ইন্সপেক্টৰ কমল-জয়ন্ত দাস
পৰিচালনা, কাহিনী,সংলাপ, চিত্ৰনাট্য : জয়ন্ত দাস।
প্ৰযোজনা : হিমাংশু ৰাজখোৱা
সংগীত : বাগ্মীতা ৰাজখোৱা বৰকাকতী
কৰিঅ’গ্ৰাফী : ডাঃ পাৰ্থসাৰথি ভূঞা
লাইট : নয়নমণি হালৈ
কেমেৰা : দেৱজিত শইকীয়া
অভিনয়ত :
যোগেশ ভট্টাচাৰ্য্য, ৰামানুজ গোস্বামী, হেমন্ত কাকতি, মৃদুল নাথ, ৰিণ্টুমণি দত্ত, অগ্নিভ দত্ত, আদিত্যজ্যোতি বৰঠাকুৰ, তবিবৰ ৰহমান, হৃশিকেশ ডেকা, সঞ্জীব ভট্টাচাৰ্য্য, ডলী তালুকদাৰ, কাবেৰী মহন্ত, ৰাজশ্ৰী শৰ্মা, নীলাক্ষি কাকতি, কমলা দাস, ইলি তালুকদাৰ।
অভিনয়ত :
যোগেশ ভট্টাচাৰ্য : ইন্সপেক্টৰ কমল
আদিত্যজ্যোতি বৰঠাকুৰ : ব্যৱসায়ী
টবিবৰ : দীপক (কনিষ্টবল)
হৃশিকেশ : যোগেন (কনিষ্টবল)
হেমন্ত কাকতি : প্ৰদীপ দুৱৰা (MLA)
ৰামানুজ গোস্বামী : বিকাশ, (MLA প্ৰদীপ দুৱৰাৰ পুত্ৰ)
ডলী তালুকদাৰ : তৰালী, (কলেজৰ ছাত্ৰী)
কাবেৰী মহন্ত : নিলীমা (তৰালীৰ বান্ধৱী)
নিলাক্ষী কাকতি : জবা (তৰালীৰ বান্ধৱী)
ইলি তালুকদাৰ : তৰালীৰ মাক
ৰাজশ্ৰী : নীতা, (কলেজৰ নৱাগতা ছাত্ৰী)
সঞ্জীৱ ভট্টাচাৰ্য : ৰোহণ (বিকাশৰ বন্ধু)
অগ্নিভ দত্ত : নিতীশ (বিকাশৰ বন্ধু)
নাজিয়া হাচান : জুৰি (কমলৰ ভনীয়েক)
কমলা দাস : কমলৰ মাক
মৃদুল নাথ : প্ৰিঞ্চিপাল
আৰু
ৰিণ্টুমণি দত্ত : অৰূপ (তৰালীৰ প্ৰেমিক)
১ম দৃশ্য :
লাইট কেমেৰা একচন
কেমেৰাই মানিকপুৰ আৰক্ষী চকী দেখুৱাব৷ আৰক্ষী চৌহদত কেইখনমান মটৰ চাইকেল আৰু পুলিচ ভেন এখন দেখা যাব৷ লাহে লাহে কেমেৰাই থানাৰ ভিতৰৰ কোঠা এটা দেখুৱাব৷ বেৰত মহত্মা গান্ধীৰ ফটো এখন ওলমি থাকিব৷ থানাৰ ইন্সপেক্টৰ কমল (ৰোলটো কৰিব যোগেশ ভট্টাচাৰ্যই) আৰু এজন মানুহে (ব্যৱসায়ী, ৰোলটো কৰিব আদিত্যজ্যোতি বৰঠাকুৰে) কথা পাতি থকা দেখা যাব৷
ব্যৱসায়ী : চাৰ কিবা এটা কৰক৷
কমল : নাই নাই ইমান সহজেই কিবা এটা কৰিব নোৱাৰি৷ কেচটো ৰেজিষ্টাৰ কৰিবই লাগিব৷ মই একো কৰিব নোৱাৰিম৷
ব্যৱসায়ী : নাই চাৰ, তেনেকুৱা নকৰিব৷ কেচটো ৰেজিষ্টাৰ কৰিলে মই বৰ বিপদত পৰিম৷ মোৰ ভুল হৈ গ’ল চাৰ৷ মোক অলপ সহায় কৰক৷ আপুনি যি বিচাৰে সেয়াই দিম৷
কমল : (খঙেৰে) যি বিচাৰোঁ মানে? কি ক’ব আহিছে আপুনি?
ব্যবসায়ী : নাই চাৰ ভুল নুবুজিব৷ মই মা..নে….
কমল : হ’ব হ’ব৷ কথা বঢ়াবৰ দৰকাৰ নাই৷ মোৰো কিবা এটা কেচত ওলাই যাব লগা আছে৷
(কনিষ্টবল দীপক দাসক উদ্দেশ্যি ক’ব৷ ৰোলটো কৰিব তবিবৰ ৰহমানে)
: এওঁক কথাবোৰ ভালকৈ বুজাই দিয়াহে দীপক৷
দীপক : (জোৰকৈ দম দিয়াৰ দৰে) আহক এইফালে৷
(মানুহজনে ভয়ে ভয়ে চিপাহীজনৰ ফালে আগবাঢ়ি আহিব৷ চিপাহীজনে এটা বেলেগ কোঠালৈ তেওঁক লৈ যোৱা দেখা যাব)
দীপক : আপুনি কি মানুহহে! চাৰক তেনেকে ডাইৰেক্ট কথা কয় নে? আমাৰ চাৰ খুব টাইট৷ দেখিছেই নহয় কিমান খং উঠিছে চাৰৰ৷ কেচটোত যে তেওঁ মান্তি হ’ব মোৰ সন্দেহ আছে৷ তথাপিও মোৰ আকৌ স্বভাৱটোৱেই হ’ল মানুহক বিপদত পৰিলে সহায় কৰা৷ সেয়ে আপোনাৰ কেচটো ল’লো বাৰু৷ চাৰক ময়েই বুজাম কিন্তু পছিশ হাজাৰ টকা লাগিব৷
ব্যৱসায়ী : বাপৰে ইমান টকা!
দীপক : নহ’লে কেচটো ৰেজিষ্টাৰ হ’বলৈ দিয়ক৷ আপুনি অনুমতি অবিহনে পাহাৰৰ মাটি কাটি ডাম্পাৰেৰে কঢ়িয়াই আছে৷ কেচ ৰেজিষ্টাৰ কৰিলে জেলো যাব লাগিব আৰু গাড়ীও নাথাকিব৷ গতিকে ভাবি চাওক৷
ব্যৱসায়ী : (অলপ চিন্তা কৰি) বাৰু বাৰু হ’ব৷
পাৰ্চৰ পৰা নগদ পছিশ হাজাৰ টকা তেওঁৰ হাতত দিয়ে৷ পইচা লৈ দীপকে দহ হাজাৰ টকা বেলেগে নিজৰ পকেটত ভৰায়৷
দীপক : বৰ বুধিয়ক মানুহ দেই আপুনি৷ একেবাৰে ফিটিং হৈ আহিছে৷ (পুনৰ দুয়ো ইন্সপেক্টৰৰ ৰুমলৈ সোমাই আহে) চাৰ তেওঁ গোটেইখিনি বুজি পাইছে৷ গাড়ীখন লৈ যাবলৈ দিয়ক৷
ব্যৱসায়ী : (চাৰক নমস্কাৰ দি) আহিছোঁ চাৰ৷
কমল : (দীপকক উদ্দেশ্যি) কিমান উলিয়ালা?
দীপক : পোন্ধৰ হাজাৰ চাৰ৷
কমল : কি? ইমান কম৷ এইটো কেচতটো কমচেকম ত্ৰিশ হাজাৰ পাব লাগিছিল৷
দীপক : উপায় নাই চাৰ৷ মানুহজনৰ হাতত নায়েই৷ গতিকে এইখিনিও হাতৰ পৰা ওলাই যোৱাতকৈ লৈ ল’লো৷
কমল : বাৰু বাৰু৷
এইবুলি পইচাখিনি লৈ দীপকক তাৰেপৰা এহেজাৰ টকা দিয়ে৷
দীপক : মাত্ৰ এহেজাৰ চাৰ?
কমল : বেছিহে দিলোঁ নেকি? তুমি জানো কম সাধু? কিমান বা চান কাঢ়িছা?
দীপক : নাই চাৰ৷ চাহ খাবলৈ মাত্ৰ দুশ টকা লৈছোঁ৷
এনেতে ৰুমত স্থানীয় MLA প্ৰদীপ দুৱৰা সোমাই আহিব৷
(ৰোলটো কৰিব হেমন্ত কাকতিয়ে) লগত তেওঁৰ পুত্ৰ বিকাশ (ৰোলটো কৰিব ৰামানুজ গোস্বামীয়ে)
কমল : (MLA চাৰক হঠাতে দেখি চকীৰ পৰা ঠিয় হৈ) আৰে চাৰচোন৷ নমস্কাৰ৷ আহক চাৰ৷ বহক৷
MLA : ইন্সপেক্টৰ ভালনে খবৰ? মোৰ সমষ্টিৰ থানালৈ ট্ৰেন্সফাৰ হৈ আহিছা সেয়ে তোমাৰ খা খবৰ লোৱা, সুবিধা অসুবিধাৰ প্ৰতি নজৰ দিয়াতো মোৰ দায়িত্ব৷ বাৰু যিয়েই নহওক, এওঁ মোৰ ল’ৰা বিকাশ দুৱৰা৷ পৰিচয় কৰাই দিলোঁ৷ কেতিয়াবা কিবা কামত তোমাৰ সহায় সহযোগ বিচাৰিলে কৰিবা৷
কমল : ইচৰাম৷ চাৰে যে কি কথা কয়৷ এইটো আমাৰ কৰ্তব্য৷ নিশ্চয় কৰিম৷ আপোনালোকক সহায় কৰিব নোৱাৰিলে এই চকীখনৰ মূল্যই বা কি?
MLA : (কমলৰ পিঠিত থপৰিয়াই) ভেৰী গুড৷ বাৰু উঠোঁ৷ অন্য এঠাইত যাব লগা আছে৷
কমল : চাহ খাই যাওক চাৰ৷
MLA : নাই নালাগে৷ পিছত কেতিয়াবা খাম বাৰু৷
কমল : হ’ব বাৰু চাৰ৷ (এইবুলি চাৰক নমস্কাৰ এটা দিব৷ কেমেৰাত MLA আৰু তেওঁৰ পুত্ৰ ওলাই যোৱা দেখা যাব)
২য় দৃশ্য :
কেমেৰাই দূৰৈৰ পৰাই দুজনী কলেজীয়া ছোৱালী কাৰোবাৰ বাবে ৰৈ থকা দেখুৱাব৷ লাহে লাহে কেমেৰা ক্লজ হৈ ছোৱালী দুজনীৰ বিৰক্তি ভৰা মুখ দুখন দেখুৱাব৷ ছোৱালী দুজনী হ’ল তৰালীৰ বান্ধৱী জবা আৰু নিলীমা৷
নিলিমা : (এই ৰোলটো কৰিব কাবেৰী মহন্তই) ঐ তৰালী কি হ’ল? এতিয়াও হোৱাই নাই নে? আহ সোনকালে৷
জবা : (ৰোলটো কৰিব নীলাক্ষি কাকতিয়ে) তৰা সোনকাল কৰ৷ নহ’লে মেজৰৰ ক্লাচ নাপামেই৷
তৰালী : (ৰোলটো কৰিব ডলী তালুকদাৰে) গৈছোঁ ৰহ৷ (চিঞৰি ক’ব)
(এইবুলি ভাতকেইটা আধা খোৱাকৈ উঠি আহিব খোজে)
তৰালীৰ মাক : (এই ৰোলটো কৰিব ইলি তালুকদাৰ) ৰহ ৰহ৷ ক’ত যাৱ? খা ভাতকেইটা৷ সদায় সদায় ইমান কিয় দৌৰাদৌৰি হয়? অলপ সোনকালে শোৱাৰ পৰা উঠি সাজু হ’ব নোৱাৰ?
তৰালী : মা দেৰি হৈ যাব৷
তৰালীৰ মা : একো দেৰি নহয়৷ শেষ কৰ ভাতকেইটা৷
খৰখদাকৈ ভাতকেইটা খাই মুখ মচি মচি কিতাপৰ বেগ আৰু চাইকেল লৈ তৰালী ওলাই আহিব৷
জবা : তোৰ সদায় কিয় দেৰি হয় কচোন?
নিলীমা : ৰাতি শুবলৈ এৰি ফেচবুক ৱাটচএপ কৰি থাকিবি অৰূপদাৰ লগত। গতিকে দেৰি হ’বই ন?
তৰালী : (লাজ লাজকৈ) ধেই কি ফাল্টু কথা বকি আছ? তহঁতৰ মুখত বেলেগ কথা নাই ন? ব’ল ব’ল অলপ জোৰকে পেদেল মাৰ৷
কেমেৰাত তৰালীহঁতক কলেজলৈ গৈ থকা দেখুৱাব৷ লাহে লাহে কেমেৰাই মানিকপুৰ কলেজৰ গেট দেখুৱাব৷ দূৰৈত তৰালী, জবা আৰু নিলীমাক চাইকেল চলাই আহি থকা দেখুৱাব৷ ক্ৰমান্বয়ে কেমেৰা জুম হৈ কলেজৰ নৱাগতা ছোৱালী এজনীৰ ওপৰত স্থিৰ হ’ব৷ নাম নীতা৷ (ৰোলটো কৰিব ৰাজশ্ৰী শৰ্মাই)
বিকাশ আৰু তেওঁৰ বন্ধু কেইজনমানে নীতাক ৰেগিং কৰি থকা দেখুৱাব৷
বিকাশ : ঠিক আছে তুমি এতিয়া এটা গান গাই শুনোৱা৷
নীতা : (ভয়তে কঁপি কঁপি) নাই দাদা মই গান গাবলৈ শিকাই নাই৷ গাব নাজানোঁ৷
ৰোহণ : (বিকাশৰ বন্ধু৷ ৰোলটো কৰিব সঞ্জীৱ ভট্টাচাৰ্যই) আৰে তোমাক ৰেকৰ্ডিং ষ্টুডিঅ’ত গাবলৈ দিয়া নাই নহয়৷ গান গাব নাজানোঁ বুলি ক’বলৈ আহিছা যে৷ গোৱা যিকোনো কিবা গান৷
নিতীশ : (বিকাশৰ বন্ধু৷ ৰোলটো কৰিব অগ্নিভ দত্তই) ৰ’বা ৰ’বা৷ তুমি সাঁতুৰিবলৈ জানা?
নীতা : অঁ অলপ অলপ জানোঁ৷ (কঁপা কঁপা মাতেৰে)
বিকাশ : তেতিয়াহ’লে সাঁতুৰি দেখুওৱা৷
নীতা : (ল’ৰাকেইজনৰ মুখৰ ফালে চাই থাকে)
ৰোহণ : (ধমকি দি) কি হ’ল৷ সাঁতুৰিবলৈ দিয়া নাই নেকি? সাঁতোৰা৷
উপায় নাপায় নীতাই হাত দুখনেৰে সাঁতোৰাৰ দৰে এক্টিং কৰিব৷ গোটেইবোৰে গিৰ্জনি মাৰি হাঁহিব৷
বিকাশ : কি হ’ল? মানুহে এনেকে জোতা চেণ্ডেল, কাপোৰ পিন্ধি সাঁতোৰে নেকি? কমচেকম জোতা, কাপোৰ খুলি ল’ব লাগিছিল৷
নীতা : (খঙে লাজে) চিঃ ইমান অভদ্ৰ আপোনালোক৷
বিকাশ : অ’ই কাক অভদ্ৰ ক’বলৈ আহিছা? চিনি পোৱা নাই? নাজানা চাগে এই বিকাশ কোন?
ৰোহন : অ’ই, কাক অভদ্ৰ কৈছা বে? চিনি পোৱা নাই মই কোন? কলেজৰ প্ৰিন্সিপালেও ভয় কৰে কথা ক’বলৈ মোক। (এইবুলি নীতাৰ এখন হাতত ধৰে৷ বিকাশেও আনখন হাতত ধৰি নীতাৰ হাতখন পকাই দিয়ে)
এনেতে তৰালী, জবাহঁত সোমাই আহে৷
(নীতাক সিহঁতৰ হাতৰ পৰা টানি আনিব)
তৰালী : ঠিকেইতো কৈছে৷ তহঁত মস্ত অভদ্ৰ৷ এজনী কলেজৰ নৱাগতাক এনেকুৱা ব্যৱহাৰ কৰিবলৈ লাজ নালাগিল৷ তহঁত আচলতে কলেজত পঢ়াৰ যোগ্য মানুহেই নহয়। শিক্ষাৰ একো লাভ নাই তহঁতৰ। নহ’লে এনেকুৱা কৰ নে?
বিকাশ : এই তৰালী তই বেছি কৈছ দেই৷
তৰালী : চুপ থাক৷ কথা নক’বি আৰু৷
নীতাক লৈ তৰালীহঁত গেটৰ বাহিৰলৈ ওলাই আহিব৷
৩য় দৃশ্য :
কেমেৰাই মানিকপুৰ থানা দেখুৱাব৷ বাৰাণ্ডাত দুজন পুলিচ কনিষ্টবলে পেপাৰ পঢ়ি কথা পাতি থকা দেখা যাব৷ কনিষ্টবল দুজন যোগেন আৰু দীপক৷ ৰোল দুটা কৰিব ক্ৰমে হৃষীকেশ আৰু তবিবৰ ৰহমানে)
দীপক : (পেপাৰৰ বাতৰি এটা পঢ়ি শুনাব) বজালীত পুলিচৰ গুলিত ২ জন নিহত৷ অঞ্চলটোত চেপা উত্তেজনা৷ আচ্ছা এই চেপা উত্তেজনা মানে কি হে যোগেন?
যোগেন : চেপা উত্তেজনা মানে কি নাজানে আপুনি? কি কথা কয় হে? বাৰু আপোনাৰ চাকৰি কিমান দিন আছে আৰু? (এই ৰ’লটো কৰিব হৃষীকেশ ডেকাই)
দীপক : আৰু ৩ বছৰমান আছে প্ৰায়৷
যোগেন : বাপ্পা ঐ৷ ৰিটিয়াৰ্ড হ’বৰ হ’ল চেপা উত্তেজনা কি বস্তু নাজানে৷ শুনক তেন্তে, কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা দেখিছেনে?
দীপক : উম৷ দেখিছোঁ৷
যোগেন : তাত যিদৰে কুঁহিয়াৰ এডাল একেবাৰে চেপি চেপি শেষলৈ ৰস উলিয়াই থাকে ঠিক সেইদৰে যিকোনো ঘটনা ঘটিলে অঞ্চলটোত উত্তেজনা হওকে বা নহওক এনেদৰে বাতৰি কাকত বা নিউজত দি দি, উত্তেজিত বুলি কৈ কৈ শান্তিৰে থকা মানুহখিনিক উত্তেজিত কৰি তোলে৷ আৰু এনেকে চেপি চেপি উত্তেজিত কৰি তোলাটোকে চেপা উত্তেজনা বুলি কয়৷ বুজিলে?
দীপক : আজিহে বুজি পালোঁহে যোগেন৷
দ্ৰোণ কেমাৰাই দূৰৈৰ পৰা তৰালী, নীতাহঁতক থানাখনৰ ফালে আহি থকা দেখুৱাব৷ লাহে লাহে কেমেৰা কনিষ্টবলকেইজনৰ ওপৰত স্থিৰ হ’ব৷ তৰালীহঁত যোগেনহঁতৰ ওচৰ পাব৷
তৰালী : (কনিষ্টবল কেইজনক উদ্দেশ্যি) চাৰ নাই নেকি?
যোগেন : আছে ভিতৰত৷ কিবা কাম আছিল নেকি?
নিলীমা : হয়
দীপক : ৰ’ব৷ মই চাৰক সুধি আহোঁ৷
দীপক চাৰৰ ৰুমলৈ সোমাই যাব আৰু অলপ পিছতেই ওলাই আহি সিহঁতক ৰুমত সোমাবলৈ অনুমতি দিব৷
তৰালী : চাৰ, এইজনী নীতা৷ আমাৰ কলেজত নতুনকৈ এডমিচন লৈছে৷ কিন্তু আজি MLA প্ৰদীপ দুৱৰাৰ পুত্ৰ বিকাশ দুৱৰাহঁতে ৰেগিঙৰ নামত যি অভদ্ৰ আচৰণ কৰিছে, যদি এতিয়াই সিহঁতক নাকী নলগাই তেতিয়াহ’লে ইহঁতৰ উৎপাতত ছোৱালীবোৰে কলেজলৈ অহা বন্ধ কৰি দিব৷
কমল : কি কৰিলে সিহঁতে?
নিলীমা : চাৰ ৰেগিঙৰ নামত ক’ৰ কি লাগবান্ধ নোহোৱা প্ৰশ্ন কৰিছে হিচাব নাই৷ তাৰোপৰি সিহঁতে তাইৰ হাতত ধৰিও অভদ্ৰ আচৰণ কৰিছে৷
কমল : মাইনাজনী জুই৷ সেয়ে হাতত ধৰিলে বিকাশৰ হাতখন পুৰিব নে নাই সেইটো চাইছে চাগে! আৰু হাতত ধৰাৰ কিবা প্ৰমাণ আছে নেকি?
তৰালী : কি ফাল্টু কথা কৈছে আপুনি? এজন পুলিচ বিষয়া হৈ আপুনি তেনেকুৱা কথা কৈছে! আপোনালোকেই আমাৰ ভৰষা, কিন্তু আপুনি এই অপকৰ্মটো হোৱাৰ পিছতো প্ৰমাণ বিচাৰিছে৷ এনেকুৱা পুলিছ অফিচাৰৰ বাবেই আজিকালি আমাৰ মহিলাসকল লাঞ্ছিত হ’ব লগা হৈছে, ধৰ্ষিতা হৈছে৷ ছিঃ ঘিণ লাগে আপোনালোকক৷
নীতা : চাৰ সিহঁতে মোৰ হাতত ধৰি অভদ্ৰামি কৰিছে৷
কমল নিৰ্বিকাৰ।
তৰালী : নীতা নহৈ যদি আপোনাৰ ভনীক কোনোবাই এনেকুৱা ব্যৱহাৰ কৰিলে হয় তেতিয়া আপুনি প্ৰমাণ বিচাৰিব নে? মাইনা তুমি জুই বুলি ক’বনে৷ কওক ইন্সপেক্টৰ? (কমলৰ ফালে আগবাঢ়ি গৈ) প্ৰমাণ লাগে ন? দি আছোঁ প্ৰমাণ৷
(প্ৰচণ্ড জোৰত তৰালীয়ে ইন্সপেক্টৰৰ চকীখন টানি দিয়ে। তেওঁ চকীখনৰ পৰা মাটিত পৰি যায়৷)
কমল : কিয় মোক পেলাই দিলা?
তৰালী : কি কৈছে আপুনি? কোনে পেলালে?
কমল : তুমি?
তৰালী : কিবা প্ৰমাণ আছে? আগতে প্ৰমাণ যুগুত কৰিব তাৰ পিছত আৰোপ লগাব৷ আচলতে আপোনাৰ দৰে মানুহৰ লগত কথা পাতি লাভ নাই৷ আপোনালোক চামচা৷ আপোনালোকৰ দৰে লুভীয়া মানুহবোৰৰ পৰা জনসাধাৰণে বৰ কষ্ট পায়। আপোনাৰ বাই ভনীক যদি এনেকৈ কোনোবাই জোকাই বাটত আগচি কি কৰিব?
গোটেইবোৰ ওলাই যায়৷
(কমলে পৰাৰ পৰা উঠি তপিনা পিহি পিহি চকীত বহে৷ ছোৱালীকেইজনীৰ কথা বাৰে বাৰে মনলৈ আহে)
‘আপোনাৰ ভনীক কোনোবাই এনেকুৱা ব্যৱহাৰ কৰিলে প্ৰমাণ বিচাৰিব নে? আপোনাৰ বাই-ভনী যাতে এই অশান্তি নাপায়….’
কথাখিনি তেওঁৰ কাণত বাৰে বাৰে প্ৰতিধ্বনিত হৈ থাকিব৷ নেপথ্যত নাগাৰা আৰু বৰতালৰ শব্দ বাজি থাকিব৷
কমল : (ন’ ন’ বুলি খুউব জোৰে চিঞৰি টেবুলৰ ওপৰত ঘোঁচা মাৰি দিব৷ কেমেৰাত কমলৰ ঘামি জামি ৰঙা পৰি যোৱা মুখখন দেখুৱাব) মই কাকো সুদাই নেৰোঁ৷ কোনো বাচি যাব নোৱাৰিব৷
দীপক : (দৌৰি আহি) চাৰ কিবা কৈছিল?
কমল : নাই, একো কোৱা নাই৷ বাৰু পানী এগিলাচ দিয়াচোন৷ (দীপকে আনি দিয়া পানীগিলাচ খায়) মই কোৱাৰ্টাৰলৈ যাওঁ৷ কিবা কাম ওলালে মাতি দিবা৷
দীপক : হ’ব চাৰ৷
৪ৰ্থ দৃশ্য :
ইন্সপেক্টৰ কমল শইকীয়াৰ চৰকাৰী বাসভৱন৷ কেমেৰাত তেওঁৰ ভনীয়েক জুৰী (ৰোলটো কৰিব নাজিয়া হাচানে) আৰু মাকে (ৰোলটো কৰিব কমলা দাসে) টিভিত বাতৰি চাই চাই কথা পাতি থকা দেখুৱাব৷
মাক : আমাৰ কমলৰো বিয়াখন পাতিব লাগিছিল, কোনোবা ফালে সি ছোৱালী পচন্দ কৰি থৈছে নেকি তই এবাৰ সুধিবিচোন তাক৷
জুৰি : (হাঁহি মাৰি) সুধিম বাৰু মা৷ কিন্তু কোনোফালে পচন্দ কৰি থোৱা নাই নেকি। তেনেকুৱা হ’লে দাদাই অন্ততঃ মোক ক’লেহেঁতেন৷
মাক : তেতিয়াহ’লে ময়েই ছোৱালী বিচাৰিব লাগিব৷
এনেতে টিভিৰ এটা বাতৰি দেখি জুৰিয়ে চিৎকাৰ কৰি উঠিব৷
“মাজ ৰাস্তাত কলেজীয়া ছোৱালী এজনীক জোৰ জুলুম কৰে দুজন বাইক আৰোহীয়ে” – উঃ আৰু যে কিমান এনেকুৱা বাতৰি শুনিম৷ ইহঁতবোৰক ৰাজপথত পিটন দি কাণত ধৰাই থ’ব লাগে।”
(তেনেতে কমল ঘৰলৈ সোমাই আহি জুৰিৰ কথাখিনি শুনি ভনীয়েকক উদ্দেশ্যি ক’ব)
কমল : কাক কাণত ধৰাৰ কথা কৈছা অ ভণ্টি? কি হ’লনো?
জুৰি : চাচোন টিভিৰ বাতৰি৷ সদায় সদায় কিমান যে এনেকুৱা বাতৰি শুনিম? তহঁত পুলিচবোৰৰ একো কাম নাই নেকি? ভাল শিক্ষা দিব নোৱাৰনে ইহঁতক? ইহঁতক এনেকুৱা শাস্তি দিব লাগে অইন কোনেও যাতে এনেকুৱা অপকৰ্ম কৰিবলৈ সাহস নকৰে৷
কমলে ওপৰৰ ফালে চাই কিবা ভাবি থাকিব৷
জুৰি : কি হ’ল, মুখেৰে একো নামাতিলি যে? তোৰ দৰে মোৰ এনেকুৱা খাকী পোছাক আৰু পিষ্টল থাকিব লাগিছিল তেতিয়াহ’লে এই দানৱবোৰক মই এটা এটাকৈ গুলীয়াই মাৰিলোঁহেঁতেন৷
মাকে চাহ একাপ লৈ আহি কমলক দিয়ে৷
মাক : (জুৰিক উদ্দেশ্যি) তাক কিয় এনেকৈ কৈ আছ? সিতো তাৰ কামত একো গাফিলতি কৰা নাই৷
কমলে মুখেৰে একো নামাতি চুপচাপ চাহকাপ খাই থকা কেমেৰাত দেখা যাব৷
৫ম দৃশ্য :
তৰালীৰ মাকৰ (ৰোলটো কৰিব ইলি তালুকদাৰে) চিন্তাক্লিষ্ট মুখখন কেমেৰাই ক্ল’জআপত দেখুৱাব৷
তৰালীৰ মাক : (তৰালীক উদ্দেশ্যি) তইনো কিয় এইবোৰত লাগিব লাগে? সিহঁত কিমান ডাঙৰ মানুহ তই জাননে?
তৰালী : ধন সম্পত্তি বেছি আছে বাবেই ডাঙৰ মানুহ হ’ল নে? জীয়ৰী বোৱাৰীক ৰাস্তাই ঘাটে অপমান কৰিব পৰা হ’ল৷ নহয় মা, এইবোৰৰ প্ৰতিবাদ নকৰিলে এই জোকবোৰে আমাৰ তেজ শুহিয়েই থাকিব ৷
তৰালীৰ মা : ভয় লাগে অ’৷ তাৰোপৰি তই থানালৈও গৈছ, সিহঁতে জানো কথাটো সহজে ল’ব? তোৰ কিবা অনিষ্ট কৰিব বুলিহে ভয় লাগে৷ কালিৰ পৰা তই আৰু কলেজলৈ যাব নালাগে৷
তৰালী : মা কি কথা কৈছা তুমি? সেই পাষণ্ডবোৰৰ ভয়ত কলেজলৈ নাযাম!
এনেতে অৰূপ সোমাই আহে৷ (তৰালীৰ প্ৰেমিক৷ ৰোলটো কৰিব ৰিণ্টুমণি দত্তই)
তৰালীৰ মাক : (অৰূপক উদ্দেশ্যি) এইক বুজোৱা অৰূপ৷ তাইক মই বুজাব নোৱাৰোঁ আৰু।
মাক উঠি যায়৷
অৰূপ : গোটেই ঘটনাটো মই নিলীমাৰ পৰা গম পাইছোঁ৷ তুমি ঠিক কাম কৰিছা৷ কলেজখনত সকলোৱে সিহঁতৰ কাৰ্যবোৰ সহি গ’ল ভয়তে৷ MLA ৰ পুতেক বুলি কোনেও মূৰ তুলি কথা ক’বলৈ সাহস নকৰিলে৷ তোমালোকে ভাল কাম কৰিছা৷ মই আছোঁ তোমাৰ লগত৷ তোমাৰ এই সাহসী মনটোৰ বাবেই ভালপাওঁ তোমাক৷ অ’ ৰ’বা, এটা ভাল খবৰ দিওঁ৷ মোৰ মাক তোমাৰ কথা কৈছোঁ৷ সোনকালেই তেওঁ তোমাৰ মাৰ লগত কথা পাতিব৷
তৰালী : সঁচা?
অৰূপ : উম৷
তৰালীয়ে অৰূপৰ হাতত অৱেগতে ধৰিব৷ নেপথ্যত জুবিন আৰু ভিতালীৰ ‘নদী বাঢ়িলে ঐ, উজান উঠিলে ঐ….’ গানটো বাজি উঠিব৷
৬ষ্ঠ দৃশ্য :
কেমেৰাত মানিকপুৰ কলেজৰ সন্মুখত ইন্সপেক্টৰ কমল শইকীয়াক দেখা যাব৷ পুলিচ ভেনখনত আউজি তেওঁ যেন কাৰোবাৰ বাবে অপেক্ষা কৰি আছে৷ দ্ৰোণ কেমেৰাই তৰালী, নিলীমা আৰু জবাক কলেজলৈ আহি থকা দেখুৱাব৷ কেমেৰা লাহে লাহে সিহঁতৰ ওপৰত স্থিৰ হ’ব৷
নিলীমা : (হঠাতে দূৰৈৰ পৰা ইন্সপেক্টৰ কমল শইকীয়াক দেখি) অ’ই ৰখাচোন চাইকেল৷ কলেজৰ সন্মুখত সেইটো কোন ঠিয় হৈ আছে দেখিছ?
তৰালী : অঁ দেখিছোঁ৷ ইন্সপেক্টৰ শইকীয়া৷ কি হ’ল তাতে?
নিলীমা : নাই দেই, মোৰ ভয় লাগিছে৷ তাতে তই সিদিনা তেওঁক চকীৰ পৰা পেলায়ো দিছিলি৷ আমাক চাগে এৰেষ্ট কৰিবলৈ আহিছে৷ মই নাযাওঁ দেই কলেজলৈ৷
তৰালী : আৰে একো নহয়৷ ব’লচোন৷
নিলীমা : মোৰ ভয় লাগিছে অ’৷ মই আৰু আগলৈ নাযাওঁ৷
নিলীমাই চাইকেলখন ঘূৰাই ঘৰলৈ উভতে৷
তৰালী : জবা, তই কি কৰিবি? তোৰ ভয় লগা নাই?
জবা : (সেপ ঢুকি) নাই লগা৷
তৰালী : ব’ল তেতিয়াহ’লে৷
দুয়ো আকৌ কলেজলৈ আগবাঢ়িব৷
তৰালী : (হাঁহি হাঁহি) এই নিলীমাজনী ইমান ভয়াতুৰ বুলি ভবাই নাছিলোঁ৷ আজিৰ দিনৰ ছোৱালী হৈ ইমান ভয় কৰিলে চলিবনে? কি যে হ’ব!
কেমেৰাত দেখা যাব জবায়ো ভয়তে তৰালীয়ে গম নোপোৱাকৈ চাইকেলখন ঘূৰাই ঘৰলৈ উভতিব৷
ইপিনে তৰালীয়ে জবাক কিবা কিবি কৈ আগবাঢ়ি গৈ থাকিব৷
তৰালী : তই কিন্তু নিলীমাতকৈ সাহসী দেই৷ কি হ’ল মুখৰ মাতবোল নাই যে? (এইবুলি জবাৰ ফালে ঘূৰি চাই দেখে যে তাই নাই)
দ্ৰোণ কেমেৰাই বহু দূৰৈত জবাক ঘৰলৈ উভতি গৈ থকা দেখুৱাব৷
তৰালী অকলেই কলেজৰ সন্মুখ পাব৷ কেমেৰাই কমল আৰু তৰালীক দেখুৱাব৷
কমল : ৰ’বাচোন অকণমান৷
তৰালী : কি হ’ল?
কমল : সিদিনাৰ ঘটনাটোৰ বাবে মই বৰ অনুতপ্ত৷ মোক ক্ষমা কৰি দিবা৷ সিদিনা কলেজৰ গোটেই কাহিনীটো বৰ্ণনা কৰি তুমি এখন এজাহাৰ দাখিল কৰিবা৷ মই নিশ্চয় দোষীক উচিত শাস্তি দিম৷ কথা দিলোঁ৷
তৰালী : বিকাশ দুৱৰাক পাৰিব?
কমল : চাওঁচোন৷ বাৰু তুমি এতিয়া যোৱা৷ ক্লাচ শেষ কৰি থানালৈ আহি এজাহাৰখন দাখিল কৰিবা৷ মই প্ৰিন্সিপাল চাৰক এবাৰ লগ কৰি আহোঁ৷
তৰালী : হ’ব বাৰু৷
কেমেৰাত প্ৰিন্সিপালৰ ৰুমটো দেখুৱাব৷
কমল : (ৰুমৰ দৰ্জাখন অলপ ফাক কৰি) ভিতৰলৈ সোমাব পাৰোঁনে চাৰ?
প্ৰিন্সিপাল : (ৰোলটো কৰিব মৃদুল নাথে, বয়স অনুমানিক ৫৫) আহক আহক ইন্সপেক্টৰ৷ বহক৷ বাৰু কওকচোন কি উদ্দেশ্যত এইফালে আহিল?
কমল : চাৰ আপোনাৰ কলেজৰ বিকাশ দুৱৰাহঁতে ৰেগিঙৰ নামত লক্ষ্মণ ৰেখা পাৰ হৈ গৈছে৷ মই যিকোনো ব্যৱস্থা লবলৈ বাধ্য হ’ম৷ কলেজখন সিহঁতৰ পৈতৃক সম্পত্তি নহয়৷ কথাখিনি আপোনাক আগতীয়াকৈ জনাবলৈ আহিলোঁ৷
প্ৰিন্সিপাল : মই আছোঁ আপোনাৰ লগত৷ যি সহায় লাগে মই কৰিম৷ বিকাশ দুৱৰাহঁতক আপোনাৰ দৰে বিষয়াইহে উচিত শিক্ষা দিব পাৰিব৷
কমল : বাৰু চাৰ উঠিছোঁ৷ পাছত লগ পাম৷
৭ম দৃশ্য :
মাণিকপুৰ আৰক্ষী চকী৷ ভিতৰত তৰালী, নীতা আৰু কমলে কথা পাতি থকা দেখুৱাব৷ কেমেৰাই দূৰৰ পৰা থানাৰ ফালে স্কৰপিঅ’ গাড়ী এখন আহি থকা দেখুৱাব৷ গাড়ীখন থানৰ সন্মুখত ৰ’ব৷ গাড়ীৰ পৰা বিকাশ দুৱৰা নামি আহিব আৰু লগতে কনিষ্টবল দীপক আৰু যোগেন৷ বিকাশে সিহঁতক বুকুত ধৰি টানি আনি ইন্সপেক্টৰ কমলৰ ৰুমলৈ সোমাই আহিব৷
বিকাশ : (খঙেৰে) আপুনি জানেনে ইহঁত দুজনে কি কৰিছে আজি?
কমল : ৰ’ব৷ সিহঁতক কিয় তেনেকৈ ধৰি আছে? এৰি দিয়ক৷ আৰু এতিয়া কওক কি হৈছে৷
বিকাশ : ইহঁতে মোৰ গাড়ী ৰাস্তাত ৰখাই তালাচী কৰিছে।
দীপক : চাৰ৷ আমি ৰাস্তাৰে যোৱা সকলো গাড়ীতে নিয়মীয়া তালাচী কৰিছোঁ৷ অকল এওঁৰ গাড়ীয়েই নহয়৷ কিন্তু গাড়ীৰ ভিতৰত এয়া কি পাইছোঁ চাওক৷ আৰু এনেকুৱা বহুত পেকেট তেওঁৰ গাড়ীত এতিয়াও আছে৷
(পকেটৰ পৰা পেকেট এটা উলিয়াই কমলৰ হাতত দিয়ে৷ কমল পেকেটটো চাই আচৰিত হয়)
কমল : হাৰে এয়াচোন ড্ৰাগছৰ পেকেট৷ তথাপিও তোমালোকে এওঁৰ গাড়ীখন যাবলৈ দিব লাগিছিল৷ এওঁ কাৰ পুত্ৰ নাজানা নেকি? (ড্ৰয়াৰৰ পৰা একোচা চাবি উলিয়াই বিকাশৰ হাতত দিয়ে) দুৱৰা লকআপৰ তলা খোলক, ইহঁতক উচিত শাস্তি দিব লাগিব৷ (যোগেন আৰু দীপকক দেখুৱাই কয়)
দুৱৰাই লকআপৰ তলা খুলি দিয়ে৷
কমল : সোমা ভিতৰত৷ বিকাশ দুৱৰাৰ গাড়ীত তালাচী চলায়!
লক আপৰ ভিতৰত দুয়োকে ভৰাই তলা লগাই দিয়ে৷
তৰালী আৰু নীতাই দুয়ো দুয়োৰো মুখৰ ফালে চাই৷ দুয়োৰে ভিতৰি ভিতৰি এটা ভয় ভাব খেলে৷ মনতে ভাবে সিহঁতৰ কিবা অনিষ্ট নহয়তো৷
দীপক : (লকআপৰ ভিতৰৰ পৰা) চাল্লা ইমান বছৰ কাম কৰিলো ৰিটিয়াৰ্ড হ’বৰ হ’ল, কিন্তু ভাল কাম কৰিলে শাস্তি যে পাব লাগে আপোনাৰ পৰাহে বুজিলোঁ৷ কেনে মানুহহে আপুনি?
কমলে আনটো লকআপৰ তলা খুলিব৷ বিকাশ দুৱৰাক কাণে কাণে কিবা ক’ব৷ লগে লগে তেওঁ লকআপৰ ভিতৰত সোমাই যাব আৰু কমলে লকআপত তলা লগাই দিব৷
তৰালী আৰু নীতাই গোটেই কাণ্ড কাৰখানা একো নুবুজি বেঙাৰ দৰে চাই থাকিব৷
যোগেন : চাৰ আমাৰ কি দোষ! লকআপত কিয় সোমোৱালে?
দীপক : ভাল কামৰ পুৰস্কাৰ পোৱাৰ সলনি শাস্তি হে পালোঁ৷
কমল : কোনে ক’লে তোমালোকক শাস্তি দিয়া বুলি? উচিত পুৰস্কাৰেই দিম ৰ’বা তোমালোকক৷ (লকআপৰ তলা খুলি সিহঁতক বাহিৰলৈ লৈ আহে) তোমালোকে বৰ ভাল কাম কৰিছা৷ এই দগাবাজটোক যে হাতেলোটে ধৰিছা৷ (বিকাশৰ ফালে চাই) মিঃ বিকাশ দুৱৰা লকআপত সোমাই থাকক৷ এই ড্ৰাগছ পেকেটটোৱেই আপোনাক জেলৰ ভাত খুৱাব৷ বাৰু দীপক তুমি থানাত থাকা৷ মই ইয়াৰ লগৰ বাকীকেইটাক বিচাৰি কলেজলৈ যাওঁ৷ তৰালী আৰু নীতা, ব’লা কলেজলৈ যাওঁ৷ বাকীকেইজনকো লকআপত সুমুৱাই দিওঁ৷
কেমেৰাত তৰালীহঁতক পুলিচ ভেনখনত কলেজৰ ফালে গৈ থকা দেখুৱাব৷ ক্লজত ভেনখনৰ ভিতৰভাগ দেখুৱাব৷
কমল : (তৰালী আৰু নীতাক উদ্দেশ্যি) তোমালোকে কি ভাবিছিলা? বিকাশ দুৱৰাক এৰি দি মোৰ কনিষ্টবল দুজনক লকআপত ভৰাই থ’ম?
তৰালী : প্ৰথমতে তেনেকুৱাই ভাবিছিলোঁ৷ পিছতহে বুজিব পাৰিলো কিবা খেল নিশ্চয় আছে৷ বাৰু তেওঁক কাণে কাণে কি ক’লে যাৰ ফলত নিজে নিজেই লকআপত সোমাই গ’ল৷
কমল : (হাঁহি মাৰি) ক’লো যে কলেজৰ ছোৱালীকেইজনী আছে৷ এতিয়া যদি তেওঁক এৰি দিওঁ এটা বেয়া মেচেজ যাব৷ দেউতাকৰ কেৰিয়াৰৰ বদনাম হ’ব৷ সেয়ে তেওঁকো লকআপত সোমাই যাবলৈ ক’লোঁ৷ বিনাবাক্যব্যয়ে মানি ল’লে৷ এতিয়া তাক কোনে বচাই চাওঁ৷
কেমেৰাই কলেজৰ সন্মুখৰ চাহ দোকানত ৰোহণ আৰু নিতীশে চাই খাই আড্ডা মাৰি থকা দেখুৱাব৷ পুলিচ ভেনখন আহি কলেজৰ গেটৰ মুখত ৰ’ব৷ গাড়ীৰ পৰা তৰালী, নীতা আৰু ইন্সপেক্টৰ কমল শইকীয়া নামি আহিব৷ চাহৰ দোকানত ৰোহণহঁতক তৰালীয়ে দেখা পাব৷
তৰালী : চাৰ সেই দুজন ৰোহণ আৰু নিতীশ৷
সিহঁতে কিবা আওভাও পোৱাৰ আগতে কমলে দুয়োকে ধৰি আনি গাড়ীৰ ভিতৰত সুমুৱাই ল’ব৷ গাড়ী পুনৰ থানা অভিমুখে আগবাঢ়িব৷
ইতিমধ্যে MLA ৰ ল’ৰা বিকাশ দুৱৰা আৰু তেওঁৰ বন্ধুসকলক এৰেষ্ট কৰাৰ কথাটো কলেজখনত বিয়পি পৰিব৷ কলেজৰ শ শ ছাত্ৰ ছাত্ৰী থানা অভিমুখে আগবাঢ়িব৷ ছাত্ৰ ছাত্ৰীসকলে আনন্দতে ইন্সপেক্টৰ ‘কমল শইকীয়া জিন্দাবাদ, প্ৰদীপ দুৱৰা মুৰ্দাবাদ’ শ্লোগান দি দি আহি থাকিব৷
ইন্সপেক্টৰ কমলৰ গাড়ী থানা গৈ পাব৷ কেমেৰাত ৰোহন আৰু নিতীশক টানি আনি লকআপত সুমুৱাই দিয়া দেখা যাব৷
কমল : বহুত তেল ফাটিছিল তহঁতৰ৷ আজি ৰাতিলৈ তহঁতৰ তেল কাঢ়িব লাগিব৷
কেমেৰাত দূৰৈৰ পৰা MLA প্ৰদীপ দুৱৰাৰ গাড়ীখন আহি থকা দেখুৱাব৷ লাহে লাহে ক্ল’জ কৰি আনিব৷ গাড়ী থানা চৌহদত ৰখিব। প্ৰদীপ দুৱৰা খৰখোজেৰে থানালৈ সোমাই আহিব৷
MLA : ইন্সপেক্টৰ এইয়া তুমি কি কৰিছা? এতিয়াই ইহঁতক এৰি দিয়া৷
কমল : চৰি চাৰ, এৰিব নোৱাৰিম৷
MLA : কি ক’লা? তুমি কাৰ সন্মুখত কথা কৈ আছা গম পাইছানে? তোমাৰ কি অৱস্থা কৰিব পাৰোঁ তুমি জানানে?
কমল : কি কৰিব চাৰ আপুনি? ট্ৰেন্সফাৰ? তাৰ বাহিৰেতো আন একো কৰিব নোৱাৰে৷ কিন্তু আমি এই ডেকাশক্তিখিনিয়ে আপোনাৰ দৰে MLA ক গঢ়িবও পাৰোঁ, ভাঙিবও পাৰোঁ৷ ট্ৰেন্সফাৰৰ ভয় মোক নেদেখুৱাব৷ থানাখনত প্ৰথমেই জইন কৰি মোৰ মনটো অলপ বেলেগ ধৰণৰ আছিল৷ কিন্তু তৰালীহঁতক লগ পোৱাৰ পিছত মোৰ চকু মুকলি হ’ল৷ এতিয়া আপোনাৰ দৰে মানুহৰ ধমকিক ভয় নকৰোঁ৷
ইতিমধ্যে থানা চৌহদত কলেজৰ ছাত্ৰ-ছাত্ৰীবোৰ গোট খাই প্ৰদীপ দুৱৰা মুৰ্দাবাদ, কমল শইকীয়া জিন্দাবাদ শ্লোগান দি থকা শুনা যাব৷ মিডিয়াৰ ৰিপোৰ্টাৰ আহিও থানা চৌহদত ভীৰ কৰিব৷
MLA প্ৰদীপ দুৱৰাই লকআপত থকা বিকাশৰ ফালে কৰুণভাবে চাই থাকিব৷
সমাপ্ত৷
☆ ★ ☆ ★ ☆
10:59 am
বঢ়িয়া লাগিল। চুপাৰহিট চিনেমা।
10:44 pm
ৱাহ, মজা চিনেমা জয়ন্ত দা।
9:12 pm
মজা চিনেমা
11:36 pm
বঢ়িয়া লাগিল চিনেমা খন।
11:41 pm
সাংঘাতিক চিনেমা! নিৰ্মাতালৈ বহু ধন্যবাদ….
11:41 pm
আটাইকে ধন্যবাদ জনালোঁ৷
9:03 am
বা:……. দাদা কেতিয়াৰ পৰা এইটো লাইন (চিনেমা প্ৰডাকচনৰ) ত ভৰি দিলে!! ফালিলে……. বিশেষকৈ তৰালীৰ ৰোলটো ফাটাফাটি হৈছে…..
11:02 am
চুপাৰহিট চিনেমা।
4:33 pm
চুপাৰহিট৷