ফটাঢোল

ফটাপ্ৰশ্ন

১) কুমুদ বৰ্মণ : আমাৰ ঘৰত পোহা কুকুৰ-মেকুৰীবোৰৰ নাম টমী, জেক, এলেক্সা আদি ইংৰাজী নামবোৰহে কিয় হয়? নদাই, ভদাই, কণমাই, চেনীমাই আদি অসমীয়া নামবোৰ কিয় নহয় ?

উত্তৰ : ঘৰত কুকুৰ-মেকুৰী পোহা কামটোৱেই ইংলিছ। আগতে কুকুৰ মেকুৰী নিজে নিজে ঘৰ লাগিছিলহি, আৰু পিৰালি/ চুৱাপাতনিত পেলনীয়া খানা খাই জীৱন যাপন কৰিছিল। সেইবোৰ কুকুৰ মেকুৰীৰ নাম নদাই, ভদায়ে আছিল।

২) জয়ন্ত প্ৰীতম : সিজনে বা সিগৰাকীয়ে বেলেগ কাৰোবাক ভাল পায় বুলি জনাৰ পিছতো একপক্ষীয় প্ৰেম মানুহে কিয় কৰে?

উত্তৰ : এনেই চান্সত থাকে আৰু, সিফালে ব্ৰেক আপ হ’লে কিবা সুবিধা ওলায়েই বা।

৩) অঞ্জন সাধনিদাৰ : চৰকাৰী কাৰ্যালয়ত ঘোঁচ কিয় দিব লাগে? আমাৰ কামটো সোনকালে হওক বুলি ভাবি আমি দিওঁঁ, এইবাবে নে আমাৰ সোনকালে দৰকাৰ হোৱা সুবিধাটো গ্ৰহণ কৰি তেওঁলোকে লয় বাবে?

উত্তৰ : দুইটাই কিন্তু আচল কথাটো হ’ল আমি সকলোৱেই দুৰ্নীতিগ্ৰস্ত; আৰু আমি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ লাজ কৰোঁ।

৪) দ্বিজেন তামূলী : নাৰীবিলাক একোটা লুকত আৰু পুৰুষবিলাক একোটা লুকত যদি দেখিবলৈ একে হ’ল হয় কি হ’ল হয়?

উত্তৰ : বজাৰলৈ যোৱা প্ৰতি পতি-পত্নী সলনি হৈ থাকিলেহেঁতেন।

৫) জিলমিল বি বৰুৱা : জন্মদিন, বিবাহ বাৰ্ষিকী ইত্যাদিবোৰ পত্নী/বান্ধৱীসকলৰ যে মনত থাকে, পতি/বন্ধুসকলে যথাসময়ত কিয় পাহৰে বাৰু?

উত্তৰ : পতি/বন্ধুসকলৰ তাতকৈ বহু বেছি দৰকাৰী কথা কিছুমান মনত ৰাখিবলগীয়া থাকে যে।

৬) কমলা দাস : গছত কঁঠাল, ওঁঠত তেল বুলি যে কয়, কঁঠালটো কেঁচা আছিল নে পকা আছিল!

উত্তৰ : কেঁচাই আছিল, পকা হ’লে নিজে নিজে থলৰ কৈ সৰি পৰিলহেঁতেন নহয়।

৭) হিতেশ বি বৰুৱা : মহিলাই পঁইতাচোৰাক কিয় ভয় কৰে?

উত্তৰ : কাৰণ ভগৱান কৰুণাময়, দয়াৰ সাগৰ, অন্তৰ্যামী আৰু ত্ৰিকালজ্ঞ। তেওঁ জানিশুনিয়ে এনে এবিধ প্ৰাণী সৃষ্টি কৰিছে, নহ’লে পুৰুষসকলৰ মহান পুৰুষত্ব কেনেকৈ ৰক্ষা পৰিলহেঁতেন?

 

৮) হেমন্ত কাকতি : ফটহু কাই, মোৰো এটা ফটা প্ৰশ্ন আছিল, ভাবি আছোঁ৷

“হম বেৱফা, হৰগীজ না থে…পৰ হম বফা কৰ না সকে… হমকো মিলি উসকী সজা, হম জো খটা কৰ না সকে”

এই গীতটো শুনিছে নহয়; কিন্তু ইমান ধুনীয়া গীতটোৰ শেষত “জিংগালালা হু জিংগালালা হু” এইটো দিয়াটো ইমান জৰুৰী আছিল নে?

উত্তৰ : নাছিল। জিলেলে জিলেলে দিব লাগিছিল আচলতে।

৯) দ্বিজেন তামূলী : জল মানে পানী, পান মানে পি খোৱা, জলপান মানে কিয় চিৰা সান্দহ, পিঠা-পনাক বুজাই?

উত্তৰ : সন্ধি বোলা বস্তুটোৱে এনে বিপদ ঘটায়েই বুজিছেনে। ইয়াণ্ডাবু সন্ধিলেকে চাওকচোন, সন্ধি হ’ল মান আৰু বৃটিছৰ মাজত, আৰু পৰাধীন হ’ল অসম৷

১০) কমল তালুকদাৰ : ফটহুকাই ভাতকেৰেলাৰ ভাতখিনি ক’ত থাকে ?

উত্তৰ : থালিখনতে থাকে। অলপ ইফালে সিফালে চাবচোন, ভাতকেৰেলা ভাজি থকা থালখনতে আছে বগা-বগা ভাতখিনি।

১১) মণিকা চাংমাই গগৈ : মৰমৰ চুমাই নাকটি চিঙিব বুলি কয়, কিন্তু আজিলৈকে কাৰো নাক চিঙা দেখা নাই যে?

উত্তৰ : নাকটি চিঙাৰ লগে লগে লাজতে প্লাষ্টিক চাৰ্জাৰী কৰি লগাই পেলোৱা হয় বাবে।

১২) পূৰৱী এম কটকী : ক) এই যে আলু, পিয়াঁজ, দাইল, চাউল সকলোবোৰ ফ্ৰেচ বস্তু পোৱা ৰেচনৰ দোকানখনক গেলামালৰ দোকান বুলি কিয় কোৱা হয়?

উত্তৰ : আচলতে গেলা নহয়, গোলা মালহে। আগতে এনে দোকানবোৰক গোলা বুলি কোৱা হৈছিল। পিচে সকলো ফ্ৰেছ বস্তু পোৱা বুলি কোৱা কথাষাৰ সঁচা নহয়, গেলামালত গোলমাল থাকেই।

খ) এই যে কোৱা হয় অমুক আৰু তমুকৰ মাজত এখন শীতল যুদ্ধ চলি আছে! এই শীতল যুদ্ধখন লাগি থাকিলে গা-মূৰ শীতল হৈ থাকে নেকি? শীতলৰ বিপৰীত শব্দ তপত, তপত  যুদ্ধখন কেনেকুৱা হ’ব পাৰে?

উত্তৰ : শীতল যু্দ্ধই গা-মূৰ বেছিকে গৰম কৰে। শত্ৰুক মাৰিবলৈ সকলো অস্ত্ৰ-শস্ত্ৰ গোটাবও লাগে, হকে বিহকে বদনামো কৰিব লাগে, আনহাতে মাৰিবও নোৱাৰি। মাথা গৰম হোৱা কাৰবাৰ একেবাৰে। তপত যুদ্ধ চাবলৈ মন গ’লে আপুনি অমুকাৰ ঘৰৰ বেৰৰ জলঙাৰে মাজে সময়ে জুপিব পাৰে।

১৩) স্নিগ্ধা এ প্ৰয়াসী : নিজৰ নাক কাটি আজিলৈকে কোনোবাই সতিনীৰ যাত্ৰা ভংগ কৰি পাইছেনে?

উত্তৰ : পাইছোঁ মানে, সকলোৱে পাইছে। সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ কৰা প্ৰতিটো কামতে আচলতে নিজৰ নাকটোহে কটা যায়।

১৪) জয়ন্ত কুমাৰ ডেকা : নিজৰ তথাকথিত ক্ষন্তেকীয়া আবেগ ৰক্ষা কৰিবলৈ সত্য-অসত্যৰ বিচাৰ নকৰি যিকোনো কাৰ্য কৰাত কোন বেছি ওস্তাদ? নাৰী নে পুৰুষ?

উত্তৰ : নাৰী পুৰুষ বুলি বিচাৰ কৰা কঠিন, দুই লিংগৰে এনে প্ৰাণী মাৰ্কেটত পোৱা যায়।

১৫) জোনমণি বৰুৱা : বিহুগীতবোৰত যে কলিজা বুলি গায় মোৰ কিডনী ঐ, যকৃত ঐ বুলি কিয় নাগায়? এইবোৰো দেহৰ সমানে গুৰুত্বপূৰ্ণ অংগ।

উত্তৰ : বিহু গীত ওলোৱা সময়ত মানৱ দেহৰ এইবোৰ অংগ প্ৰত্যংগৰ কথা জনাই নগৈছিল, কেৱল কলিজাটোৰ কথাহে জানিছিল মানুহে। আজিকালি দিনৰ কথা হ’লে আয়ৌ মোৰ ডি এন এ জনী, মোৰ ক্ৰম’জমটো ঔ, এনেকুৱা হ’লহেঁতেন।

১৬) গিৰিজানন্দ গোস্বামী : ক) গাঁঁৱৰ ওচৰৰে ফাৰ্মৰ মুৰ্গীটো কি কাৰণত লোকেল নহয়?

উত্তৰ : তাৰ জাতেই বিদেশী। বাংলাদেশীসোপা ইমান বছৰে অসমত থাকিও অসমীয়া হৈছে জানো?

খ) হোটেলৰ waiter আচলতে কোন? খাদ্যৰ বাবে ৰৈ থকা গ্ৰাহকজনহে waiter হয় নেকি?

উত্তৰ : নহয়, তেওঁলোকে গ্ৰাহকৰ বাবে wait কৰে যে- গ্ৰাহক নাহিলে তেওঁলোকৰ দৰমহাৰ মুদা নমবিৰ জানো, তেওঁলোকৰ ৱেইটিং বেছি গুৰুত্বপূৰ্ণ৷

১৭) বন্দিতা জৈন : সকলোৰে জন্মদিনবোৰ বছৰি আহে। মানে জীৱনৰ আয়ুস এবছৰ কম হৈ যোৱা। তথাপিও উলহ-মালহেৰে পইচা খৰচ কৰি জন্মদিন উৎসৱ পালন কিয় কৰে?

উত্তৰ : অমুকাই সেয়ে নকৰে, আচলতে সৰু ল’ৰা-ছোৱালীৰ বাদে আনবিলাকৰ বাবে জন্মদিনটো দুখৰ দিনহে। আজিকালি দেখাক দেখি সকলোৱে পতা হৈছে।

১৮) যদুমণি হাজৰিকা : “ঐ, বিহু মাৰি থাকিবৰ মন

বিহু মাৰি থাকোঁতে পলুৱাই নিনিবি; ভৰিব লাগিব ধন”

প্ৰশ্নটো হ’ল, এই যে দণ্ডৰ বিধান ৰাখিছিল; তেতিয়া পিৰীতিক ভাল চকুৰে চোৱা নাছিল নে তেনেদৰে নাচনী হৰণকহে বেয়া বুলিছিল?

উত্তৰ : পিৰীতিক কোনোকালে কোনো সভ্যতাতে ভাল চকুৰে চোৱা নাছিল। পিচে কথাটো বৰ ভুলো নহয়, পিৰীতিৰ জোৰত ৰাইজে অতি নকৰা নকৰা কাম কৰি ফুৰে আকৌ।

১৯) অণিমা দাস : কিছুমান বস্তু কম দামত বিক্ৰী কৰিব লগা হ’লে পানীৰ দামত বিক্ৰী হোৱা বুলি কোৱা শুনো৷ ফটহুকাই পানীৰ সলনি অইন কোনো বস্তুৰ উদাহৰণ দি ক’ব পৰা একো বস্তু নাই নেকি?

উত্তৰ : আগতে নাছিল, আজিকালি আছে। যেনে ‘ফেচবুকীয়া কবিৰ’ দামত বিক্ৰী হ’ল, কভিড ভাইৰাছৰ দামত বিক্ৰী হ’ল৷ এইবিলাক ক’ব পৰা যায়।

২০) গায়ত্ৰী খাৰঘৰীয়া : এই যে চিনেমা বা চিৰিয়েলত, নায়ক/নায়িকাই বেয়া হ’ল বুলিয়ে দামী দামী গাড়ীবোৰ মাজ ৰাস্তাতে দিন-ৰাতি-বিয়লি নামানি যে এৰি থৈ আহে, সেইবোৰ কোনে আনি ঘৰত থৈ যায়হি! নে চোৰৰ বাবে এৰি থৈ আহে? ভাবি ভাবি টোপনি ক্ষতি মোৰ।

উত্তৰ : ভাল আইডিয়া উলিয়ালে, আহক আমি দুয়ো মিলি সেই গাড়ীবোৰৰ  চুপে চাপে সুব্যৱস্থা কৰাৰ ব্যৱসায় কৰি স্বাৱলম্বী হওঁ।

২১) লৱ চহৰীয়া : এই যে অনুষ্ঠানবোৰৰ মাজত দুই‌ এটা প্ৰতিযোগীক শকত ধনৰ টোপোলা আগবঢ়াই তাত কিমান টকা থাকে বাৰু?

উত্তৰ : দিয়াজন কিমান শকত সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব।

২২) শ্ৰুতিমালা মিশ্ৰ : ৰঙা ফিটাৰ মেৰপেছ বুলি যে কয় সেই ফিটাডালৰ ৰঙটো অকল ৰঙা কাৰণেই এইটো নাম আহিল নে বেলেগ ৰঙৰো ফিটা থাকে?

উত্তৰ : চৰকাৰী ফাইল ৰঙা ৰঙৰ ফিটাৰেই মেৰিওৱা হয়, আন ৰঙৰ নেথাকে।

☆ ★ ☆ ★ ☆

4 Comments

  • অবিনাশ শৰ্মা

    উত্তৰসমূহ বঢ়িয়া দিছে৷

    Reply
  • দীক্ষিতা

    ১০ আৰু ২০ নম্বৰ উত্তৰ দুটা বিৰাট ভাল লাগিছে কিন্তু ??

    Reply
  • কমলা দাস

    মজা উত্তৰ

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    মজ্জা উত্তৰ দিছে ফটহুকা‌য়ে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *