অট্টালিকাবাসীৰ বাবে ‘হাইড্ৰ’পনিক এৰ’পনিক্স’ পদ্ধতিৰ খেতি : ধীৰেন শইকীয়া
অট্টালিকাত বসবাস কৰা লোকসকলে খেতি কৰিবলৈ বিচাৰি কিছুসংখ্যকে ঘৰৰ ছাদত মাছ অনা কাৰ্টুনত মাটি ভৰাই দুই এবিধ শাক-পাচলিৰ খেতি কৰা দেখা যায়। বহুতে এনেদৰে লাও, জিকা, জলকীয়া, বন্ধাকবি পৰ্যন্ত খেতি কৰি স্ব-উৎপাদিত পাচলি খাইছে। এই ক্ষেত্ৰত শাক-পাচলিৰ পুলিকেইটা প্ৰতিপালন কৰাৰ বাবে ব্যক্তিজন নিজে পুৱা গধূলি তাত জড়িত হৈ থাকিব লাগে। তেতিয়াহে এই খেতিৰ ফচল খাব পাৰে আনকি প্ৰখৰ ৰ’দ পৰিলে ওপৰত ছাঁ দিবও লাগে, পানী, গোবৰ আদি নিয়মিত দি থকাৰ সমস্যাতো আছেই, কিন্তু এই ‘হাইড্ৰ’পনিক এৰ’পনিক্স’ নামৰ এটি নতুন কৃষি পদ্ধতি ওলাইছে, ইয়াৰ যোগেদি খেতি কৰিলে এই সকলোবোৰ স্বয়ংক্ৰিয়ভাৱে হয়। অট্টালিকাবাসীৰ বাবে ‘হাইড্ৰ’পনিক এৰ’পনিক্স’ পদ্ধতি উপযুক্ত বিবেচিত হৈছে। জনামতে মাটি আৰু সদায় কৰা আপডাল অবিহনেই ‘হাইড্ৰ’পনিক এৰ’পনিক্স’ৰে কৰিব পাৰি শাক-পাচলিৰ খেতি। সম্পূৰ্ণ জৈৱিকভাৱে পানী আৰু পোহৰৰ সহায়ত কৰিব পাৰি হেনো এই খেতি। ইয়াৰ দ্বাৰা পৰিয়াল এটাৰ বাবে প্ৰয়োজনীয় ভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি সহজতে সম্পাদন সহজসাধ্য। ‘হাইড্ৰ’পনিক এৰ’পনিক্স’ পদ্ধতিত খেতি কৰিলে গৃহস্থ কৃষিকৰ্মত লাগি থাকিব নালাগে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত কৃষি বিপণন ক্ষেত্ৰত দুহেজাৰ ওঠৰ বৰ্ষতে শাক-পাচলি উৎপাদনৰ এই নতুন প্ৰকল্প ‘হাইড্ৰ’পনিক এৰ’পনিক্স’ আৰম্ভ কৰিছে বুলি বাতৰি এটিও পঢ়া মনত পৰে। এই আধুনিক পদ্ধতিৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে সতেজ শাক-পাচলি উৎপাদন কৰিব পাৰি। এই পদ্ধতিত খেতিৰ আপদাল স্বয়ংক্ৰিয়ভাৱে হয়। ১৯১২ চনত ইজৰাইলত প্ৰথমে আৰম্ভ হোৱা এই পদ্ধতিটো আমাৰ দেশত পাঞ্জাব, হাৰিয়ানাকে ধৰি দক্ষিণ ভাৰতৰ বহুতো অঞ্চলত কৃষিক্ষেত্ৰত প্ৰয়োগ কৰি ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে বুলিও জানিব পৰা গৈছে। কোনোধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এই পদ্ধতিৰ জৰিয়তে লাইশাক, পালেং, ফুলকবি, বন্ধাকবি, জলকীয়া, তিয়ঁহ ইত্যাদি শাক-পাচলিসমূহৰ খেতি কৰিব পাৰি। উল্লেখ্য যে, এই পদ্ধতিত মাটিৰ পৰিৱৰ্তে কিছুমান লোহাৰ পাইপ, ফ’ম আৰু ৰঙা-নীলা-সেউজীয়া ৰঙৰ কিছুমান লাইট ব্যৱহাৰ কৰা হয়। লগতে বৰষুণৰ নিচিনাকৈ পানী ছটিয়াই দিব পৰাকৈ স্বয়ংক্ৰিয় ব্যৱস্থা কৰি দিয়া হৈছে।
উল্লেখ্য যে এই পদ্ধতিটো স্বয়ংক্ৰিয়ভাৱে হয় আৰু শাক-পাচলিৰ পুলিখিনিত যিসময়ত যিমান পৰিমাণে পানী, পোহৰ বা বায়ুৰ প্ৰয়োজন হয়, সেই অনুপাতে সময়মতে উপলব্ধ হয়। ইয়াত আমি অনবৰতে লাগি থকাৰ অৱকাশ নাই। কাৰণ পোহৰৰ প্ৰয়োজন হ’লে ইয়াৰ লাইটকেইটা স্বয়ংক্ৰিয়ভাৱে জ্বলি উঠে। একেদৰে পানীৰ প্ৰয়োজন হ’লে পানী যোগানো হয় নিজে নিজে, আনহাতে অন্যান্য খনিজ পদাৰ্থৰ দৰকাৰ হ’লেও সংলগ্ন থকা যতনটোৱে নিজেই পুলিসমূহত যোগান গ্ৰহণ ধৰে। উত্তাপ বাঢ়ি ২৮ ডিগ্ৰী তাপমাত্ৰা হোৱাৰ লগে লগে সংলগ্ন পাংখাকেইখন নিজে নিজেই ঘূৰে আৰু পানীপৰা আৰম্ভ হৈ যায়।এনেকৈ এমাহৰ ভিতৰতে ৰোপণ কৰা পুলিখিনিৰপৰা খাদ্য সামগ্ৰী উৎপন্ন হয়।
অসমৰ বিলসমূহক কেন্দ্ৰ কৰি পৰ্যটনৰ সম্ভাৱনা:
সৰল অৰ্থত বিল তথা জলাশয়সমূহ হ’ল আৰ্দ্ৰভূমি (wetland)। ই জৈৱ বৈচিত্ৰতাৰ প্ৰধান আধাৰ। সাধাৰণতে বিল হৈছে চাৰিওফালে স্থলভাগে আৱৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। বিভিন্ন প্ৰাকৃতিক ঘটনা পৰিঘটনাৰে বিলৰ সৃষ্টি হয়। চানডুবি বিলৰ সৃষ্টি হৈছিল ভূমিকম্পৰ ফলত, মতাপুং মাগুৰী বিলৰ সৃষ্টি হৈছিল নিমখৰ পুঙ এটাৰপৰা। বহুসময়ত নদীৰপৰা ওলাই অহা সুঁতি বৈ আহিও বিলৰ ৰূপ লয়। কেতিয়াবা আকৌ পাহাৰৰ পৰা নামি অহা পানীভাগ দ পথাৰসদৃশ স্থানত জমা হৈয়ো বিলৰ সৃষ্টি হোৱা দেখা যায়।
বিলসমূহ জৈৱবৈচিত্ৰ্যৰ ভঁৰাল:
জলাহভূমি বা বিলসমূহ জৈৱবৈচিত্ৰ্যৰ ভঁৰাল। ইয়াৰ নান্দনিক সৌন্দৰ্যও অতি মনোমোহা। প্ৰতি বছৰে এই বিলসমূহলৈ শীতৰ দিনত দূৰ দূৰণিৰপৰা বিভিন্ন প্ৰজাতিৰ চৰাই আহে। চৰাইৰ কলৰৱত তেতিয়া মুখৰ হৈ থাকে বিলবোৰ। বিলসমূহ জলজ উদ্ভিদ তথা জলজ প্ৰাণীৰে উভৈনদী হৈ থাকে। সৰল অৰ্থত এই বিলবোৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সীমাহীন বৰঙণি যোগাই আহিছে। এই বিলসমূহে চুবুৰীয়া অঞ্চলসমূহৰ আৰ্থ-সামাজিক দিশত মুখ্য ভূমিকা লৈ আহিছে। তদুপৰি, বিলৰ জলজ উদ্ভিদ প্লাৱকসমূহে বায়ুমণ্ডলত অক্সিজেন গেছ নিৰ্গমনৰ সমান্তৰালভাৱে পানীত হোৱা প্ৰদূষণ ৰোধতো গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই বিলসমূহ অসমৰ থলুৱা মাছৰো ভঁৰাল। লগতে মৎস উৎপাদনৰো কেন্দ্ৰস্থলী। বিলসমূহে কাষৰীয়া অঞ্চলৰ অতিৰিক্ত পানীভাগ ধৰি ৰাখি বানপানীৰপৰা সকাহ দিয়ে। কৃষি উৎপাদনতো বিলৰ অৰিহণা ভালেখিনি। ইয়াৰোপৰি বিলৰ জৈৱ বৈচিত্ৰ্য আৰু নান্দনিক পৰিৱেশে পৰ্যটককো আকৰ্ষণ কৰি একোখন ঠাই পৰ্যটকৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিব পাৰে। অসমত আনুমানিক ৩৫১৩ খন বিল আছে। অসমত আৰ্দ্ৰভূমিয়ে আগুৰা মুঠ মাটিকালি প্ৰায় ১,৩৪,১৩৭ হেক্টৰ। অসমৰ প্ৰধান বিলসমূহ উৰপদ, কনৰা, কাপ্লা, কাছধৰা, কাণীবিল, কপৌৰৌৱা, কাৱৈমাৰী, কুকুৰমৰা, খামৰঙা, গৰজান, গৰৈমাৰী, ঘগা, চাতলা, চানডুবি, চলাচল, চিকন, চ’ৰা, জলেশ্বৰ, ডাকৰা, তামৰঙা, তাৰপৰা, ঋৰা, থাপানিৰ, দলনি, দিপৰ, দিপুল, দীঘল, দীঘলী, দীঘেলী, ধীৰ, নলঙা, বহুৱা, বৰবিল, বগীবিল, বৰদুৱা, বৰডুবি, বৰকুৰি, বঙলাবাৰী, ভকতি, ভীমপৰা, মেৰ, মনহা, মৰিকলং, ৰাতা, ৰৌমাৰী, লাই, লচঙা, শন, শৰঙা, সাতদলা আদি। দুখৰ কথা হ’ল আজি উচ্চশিক্ষিত আধুনিক যুগতো এই বিলসমূহৰ প্ৰয়োজনীয়তা নুবুজি কেৱল বিলসমূহ বেদখল কৰি এফালৰপৰা পুতি তাত আবাসভূমি বা উদ্যোগ আদি স্থাপন কৰাহে দেখা গৈছে। এয়া নিঃসন্দেহে এটা নেতিবাচক কৰ্ম। কিয়নো ই জলজ প্ৰাণী তথা উদ্ভিদ উভয়ৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা বিষয়ত যোগাই অহা অৰিহণা আজি সকলোৱে জানিও নজনাৰ দৰে হৈছে। ফলত এজাক বৰষুণতে একোটা অঞ্চল সহজতে কৃত্ৰিম বানপানীত ডুবি থকা আমি দেখি আহিছোঁ, একেদৰে বিলুপ্ত হৈছে থলুৱা মাছ-কাছ আদি।
অসমৰ বিলসমূহৰ প্ৰকাৰ:
অসমৰ বিলসমূহক দুটা ভাগত ভগাব পাৰি। এক : নদীৰ লগত সম্পৰ্ক থকা বিল আৰু দুই : নদীৰ সৈতে সম্পৰ্ক ছিন্ন হোৱা বিল। নদীৰ লগত সম্পৰ্ক থকা বিলবোৰক মুক্ত বা Open beel বোলা হয়। ইয়াত জৈৱবৈচিত্ৰ্যৰ প্ৰাচুৰ্য দেখা যায়। নদীৰ সৈতে সম্পৰ্ক ছিন্ন হোৱা বিলবোৰক Closed বা বন্ধ জলাশয় বুলিব পাৰি।
☆ ★ ☆ ★ ☆