আত্মনিৰ্ভৰ-অমিতাভ মহন্ত
বিয়াৰ এসপ্তাহ পাছতেই অনলে বুজি উঠিছিল যে তাৰ মানুহজনী, মানে নিশাৰ ক’ৰবাত কিবা এটা গণ্ডগোল আছে৷ মানে, ঠিক বুজাবলৈ দিগদাৰ৷ দেখাত সকলো ঠিক, কিন্তু ক’ৰবাত যেন কিবা এটা! বিশেষকৈ অন্তৰঙ্গ মুহূৰ্তবোৰত৷ অৱশ্যে ইমান ভাবি থাকিবলৈ অনলৰ সময়, ধৈৰ্য্য দুয়োটাৰে অভাৱ৷ তথাপিও…
বিয়াৰ বিশদিনমান পাছৰ কথা৷ সিদিনা প্ৰচণ্ড বৰষুণ৷ অনলৰ মুড উঠিল খিচিৰি আৰু অমলেট খোৱাৰ৷ কিন্তু এই বৰষুণত কণী কিনিবলৈ যায় কেনেকৈ? দোকানখন প্ৰায় এক কিলমিটাৰ দূৰত৷ তথাপি নিশাক সি তাৰ মনৰ ভাৱ জনালে৷ খোৱা মেজত বহি অনল আচৰিত৷ তাৰ প্ৰিয় খিচিৰি-অমলেট ৰাতিৰ সাঁজত৷ খুশ!
ভৰপেট খাই লৈ বৃষ্টিমুখৰ সেই ৰোমাণ্টিক নিশা অনলৰ ৰোমাণ্টিক হ’বলৈ মন গ’ল৷ কাৰেণ্ট নাছিল৷ মমবাতিৰ পোহৰত অনলে নিশাক কিবা অপ্ৰস্তুত যেন দেখিলে৷ কিবা যেন অপৰাধী ভাৱ এটা৷ নাই, এই কথাই কথা নহয়৷ আজি সি তাইৰপৰা কথা উলিয়াবই৷ কিবাতো লুকুৱাই আছে তাই৷ প্ৰায় এঘণ্টা ধৰি জোৰ কৰাৰ পাছত তাই তাক কাকো নক’বলৈ বধ শপত দি কথাবোৰ আৰম্ভ কৰিলে৷
নৱৰত্ন তেল আৰু এসোপা পানী মূৰত ঢালি অনল প্ৰায় বিধ্বস্ত হৈ মজিয়াত বহি আছে৷ তাৰ মাজতে দুবাৰ গৈ বেছিনতেই বমি কৰিও আহিল৷ নিশা অন্য ছোৱালীৰ দৰে নহয়৷ তাই নিজ মুখেৰেই স্বীকাৰ কৰিলে যে তাই অন্য ছোৱালীৰ দৰে গৰ্ভৱতী হৈ সন্তান জন্ম দিব নোৱাৰিব৷ সমস্যাটো? সমস্যাটো এয়াই যে তাই ব্যতিক্ৰম, তাই কণী পাৰে৷ অলপ আগতে অনলে খিচিৰিৰ সৈতে খোৱা কণীটো তায়েই দিনত পাৰিছিল৷
আকৌ এবাৰ বমি কৰি অহাৰ পাছত অনলে কিছু সুস্থ অনুভৱ কৰিলে৷ সি যি ভয়ঙ্কৰ শ্বক এটা পাইছিল সেয়া সময়ৰ লগে লগে সামান্য কমি আহিছে৷ ঘৰত কণী নথকা স্বত্তেও এনে প্ৰকাণ্ড অমলেট ক’ৰপৰা আহিল সেয়া চিন্তা নকৰা বাবে নিজকে হাজাৰবাৰ ধিক্কাৰ দি মেলি শেষ৷ জনাৰ পাছত বমি ৰখোৱা সম্ভৱ নাছিল৷
ইতিমধ্যে নিশাই আলমাৰীত লুকুৱাই থোৱা তিনিটা কণী অনলক দেখুৱাবলৈ লৈ আহিল৷ প্ৰকাণ্ড! হাঁহকণীৰ প্ৰায় চাৰিগুণ৷ সামান্য নেভী ব্লু শ্বেদৰ৷
নিশা অসম্ভৱ শান্ত হৈ বহি আছে৷ লাহেকৈ তাই মাত দিলে৷
: অনল, তুমি বিচাৰিলে মোক ডিভৰ্ছ দিব পাৰা৷ ঘৰৰ জোৰত মই এই কথা বিয়াৰ আগতে লুকুৱাবলৈ বাধ্য হৈছিলোঁ৷
: সেইবোৰ বাদ৷ তুমি আগতে মোক বুজোৱা৷ এয়া কেনেকৈ সম্ভৱ৷ মই কি মুৰ্গী হৈ গ’লোঁ? একো বুজা নাই মই৷
: কিয় তেনেকৈ কৈছা অনল? পৃথিৱীত কি কেৱল মুৰ্গীয়েই কণী পাৰে?
: জানো৷ কিন্তু মানুহেতো নাপাৰে৷ তুমি কিয় পাৰিলা?
: সেয়া মই নাজানো একেবাৰে নাজানো৷ মোৰ ভুল হৈছে৷ মই তোমাক এইবোৰ বিয়াৰ আগতেই ক’ব পাৰিব লাগিছিল৷ ঘৰৰ প্ৰেছাৰত নোৱাৰিলোঁ৷ হয়তো মোৰো সাহস নাছিল৷ কণী পৰা ছোৱালী এজনীক সমাজে জানো গ্ৰহণ কৰিব? কিন্তু তোমাক অন্ধকাৰত ৰখা অনুচিত৷ গতিকে কৈ দিলোঁ৷ কি ডিচিশ্যন লোৱা জনাবা৷
অনলে ভাবি পোৱা নাই কি কোৱা উচিত৷ বহু সময়ৰ পাছত সি মাত দিলে৷
: মানে আমাৰ কেতিয়াও সন্তান নহ’বই নেকি?
: কিয় নহ’ব? কণীৰপৰা সন্তান হ’বই৷ বিচাৰিলে একেলগে বহুত সন্তানো জন্ম দিব পাৰিম৷ কেৱল মই শান্তিমতে উমণিত বহিবলৈ পাব লাগিব৷ কিন্তু এই সমাজে প্ৰেগনেন্সী, ডাক্টৰ, অপাৰেশ্যন নোহোৱাকৈ জানো এই সন্তানক গ্ৰহণ কৰিব?
: অ’৷ বাৰু তুমি শোৱা আজিলৈ৷ মোৰ মাথাই একেবাৰে কাম কৰা নাই৷
কেইমাহমানৰ পাছৰ কথা৷ সংসাৰ ভালকৈ চলি আছে৷ পত্নী হিচাপে নিশা খুব ভাল৷ খুব ভাল কবিতা লিখে তাই৷ জোনাক নিশা চাদত বহি লৈ তাইৰ কবিতা শুনি বাৰে বাৰে তাইৰ প্ৰেমত পৰে অনল৷ অনল খাদ্যৰসিক৷ প্ৰতিদিনে তাক খুব ধুনীয়াকৈ বিধে বিধে ৰান্ধি খুৱায়৷
সমস্যা এটাই৷ সেই কণী পৰাটো! অনলে ইতিমধ্যে কথাটো মানি লৈছে৷ পাৰিলে পাৰে আৰু, কি কৰা যায়৷ ইয়াৰ মাজত অৱশ্যে এটা ঘটনা ঘটিছে৷ অনলে কণী খোৱা বাদ দিছে! অৱশ্যে বন্ধু-বান্ধৱী, আত্মীয় স্বজন আহিলে কণী খুৱাবই৷ ঘৰত কণীৰ পাহাৰ হ’বগৈ নহ’লে৷ নিশাৰ কণীৰ ডিমাণ্ডেই বেলেগ৷ সকলোৱে টকালি পাৰি খায়৷ বহুতে নিশাক সোধে,
: বৌ, কেনেকৈ ৰান্ধিছেনো? ৰেচিপিটো দিয়কনা৷
নিশাই মিচিকিয়াই হাঁহে৷
: কিনো ৰেচিপি৷ সকলোৱে ৰন্ধাৰ দৰেই ৰান্ধোঁ দেখোন৷ কণীটোৱেই কিবা বেলেগ নেকি!
আলহীয়েও হাঁহে!
লকডাউন খোলাৰ পাছত অনলৰ মাক গাঁৱৰপৰা এমাহমান থকাকৈ আহিছে৷ আহিয়েই প্ৰেছাৰ দিয়া আৰম্ভ, নাতি-নাতিনীৰ মুখ সোনকালে চাবলৈ লাগে৷ অনলে প্ৰকাণ্ড অমলেট এটা মাকক দি কৈ উঠে,
: হো লোৱা৷ নাতি ভাজি খোৱা৷
: কি?
: একো নহয়৷ অমলেট খোৱা৷ সময়ত নাতি-নাতিনীৰ মুখ দেখিবাই৷
: দুবছৰ হ’ল৷ আৰু কিমান ৰ’ম? অ’ নিশামা, অমলেটতো খাবলৈ বৰ টেষ্টী হৈছে দেই৷
: অই নিশা, মাই টেষ্ট পাইছে৷ পুৱা-গধূলি অমলেট খুৱাবা মাক৷ এসোপা কণী জমা হৈছে লকডাউনত৷
: জমা হৈছে মানে? তহঁতে মুৰ্গীৰ ফাৰ্ম খুলিছ নেকি?
নিশাই আহি পৰিস্থিতি চম্ভালি ল’লে৷
: নাই নাই মা৷ তেনে একো নাই৷ আপোনাৰ ল’ৰাৰ এনাৰ্জি বেছি যে৷ সেইবাবে ঘৰত ইমান কণী৷
: মানে?
: মানে একো নাই৷ কণী খালে এনাৰ্জি বাঢ়ে যে৷ সেইবাবে বেছিকৈ অনা হয়৷
মাকে ভোৰভোৰাই বেডৰুমলৈ খোজ ল’লে, “নাতি-পুতি এটা নাই৷ এইসোপা এনাৰ্জি লৈ কৰিবি কি?”
অনলৰ কেতিয়াবা মনে মনে গৰ্ব হয়৷ কেইজন পুৰুষৰ এনেদৰে কণী পৰা পত্নী আছে৷ বোধহয় কাৰো নাই৷ অৱশ্যে অনলৰো ক্ৰেডিট কম নহয়৷ কণীবোৰৰ বাপেকতো সিয়েই৷ এইবোৰ বেবেৰিবাং ভাবি থাকোঁতেই হঠাৎ মূৰটো গৰম হৈ পৰে অনলৰ৷ নিশাই কেনেকৈ বিয়াৰ আগতে জানিলে যে তাই কণী পাৰে? তাৰমানে তাই বিয়াৰ আগতে অন্য কোনো পুৰুষৰ সৈতে? আৰু ভাবিবলৈ ধৈৰ্য্য নহ’ল অনলৰ৷
অনলৰ কথা শুনি খিলখিলাই হাঁহিলে নিশাই৷
: আৰে বুদ্ধু ইমান টেনশ্যন ল’ব নালাগে৷ মই যিমান কণী পাৰিছোঁ সকলো তোমাৰেই৷
: তেন্তে তুমি বিয়াৰ আগতে কেনেকৈ জানিলা যে তুমি কণী পৰা?
: চিম্পল৷ কাৰণ মোৰ মা আৰু আইতা দুয়ো কণী পাৰিছিল৷
হে কৃষ্ণ! নৱৰত্ন তেলৰ বটলটো বিচাৰি অনলে বেডৰুমলৈ দৌৰিলে৷
এইফালে নাতি-পুতিৰ প্ৰেছাৰ বাঢ়ি আহিছে৷ অনলে নিশাক বুজাইছে৷ কিন্তু তাই মান্তি নহয়৷ তাই নিবিচাৰে যে পৃথিৱীত আৰু এগৰাকী কণী পৰা ছোৱালী আহক৷
: কিন্তু তুমি কেনেকৈ ইমান নিশ্চিত যে আমাৰ ছোৱালীয়েই জন্ম হ’ব?
: কাৰণ মাৰো ছোৱালী জন্ম হৈছিল৷ আইতাৰো একেই৷
বহুদিন বুজোৱাৰ পাছত অৱশেষত সন্তান জন্ম দিবলৈ নিশা মান্তি হ’ল৷ অনলে ক’ৰবালৈ ট্ৰেন্সফাৰ ল’ব লাগিব৷ তাতেই কণী পাৰি উমত বহিব তাই৷ সন্তান জন্ম হোৱাৰ পাছত সিহঁত অসমলৈ উভটিব৷
নয়দাৰ এটা ফ্লেটৰ সপ্তম মহলাত এদিন নিশা উমনিত বহিল৷ দুয়ো ভীষণ চিন্তিত৷ নাজানে আহিবলগীয়া ছোৱালীজনীৰ ভাগ্যত কি লিখা আছে৷
কিন্তু সোনকালেই সিহঁতৰ সকলো চিন্তাৰ অন্ত পৰিল৷ নিশাই জন্ম দিলে এক সুস্থ সবল ল’ৰাৰ৷ দ্বিতীয় লকডাউনৰ বাবে সিহঁতে লগে লগে অসমলৈ অহা সম্ভৱ নহ’ল৷ প্ৰায় ডেৰ বছৰৰ পাছত অঙ্গদক লৈ দুয়ো অসমলৈ আহিল৷ দুয়োৰে ঘৰৰ মানুহ অত্যন্ত সুখী৷ অনলে চাকৰি এৰি আহিছে৷ অসমতেই হেনো কিবা ব্যৱসায় আৰম্ভ কৰিব৷
ৰাজহাঁহৰ ফাৰ্ম এখন খুলিলে দুয়ো৷ তাৰ মাজতে এটা ৰাজহাঁহে অদ্ভূত কণী পাৰে হেনো৷ সাধাৰণ হাঁহৰ কণীৰ প্ৰায় চাৰিগুণ, নেভী ব্লু শ্বেডৰ৷ এই কণীটোৰ ডিমাণ্ডেই বেলেগ৷ ব্লেকত বিক্ৰী কৰিব লগা অৱস্থা৷
লাহে লাহে অঙ্গদ ডাঙৰ হৈ আহিছে৷ লগে লগে অনলৰো ব্যৱসায় বাঢ়িছে৷ এতিয়া ৰাজহাঁহৰ ফাৰ্মৰ লগতে অনলে গাখীৰ, দৈ ক্ৰীম আদিৰো ভাল ব্যৱসায়ত নামি পৰিছে৷
অঙ্গদে আজিকালি দিনত বিশ লিটাৰকৈ পানী খায়৷ খাই মানে বেচেৰাক খাবলৈ বাধ্য কৰোৱা হয়!
☆ ★ ☆ ★ ☆
2:21 pm
ভাল লাগিল পঢ়ি
2:36 pm
বঢ়িয়া লাগিল
4:41 pm
এনেকে মাঠা ঘুৰাই দিব পৰা লেখক অসমত এজনেই আছে।
5:09 pm
? কৃষ্ণ , ভাল লাগিল।
5:11 pm
কিচ্নঅঅ।