ফটাঢোল

লিমাৰিক-ধনজিৎ বৰুৱা

১)

এফালে মাৰিলোঁ চাপৰ সিফালে ওলাব নাচনী

বিহু আহিল ঢোলে মাতে সবাৰো গিৰগিৰনি

পাচে এফালে গেলা

বিলাতী লালৰ খেলা

পুৰণি বিহুনাম ৰিমিক্সড হৈ দুঘণ্টাতে  ফোঁপনি।

 

২)

আইনা চাই মানুহে যিদিনা নিজক সঁচা ক’ব

আনক অশান্তি নিদিওঁ বুলি বধ শপত ল’ব

অবিচাৰ অন্যায় অত্যাচাৰ

ধৰ্ষণ অশান্তি ব্যভিচাৰ

নাজানো শুদ্ধ আইনেৰে এইবোৰ কেতিয়া শেষ হ’ব।

 

৩)

সৃষ্টিয়ে  পৰিৱেশৰ কথা ক’বনে বাট দেখুৱাই

মগজুৰ কৌশলত সদায় বুকুৱে শাস্তি খায়

মাজে মাজে ভাবি পৰোঁ

কলম আমি কিয় ধৰোঁ

শব্দই মনত নোচোৱাকৈ যদি ইমান আঁতৰি যায়।

☆ ★ ☆ ★ ☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *