কবিতাই কাল হ’ল : অৰ্চন শৰ্মা
মানুহজন মাষ্টৰ, লগতে কবি। কবি মানে দুৰ্দান্ত কবি, এদিন কিবা কাৰণত ‘মা’ক বিচাৰি আমাৰ ঘৰলৈ আহিছিল, কথাই কথাই মায়ে ক’লে,
“আমাৰ এইটোৱেও মাজে মাজে কিবা কিবি লিখি থাকে, কবিতাই লিখে নে কি লিখে জানো!”
মাৰ কথাত ভদ্ৰলোকজন তামাম, উৎসাহিত হ’ল, মোক বাহিৰলৈ মাতি নি প্ৰায় বলপূৰ্বক বহুৱাই এঘণ্টামান তেওঁৰ কবিতা শুনালে, কবিতাও মানে একে ভয়ঙ্কৰ কবিতা ঔ, মায়ে ডাঠকৈ গাখীৰৰ চাহ একাপ নিদিয়ালৈকে তেওঁৰ কবিতা পাঠ অব্যাহত থাকিল। চাহ তামোল খাই তেওঁ যাবলৈ ওলাল, মই বোলো- “ৰক্ষা! আজিলৈ বাচিলোঁ”!
পিচে নাই, তাৰ পিছত তেওঁ দুই তিনিদিনৰ মূৰে মূৰে আহি মোক ভয়ংকৰ ভয়ংকৰ কবিতা শুনাবলৈ ল’লে, সেইকাৰণে পাছলৈ মই তেওঁ আহিব বুলি গম পালেই ঘৰৰপৰা পলোৱা হ’লোঁ। পিচে মোক দুদিনমান ঘৰত নাপাই তেওঁ মাৰ পৰা মোৰ নম্বৰটো লৈ দৈনিক তিনি চাৰিটা কবিতা প্ৰেৰণ কৰিবলৈ ল’লে।
দুদিনমান দুটামান কবিতা পঢ়িলোঁ, তাৰ পিছত অশান্তি লাগিল। তেওঁ কবিতা দিয়ে, ময়ো নপঢ়াকৈয়ে নাইছ, তামাম আদিৰে ৰিপ্লাই দি থৈ দিওঁ। আন মানুহ হোৱা হ’লে ব্লক মাৰি দিলোঁহেঁতেন। এতিয়া মাৰ চিনাকি বাবে সেইটোও কৰিব নোৱাৰোঁ।
মাজতে কি হ’ল জানো! মানুহজন এমাহমান আমাৰ ঘৰলৈ নহাকৈ থাকিল, আনকি কবিতা পঠাবলৈও এৰিলে। মই ভালেই পালোঁ বোলো “কবিতাৰ পৰা মুক্তি”। পিচে নাই, দুদিনমানৰ পিছত আকৌ তেওঁ কিবা এটা মোলৈ পঠালে কিবা প্ৰকাশ হোৱা কবিতাৰ ফটো যেন লাগিল, মই ঘৰৰ বাহিৰত আছিলোঁ বাবে ফটোখন ডাউনলোড নকৰাকৈয়ে ৰিপ্লাই দিলোঁ,
“বৰ সুন্দৰ দেই, বৰ ভাল পালোঁ”।
আধাঘণ্টামানৰ পিছতে আকৌ মায়ে ফোন কৰি সুধিলে,
: ঐ, আমাৰ লগৰ যে অমুক মাষ্টৰে তোক কিবা মেছেজ দিছিল নেকি?
মই বোলো,
: অঁ, তেওঁৰ কিবা কবিতা এটা দিছিল হ’বলা, মই ভাল লাগিল বুলি কৈছোঁ নহয় তেওঁক, সেইটো আকৌ তোমাক ফোন কৰি ক’ব লাগেনে তেওঁ।
মোৰ কথা শুনি মা জ্বলি-পকি উঠিল, আধাঘণ্টামান মোক বিভিন্ন গালিৰে বিভূষিত কৰি মায়ে ক’লে,
: জধামূৰ্খ, সেয়া কবিতা নাছিল, বেচেৰাৰ ঘৈণীয়েক ঢুকাল, সেইখন তাৰে সকামলৈ মতা চিঠিহে আছিল।
তাৰ পিছত এয়া এবছৰ হৈ গ’ল, তেওঁৰ পৰা আৰু এটাও কবিতা পঢ়িবলৈ পোৱা নাই।
☆ ★ ☆ ★ ☆
12:35 pm
বেচেৰা তিনিদিন আগতে চিঙা সাৰ দিয়া বন্ধাকবিটো???
1:26 pm
হা হা, বৰ জমনী দেই ।
ভাল লাগিল
8:29 pm
হাঃ হাঃ, বেচেৰা কবি।