮/
জোনাকী পৰুৱা
অতিকৈ ঘৰুৱা,
পৰুৱাৰে ঘূৰে
আলি পথৰুৱা।।
/৯/
পিয়াঁজৰ বাকলি
গুচাই গুচাই,
গীতে কৈছে সাধু
সঁচাই-মিছাই।।
/১০/
দেখি পৰি থকা
কলৰ বাকলি,
খাবলৈ দৌৰিলে
ছাগলী পোৱালি।।
/১১/
হেদালিত ওমলা
কোমোৰা জালি,
বতাহতে নাচিলে
এপাক হালি-জালি।।
/১২/
ভোমোৰাই আগতে
খোৱাত ফুলৰ মৌ,
পখিলাই দুখতে
কান্দি আছে সৌ।।
/১৩/
এজাৰ ফুলাত
নকৰি বেজাৰ,
উৰা মাৰিলে
পখিলা হেজাৰ।
/১৪/
খাবলৈ মাটিমাহ
মাটিত দিয়া,
মাতী হাঁহজনীক
মাতি দিয়া।।
/১৫/
পৰিশ্ৰমেই যদি
সফলতাৰ মূল,
গাধ বনৰ ৰজা
কিয়নো নহ’ল?
/১৬/
আনিলেও ঘৰলৈ
দেউতাৰে পেৰা,
লাভ নাই চাই
চকু কৰি কেঁৰা।।
/১৭/
লাভৰ নহয়
দেহাটো ভাল,
লতাই বজালে
চোতালত তাল।।
(ভাল-লাভ, লতা-তাল)
/১৮/
তিলকৰ নাই
তিলমানো আহৰি,
আনিব দিয়াটো
আহিল পাহৰি।।
/১৯/
চাৰিডালকৈ লৈ
হাতত এচাৰি,
মৌ ওলাল
গৰুটো বিচাৰি।।
/২০/
এনেই বৰমতা
হৰিহঁতৰ ভেবুৱা,
শিয়ালে মাতিলেই
ভয়তে লাগে পেঁপুৱা।
☆ ★ ☆ ★ ☆