নিজক ভালে ৰখাৰ সংকল্প- আৰাধনা বৰুৱা
মানসিক চাপ আৰু বিষণ্ণতাৰ জটিলতাৰ মাজতে এদিন চিত্ৰ নিৰ্মাতাজনে এখন অৰণ্যত সময় পাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ অৰণ্যখন আছিল আটলাণ্টিক মহাসাগৰৰ তলিত৷ মহাসাগৰৰ গভীৰতাত তেওঁ এদিন শামুকৰ খোলাৰে আবৃত্ত এক আশ্বৰ্যকৰ জীৱ দেখা পালে৷ সেয়া আছিল তেওঁক দেখি সন্ত্ৰস্ত হৈ নিজক শামুকৰ খোলা নিৰাপত্তা বেষ্টনীৰে লুকুৱাব খোজা এটা অক্টোপাছ৷ অক্টোপাছটোৰ এই আচৰণে তেওঁক ইমান অনুসন্ধিৎসু কৰি তুলিলে যে তেওঁ প্ৰতিদিনে মহাসাগৰৰ তলিলৈ আহি তাক অসুবিধা নিদিয়াকৈ অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে৷ লাহে লাহে অক্টোপাছটোৱেও তেওঁক বিশ্বাসত ল’বলৈ ধৰিলে৷ লাহে লাহে তেওঁলোকৰ মাজত বন্ধুৰ দৰে সম্পৰ্ক আৰম্ভ হ’ল৷ অক্টোপাছটোৰ খাদ্যৰ বাবে চিকাৰৰ কৌশল, চাৰ্কৰ মুখৰ পৰা নিজক বচাই ৰখাৰ নীতি, পৰিস্থিতিৰ দাবী অনুসৰি শৰীৰৰ ৰং পৰিৱৰ্তন, সাঁতোৰ পদ্ধতিৰ পৰিৱৰ্তন এই সকলোবোৰ আছিল অক্টোপাছটোৱে মহাসাগৰৰ তলিত প্ৰতিদিনে নিজক জীয়াই ৰখাৰ বাবে অৱলম্বন কৰা নীতি আৰু এইবোৰ আছিল চিত্ৰ নিৰ্মাতাজনৰ বাবে জীৱনৰ জটিলতাৰ লগত যুঁজাৰ একো একোটা শিক্ষা৷ তাৰ মাজতে এদিন অক্টোপাছটো চাৰ্কৰ মুখত পৰে৷ প্ৰত্যুৎপন্নমতিতাৰে নিজৰ জীৱন বচাবলৈ সক্ষম হয় যদিও সি বেয়াকৈ আঘাতপ্ৰাপ্ত হয়৷ অক্টোপাছটোৱে তাৰ এখন বাহ হেৰুৱাইছিল৷ ফলত অতিশয় দূৰ্বল আৰু খাদ্য সংগ্ৰহ কৰিবলৈকো অপাৰগ হৈছিল৷ সি মৃতপ্ৰায় হৈছিল যদিও বাচি আছিল৷ লাহে লাহে অক্টোপাছটো সুস্থ হৈ উঠিছিল আৰু চিগি যোৱা বাহুটোৰ ঠাইত এটা নতুন বাহু গজিছিল৷ চিত্ৰ নিৰ্মাতাজনে মন কৰিছিল যে সুস্থ হোৱাৰ পিছত এইবাৰ অক্টোপাছটোৱে তাৰ চিকাৰ সংগ্ৰহ আৰু নিজক নিৰাপদে ৰখাৰ পদ্ধতিৰ কিছু পৰিৱৰ্তন কৰিছিল৷ পূৰ্বৰ বিফলতাই অক্টোপাছটোক নতুন কৌশলৰ প্ৰয়োগ শিকাইছিল আৰু অধিক কুশলী হৈছিল৷
‘My Octopus Teacher’ নামৰ ডকুমেণ্টেৰীখনৰ কেইটামান দৃশ্যাংশৰ সংক্ষিপ্ত কথা আছিল এয়া৷ ডকুমেণ্টেৰীখনত অক্টোপাছটোৰ জীৱনৰ নিৰাপত্তা, সফলতা আৰু বিফলতাৰ পৰিক্ৰমাই মোক চিন্তাৰ খোৰাক দিলে৷ মানুহৰ জীৱনটোও ঠিক একেধৰণৰ নহয়নে? পৰিস্থিতি আৰু সময় সাপেক্ষে অভিজ্ঞতাই আমাক পৰিপক্ব কৰে, ভুলৰ শুধৰণি কৰিবলৈ শিকাই, আশাহত হ’লেও পুনৰ সপোন দেখিবলৈ আৰম্ভ কৰোঁ আৰু আমৃত্যু আমি নিৰাপদে জীয়াই থাকিব খোজোঁ৷ সপোনৰ পূৰ্ণতাই মানুহক সদায়ে সুখী কৰে৷ কিন্তু যেতিয়া আশা পূৰণ হোৱাৰ বাটটো মসৃণ নহয়, তেতিয়াই মন নিৰুৎসাহিত হয়৷ অধিক জটিলতাই আশাহত কৰে আৰু তেতিয়াই মানুহ অসুখী হয়৷ বহুসময়ত এনে পৰিস্থিতিত কিছুমান মানুহে বাধা নেওচি আগুৱাই যায় আৰু আন কিছুমানে আধাতে বাদ দিয়ে৷ সুখী হোৱাৰ প্ৰধান মন্ত্ৰ হৈছে, জীৱনৰ প্ৰতি যোগাত্মক দৃষ্টিভংগী৷ সকলো সমস্যাৰে সমাধান মানুহৰ সামৰ্থৰ ভিতৰত নাথাকিবও পাৰে৷ বহুতৰ ক্ষেত্ৰত আকৌ সামৰ্থ থকাৰ পিছতো প্ৰচেষ্টাৰ অভাৱত ভৱা মতে কাম নহয়৷ অসুখী হোৱাৰ কাৰণবোৰ কেতিয়াবা স্পষ্ট আৰু কেতিয়াবা অস্পষ্ট হ’ব পাৰে৷ বহু সময়ত এনে হয় যে ব্যক্তিজনে নিজে কোনটো প্ৰত্যক্ষ কাৰণত মনটো অসন্তুষ্ট হৈ থাকে তাক আঙুলিয়াই দেখুৱাব নোৱাৰে৷ কামৰ হেঁচা, জিৰণিৰ অভাৱ , পাৰিবাৰিক দ্বায়িত্ব, বন্ধু বা প্ৰিয়জনৰ লগত কটাবলৈ সময়ৰ অভাৱ আদি কথাই পৰোক্ষভাৱে মনক অসন্তুষ্ট কৰি ৰাখিব পাৰে৷ ২০২০ বৰ্ষত covid 19-ৰ পৃথিৱীজোৰা সংক্ৰমণে মানুহলৈ প্ৰাণৰ সংশয় আনিলে৷ তাৰোপৰি মানুহ হৈছে সামাজিক প্ৰাণী৷ আমি স্বভাৱগতভাৱে মানুহৰ সংগ বিচাৰোঁ৷ এতিয়া সামাজিক দূৰত্ব, লকডাউন আদিবোৰে মানুহক মানুহৰপৰা আঁতৰাই আনিছে৷ জৰুৰী অৱস্থাৰ কৰ্মীসকলে জটিল সময়তো নিজৰ জীৱন বিপন্ন কৰি শ্ৰমদান কৰিব লগা হৈছে, কিছুলোকে কৰ্মহীন হৈ জীয়াই থকাৰ নূন্যতম প্ৰয়োজনখিনি আৰ্জনৰপৰা বঞ্চিত হৈছে৷ কম বেছি পৰিমাণে সকলোৱে অৰ্থনৈতিক বিপৰ্যয়ৰ চিকাৰ হৈছে৷ যিহেতু বিশ্বৰ কোনো নাগৰিকেই হঠাৎ অহা এই বিপৰ্যয়ৰ বাবে কোনোধৰণৰে প্ৰস্তুত নাছিল সেয়ে ই বৰ্তমান আমাৰ মানসিক চাপ সৃষ্টিৰ মূল কাৰণ হৈ পৰিছে৷ জটিলতাৰ মাজতো জীৱনক বিশেষ কৰি তুলিবলৈ সংকল্পবদ্ধ হোৱাতো জৰুৰী৷ এই সংকল্প কেনেকুৱানো হ’ব পাৰে চাওঁ আহকচোন৷
সুস্থ জীৱন শৈলীৰ অভ্যাস: জীৱন আৰু জীয়াই থকাৰ প্ৰণালীৰ প্ৰতি সকলোৰে ধাৰণা বেলেগ বেলেগ৷ কিন্তু সকলোৰে উদ্দেশ্য আৰু আশা একেই৷ সেয়া হৈছে উন্নতি আৰু সফলতা৷ কিন্তু উন্নতি আৰু সফলতাৰ প্ৰাসংগিকতা তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে শাৰীৰিক মানসিক সুস্থতা থাকিব ৷ এলাহ বা অতিমাত্ৰা ব্যস্ততাৰ বাবে বহুতে নিজৰ যত্ন ল’বলৈ সময় উলিয়াব নোৱাৰা দেখা যায়৷
প্ৰথমেই ভাল খাদ্যাভাসৰ কাৰণে সচেতন হওঁ আহক৷ খাদ্যত সন্তুলিত মাত্ৰাত যাতে প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ফেট ,ভিটামিন, মিনাৰেলছ্ আদি সকলো পুষ্টিৰ উপাদান থাকে তাৰ প্ৰতি সজাগ হৈ খাদ্য গ্ৰহণৰ অভ্যাস কৰক৷ পৰিশ্ৰম অনুসৰি প্ৰয়োজনীয় খাদ্যহে খাওক৷ বেছি তেল মছলা জাতীয় খাদ্য, অত্যাধিক মিঠা,জাংক ফুড আদি পৰাপক্ষত খোৱাৰপৰা বিৰত থাকক৷ অতি ব্যস্তসকলেও আন একো নহ’লেও গাজ ওলোৱা মগু, আপেল বা কল আদি লগত ৰাখিব পাৰে যাতে কামৰ হেঁচাৰ বাবে নোখোৱাকৈ থাকিবলগা বা অস্বাস্থ্যকৰ খাদ্য খাব লগা নহয়৷ সন্তানটিৰ লগতে আমি সকলোৱে নিয়মীয়াকৈ শাক পাচলি ,ফলমূল আদি খোৱাৰ এটা নিয়ম কৰিব পাৰোঁ৷ আমিষ আহাৰৰ দৰে শাকপাচলিও আমাৰ কাৰণে সমানে লোভনীয় কৰিবলৈ আমি চেষ্টা কৰিব লাগিব৷ তাৰোপৰি প্ৰচুৰ পৰিমাণে পানী খোৱাৰ অভ্যাস কৰক৷ দৈনিক কমেও তিনি লিটাৰ পানী খোৱাৰ অভ্যাসে নিৰোগী হৈ থকাত যথেষ্ট সহায় কৰিব৷
শাৰীৰিক ব্যায়াম: শাৰীৰিক পৰিশ্ৰমৰ অভাৱে শৰীৰৰ লগতে মনটোকো ৰুগীয়া কৰি তুলিব পাৰে৷ মেদবহুলতা আৰু ইয়াৰ ফলত হোৱা বিভিন্ন ৰোগৰ সমস্যা বৰ্তমান অতি বেছি৷ আমি যদি চৌব্বিশ ঘণ্টাৰ আঠ ঘণ্টা শুৱাত ব্যৱহাৰ কৰোঁ তেতিয়া বাকী থকা ষোল্ল ঘণ্টা অৰ্থাৎ ৯৬০ মিনিটৰ ২০ মিনিটো আমি কেৱল নিজক ভালে ৰাখিবৰ বাবে ব্যৱহাৰ কৰিলেওঁ আমাৰ হাতত কাম কৰিবলৈ থাকে ৯৪০ মিনিট৷ ২০মিনিট সময় ভালকৈ কৰা ব্যায়ামে শাৰীৰিক সুস্থতা বজাই ৰাখি অধিক কৰ্মক্ষম কৰাৰ লগতে মনটো ভাল কৰি ৰাখিব৷ আন একো নহ’লেও ঘৰৰ বাহিৰত বা ভিতৰত একেৰাহে কিছুসময় দৈনিক খোজকঢ়াৰ অভ্যাস নতুনকৈ গঢ়াৰ সংকল্প ল’ব পাৰে৷
মনৰ পৰিচৰ্যা: আমি মনটো সুন্দৰ কৰি ৰাখিবলৈ আমাৰ ভাল লগা কামবোৰ কৰিব লাগিব৷ ‘হবি’ শব্দটো কেৱল স্কুলীয়া দিনতে সীমাবদ্ধ নাৰাখি ব্যস্ততাৰ মাজতো এইবোৰৰ বাবে সময় উলিয়াব লাগে৷ ভাল লগা কামবোৰ কৰি থাকিলেহে আমি প্ৰাণোচ্ছল হৈ সঁচা অৰ্থত সুস্থভাৱে জীয়াই থাকিব পাৰিম৷
মানসিক প্ৰশান্তিৰ লগত জড়িত আন এক বিষয় হৈছে ঈশ্বৰ৷ ঈশ্বৰিক শক্তিৰ ধাৰণা ব্যক্তিভেদে বেলেগ৷ মই ঈশ্বৰ বুলি এই লেখাটোত কোনো বিশেষ ভগৱানৰ কথা ক’ব খোজা নাই৷ মই সেই শক্তিৰ কথাহে ক’ব খুজিছোঁ যাৰ বিশ্বাসত আমি নিৰাপদ অনুভৱ কৰোঁ, মনত বলি থকা এজাক ধুমুহাৰ কথা যাৰ আগত নিঃসংকোচে ক’ব পাৰোঁ, সেই শক্তিৰ বিশালতাৰ ছাঁত এধানিমান হ’লেও নিজাকৈ ঠাই পোৱাৰ কথা মনে-প্ৰাণে কামনা কৰোঁ, যি শক্তিক জীৱনত পোৱা সুখখিনিৰ বাবে ধন্যবাদ দিব পাৰোঁ আৰু যাৰ উপস্থিতিত হাজাৰ প্ৰতিকূলতাৰ মাজতো আশাৰ জিলিঙনি আশা কৰিব পাৰোঁ৷ এই ঈশ্বৰ প্ৰস্তৰ বা ধাতুৰ মূৰ্তি, এখন ছবি, পিতৃ মাতৃ, প্ৰেমাস্পদ বা প্ৰিয়বন্ধুও হ’ব পাৰে৷ আমি ভালে থাকিবলৈ বুকুত দুখ -যাতনা বা সমস্যাবোৰ কঢ়িয়াই ফুৰাতকৈ কাৰোবাৰ আগত কোৱাতো বৰ দৰকাৰী কথা৷ সেয়া লাগিলে ঈশ্বৰৰ ৰূপত আপোনজন হওক বা পূজ্য দেৱতাৰ প্ৰস্তৰ ৰূপ হওক৷
তাৰোপৰি যেতিয়াই কোনোজনে অনুভৱ কৰে যে নিজৰ সমস্যাৰ বিষয়ে বিশেষজ্ঞ কাৰোবাৰ লগত আলোচনা কৰাতো জৰুৰী হৈছে তেন্তে চাইক’লজিকেল কাউন্সেলৰৰ ওচৰলৈ যোৱা উচিত৷ কাউন্সেলিং হৈছে এনে এক ব্যৱস্থা য’ত পদ্ধতিগত বাৰ্তালাপৰ জৰিয়তে সমস্যাৰ সমাধানৰ পথ বিচাৰিবলৈ চেষ্টা কৰা হয়৷
নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰাখক আৰু সৃষ্টিশীলতাক সময় দিয়কঃ আত্মবিশ্বাসৰ অভাৱে আমাক বহুসময়ত সফল হোৱাত বাধা দিয়ে৷ নিজৰ যোগ্যতাক নিজে সন্মান দিয়াৰ বাবে মন বান্ধক৷ আনৰ লগত তুলনা কৰাৰপৰা বিৰত থাকক৷ নিজৰ সৃষ্টিশীলতাক সময় দিয়ক৷ ছবি অঁকা, গান নাচ, ফল-ফুলৰ বাগান পতা, লিখা-মেলা, খেলা-ধূলা আদিক পুনৰ সময় দিয়ক৷ বহুত দিনৰপৰা কৰিম বুলি ভাৱি থকা পৰিকল্পনা যেনে কিতাপ এখন কৰাৰ, গান-নাচ শিকা, বিশেষ স্থানলৈ যোৱা, বিশেষ ব্যক্তিক লগ পোৱা আদি সপোনবোৰক এই বৰ্ষটোতে সাকাৰ ৰূপ দিয়াৰ চেষ্টা কৰক৷
প্ৰিয়জনক গুণগত সময় দিয়ক: প্ৰকৃততে গুণগত সময়নো কি? এই শব্দকেইটাৰ অৰ্থ বুজাত বহুতে ভুল কৰে৷ প্ৰকৃততে ২৪ ঘণ্টা সময় ইজনে সিজনক দিয়াটোৱে কোৱালিটী টাইম দিয়া নুবুজায়৷ ই চৌব্বিশ ঘণ্টাৰ ভিতৰত এঘণ্টাও হ’ব পাৰে; কিন্তু সেয়া আন সকলো উদ্দীপক বা চিন্তাৰ অনুপস্থিতিত কেৱল সম্পৰ্কটোত থকা ব্যক্তিজনক এশ শতাংশ পুৰাই দিয়া সময়খিনিকহে বুজায়৷ অৰ্থাৎ ম’বাইল, টিভি,হেডফোন, ঘৰুৱা বা বৃত্তিগত কাম বা আন কিবা কথাক আঁতৰাই কেৱল প্ৰিয়জনকে মনোযোগ দি, কথা পাতি, মৰম কৰি বা সন্তানৰ লগত কথা পাতি, খেলা-ধূলা কৰি, সাধু কৈ পাৰ কৰা সময়খিনিয়েই গুণগত সময়৷ সন্তানৰ লগত গুণগত সময় সুন্দৰকৈ পাৰ কৰাৰ বাবে অকণ মৰমৰ স্পৰ্শ (যিকোনো বয়সৰ বাবে), চুমা এটা, দিনটোৰ খতিয়ান বন্ধুৰ দৰে শুনা, প্ৰিয় আহাৰ তৈয়াৰ কৰি দিয়া, একেলগে খোৱা, সাধুকথা শুনোৱা, আৰ্ট -ক্ৰাফ্ট – প্ৰজেক্ট আদিত সহায় কৰি দিয়া আদি কৰিব পাৰে৷ কিন্তু সেইখিনি সময়ত পিতৃ-মাতৃয়ে বৃত্তিগত আৰু গৃহস্থালিৰ কাম আৰু চিন্তাৰপৰা শাৰীৰিক মানসিক ভাৱে আঁতৰি থাকিব লাগিব৷ ঠিক তেনেকৈ বয়সস্থ পিতৃ-মাতৃৰ লগত দিনটোৰ অকণমান সময় উলিয়াই কাষত বহি কথা পতা, সিদ্ধান্ত লওঁতে আলোচনা কৰা, আঁতৰত থাকিলে দৈনিক ফোন কৰি যান্ত্ৰিকতাবিহীনভাৱে খবৰ লোৱা, সময় উলিয়াই কাষলৈ যোৱা, হাতেৰে স্পৰ্শ কৰা, কেতিয়াবা একেলগে ফুৰিবলৈ ওলাই যোৱা, তেওঁলোকৰ জিৰণিৰ সময়ত কাষতে অকণমান একলগে শোৱা আদিয়েই যথেষ্ট৷ পতি পত্নী আৰু প্ৰেমিক প্ৰেমিকাৰ মাজৰ সম্পৰ্কত আটাইতকৈ জটিলতা অধিক৷ কাৰণ ইয়াত তেজৰ টানৰ সলনি আত্মা বা হৃদয়ৰ টানহে থাকে৷ গতিকে সম্পৰ্কৰ সূঁতাডাল নিচিগাকৈ একেদৰে ৰখাতো অলপ কঠিন। কিছুমান কথা নিজে নিজে সংগীয়ে বুজি পাব বুলি ভাৱি লোৱাৰ সলনি স্পষ্টকৈ সকলো সুবিধা অসুবিধাৰ কথা খোলাখুলিকৈ পতা উচিত, মৰম ভৰা উমাল স্পৰ্শ, মাজে মাজে “ভাল পাওঁ তোমাক” বুলি কোৱা, সুস্থ শাৰীৰিক সম্পৰ্ক, একেলগে কেতিয়াবা ফুৰিবলৈ ওলাই যোৱা, সন্তান জন্মৰ পিছত কেৱল পিতৃ মাতৃৰ ভূমিকা পালন কৰাৰ সলনি এসময়ৰ প্ৰেমিক প্ৰেমিকাৰ অনুভৱবোৰো একেই ৰখাৰ চেষ্টা কৰা, প্ৰশংসা কৰা, উপহাৰ দিয়া আদিয়ে সম্পৰ্কটো উমাল কৰি ৰখাত সহায় কৰে৷
শেষত কওঁ, আশানুৰূপ ফলৰ বাবে সংকল্প লোৱা আৰু প্ৰকৃতাৰ্থত তাক বাস্তৱায়িত কৰাৰ মাজত থকা এলাহ আৰু প্ৰচেষ্টাৰ অভাৱৰ দেৱালখন কিন্তু ভাঙিবই লাগিব৷
☆ ★ ☆ ★ ☆