ফটাঢোল

বেয়া খবৰটো-দিম্পল কলিতা

সেইদিনা আছিল সোমবাৰ। কিবা যেন দু-চিন্তা এটাই ৰাতিপুৱা উঠিবৰ পৰাই মোৰ মনত সোমাই লৈছে। কিন্তু কিহৰ বাবে মোৰ এই চিন্তা বিষয়টো উলিয়াব পৰা নাই। এনেকুৱা লাগিছে যেন কিবা এটা হ’ব আজি।

এফালে বতৰো বৰ এটা ভাল নহয়। বতাহে ইতিমধ্যে ঘৰৰ সন্মুখৰ মধুৰীআম জোপাত কোবাব ধৰিছে। ঢং কৈ প্ৰচণ্ড শব্দ কৰি এটা ৰূমৰ খিড়িকীখন কোবালে বতাহে। দৌৰি খিড়িকীখন বন্ধ কৰিলোঁ। কি হ’বলৈ গৈ আছে বুজি পোৱা নাই। মা তেতিয়া পাকঘৰত। দুপৰীয়াৰ ভাতৰ যোগাৰত ব্যস্ত।

মনৰ খেলি-মেলিখিনি কিয় হৈছে? মাক কওঁ নেকি! কিন্তু ক’ম কি? মই মোৰ অস্থিৰতাৰ কাৰণ নিজেই উলিয়াব পৰা নাই!

বৰষুণৰ টোপালবোৰে তৎক্ষণাত  চোতালখন তিয়াই পেলালে।

ভাবিলোঁ, দুখবোৰ এনেকুৱাই চাগে হঠাৎ আহি, তিয়াই থৈ যায় চকুপানীৰে আৰু সেমেকাই তোলে বুকুখন/চোতালখন।

বিছনাত অলপ শুই দিয়াই ভাল হ’ব! ক’ৰবাত শুনিছিলোঁ, “কেতিয়াবা হয় এনে অস্থিৰতা, শোৱাপাটি এৰাৰ সময়ত যদি কিবা নিগেটিভ চিন্তা মনলৈ আহে গোটেই দিনটো তেনেকৈ পাৰ হয় বোলে। অলপ শুই দিলে মনটো ফ্ৰেছ হ’ব।

বতৰটো গা ধুব পৰাকৈ নহয় আজি।  ভৰিখন ধুই হেডফোনডাল কাণত লৈ এটাৰ পিছত এটা গান লগাই থাকিলোঁ। মন দি এটা গানো শুনিব পৰা নাই।

গাৰুটো বুকুত সাৱটি ভাল লগা কিছু মুহূৰ্ত ভাবিবলৈ চেষ্টা কৰিলোঁ। নাই কাৰোবাৰ মুখ এখনো মনলৈ আনিব পৰা নাই। হয় আজি কিবা দূৰ্ঘটনা হ’ব, নহয় কোনোবা আপোন মানুহে কষ্ট পাব। নহ’লে মোক ইমান কষ্ট নিদিয়ে।

এনেতে মাৰ চিঞৰ পাকঘৰৰ পৰা,

: ভাত হৈছে খাই লৈ শুই থাক, গা পা ধোৱাৰ নিয়ম নাই লেতেৰা।

অইনদিনা হোৱা হ’লে মই প্ৰত্যুত্তৰ দিলোঁহেঁতেন কিন্তু আজি সকলো ওলোটা। ভাতৰ পাতত বহিলোঁ।

ভাত, ডাইল, পটল ভাজি আৰু কোমোৰাৰ তৰকাৰী এখন। ভাতকেইটাৰ পৰা গৰম ধোঁৱা ওলাই আছিল।

: আৰু ক’ত যোগাৰ?

মাক প্ৰশ্ন কৰিলোঁ।

: মানে?

: ফ্ৰীজত মাংস নাই জানো ৰাতিৰ, দিয়া আকৌ?

: দিন-কাল বৰ এটা ভাল নহয়, আজিৰপৰা আমি সোমবাৰ পালিম। সোমবাৰে অকল নিৰামিষ খাম। মাংস যি দুপিছ আছিল ৰাতিপুৱাই পেলাই বাচন ধুই থৈছোঁ।

এয়া এশাৰী বাক্যই নাছিল, বতাহৰ বেগেৰে অহা প্ৰচণ্ড চৰ আছিল মোলৈ এয়া।

ৰাতিৰ সেই ধুনীয়া মাংসৰ জোলকণ  পেলাই দিন ভাল কৰিবলৈ মই ব্ৰত পালিম! ৱাহ জীৱন ..!

উফঃ ভগৱান….

ঠিকেই ভাবিছিলোঁ,  আজি কিবা এটা যে বেয়া খবৰ শুনিম!

☆ ★ ☆ ★ ☆

3 Comments

  • জ্যোতিস্ময় গগৈ

    ধুৰ, মই আকৌ বেলেগ কিবা বুলিহে ভাবিছিলোঁ। বৰ ভাল লাগিল দেই । লিখকৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।

    Reply
  • ডলী

    হা হা! সচাঁকৈ দিন বেয়া হ’ল। নিৰামিষ খাব লগা হ’ল।

    Reply
  • জয়ন্ত দাস

    ইচৰাম বৰ কৰুণ কাহিনী দেই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *