ফটাঢোল

মূল : গন্ধ – (সুনীল গঙ্গোপাধ্যায়) ভাষান্তৰ – গোন্ধ – মুনমুন সৰকাৰ শইকীয়া

চলন্ত ট্ৰামৰপৰা নামি দৌৰি দৌৰি সাধন ককাইদেউ আহি মোৰ সন্মুখত ৰ’লহি। খুব খৰখেদাকৈ ক’লে, 

: সুনীল তই মোৰপৰা দহ টকা পাবলৈ আছে। আজি ঘূৰাই দিম বুলি আহিলোঁ।

মানুহজনলৈ খুব মনোযোগেৰে চালো‌ঁ, মই যিগৰাকী সাধন ককাইদেউক চিনি পাইছিলোঁ এইজন যেন তেওঁ নহয়। ককাইদেউৰ মুখত নুখুৰোৱা দাড়ি, পেণ্টৰ ওপৰেৰে চোলা ওলাই পৰিছে, ভৰিত ৰবৰৰ ছেণ্ডেল। মই যিজনক চিনি পাইছিলোঁ তেওঁ পুৰা চাহাবৰ দৰে আছিল। মানুহ ঢুকোৱা ব্ৰততো তেওঁৰ এনে পোছাক কল্পনাৰ অগোচৰ, কাৰণ তেওঁ আছিল খুবেই পৰিপাটি এজন ব্যক্তি। সাধন ককাইদেউৰপৰা মই দহ টকা পাবলৈ নাই, তেওঁ মোৰ দৰে ট্ৰাম গাড়ীত ফুৰা-চকা নকৰিছিল।

নিজে নিজেই চেলাউৰি কোঁচ খাই গ’ল, সুধিলোঁ

: কি হ’ল বাৰু!

তেওঁ জেপৰপৰা পাৰ্ছ উলিয়াবলৈ বিচাৰিছে, পঞ্চাছ টকীয়া নোট, এশ টকীয়া নোট কেবাখনো, বিছ টকাৰো নোট আছে কিন্তু দহ টকা নাই।

তেওঁ ক’লে, 

: কাৰোৰে ওচৰত ধাৰ খাই থাকিব নোখোজোঁ বুজিলি? যাৰ যাৰ পইচা পাবলৈ আছে মনত পেলাই পেলাই দি গৈছোঁ। এটা কথা মই বুজি পালোঁ যে, আমি কোনোৱেই নিজে ঘটা পইচাৰে চলিব নোৱাৰোঁ, কাৰোবাৰ ওচৰত কিবা এটা ধাৰ থাকিয়েই যায়।

: তুমি মোক দহ টকা ঘূৰাই দিছা? তোমাৰ কিবা মূৰৰ গণ্ডগোল হৈছে নেকি? তেনেকৈ হিচাপ কৰিবলৈ গ’লে তুমি দেখোন কেইবাহেজাৰ টকা মোৰপৰা পাবলৈ আছে।

: তই মোৰপৰা কেতিয়াবা নগদ পইচা ধাৰলৈ নিছ’ নে? নাই নিয়া। নগদ পইচা হ’ল ধাৰ, বাকী মৰম-চেনেহ, যাৰ বিনিময়ত কৃতজ্ঞতা ঘূৰাই দিলেই হয়। তোৰ ওচৰত পঞ্চাছ টকা খুচুৰা হ’ব নে?

সাধন ককাইদেউৰ গাড়ীত এবাৰ ডায়মণ্ড হাৰ্বাৰলৈ গৈ আছিলোঁ, ছমাহমানৰ আগৰ কথা। পেট্ৰল পাম্পত তেল লওঁতে খুচুৰা নথকাত মই দহ টকা দিছিলোঁ। ইয়াক পইচা ধাৰলৈ দিয়া বুলি কয় নেকি?

: তোমাৰনো হৈছে কি আগতে কৈ লোৱাচোন।

: মোৰ সময় শেষ হৈ আহিছে অ’, মই যাব লাগিব এইবাৰ। পইচাটো তোক কেনেদৰে ঘূৰাই দিওঁ? ব’লচোন কোনোবা দোকান এখনলৈ গৈ ভঙাই আনো!

কেইদিনমান ককাইদেউক লগপোৱা নাই। কাণ বাগৰি কথা এষাৰ শুনিবলৈ পাইছিলোঁ তেওঁ হেনো চাকৰি এৰি দিছে। মূৰৰ বিকৃতিও ধৰা পৰিছে, কোনোবাই আকৌ সন্দেহ কৰিছে যে তেওঁৰ কেঞ্চাৰ হৈছে!

ফুটপাথৰ দোকান এখনৰপৰা দুটকীয়া কলম এডাল কিনি তেওঁ টকাটো ভঙালে, কলমৰ প্ৰয়োজন তেওঁৰ নাছিল। এডভাৰ্টাইজিং কোম্পানীৰ উচ্চপদস্থ বিষয়া, তেওঁৰ ঘৰত কলম, পেঞ্চিল উভৈনদী।

দহ টকা মোৰ হাতত দি ক’লে,

: জীৱনটো ভালদৰেই গ’ল, বুজিলি?

: তোমাৰ কিনো হৈছে, এতিয়ালৈকে নক’লা।

: মোৰ কেঞ্চাৰ নাই হোৱা, সৱ টেষ্ট কৰালোঁ। তোক ৰত্নাই কৈছে নে মোৰ মূৰৰ গণ্ডগোল হোৱা বুলি?

: বৌক মই কিমানদিন লগেই পোৱা নাই।

: মূৰৰ গণ্ডগোল হ’লেও হ’ব পাৰে বুজিলি? কিন্তু সেয়া মই নিজে কেনেকৈ গম পাম? কিন্তু মোৰ সময় কাষ চাপি আহিছে। মৃত্যুৱে মোক খেদি ফুৰিছে।

: এইটো ধাৰণা কিদৰে আহিল?

: গোন্ধ এটা পাই থাকোঁ মই। প্ৰথমদিনা গোন্ধটো পাই টোপনি ধৰিলে মোৰ। গোন্ধটো কেনেকুৱা গম পাৱনে! চেতলা ব্ৰীজৰ ওপৰেদি পাৰ হৈ যাওঁতে সেই গোন্ধটো নাকত লাগে। মানুহ পোৰাৰ গোন্ধ, কেওঁড়াতলা শ্মশান। তাৰপৰা আহে। টোপনি ভাগি গ’লত গোটেই ঘৰ বিচাৰি চলাথ কৰিছিলোঁ, ক’তো একো নাই অথচ গোন্ধটো আছিল। বুজি পালোঁ যে এইটো এটা ৱাৰ্ণিং। এতিয়া যেতিয়াই তেতিয়াই গোন্ধটো পাওঁ। ঘনাই পাওঁ।

: ককাইদেউ কি যিহকে-তিহকে বলকিছা এইবোৰ।

: মই জানো, তই তেনেকৈ ক’বি, এইটো মোৰ মনৰ ভ্ৰম। তই মোৰ গাৰপৰা তেনেকুৱা গোন্ধ পাইছ’নে?

: নাই পোৱা।

: ৰত্নায়ো নাপায় কিন্তু কোনোবা কোনোবাই পায়।

হিপনোটিজমৰ নিচিনা মৃত্যুৰো মিডিয়াম থাকে। বাকী কোনে কি গোন্ধ পাইছে শুনিবি। যোৱা শনিবাৰে মই দেহোপজীৱীনীৰ তালৈ গৈছিলোঁ। আচৰিত হ’বলগীয়া একো নাই, মজা লুটিবলৈ যোৱা নাছিলোঁ, পৰীক্ষা কৰিবলৈহে গৈছিলোঁ। তেওঁলোকক এনে কিছুমান কথা ক’ব পাৰি, যিবোৰ কথা অইন ছোৱালীৰ আগত উলিয়াব নোৱাৰি। যিমান সহজে সিহঁত নাঙঠ হ’ব পাৰে মনটোকো সহজেই খুলি মেলি থ’ব পাৰে কাৰোবাৰ আগত। বাৱন্ন টকা দি মই এঘণ্টাৰ বাবে ছোৱালী এজনীক বুক কৰিছিলোঁ। তাইক আগতীয়াকৈ একো নক’লোঁ, বেলেগে যেনেকৈ যায় ঠিক তেনেকৈ গ’লোঁ। কাপোৰ-কানি খুলিলোঁ, ছোৱালীজনীয়ে মোক সাৱটি ধৰি ক’লে, হেৰি নহয় আপোনাৰ গাত কিহৰ গোন্ধ? মই নিৰীহ মানুহৰ দৰে সুধিলোঁ, “গোন্ধ? কিহৰ গোন্ধ? সদায় বিলাতী চাবোনেৰে গা ধুই থাকোঁ। কিহৰ গোন্ধ পালা কোৱাচোন!” 

ছোৱালীজনীয়ে ক’লে, “হয় গোন্ধ আছে পোৰা পোৰা গোন্ধ! আপুনি গঙ্গাত গা ধুব, সৱ ঠিক হৈ যাব।” 

চা তেন্তে, তাইক কোনেও শিকাই দিয়া নাই তাই এনেই মোৰ মনক কষ্ট দিবলৈ কিয় তেনেকৈ ক’ব? একবালপুৰত সৰু ল’ৰা এটায়ো তেনেকৈ কৈছিল! সিহঁত মিডিয়াম। সিহঁতে গম পায়।

: ককাইদেউ সঁচাকৈ কোৱাচোন তুমি মাজতে কোনোবা জ্যোতিষীৰ ওচৰলৈ গৈছিলা নেকি? 

: তই পাগল হ’লি নেকি? মই জ্যোতিষীৰ ওচৰলৈ কি কৰিবলৈ যাম? সেইবোৰ মই বিশ্বাস নকৰোঁ। মই পৰাপক্ষত ডাক্তৰৰ ওচৰলৈকো নাযাওঁ কিন্তু মই গোন্ধ পাইছোঁ।

মৃত্যু বিষয়ক আলোচনা মোৰ পচন্দ নহয়। মৃত্যু সম্পৰ্কে মোৰ ধাৰণা যুদ্ধক্ষেত্ৰৰ সৈন্যৰ দৰে। কৰোবাৰপৰা কামানৰ গুলি আহি পৰিবহি আৰু সকলো শেষ হৈ যাব। ইমান ভাবি চিন্তি কি লাভ?

মই সাধন ককাইদেউক ক’লোঁ, 

: তুমি চলন্ত ট্ৰাম গাড়ীৰপৰা ইমান ৰিস্ক লৈ কিয় নামিলা? তুমি নিজ ইচ্ছাই মৰিব খোজা নেকি!

তেওঁ হাঁহি মাৰি ক’লে, 

: নহয় অ’, ইমান সহজ নেকি কথাবোৰ? কোনেও নিবিচাৰে মৰিবলৈ। মই কিয় বিচাৰিম? কিন্তু সময় কাষ চাপি আহিলে প্ৰস্তুত হৈ থকা ভাল নহয় জানো! মৃত্যুক দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰাটোৰ একো অৰ্থ নাই। এতিয়া কথাটো হ’ল, মৃত্যু আহি মোক ক’ত লগ ধৰিবহি? এই অনিশ্চয়তাটো বৰ সাংঘাতিক। ঐতিহাসিক প্লিনিয়ে ৰচনা এটা লিখি থৈ গৈছিল, জাননে নাই? প্লিনিয়ে লিখিছিল এজন কবিৰ কথা। সেইজন কবিয়ে দৈৱবাণী শুনিছিল যে কেইদিনমানৰ ভিতৰতে তেওঁৰ মৃত্যু হ’ব। ওপৰৰপৰা গধুৰ বস্তু এটা তেওঁৰ মূৰত সৰি পৰিব। জীৱনৰ মৰমত সেইজনাই নিজৰ ঘৰ-দুৱাৰ এৰি থৈ গুচি গ’ল। কোনো জংঘললৈও নগ’ল যদিহে কেনেবাকৈ গছৰপৰা কিবা সৰি পৰে। তেওঁ পথাৰৰ মাজমজিয়াত থিয় হৈ ৰʼল। তথাপি তেওঁ মৰিব লগীয়া হ’ল। কেনেকৈ গম পাৱনে? ওপৰৰ পৰা কাছ এটা আহি তেওঁৰ মূৰত পৰিল।

: আকাশৰপৰা কাছ সৰি পৰিল মানে? অদ্ভুত গাজাখুৰি কথা কৈ দিলা তুমি!

: মুঠেও নহয়। মধ্য প্ৰাচ্যত এতিয়াও মস্ত মস্ত একোটাহঁত শগুন আছে। সেইবোৰে কাছ পালেই চোঁচা মাৰি লৈ যায়। কাছৰ খোলা ভাঙি তাক মাৰিব নোৱাৰি কাৰণেই ওপৰৰ পৰা ডাঙৰ ডাঙৰ শিলত মৰিয়াই মৰিয়াই মাৰিবলৈ আছাৰ মাৰি থাকে। তেনেকুৱা কাছ এটাই সৰি পৰিছিল কবিৰ মূৰত। বুজি পালি তেন্তে? মৃত্যুৰ ভয়ত ঘৰ এৰি পলাব নালাগে। যাওঁ দে, এতিয়াও বহুতক পইচা ঘূৰাই দিবলৈ আছে।

বহুপৰ তেওঁৰ কথা ভাবি থাকিলোঁ।

পৰিচিত মানুহৰ মাজৰপৰা পটকৈ কোনোবা এনেকুৱা ভিন্ন ধৰণৰ হৈ যায়। অপৰিচিত নিচিনা। সাধন ককাইদেউ আছিল সু-সংহত পৰিপাটি  মানুহ। বুধিয়ক, দায়িত্বশীল, জীৱনৰ উন্নতিৰ জখলাত দোপতদোপে আগবাঢ়ি গৈ আছিল, হঠাত কি কেৰোণ লাগিল? গুৰুতৰভাৱে অসুস্থ হোৱা নাই, মূৰৰ কিবা গণ্ডগোল হৈছে যদিও সেয়াও আৰম্ভণিহে মাথোঁ, এই মৃত্যুৰ কথাৰ বাদে সৱেই স্বাভাৱিক।

সচৰাচৰ এনে পৰিস্থিতিৰপৰা মানুহ পলাব খোজে কিন্তু তেওঁৰ আৰু ৰত্না নবৌৰ ওচৰত মই ঋণী, সেয়ে দুদিনমানৰ পিছত তেওঁলোকৰ যোধপুৰ পাৰ্কৰ ফ্লেটলৈ গ’লোঁ।

ঘৰৰ ভিতৰচোৱা অদ্ভুত ধৰণে নিজম পৰি আছে। যিমানবাৰ ইয়ালৈ আহিছোঁ প্ৰতিবাৰেই ইয়াত বহু মানুহৰ ভিৰ দেখিছোঁ, এইবাৰ এটাও প্ৰাণী নাই। ড্ৰয়িং ৰূম খালী। বনকৰা ল’ৰাটোৱে দুৱাৰখন খুলি দি কেনিবা গুচি গ’ল।

অলপ ইফালে-সিফালে চকু ফুৰালোঁ। বেডৰূমৰ দুৱাৰখনৰ কাষত মজিয়াত আঁঠুকাঢ়ি বহি আছে ৰত্না নবৌ। কাষতেই বহুত ফটো আৰু এখন এলবাম। বাচি বাচি এলবামত ফটো সজাই আছে তেওঁ। খুবেই সাধাৰণ দৃশ্য, কিন্তু মই শিয়ঁৰি উঠিলোঁ এই সামান্য ঘটনাটো দেখি। কি আছে ইয়াত! তেওঁ এবাৰো মুখখন দাঙি মোলৈ নাচালে।

সাধন ককাইদেউৰ নিজৰ ৰূম বাৰাণ্ডাৰ কাষত। সেইটো তেওঁৰ ষ্টাডি ৰূম। বহুত কিতাপ-পত্ৰ আছিল।

সেইটো ৰূমৰ ওচৰলৈ গৈ চালোঁ, দেৱালত কোনো ঘড়ী নাই। এতিয়া এখনো কিতাপ নাই। এটা ৰঙীন টিন আৰু ব্ৰাছ লৈ তেওঁ একান্ত মনে বগা ৰং সানি গৈ আছে। বুকু কঁপি উঠা দৃশ্য। এইবোৰ কি চলি আছে এইখন ঘৰত?

দুই-তিনি মিনিট দুৱাৰ মুখত ৰৈ থাকিলোঁ। তথাপিও তেওঁ মোক নেদেখিলে।

মই ভিতৰলৈ সোমাই গৈ তেওঁক সুধিলোঁ, 

: এইবোৰ কি হৈ আছে, ককাইদেউ?

সাধন ককাইদেৱে ওপৰলৈ মুখ কৰি খুব শান্তভাৱে মোলৈ চালে। মোক যেন চিনিকেই নাই পোৱা! মাত্ৰ দুমাহমানৰ আগৰ কথা মোক দেখিলেই তেওঁ আত্মহাৰা হৈ উঠিছিল। মানুহৰনো এনে পৰিৱৰ্তন হয়নে? 

মই আকৌ এবাৰ মাত লগালোঁ,  

: ককাইদেউ।

তেওঁ দেৱালৰফালে চাই চাই ক’লে,  

: বগা ৰং তোৰ ভাল নালাগেনে? অলপ অলপ পাতলীয়া আকাশী নীলা। আগতে মোৰ কোঠালিৰ ৰং নীলা আছিল। সেইটো জীৱনৰ ৰং। মৰাৰ আগতে সৱ বগা কৰি থৈ যাব লাগে।

ইমান স্বাভাৱিকভাৱে তেওঁ মৃত্যুৰ কথা উল্লেখ কৰিলে, যেন একো প্ৰতিবাদ নচলিব। মৃত্যু যেন তেওঁৰ নিচেই কাষত ৰৈ আছে। মই অলপদেৰি মনে মনে ৰৈ থাকিলোঁ। তেওঁ একান্ত মনে কাম কৰি থাকিল।

: মই কিবা সহায় কৰিম নেকি?

: নাই তোৰ সময় নাই হোৱা। নতুন ৰঙৰ গোন্ধ তোৰ কেনে লাগে?

: সৱৰেই ভাল লাগে দেখোন।

: মোৰ কিন্তু খুবেই বেছি ভাল লাগিছে। এই অকটা গোন্ধ তল পৰি যায়, পোৰা গোন্ধটো। দেৱাল কিয় ৰং কৰিছোঁ জাননে? মোৰ উত্তৰসুৰীৰ কাৰণে। মই বগা কৰি থৈ গ’লোঁ, সিহঁতে যি মন যায় কৰিব, লিখিব। ফলিত লিখি মচি পেলোৱাৰ দৰে। কেতিয়াও তেওঁৰ মুখৰপৰা এনেধৰণৰ কথা শুনা নাছিলোঁ। তেওঁ হাঁহিমুখীয়া, ৰসিক আৰু প্ৰেক্টিকেল স্বভাৱৰ মানুহ আছিল। মৃত্যুৰ সান্নিধ্যই তেওঁক ইমান জ্ঞানী কৰি দিলে?

সাধন ককাইদেৱে ক’লে,

: দেৱালবোৰ ৰং কৰোঁতে বেছি দিগদাৰ নাই। ঘঁহি ঘঁহি চফা কৰি আছোঁ আৰু ব্ৰাছেৰে ৰং বোলাইছোঁ কিন্তু ছাঁদ। সেইটো ঘঁহা আকৌ ৰং কৰা বহুত টান কাম হ’ব। এইটো শেষ কৰি থৈ যাব পাৰিমনে? ক’ কচোন, পাৰিমনে নাই। সিমানখিনি সময় পামনে? সৱেই নাপায় কিন্তু!

মোৰ ফালে চাই অদ্ভুত হাঁহি এটা মাৰিলে সাধন ককাইদেৱে।

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ গল্প,সুন্দৰ অনুবাদ। বৰ ভাল লাগিল পঢ়ি।

    Reply
  • পার্থ প্ৰতীম শৰ্মা।

    বহুত ভাল লাগিল বা ।

    Reply
    • মুনমুন সৰকাৰ

      ধন্যবাদ ভাইটি

      Reply
  • ডলী

    ভাল লাগিল

    Reply
    • মুনমুন সৰকাৰ

      মুনমুন সৰকাৰ

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *