ফটাঢোল

বৰুৱাৰ বিয়া – দিব্যজ্যোতি কলিতা

ফোনটো থৈয়েই কাকতিদা দৌৰি আহি বৌৰ কাষ পালে,

: হে’ৰা শুনিছা নে? এইবাৰ হ’বই বুজিছা। খাটাং অতগাল কষ্টৰ অন্তত এই ব’হাগতে বৰুৱাৰ বিয়াখন হ’ব গৈ আৰু। উসঃ ঈশ্বৰেও যে চকু মেলি চালে!…কি! বৰুৱাক চিনি পোৱা নাই! কিয়, সেই যে যোৱাবেলি ৰাসত ‘দুঃশাসনৰ ৰক্তপান’ ভাওনাত ভীমৰ ভাও দিছিল। ৰক্তপান কৰিবলৈ লৈ যে সংলাপ গাইছিল “ঐ ৰে পাপিষ্ঠ। আজি তোহাৰ ৰক্তপান কৰিয়া মাটিৰ সীমা ঠেলাৰ প্ৰতিশোধ লহিবো।” অঁ অঁ সেই বৰুৱাৰ কথাই কৈছোঁ। মনত পৰিছে এতিয়া? ৰং নাম্বাৰ লাগি হ’লেও যে এজনী পালে। সেয়াই ভাগ্য আৰু। হে’ৰা শুনিছা নে? এই আনন্দতে আজি নহ’লে হেভেলচ্ কোম্পানীৰ পাতিহাঁহ এটা। ধেৎ কিবা হে কওঁ। মহন্তৰ ফাৰ্মৰ পাতিহাঁহ এটিকে খাওঁ দিয়া।

ক’বলৈ হে পালে বৌ একেবাৰে জকজকাই উঠিল,

: নহ’ব বুলিছোঁ নহয়, নহ’ব। এই মহন্ত বোলাজনে নিজৰ ফাৰ্মৰ হাঁহ যিমানক বেচে প্ৰত্যেকৰে ঘৰলৈ ৰাতিৰসাঁজ বিচাৰি যায়। মই ইয়াত সেইবোৰ ভোজ পাতিব নোৱাৰোঁ।আনা যদি বেলেগৰ পৰা আনা।

কাকতিদায়ো ভাবিলে যে কথাটো নোহোৱা নহয়। এই মহন্তই গ্ৰাহকক কমখন নগুৰ নাগতি নকৰে। হাঁহৰ এনে চৰা দামত আনক ফ্ৰীতে খুৱাব নোৱাৰি।

সেইফালে আকৌ বৰুৱাদাৰ ঘৰতো উথপথপ। ৰং নাম্বাৰ লাগিল তাতে কি হ’ল! ছোৱালী খোজা-বঢ়া হৈ গ’ল। ২৯ ব’হাগত বিয়া। ক’বলৈ গ’লে ব’হাগত বৰুৱাৰ বিয়া বুলি এক প্ৰকাৰ গোটেই নামনি অসমখনেই তল-ওপৰ লাগি আছে। ৰূপা গেঞ্জি আৰু জিন্স পেণ্টটো আঁঠুৰ মূৰত কাটি চিলাই লোৱা হাফপেণ্টটো পিন্ধি লৈ বৰুৱাদাই এফালৰপৰা কামৰ তদাৰক কৰি গৈছে। বিবাহিত সমনীয়াহঁতে বৰুৱাদালৈ চাই চকুৰ ঠাৰেৰে কিবা জোকাইছে। দাদায়ো মিচিককৈ হাঁহিটি মাৰি সামৰি থৈছে। গাঁৱৰ সমনীয়া ছোৱালীবোৰ বৰুৱাদাৰ বিয়া বুলিয়েই কোঁচত এটা, কাষত এটা লৈ গিৰিয়েকৰ ঘৰৰ পৰা আহি পাইছে। আহিয়েই বৰুৱাদাক ৰং নাম্বাৰৰ কাহিনীটো ক’বলৈ জোৰ দি ধৰিছে। দাদাই লাজ লাজকৈ কাহিনী আৰম্ভ কৰিছে।

সিদিনা গেছ এজেঞ্চি এটালৈ দাদাই ফোন লগাইছিল। পিচে ফোন ৰিচিভ কৰিলে অন্য কোনোবা এজনীয়ে। দাদাই গম পালে সেয়া গেছ এজেঞ্চি নহয়। পিচে এখেতটো আৰু সহজে এৰা ভকত নহয়! সুধি সুধি উলিয়ালে যে সেইজনীৰো হেনো এতিয়া লৈ দৰা পচন্দ হোৱা নাই। গতিকে “তোকো নাই নিওঁতা, মোকো নাই দিওঁতা” ধৰণে দাদাই বিয়াখন ফিক্স কৰিয়েই পেলালে।

বৰুৱাদাৰ কাহিনীয়ে সকলোকে আমোদ দিলে। সজাবলৈ ধৰা ৰভাতল জীয়ৰী-বোৱাৰীহঁতৰ হাঁহিত ৰজনজনাই উঠিল।

“জিলে লে জিলে লে আই অ আই অ জিলে লে”

ম’বাইল স্ক্ৰীণত জঁপিয়াই থকা সেউজীয়া ঘেৰটো ওপৰলৈ ঠেলি কাকতিদাই কৈ উঠিল,

: হেল্ল’ বৰুৱা, কিমান আগবাঢ়িছা?

পিচে সিমূৰৰপৰা ভাঁহি অহা থোকাথুকি মাতটি শুনি কাকতিদা আচৰিত হৈ উঠিল!

 : বৰুৱা, তোমাৰ আকৌ কি হ’ল?

 : গ’ল অ’ দাদা, গ’ল।

বৰুৱা দাৰ কান্দোনৰ সুৰ।

: গ’ল মানে! সেয়া মই তোমাক আগতেই কোৱা নাছিলোঁ নে যে নতুন কৈ কিনা কুকুৰটো এতিয়াই এৰি নিদিবা। গুচি যাব। পালা এতিয়া মজাটো!

 : নহয় অ’ দাদা। কুকুৰটো যোৱা নাই।

 : তেনেহ’লে? ছাগলীজনী হেৰাল নেকি? তুমিও মানে সদায় সদায় ছাগলীজনী দূৰত এৰাল দিয়া। এনেই দিন কাল বেয়া।তাতে আকৌ…

 : ছাগলী নহয় অ’ দাদা। শুনকচোন।

কাকতি দাদাৰ কথা আধাতে ৰখাই বৰুৱাদাই কৈ উঠিল,

 : তাই গ’ল। বেটিয়ে জোৰোণত দিয়া সকলো বস্তু লৈ আন এজনৰ লগত পলাই গ’ল অ’ দাদা। মোৰ এতিয়া কি হ’ব?

বৰুৱাদাৰ কান্দোনৰ লগে লগে কাকতি দায়ো “গ’ল গ’ল” বুলি ৰাউচি জুৰিলে।

: হেৰি এই ভৰ দুপৰীয়া আপোনাৰ আকৌ কি হ’ল হয় নে! কোন গ’ল? ক’লৈ গ’ল? হে’ৰি উঠকচোন উঠক। কোন গ’ল হয় নে!”

কাকতিদাৰ বৌৰ চিঞৰত কাকতিদা খপজপকৈ সাৰ পাই উঠিল। উফ দুপৰীয়াৰ ভাতসাঁজে এনেখন মৰ টোপনি আনিব লাগে নে! দাদাৰ অলপ লাজেই লাগিল। শাহু বুঢ়ীও আহিছে জীয়েকৰ ঘৰ বুলি। কেনেবাকৈ শুনিলে নেকি? পিচে হঠাতে এনে সপোন কাকতিদাই কিয় দেখিলে? দাদাৰ মনত পৰিল বৰুৱাদাই নিজৰ বিয়াত লাইটৰ ডেক’ৰেশ্যনৰ বাবে কাকতিদাৰ হেভেলচ্ কোম্পানীৰ সামগ্রী কিছু নিম বুলি কৈ থৈছিল। কাকতিদায়ো মনে মনে কাষ্টমাৰে ৰিজেক্ট কৰা, গুদামত পেলাই এৰা কেইপদমান দি ধন ঘটাৰ উপায় এটা পাঙি থৈছিল। সপোনতে বৰুৱাদাৰ বিয়া ভঙা দেখি গুদামৰ সামগ্রী গুদামতে নষ্ট হ’ব বুলি ভাবি “গ’ল গ’ল” বুলি চিঞৰিলে। আচলতে সামগ্রীবোৰ এনেই গ’ল। সেই অৰ্থতহে কাকতিদাই “গ’ল গ’ল” বুলি চিঞৰিলে।

 উফঃ এই দুপৰীয়াখনহে এনে অমংগলীয়া সপোনবোৰ দেখিব লাগেনে? দাদাই এবাৰ ওপৰলৈ চালে। যেন মনতে কৈছে,

“তুমি হে জানা প্ৰভু ক’ৰ পৰা ক’লৈ নি আছা।”

☆ ★ ☆ ★ ☆

3 Comments

  • অজান

    চিনাকী যেন লাগিল চৰিত্ৰ বোৰ, বঢ়িয়া

    Reply
  • বন্দিতা জৈন

    ???বঢ়িয়া। মুঠতে দুয়ো জনৰেই গ’ল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *