ফটাঢোল

ফটালিমাৰিক-ধনজিৎ বৰুৱা

(১) 

প্ৰতিবাৰ আশা কৰোঁ প্ৰতিবাৰ কৰে ভংগ 

সদন নে লংকা সেয়া নে ৰাৱণৰ সংগ

দুই তালৰ  সমাজ 

তিনি কালৰ জাহাজ 

নিৰ্দেশত নৃত্য কৰে বিনা মগজুৰ অংগ। 

(২) 

বহিৰাগত চতুর্থ বিশ্বৰ তাত দেখুৱাই সমবেদনা 

লৈ বোজা পিঠি বেঁকা এন আৰ চি-ৰ বেঙেনা

বুদ্ধিজীৱী মানৱীয় চেলাই পণ্ডিত

ৰাজনীতিত অংকবাজী নাই হিতাহিত

তথাপি নমৰে আই মোৰ নিজে কৰি যাম সাধনা৷

(৩) 

বাপুৱে চিঞৰি জিন্দাবাদ ফুলাই গলৰ সিৰ

মদ জুৱা অবাধে চলে চাৰিবছৰৰ তীৰ

সান্দহ খোৱা বালিৰ কোঁৱাৰি

স্বাৰ্থত শব্দৰ কি ফুলজাৰি 

বাপু এইকেইদিন খাচ মানুহ কামত জলৰ বীৰ

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *