ফটাঢোল

লিমাৰিক – হেমেন নাথ

ধূলি উৰুৱাই হেলিকপ্টাৰ আহিল, নামিল প্ৰাৰ্থী পেটুৱা

পুলিচ চিআৰপিএফ এগালমান, ৰ’ লাগিল বাটৰুৱা

আহিব আকৌ ‘অচ্ছে দিন’

প্ৰতিশ্ৰুতি দিছে ভিন ভিন

ডিঙি ফুলাই দিয়া প্ৰাৰ্থীৰ লেকচাৰ হয়গৈ চব ভুৱা

মনোনয়ন দাখিলৰ লম্বা ৰে’লী, ঢোল-দগৰ- তাল

বেচেৰা পথচাৰী হয় পণবন্দী, মিছামিছি আহুকাল

ৰে’লীত ভাগ লয় জনতাই

কিজানিবা মাননি পায়

দুদিন পিছতেই ৰজাক গালি পাৰি লগায় তাল-আফাল

দল বাগৰা, খোৱা-কামোৰা, ৰাজনীতিত  সকলো পচিব’ল

নিৰ্বাচনৰ এইকেইদিন নাস্তিকেও চিঞৰিছে ‘ব’ল হৰিব’ল’

আগত পুখুৰী, পিছত কুঁৱা

আকৌ হ’ব হেনো নতুন পুৱা

জিকে কোনো, বিৰোধী খেনো, ৰাইজে খায় প্ৰতিবাৰেই গ’ল

মঞ্চত উঠি সেৱকে চিঞৰে- ‘এয়া শৰাইঘাটৰ শেষ ৰণ!’

সেৱকৰ আহ্বান শুনি জনগণেও যুঁজিবলৈ কৰে মৰণপণ

আহ ঐ আহ ওলাই আহ

সেৱকে দিয়ে বাঃ বাঃ

ৰণৰ পিছত ৰাইজে বুজে- বাঘ-ছাগৰ একেই বৰণ

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *