লটিঘটি-ৰাজশ্ৰী শৰ্মা
মানুহৰ জীৱনত কিমান কি যে ঘটনা ঘটে, সকলো ঘটনাই পিছলৈ স্মৃতি হৈ থাকি যায়। কিছুমান ভাল লগা স্মৃতি, কিছুমান বেয়া লগা স্মৃতি। বেয়া লগা স্মৃতিৰপৰা যেনেকৈ কিবা এটা শিকিব পাৰি তেনেদৰেই ভাল লগা স্মৃতিৰপৰা পাব পাৰি ভৱিষ্যতৰ বাবে কিছু সুখৰ খোৰাক।
পিচে আমুকীৰ জীৱনত ভাল লগা, বেয়া লগা স্মৃতিতকৈও বিভিন্ন ধৰণৰ লটিঘটিৰ ঘটনাবোৰহে মেইন। কেতিয়াবা কেতিয়াবা ভাবোঁ, ভাল লগা স্মৃতি মানে ক’ত কেতিয়া মন খুলি হাঁহিছিলোঁ সেইবোৰ যদি গন্তি কৰিবলৈ হয় তেতিয়া দেখোন ক’ৰবাত মানুহৰ আগত চিৎভোলোঙা খাই পৰা, ৰাস্তাত চেণ্ডেল এপাত ছিঙা, হাৱাই চেণ্ডেলযোৰ পিন্ধি বিয়া খাবলৈ যোৱা- এইবোৰ ঘটনাহে মূৰত আহে। তথাপিও তেনেকৈয়ে চলি আহিছোঁ, স্মৃতিও আছে বিধে বিধে। আজিৰ লটিঘটিটোও লটিঘটিয়েই কিন্তু তাত মোৰ কোনো ধৰণৰ দোষ নাছিল কিন্তু।
ঘটনাটো ঘটিছিল আমাৰ বিয়াৰ ঠিক পিছতে। জনাই জানে মোৰ পতিদেৱৰ স্বভাৱবোৰ। মানে ছাত্ৰ-ছাত্ৰী আৰু পঢ়োৱা শুনোৱাতেই ব্যস্ত থাকি ভাল পোৱা মানুহ তেখেত। আমাৰ বিয়া বুলি দুসপ্তাহমান ছুটী লৈছিল যদিও অন্যমনস্ক হৈয়েই থাকে। বিয়াৰ দহ-বাৰ দিন পিছৰ কথা। নতুন ঘৰত, নতুন পৰিবেশত এডজাষ্ট হ’বলৈ ময়ো তেতিয়া শিকি আছোঁ। অফিচৰপৰা সন্ধিয়া ঘূৰোঁতে নিজৰ ঘৰৰেই গলিটো পাহৰি যোৱা সময় তেতিয়া। তেনেকুৱাতে এওঁ এদিন ক’লেহি যে তেওঁৰ কলেজৰ বন্ধু এজনৰ বিয়া। সন্ধিয়া তেওঁ অফিচৰপৰা আহি মোক লৈ বিয়ালৈ যাব। ননদকো লগ ধৰিলোঁ যদিও তাই ক’লে আজি তুমিয়েই যোৱাচোন বাৰু, নতুন নতুন বিয়া হৈছা ভাল লাগিব। ময়ো বিয়াত ইমান কাপোৰ লৈছোঁ, এযোৰ পিন্ধিয়েই চাওঁ বুলি ফূৰ্তিতে গধূলি চাৰে সাতমান বজাতে ৰেডি। আঠটামানত তেওঁ আহি পোৱাৰ লগে লগে আমি ওলালোঁ বিয়াঘৰলৈ বুলি।
বিয়াঘৰত গৈয়েই এওঁ দৰাৰ লগত চিনাকি কৰাই দিলে। আমেৰিকাত থকা হাই-ফাই দৰা যদিও দাদাজনেও বৰ ধুনীয়াকৈ চিনাকি হ’ল। গিফ্টটো দি আমি বহিলোঁ। এনেতে এওঁৰ লগৰবোৰক তেওঁ দেখা পাই মোক অলপ বহাচোন বুলি কৈ মাত দিবলৈ গ’ল। ময়ো কফি পকৰী যি দিছে খাই লৈ বহি আছোঁ চকীখনতেই। পতিদেৱে বন্ধুবোৰক লগ পাই আড্ডা জমোৱাত লাগিল। এনেকৈ আধা ঘণ্টামান বহি বহি মোৰো লাহে লাহে আমনি লাগিবলৈ ধৰিলে। ভোকো লাগিছে, দিনতে এখন ৰুটি খাইয়ে আছোঁ। ঘড়ীটোলৈ চাওঁ, চাৰে নটা বাজিলেই। ইপিনে এওঁৰ লগতে গৈছোঁ বুলি মোবাইলটোও ঘৰতে এৰি থৈ গৈছিলোঁ। বিয়াঘৰত কাকো চিনিও নাপাওঁ, কথা পাতিবলৈকো কোনো নাই। নতুনকৈ বিয়া হৈছোঁ কাৰণে অলপ লাজ সংকোচো হৈ আছিল। মোৰ ওচৰত বহা মানুহবোৰো দুবাৰ সলনি হ’ল। খাবলৈ মাতিছিল যদিও এওঁৰ লগতে খাম বুলি ময়ো উঠি নগ’লোঁ।
আকৌ এবাৰ ঘড়ীটোলৈ চকু গ’ল, দহটা বাজিবলৈ দহ মিনিটহে আছে। ইতিমধ্যে অভ্যাগত মানুহখিনি পাতল হ’বলৈ ধৰিছিলেই, দৰাঘৰীয়া বয়োজ্যেষ্ঠ মানুহকেইজনে এঘাৰটাত দৰা ওলাব বুলি, দৰাৰ লগত লোৱা বস্তু বাহানিবোৰ সামৰিবলৈ ধৰিছেহি। ইপিনে মই তেতিয়াও বহিয়েই আছোঁ একে ঠাইতে, এখেতৰ দেখাদেখিয়েই নাই। অলপ সময় পাছত দৰাই ড্ৰেছ সলাবলৈ যাবলৈ ওলাই মোক তাতে বহি থকা দেখিলে। তেৱোঁ আচৰিত। বোলে, “তুমি ইয়াত বহি আছা যে?”
মই আৰু কি ক’ম, চকুপানী ওলাওঁ ওলাওঁ তেতিয়া। ক’লোঁ, “বোলে এওঁ বহি থাকিব কৈ ক’ৰবাত গ’ল।” দৰা দাদাই ইচ ৰাম বেচেৰীজনী, বহুৱাই থৈ ক’ত গ’ল ই বুলি আথে বেথে মোৰ কাষতে বহি ল’লেহি। কথাই কথাই মই একো খোৱা নাই বুলি শুনি তেওঁ জাঁপ মাৰি উঠি মোক ক’লে,
: ব’লা ব’লা। মইয়েতোমাক খোৱা ঠাইলৈ লৈ যাওঁ। ই চাগে আড্ডাত ব্যস্ত।
ময়ো চকুপানী লুকুৱাই কোনোমতে মুখত হাঁহি এটা উলিয়াই পিছে পিছে খোজ ল’লোঁ ডাইনিং হললৈ।
ডাইনিং হলত তেতিয়া মানুহ নাইয়ে বুলিব পাৰি। দৰাৰ ঘৰৰ মানুহ কেইজনমান আৰু বিলনীয়াকেইজনে খাবলৈ আৰম্ভ কৰিছে। দুটামান আইটেম শেষ হওঁ হওঁ। তথাপিও যি পাইছোঁ তাকে থালখনত অকণমান লৈ চকী এখনত বহিলোঁহি। ইপিনে লাজে, খঙে চকুৰ পানী ওলাই বাৰে বাৰে ভাতকেইটা নেদেখা হোৱা অৱস্থা!
খাই থাকোঁতেই এপাকত মূৰ দাঙি চাওঁ যে এওঁ হাতত একাপ কফি লৈ খাই আছে, ওচৰত বন্ধু-বান্ধৱৰ দলটো। ময়ো দেখি তেওঁৰ ফালে চাই আছোঁ বোলো চকুত চকু পৰিলে মাতিম। তেনেতে এওঁ মোক দেখিলে। দেখিলে মানে ভূত দেখিলে মানুহৰ যেনেকুৱা হয়, ঠিক তেনে অৱস্থা! হাতত কাপটো লৈয়েই আছে, না মুখত নিছে না তলত থৈছে। তেওঁ হতভম্ব হোৱা দেখি মই ভাবিছো এওঁৰ আকৌ হ’ল কি!
: তুমি, মানে মই মানে হিঃ হিঃ হিঃ হাঃ হাঃ হাঃ। মই তোমাৰ কথা পাহৰিয়ে গৈছিলোঁহে। তোমাক কি, বিয়া হ’লোঁ বুলিয়েই পাহৰি গৈছোঁ। হাঃ হাঃ হাঃ”
বুলি হাঁহিবলৈ ধৰিলে, আপোনালোকক কৈছোঁ নহয়, তাতেই ভেএএ কৈ কান্দি দিবলৈ মন গৈছিল সঁচাকৈয়ে। হাঁহি হাঁহি তেওঁ কথাই ক’ব নোৱাৰে মানে তেতিয়া। লগৰবোৰেও হাঁহিৰ উৎস বিচাৰি আমাৰ ফালে চাইহে গম পালে যে আচলতে এওঁ অকলে নহয়, মোকো লৈ গৈছিল বিয়ালৈ আৰু নিজগুণে মোক পাহৰি আড্ডাত ব্যস্ত হৈ পৰিছিল। আটাইতকৈ ডাঙৰ কথা, তাৰ মাজত দুজনমানে হেনো তেওঁক ৱাইফক কিয় নানিলি বুলিও সুধিছিল আৰু তথাপি তেওঁৰ মোক যে লগত লৈ বিয়া খাবলৈ গৈছিল মনতে নপৰিল। তেওঁৰ দুজনমান বন্ধুৰ পত্নীসকলো আহিছিল আৰু মোক চিনি নোপোৱা কাৰণে মাতো দিব পৰা নাছিল। মইতো কাকো নিচিনোৱেই আগতে মাত দিবলৈকো।
সিদিনা ঘৰলৈ ঘূৰি আহি ননদক কাহিনীটো কোৱাত তাই কৈছিল, “
: এয়াতো আৰম্ভণিহে!
সঁচাকৈয়ে সেইটো আৰম্ভণিয়েই আছিল, জীৱনৰ সৰু সৰু লটিঘটিৰ, সৰু সৰু কাহিনীৰ…. হ’লেও এতিয়াও সেইটো কথা মনত পেলাই দি ইমোচনেল অত্যাচাৰ কৰি থাকোঁ দিয়কচোন ময়ো
☆ ★ ☆ ★ ☆
5:23 pm
বেচেৰীজনী।
5:24 pm
হয় অ, ইমান যে দুখ লাগিছিল।
5:26 pm
ৰাজশ্ৰী বা ভাল লাগিল দেই
5:29 pm
থেংকু দেই
6:06 pm
নাপায় নাপায়৷ ?
7:18 pm
নাপায় তো???
6:50 pm
সজাই পৰাই ধুনীয়াকৈ লিখিলে বা
7:18 pm
ধন্যবাদ দেই পঢ়ি চোৱা বাবে অজান
7:17 pm
বেচেৰী,,,,,
7:19 pm
জাষ্ট ভাবক মোৰ কথা বা।
7:20 pm
আইঔ, মোৰ ঘৰত সেইটো কাহিনী হলে মই কমেণ্ট দিবলৈ জিন্দা নেবাছিলো হেতেন!
1:37 pm
হা হা দাদা। মই শান্ত মানুহ বুলিহে
7:21 pm
ভাল লাগিল। তোমাকটো হ’লেও লগ পালেই শেষত। মোক যে এৰি থৈ আহিছিল পাৰ্টি এটাত বিয়াৰ পিছতে। ঘৰত আহিহে মনত পৰিল তলা দেখি মোক নিছিল বুলি লগত।
1:37 pm
অ বা, কিয় এনেকুৱা বা!
7:26 pm
জমনিও, দুখলগাও। কেনেকুৱা লাগিছিল চাগৈ।ইছ্
1:36 pm
কেনেকুৱা লাগিছিল মানে নক’বা আৰু
11:07 pm
হে ভগৱান। তাৰপিছতো তুমি একো নক’লা!
1:36 pm
কি ক’ম আৰু! মুখৰ মাত নোহোৱা হৈ গৈছিল?
12:48 pm
আয়ৈ বচেৰীজনী।
1:36 pm
বা??
2:04 pm
জমনি যদিও ন ছোৱালীজনীলৈ দূখো লাগিছিল ?… পঢ়ি কিন্তু ভাল লাগিল …. সুন্দৰ লিখনি
4:06 pm
হে ভগৱান ? ? ?
7:12 pm
ইচ্ ৰাম ! জোঁৱাই বৰ ব’মভোলা মানুহ যেন লাগিছে দেই ।
7:18 am
ইমান বৌমভোলা !! হে ৰাম !
11:09 am
পাত্তাই নিদিয়ে
7:25 am
আকৌ পঢ়িলো, দৰা দাদাটো কিন্তু ভাল আছিল
11:08 am
তেওঁ ভাল, মৰমিয়াল।
4:21 pm
কিচ্নঅঅ পভূও।