ফটাঢোল

গণশিল্পী লোকনাথ গোস্বামীৰ সৈতে অন্তৰংগ আলাপ

আমাৰ আলোচনীৰ নিয়মীয়া শিতান সাক্ষাতকাৰলৈ এইবাৰ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজ সচেতক শ্ৰীযুত লোকনাথ গোস্বামী দেৱক। “মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিনদাও” “আমোলমোল শেৱালিৰ গোন্ধ” আদি গীতেৰে অসমৰ ৰাইজৰ হৃদয় মণিকোঠাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা এই শিল্পী সাহিত্যকগৰাকীক বেলেগ কোনো পৰিচয়ৰ বিশেষ প্ৰয়োজন নাই। ৬০ৰ দশকত অসমৰ সাংস্কৃতিক নগৰী ৰূপে খ্যাত শোণিতপুৰৰ নাতিদূৰৈৰ দ-বেছেৰীয়াৰ সত্ৰৰ পৰিয়ালত জন্ম লৈ অসমত লোক সংগীতৰ চৰ্চা, ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত শ্ৰীযুত গোস্বামীৰ অৱদানক অসমৰ ৰাইজে ইতিমধ্যে স্বীকৃতি দিছে। সংগীতৰ উপৰিও এগৰাকী উচ্চমানৰ সাহিত্যিক আৰু নিবন্ধকাৰ শ্ৰীযুত লোকনাথ গোস্বামীৰ জীৱন পৰিক্ৰমা অসমৰ সাংস্কৃতিক ইতিহাসৰ এক জীয়া দলিল। 

শ্ৰীযুত গোস্বামীৰ সৈতে ফটাঢোল ই-আলোচনীৰ সম্পাদনা সমিতিৰ সদস্য হিমাংশু ৰাজখোৱাৰ লগত হোৱা কথোপকথনখিনিকে সাক্ষাৎকাৰৰ ৰূপত পাঠকলৈ আগবঢ়াই দিয়া হ’ল৷

ফটাঢোল : পোন প্ৰথমে আপোনালৈ বিহুৰ ওলগ যাচি আমাৰ কথা বাৰ্তাখিনি আৰম্ভ কৰিবলৈ ওলাইছোঁ।

লোকনাথ গোস্বামী : আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা বিহুৰ ওলগ যাচিলোঁ। প্ৰথমে মই ফটাঢোলৰ এই উদ্যোগটোক আদৰণি জনাইছোঁ।ফটাঢোল, ফটামুখ, ফটা কথা এইবোৰ মানুহে তুচ্ছাৰ্থত কয় যদিও ফটাঢোলৰ এটা সুকীয়া আৱেদনো আছে আৰু আপোনালেকৰ আলোচনীখন হাস্য-ব্যংগৰ আলোচনী বুলি কোৱাৰ বাবে মোৰ এই কাৰণেও ভাল লাগিছে যে, হাস্যৰসৰ বা হাস্য-ব্যংগ সাহিত্যৰ সাধাৰণ মানুহৰ মাজত যিটো প্ৰভাৱ সেইটো অতি সুদূৰপ্ৰসাৰীৰ আৰু সাংঘাতিক বুলি মই ভাবোঁ। মই জীৱনত যেতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু পঢ়িছোঁ, তেতিয়া দেখিছোঁ যে সেই সাধুসমূহৰ মাজেদিয়েই হওক বা সেই সময়ৰ গীত-মাতবোৰৰ মাজেদিয়েই হওক বা কৃপাবৰ বৰবৰুৱাৰ কাৰ্টুন ছবিবোৰৰ মাজেদিয়েই হওক সেইবোৰ হাস্য-ব্যংগৰ উৎকৃষ্ট সমল আছিল। তেতিয়াই মই ভাবিছিলোঁ যে ভবিষ্যতে যদি পাৰোঁঁ হাস্য-ব্যংগৰ দিশটোকো সামৰি ল’ম। যি কি নহওক মই প্ৰথমে গোটেই উদ্যোগটোক, আপোনালোকৰ এই আয়োজনটোক আদৰণি জনাইছোঁ।

ফটাঢোল : ধন্যবাদ। আপোনাৰ সৰু কালছোৱাৰ পৰাই আৰম্ভ কৰোঁ।

লোকনাথ গোস্বামী : শৈশৱৰ কথা ক’লে মই সদায় এইটো বৰ গৌৰৱেৰে কওঁ যে মোৰ জন্ম হৈছিল গাঁৱত।গাঁওখনৰ আকৌ নাতিদূৰৈত তেজপুৰ চহৰ। গতিকে মোৰ জীৱনৰ সৌভাগ্য এই ফালৰ পৰা যে আগবেলা যদি গাঁৱত মই বোকা পানী খচকি আছোঁ, গৰু মহৰ মাত শুনিছোঁ, পেঁপাৰ মাত শুনিছোঁ, ছাগলীৰ মাত শুনিছোঁ, গৰখীয়াৰ গীত-মাত শুনিছোঁ, বৰনামঘৰৰ ডবা-কাঁহৰ মাত শুনিছোঁ আকৌ পিছবেলা যদি চাইকেলখনত নিজে বা কাৰোবাৰ লগত টাউনলৈ আহোঁ তেতিয়া টাউনৰ যিটো নগৰীয়া সংস্কৃতি সেই সময়ত গঢ়ি উঠিছিল সেই সময়ত তাৰ পৰিবেশ পাইছোঁ।

ফটাঢোল : গাঁওখনৰ নাম কি আছিল?

লোকনাথ গোস্বামী : বেছেৰীয়া, দ-বেছেৰীয়া। তেজপুৰ টাউনৰ পৰা সাত মাইল দূৰৈত। চাইকেলেই নহয় তেতিয়াৰ দিনত এইখিনি দূৰত্ব আমি খোজকাঢ়িও আহিছিলোঁ। টাউনলৈ আহি সেইখিনি সময়ত বাণ থিয়েটাৰ আমাৰ বাবে বৰ সাংঘাতিক আকৰ্ষণৰ বস্তু আছিল। এতিয়া বাণ থিয়েটাৰ তেজপুৰত নতুনকৈ হ’ল টাউনৰ মাজত। আমি কিন্তু জ্যোতি প্ৰসাদ, বিষ্ণু ৰাভা, ফণী শৰ্মাৰ, ভূপেন হাজৰিকাৰ যিটো জুহাল সেই বাণ থিয়েটাৰ পাইছিলোঁ। গতিকে মই শৈশৱ কওঁতেই প্ৰথমে যদিও মোৰ নিজৰ কথা চমুকৈ ক’লোঁ যে গাঁও আৰু টাউন দুয়োটা মই পাইছোঁ কিন্তু গাঁৱত জন্ম হোৱাৰ বাবে গ্ৰাম্যজীৱনটো আৰু গ্ৰাম্য সংস্কৃতিটো মোৰ বুকুৰ আপোন। অসমীয়া সংস্কৃতিৰ ভেটিটো হ’ল গ্ৰাম্য সংস্কৃতি। গতিকে সেইটোৰ সৈতে একাত্ম হোৱাৰ এটা সুযোগ মই পাইছিলোঁ। তাৰ পাছত যদি সোধা হয়, মোৰ আৰু এটা জীৱনৰ কৈ ভাল লগা কথা গাঁৱৰ ভাওনাৰ কথাটো। গাঁৱত ভাওনা হয় আৰু ভাওনাৰ যিবোৰ শিশু চৰিত্ৰ হয় একলব্য হওক, ভক্ত প্ৰহ্লাদ হওক তাৰ পাছতে অন্ধ মুনিৰ অভিশাপ তাত সিন্ধু মুনি, হৰিশ্চন্দ্ৰ উপাখ্যান এইবোৰৰ কাহিনীবোৰ বৰ মূল্যবোধৰ কাহিনী। সেইবোৰৰ পৰা কিবা এটা সততা, মানুহক ভালপোৱা আৰু জীৱনৰ মূল্যবোধৰ শিক্ষা এটা পাইছিলোঁ। তেতিয়া আমি ইমান বুজি পোৱা নাছিলোঁ। যুক্তি তথ্য, সাহিত্য-সংস্কৃতি একো বুজি নাপাইছিলোঁ কিন্তু গাঁৱত যে ভাওনা চাওঁ তাত শ শ মানুহ আহে। মাইক্ৰফোন নাথাকে তেতিয়া। ইমান আন্তৰিকতাৰে একলব্যৰ আঙুলিটো কাটে। ধ্ৰুৱক যেতিয়া বলিশালত সুমুৱাই, সেই কাহিনীবোৰে, সেই দৃশ্যবোৰে মানুহক প্ৰভাৱান্বিত কৰিছিল। পিছদিনা মানুহ যেতিয়া ৰাজহুৱা স্থানত গোট খাই তেতিয়া কয়- “সেয়া দেখিলা সেই অত্যাচাৰী ৰজাৰ কি হ’ল দেখিলা। সেইবাবে বুজিছা, মানুহ ভাল হ’ব লাগে, ন্যায়পৰায়ণ হ’ব লাগে। আৰু অহংকাৰী হ’ব নালাগে।” তেতিয়া মই ভাবোঁ যে, সেই মানুহবোৰতো কেতিয়াও স্কুললৈ যোৱা নাই। কিন্তু ভাওনাখনে মানুহক মূল্যবোধ দিছিলে।

ফটাঢোল : পঢ়া শুনা গাঁৱৰ স্কুলৰ পৰাই হৈছিল নে টাউনলৈ আহিছিল?

লোকনাথ গোস্বামী : মই মেট্ৰিকলৈকে বেছেৰীয়াতে পঢ়িলোঁ। কলেজীয়া শিক্ষা দৰং কলেজত। কলেজলৈ গাঁৱৰ পৰা চাইকেল মাৰি অহা-যোৱা কৰোঁ। কলেজত থকা কালত তেজপুৰৰ সেই সময়খিনিয়ে মোৰ পিছৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে। এটা ভেটি গঢ় দিয়া বুলি ক’ব পাৰি। এই কথাটো মই এইবাবেই কৈছোঁ, আমি সৰুতে বুজি পাওঁ নাপাওঁ বেলেগ কথা কিন্তু আমি বিষ্ণু ৰাভাক দেখিছোঁ, ফণী শৰ্মাক দেখিছোঁ, চন্দ্ৰধৰ গোস্বামীক দেখিছোঁ। ভূপেন দাকো সৰুৰে পৰা তাত অনুষ্ঠানবোৰত দেখিছোঁ। কাৰো লগত চিনাকি নাই কিন্তু মোৰ এটা কথা হ’ল যে মই সৰুৰে পৰা গান গাওঁ। এবাৰ কিবা এটা অনুষ্ঠানত মোক বৰগীত গাবলৈ ক’লে। তেতিয়া সৰু মই, খুব সম্ভৱ দ্বিতীয় বা তৃতীয় মানত হ’ম চাগৈ। বৰগীত গালোঁ, তেতিয়া দেখিছোঁ সেই ফিল্ডতে টিনৰ চকী পাৰি বিষ্ণু ৰাভা, ফণী শৰ্মা বহি আছে। আমি ইমান বুজি নাপাওঁ কিন্তু জানো যে ওখপাখ মানুহজন বিষ্ণু ৰাভা আৰু ইজন ফণী শৰ্মা। তেতিয়া মোক মাতি বাপু এইফালে আহা, তোমাৰ ঘৰ ক’ত কি কথা এইবোৰ সুধিলে। কাষতে থকা চন্দ্ৰধৰ গোস্বামীয়ে ক’লে ই আমাৰ পৰিয়ালৰে মানুহ। মোক তেতিয়া বৰগীত গোৱা ভাল হোৱা বুলি ক’লে আৰু ভালকৈ গাবলৈ ক’লে। সেই এটা কথা আৰু এটা কথা মই কৈ থওঁ। মই যে বৰগীত গাইছিলোঁ। সেইটোৰ বাবে মোৰ তেজপুৰত এটা পৰিচয় আছিল। তাৰ কাৰণ আছিল দুটা। এটা হ’ল স্কুল টুৰ্নামেণ্ট৷ আজিকালি এইবোৰ উঠি গ’ল। স্কুল টুৰ্নামেণ্টবোৰত কি হৈছিল, তাত টেলেণ্টবিলাক গম পোৱা গৈছিল। আজিকালিৰ ৰিয়েলিটি শ্ব’বোৰৰ দৰে। স্কুল টুৰ্নামেণ্টবোৰত মই তেতিয়া প্ৰতিটো গীতৰ প্ৰতিযোগিতাতে প্ৰথম হওঁ। গতিকে মোক কিছু কিছুৱে তেতিয়াই চিনি পাইছিল। বৰগীতৰ কথা উলাওঁতেই এটা কথা কওঁ, ১৯৬৮ চনত সাহিত্য সভাৰ অধিবেশন হৈছিল তেজপুৰত। অধিবেশনৰ সাংস্কৃতিক উপ-সমিতিৰ সভাপতি আছিল বিষ্ণু ৰাভা। অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল কমলা আগৰৱালা। জ্যোতি প্ৰসাদৰ ভাতৃ। জ্ঞাননাথ বৰা আছিল সভাপতি। সেই অধিবেশনৰ মুকলি সভাখনৰ আৰম্ভণিতে মোক বৰগীত গাবলৈ কোৱা হ’ল মানে মই গোৱা বৰগীতেৰে মুকলি সভাৰ কাৰ্যসুচী আৰম্ভ হ’ব। মই তেতিয়া নৱম মানত পঢ়ি আছোঁ। মুকলি সভাৰ দিনা বৰগীত গাবলৈ মই পাটৰ চোলা চুৰিয়া পিন্ধি সভাগৃহৰ এচুকত বহি আছোঁ। এনেতে কোনোবাই ক’লে, “আহ, ভাতকেইটা খাই লহি৷” ভাতকেইটা খাবলৈ বহিছোঁহে, কোনোবা এজনে ক’লে, “হেৰা কিবা এনাউন্স কৰা শুনিছোঁঁ৷” মই আধা ভাত খোৱাকৈ উঠি আহিলোঁ। আকৌ আহি বহিলোঁহি, সময়ত সভা আৰম্ভ কৰাৰ কথা এনাউন্স কৰিলে কিন্তু সেই ঘোষণাত বৰগীতৰ কথা নক’লে ক’লে লোকগীতৰ কথা। সেই লোকগীত গাবলৈ মঞ্চলৈ মাতিলে চেতনা তালুকদাৰক। এতিয়াৰ চেতনা দাস। মই কাৰোবাক ক’লোঁ যে বৰগীতেৰে আৰম্ভ হোৱাৰ কথা আছিল। কোনোবাই ক’লে, “ৰবা কিবা এটা খেলিমেলি হৈছে। তুমি বহা৷” মই বহি থাকিলোঁ। সেইযে বৰগীত গাবলৈ দিব দিবকৈ মই বহি থাকিলোঁ কিন্তু বৰগীত গাবলৈ নিদিলে সভা শেষ হ’ল। কোনোবাই তেতিয়া ক’লে যে ৰাতি গাবলৈ দিব। ৰাতিও ফাংচন আৰম্ভ হ’ল। বৰগীত নাহেহে নাহে। এনেকুৱাতে হৰেণ মহন্ত মানে মোৰ দাদাই মোৰ লগত কথা পাতিবলৈ আহিল, তেনেকুৱাতে দেখিলোঁ বিষ্ণু ৰাভাই হাত চাত কোঁচাই উত্তেজিত হৈ কিবাকিবি কৈ আছে। মোৰ দেখি ভয় লাগিছিল। তেখেত মোৰ ওচৰলৈ আহিল। মই উঠি দিলোঁ। তেওঁ ক’লে, “বাপু তুমি বহা” আৰু দাদা হৰেণ মহন্তক ক’লে, “মহন্ত মই এতিয়া তাণ্ডৱ নৃত্য কৰিম। মই মঞ্চত তাণ্ডৱ কৰিম৷” এইবুলি তেওঁ মঞ্চলৈ উঠি গ’ল। সকলোৱে গৈ তেওঁক ক্ষান্ত হ’বলৈ ক’লে। তেওঁ তেতিয়া ক’লে, “এই ল’ৰাজনক মাতি আনি অপমান কৰা হৈছে। গজেন বৰুৱাই অৰুণাচলৰ পৰা মাতি অনা লোকশিল্পীসকলক অপমান কৰা হৈছে৷” সকলোৱে তেওঁক ধৰি মেলি তললৈ নমাই আনিলে। মই বেছি বুজি নাপালেও মোক লৈ যে কিবা এটা হৈছে সেইটো বুজিছোঁ। অলপ পাছত মোক মঞ্চত বৰগীত গাবলৈ ক’লে। গালোঁ, সন্মুখত তেতিয়া শ শ খালী চকী। ঘৰলৈ ৰাতি ঠাণ্ডাত কঁপি কঁপি চাইকেলত উঠি আহোঁতেই মোৰ মনটোৱে কৈছে যে ৰাজহুৱাভাৱে মঞ্চত উঠি আৰু কেতিয়াও বৰগীত নাগাওঁ। তেতিয়াৰ পৰা বৰগীত গোৱাটো মোৰ বন্ধ হ’ল কিন্তু চৰ্চা থাকিল আৰু আমি পাছলৈ জনসাংস্কৃতিক পৰিষদৰ প্ৰচেষ্টাত বৰগীতৰ এখন এল পি ৰেকৰ্ডো উলিয়াইছিলোঁ।বৰগীতৰ ওপৰত মোৰ গৱেষণাও চলি আছে কিন্তু বৰগীত ৰাজহুৱাকৈ মই পাছলৈ আৰু গোৱা নাই।

ফটাঢোল : কলেজত থকা সময়তো গীত মাতৰ চৰ্চা আছিল নে?

লোকনাথ গোস্বামী :  দৰং কলেজৰ সেইখিনি সময়ত যথেষ্ট নাম আছিল। অসমৰ কেইখনমান কলেজক এটা সময়ত ষথেষ্ট সম্ভ্ৰমেৰে চোৱা হৈছিল। দৰং কলেজ, কটন কলেজ, বজালী কলেজ আৰু জে. বি কলেজ। আমি সোমোৱাৰ সময়ত দৰং কলেজৰ তেতিয়া শ্ৰেষ্ঠ গায়িকা আছিল অনামিকা পাল। মই আজিও তেখেতৰ নাম বৰ শ্ৰদ্ধাৰে লৈছোঁ। তেখেত একেৰাহে তিনিবছৰ দৰং কলেজৰ বেষ্ট আছিল। মই কলেজ সোমোৱাৰ পাছত মোক সকলোৱে জোৰ দিবলৈ ধৰিলে যে, এইবাৰ তুমি ৰেকৰ্ড ভাঙিব লাগিব।ইফালে মই বিজ্ঞানৰ ছাত্ৰ। পঢ়াৰ জোৰো বেছি। পঢ়া আৰু সংগীতৰ চৰ্চাই মোক একেবাৰে ধোঁৱাকোঁৱা দেখুৱাবলৈ ধৰিলে। দিনত কলেজৰ ক্লাছ কৰি ৰাতি ৰাতি গীতৰ আখৰা কৰোঁ। ৰাতি আখৰা শেষ কৰি আকৌ চাইকেল মাৰোঁ গাঁৱলৈ। আহোঁতে যাওঁতে চাইকেল চলাই চলাই মই চিঞৰি চিঞৰি গান গাই যাওঁ। মোৰ সেই গান শুনিয়েই মানুহে গম পাই সেয়া লোকনাথ আহিছে, কোনোৱে কয় গোসাঁই বাপু আহিছে। এনেকৈয়ে মই কলেজৰ বেষ্ট চিংগাৰ হ’লোঁ। মোক লগৰবোৰ আৰু ডাঙৰবোৰে কান্ধত উঠাই সেইবাৰ টাউনত ফুৰাইছে হিপ হিপ হুৰে বুলি চিঞৰি চিঞৰি। তাৰ পাছত ৰাজহুৱাভাৱে মোক কাপ এটা দিলে। কাপ পোৱাৰ ফূৰ্তিতে মই তেজপুৰৰ সেই সময়ৰ জনাজাত ফটো ষ্টুদিঅ’ স্পেকট্ৰামলৈ গৈ এখন ফটো উঠিলোঁ। এই ফটোখন অসমবাণীত ছপাও হৈ উলাইছিল। সেইটো আছিল ১৯৭১ চনৰ কথা। আজি ৩ বছৰমান আগতে মৃণাল তালুকদাৰে মেইলত মোলৈ এখন ফটো পঠাইছে। চাব দেই কেনেকুৱা ৰিলেটেড কথাবোৰ। নন্দ তালুকদাৰ ফাউণ্ডেচনত কি হয়, পুৰণি সমষ্ট কাগজ পত্ৰবোৰ তেওঁলোকে সংৰক্ষণ কৰে।এনেকৈ পুৰণা অসমবাণীবোৰ ডিজিটেলাইজ কৰোঁতে মৃণাল তালুকদাৰে দেখিলে যে লোকনাথ গোস্বামীৰ ফটো এইখন কলেজীয়া জীৱনৰ। সেইখন পায়েই তেওঁ মেইল কৰিছে মোলৈ। মোৰ লগত ফটোখন নাছিল। সেইখন থৈ দিছোঁ এতিয়া ধুনীয়াকৈ।

ফটাঢোল : সংগীতৰ সমান্তৰালকৈ লেখা মেলাৰ চৰ্চা আছিল নে?

লোকনাথ গোস্বামী : কম আছিল লেখা মেলা। স্কুল কলেজৰ মেগাজিনবোৰত লেখিছিলোঁ সৰু সুৰা কিবা কিবি। মোৰ জীৱনৰ টাৰ্নিং পইণ্ট আচলতে নামৰূপলৈ চাকৰি কৰিবলৈ যোৱাটো। নামৰূপত গৈ মই এটা বেলেগ পৰিবেশ পালোঁ। তালৈ গৈ মই এখন কচমপলিটান চচাইটি দেখিলোঁ। আচলতে বৰঅসমখনক জানিব খুজিলে আপুনি কোকোৰাঝাৰলৈও যাব লাগিব কাকপথাৰলৈও যাব লাগিব। গৌৰীপুৰলৈও যাব লাগিব গোগামুখলৈও যাব লাগিব। হাফলংলৈও যাব লাগিব ডিফুলৈও যাব লাগিব, ওদালগুৰিলৈও যাব লাগিব আৰু বৰপেটা, বটদ্ৰবা সত্ৰলৈও যাব লাগিব। মই মোৰ গানত কৈছোঁ যে “ৰংপী ৰাভা বসুমতাৰী নহয় ভিন পৰ” এই গীতটো মোৰ একেবাৰে হৃদয়ৰ পৰা ওলাই অহা গীত। কাগজত কেৱল কেচেট কৰিবলৈ লিখা গান নহয়।সমাজৰ এই বৈচিত্ৰতা আচলতে মই নামৰূপলৈ চাকৰি কৰিবলৈ গৈহে উপলব্ধি কৰিব পাৰিছিলোঁ। নহ’লে মই যি সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হৈছিলোঁ তাত এই অনুভৱ হোৱাৰ অৱকাশ নাছিল। আৰু এটা কথা মই কৈ থওঁ এইখিনিতে, এই কথাটো কোৱা দৰকাৰ। তেজপুৰত মই এটা বস্তু দেখিছিলোঁ। বিষ্ণু ৰাভা কছাৰী, লাওপানী খোৱা কছাৰী, ফণী শৰ্মা বামুণ। এই বামুণ আৰু কছাৰী যদি ঐক্যবদ্ধ নহ’লহেঁতেন অসমে ‘চিৰাজ’ নাপালেহেঁতেন। ‘এমুঠি চাউল’ নাপালেহেঁতেন। ‘কিয়’ নাটক নাপালেহেঁতেন, ‘ভোগজৰা’ নাপালেহেঁতেন। মই এইখিনি কথা ‘আমাৰ অসম’তো লিখিছোঁ।

ফটাঢোল : আপুনি হেমাংগ বিশ্বাসক লগ পাইছিল নে?

লোকনাথ গোস্বামী : হয়, মই হেমাংগ বিশ্বাসক লগ পাইছিলোঁ সম্পূৰ্ণ দহ বছৰ।

ফটাঢোল : আপুনি ভাৰতীয় গণ নাট্য সংঘৰ লগতো জড়িত আছিল নেকি?

লোকনাথ গোস্বামী : মই গণ নাট্য সংঘৰ লগত জড়িত হ’ব নোৱাৰিলোঁ। নোৱাৰিলোঁ মানে তাৰো কাৰণ আছে।এবাৰ কলিকতা অসম ভৱনত অনুস্থান কৰিবলৈ গৈছিলোঁ। সেই অনুস্থানটোত সেইদিনা বিশিষ্ট অতিথি হৈ আহিছিল হেমাংগ বিশ্বাস। মোৰ বাবে তেওঁ এজন লিজেণ্ডেৰি মানুহ। মোক যিহেতু আয়োজকসকলে নিমন্ত্ৰণ কৰি নিছিল গতিকে মোকো তেওঁলোকে হেমাংগ দাৰ কাষতে বহুৱালে। মোৰ গান শুনি হেমাংগ দাই ক’লে, “এই ছেলেটাৰ গলাটা খুৱ মিষ্টি। গগৈ ও ছেলেটাকে আমাৰ বাড়ীতে নিয়ে আছ’’ গগৈ মানে সেই অনুস্থানৰ আয়োজক কূল গগৈ, ৰাম গগৈৰ ভাতৃ।হেমাংগ দাই অসমীয়াও ক’ব জানিছিল অলপ ভঙা ভঙাকৈ। তেতিয়া মোক কূল গগৈয়ে হেমাংগ দাৰ ঘৰলৈ লৈ গ’ল। তেওঁৰ ঘৰটোৰ নাম জিৰণি, ছোৱালীৰ নাম ৰঙিলী। এনেদৰেই প্ৰথম মোৰ তেখেতৰ লগত সম্পৰ্ক গঢ় লৈ উঠিল। তাৰ পাছৰ পৰা যেতিয়াই মই কলিকতালৈ যাওঁ তেখেতৰ ঘৰলৈ এপাক যাওঁ, ভাত পানী খাওঁ। কথা পাতোঁ, আড্ডা মাৰোঁ। জন হেনৰীৰ গান, পিট চিগাৰৰ গান গাওঁ। তেখেতে মোৰ পৰা বিহু লয়, ফ’ক চং লয়। তাৰ পাছত তেওঁৰ জীৱিত অৱস্থাতে মই ‘আজিৰ সময়’ত, যিখন ধ্ৰুৱজ্যোতি বৰা আৰু পদ্ম বৰকটকীৰ সম্পাদনাত ওলাইছিল তাত ছোৱা ছোৱাকৈ মই এই বিষয়ে লিখিছিলোঁ, কিন্তু সেই কথাবোৰ শেষ কৰিবলৈ নাপাওঁতেই হেমাংগ বিশ্বাস ঢুকাল। সেই লেখাখিনি একেলগ কৰি আৰু আমাৰ চিনাকিৰ ১০ বছৰীয়া সমলখিনিৰে “মাটি আৰু মানুহৰ শিল্পী হেমাংগ বিশ্বাস”খন মই উলিয়াই দিলোঁ ১৯৯২ চনত। ষ্টুডেণ্ট ষ্টৰছে উলিয়াইছিল। সেইখন পাছলৈ বঙালী অনুবাদো হৈছে। গতিকে হেমাংগ দাৰ লগত সেই এটা সম্পৰ্ক মোৰ। এনেকৈ বিষ্ণু ৰাভাৰ পৰা হেমাংগ দালৈকে মই বহু মানুহ ওচৰৰ পৰা পালোঁ।

ফটাঢোল : নামৰূপৰ সময়ছোৱা আপুনি টাৰ্ণিং পইণ্ট বুলি কৈছিল।

লোকনাথ গোস্বামী : হয়, নামৰূপলৈ গৈ মই আকাশবাণীৰ অ’ডিচন দিলোঁ। সকলোৱে ক’লে লংৰাটোৰ গলাটো ভাল। আকাশবাণী ডিব্ৰুগড়ত অ’ডিচন দি একেবাৰতে পাছ কৰি ৰেডিঅ’ আৰ্টিষ্ট হৈ গ’লোঁ। তেতিয়া ১৯৭৬ চন, ৰেডিঅ’ আৰ্টিষ্টক মানুহে হাটে বজাৰে ঘূৰি ঘূৰি চায়। ডিব্ৰুগড়ত প্ৰগতিশীল সংস্কৃতিৰ এটা আৱহাৱা আছিল। সাংস্কৃতিক জগতখনত নতুন নতুন কাম কৰি থাকিবলৈ এপ্ৰিচিয়েচনৰ খুব দৰকাৰ। উৎসাহ উদ্দীপনাৰ খুব দৰকাৰ। বহু ক্ষেত্ৰত ইয়াৰ অভাৱে মানুহক অলপ হতাশো কৰে। নামৰূপত গৈ মই সেইটো পাইছিলোঁ।তাত ৰেডিঅ’ত গান গাবলৈ গৈ মই কিছু মানুহ লগ পালোঁঁ৷ যেনে-জ্যোতিশ ভট্টাচাৰ্য, হীৰেন গোহাঁই, ছৈয়দ ছাদুল্লা।

ফটাঢোল : আপুনি ভাৰতীয় গণ নাট্য সংঘৰ লগত জড়িত নোহোৱাৰ কিবা এটা কাৰণ আছিল বুলি কৈছিল। কি আছিল সেই কাৰণ ক’ব নেকি?

লোকনাথ গোস্বামী : মই গণ নাট্যৰ ইতিহাসটো বুজি পালোঁ যেতিয়া হেমাংগদাক লগ পালোঁ। হেমাংগ দাৰ পৰা মই গণ নাট্যৰ ইতিহাসৰ বহু সমল গোটালোঁ কিতাপ পত্ৰ, কেচেটৰ পৰা আদি কৰি। সেইটো এক ধৰণৰ মোৰ গৱেষণাৰ দৰেও হ’ল। মই প্ৰতক্ষ্যভাৱে ক’তো গৱেযণা কৰা নাই, ডক্টৰেট ডিগ্ৰীও লোৱা নাই।কিন্তু এইটোও কওঁ, অৱশ্যে ক’লে অহংকাৰ কৰা যেনো হয় যে মোৰ ওচৰলৈ বহুতে গৱেষণাৰ বাবে আহে। মই সহায়ো কৰোঁ। মোৰ কিতাপ “মাটি আৰু মানুহৰ শিল্পী হেমাংগ বিশ্বাস” এইখনত ভাৰতীয় গণ নাট্য সংঘৰ ইতিহাস সোমাই আছে। হেমাংগ বিশ্বাসৰ যি অৱদান আছিল এইক্ষেত্ৰত সেই কথাখিনি সেই কিতাপখনত আছে। আচলতে আমাৰ সময়ত গণ নাট্য সংঘৰ কামকাজবোৰ স্থবিৰ হৈছিল। ইয়াৰ কাৰণ কেইবাটাও আছিল। গণ নাট্য সংঘৰ বেকগ্ৰাউণ্ডটো যদিও কোনেও মুকলিকৈ ক’ব নোখোজে, তথাপি সেয়া আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ মতাদৰ্শ। এতিয়া কোনাবাই অস্বীকাৰ কৰিব পাৰে সেই সময়ৰ গণ নাট্য সংঘৰ লোকসকল আছিল কমিউনিষ্ট পাৰ্টিৰ মানুহ। হেমাংগ বিশ্বাস, সলিল চৌধুৰী, উৎপল দত্ত, অমলেন্দু গুহ আদি। ভূপেন হাজৰিকা আৰু মঘাই ওজা কিন্তু কমিউনিষ্ট পাৰ্টিৰ সদস্য নাছিল যদিও এই দুজনক বাদ দি গণ নাট্য সংঘৰ ইতিহাস আধৰুৱা। আমাৰ সময়লৈ কমিউনিষ্ট পাৰ্টি দুভাগ হ’ল, ১৯৬৪ চনত। পাৰ্টি দুভাগ হৈ চিপিআই আৰু চিপিএম হ’ল। তেতিয়া তেওঁলোকে কি কৰিলে, এটা সন্তানকে দুভাগ কৰি লোৱা দি কোনেও এৰিব নুখুজিলে গণ নাট্য সংঘক। অসমতে বিভূৰঞ্জন চৌধুৰীহঁতৰ এটা গোটৰ অফিচ পাণবজাৰত, আকৌ কেশব মহন্ত, খগেন মহন্তহঁতৰ গোটটো শিলপুখুৰীত। অসমতেই দুটা। মোক যেতিয়া সুধিলে, “গণ নাট্যত কিয় জইন নকৰা?” মই তেতিয়া চিধাই সুধিলোঁ, “কোনটোত কৰিম?” ‘এ’ ত কৰিম নে ‘বি’ ত কৰিম! দুয়োটা কিয় ঐক্যবদ্ধ নহ’ল সেইটো মই বুজি পালোঁ। হেমাংগ বিশ্বাসে ১৯৮৬ত এলাহবাদত এখন অভিবৰ্তন কৰিব খুজিছিল। দুয়োটা ঐক্যবদ্ধ কৰাৰ বাবে। কিন্তু সেইটো সম্ভৱ নহ’ল। অসমতো নহ’ল। বিশেষকৈ চি পি আই এমৰ মানুহখিনি ঐক্যবদ্ধ হ’ব নোখোজে।

ফটাঢোল : থোৰতে যদি আপোনাক সোধা যায় হেমাংগ বিশ্বাসে অসমীয়া জাতিক কি দিলে?
লোকনাথ গোস্বামী : এইটো ভাল কথা সুধিছে আপুনি।আটাইতকৈ ডাঙৰ কথা অসমীয়া জাতীয় উৎসৱ বিহুৰ সঠিক মূল্যায়ন হেমাংগ দাই কৰিছিল। তাৰ আগলৈ বিহুক লৈ অসমীয়া মানুহৰ মাজত দ্বিধা আছিল যে এইটো আচলতে শ্লীল নে অশ্লীল। দ্বিতীয়তে, আমাৰ যিটো লোকসংস্কৃতি ইয়াক বহুতে অনাৰ্য সংস্কৃতি বুলি ভাবিছিল। কিন্তু লোকসংস্কৃতি যে সকলোৰে আধাৰ বা মেৰুদণ্ড সেইটো তেওঁ দেখুৱাই দিছিল। ৰাধাগোবিন্দ বৰুৱাহঁতে মানে মধ্যবিত্ত শ্ৰেণীয়ে আচলতে এক প্ৰকাৰৰ পৰিচয় সংকটত ভুগিছিলে। সেই সময়ত অসমীয়াৰ আচলতে নিজৰ ‘কালচাৰ’ নাছিলেই।গতিকে যেতিয়া দেখিলে যে বিহু অস্তিত্ব ৰক্ষাৰ সমল হ’ব পাৰে তেতিয়া ঘপকৈ বিহুক পথাৰৰ পৰা তুলি আনি নিজৰ বুকুত গাঁঠি লোৱাদি ল’লে। মই সহজ ভাষাত কৈছোঁ যে বিহুটো এতিয়া মধ্যবিত্তৰ পৰিচয়সূচক। অসমীয়া মধ্যবিত্ত যিফালে গৈছে বিহু সেইফালে গৈছে। মধ্যবিত্তৰ যদি পাখি গজিছে বিহুৰো পাখি গজিছে। মধ্যবিত্তই যদি উনৈশত বা বলাইছে বিহুৱেও উনৈশত বা বলাইছে। সেইবাবে, এই যে বিহুত কোনে মঞ্চত কি গাইছে নাগাইছে এইটো সমালোচনা কৰিবলৈ যোৱা হয়, এইবোৰ খুব উপৰুৱা কথা।মধ্যবিত্তৰ চৰিত্ৰ নুবুজিলে বিহু সম্পৰ্কীয় আলোচনা সমালোচনা বৃথা। হেমাংগ বিশ্বাসৰ আন এটা অৱদান হ’ল মঘাই ওজাৰ আৱিষ্কাৰ। মঘাই ওজা যে তাৰ আগত নাছিলে তেনে নহয় কিন্তু তেখেতক হেমাংগ বিশ্বাসে এটা মান্যতা দিলে। ঢোলটোক এটা মৰ্যদা দিলে। তেওঁ ক’লে যে ঢোলৰ গৰ্জনটো অসমীয়া মানুহৰ বুকুৰ স্পন্দন।

ফটাঢোল : আপোনাৰ “মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিনদাও” এই গীতটোৰ পটভূমি কি আছিল?

লোকনাথ গোস্বামী : মই যদিও অসম আন্দোলনৰ আবেগ অনুভূতিক সন্মান কৰিছিলোঁ, বা বিদেশী যাব লাগে তাত কোনো দ্বিমত নাছিল কিন্তু আন্দোলনৰ নেতৃত্বৰ কথা বতৰাক লৈ মোৰ অলপ অসন্তোষ আছিল। তেতিয়াই ভাবিছিলোঁ যে এই নেতৃত্বই এদিন বিশ্বাসঘাতকতা কৰিব আৰু এওঁলোকে যে সোণৰ অসম দিয়াৰ কথা কৈ আছে সেই সোণৰ অসম তেওঁলোকে দিব নোৱাৰে। তেতিয়া মই ভাবিলোঁ যে সময়ৰ শৰ সময়ত মাৰি থোৱা ভাল। সেইবাবে মই সময়ৰ শৰ মাৰিছোঁ যে মোক সোণৰ অসম নালাগে পাৰা যদি মাটিৰ অসমকে গঢ়ি দিয়া। সেইটো এটা পলিটিকেল কাউণ্টাৰ আছিল, তাৰ বাবে মোৰ মূৰৰ ওপৰৰে বহু ধুমুহাও পাৰ হৈ গৈছে। তাৰ পাছত কৈছোঁ যে, ‘ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি’। কাৰণ মই ভাবোঁ প্ৰগতি জাতীয় কথাবোৰ মুখৰ কথাত নহয়। ন্যায় নিষ্ঠা, আদৰ্শ এইবোৰ নাথাকিলে কেৱল মুখৰ কথাত প্ৰগতি নহয়। বিষ্ণু ৰাভাই এইবোৰ কথা জানিছিলে। তেওঁ মাৰ্ক্সবাদ, লেনিনবাদৰ পৰা এইবোৰ কথা শিকিছিলে যে সমাজত প্ৰগতি আনিবলৈ কি কৰিব লাগে। তাৰ পাছত আহিল নতুন সৃষ্টিৰ কথা। যিটো জাতিৰ নতুন সৃষ্টি নাই সেই জাতি মৰি গ’লেও বেয়া পাই লাভ নাই। মই বেয়া নাপাওঁ।

ফটাঢোল : আহিনৰ শেষত যেতিয়া কুৱঁলী পৰে, শেৱালি ফুল ফুলে তেতিয়া আজিৰ দিনটো অসমীয়া টিভি চেনেলকেইটাই এটা গানেই বজায় “আমোল মোল শেৱালিৰ গোন্ধ” সেই গীতটোৰ সৃষ্টিৰ বিষয়ে ক’ব নেকি?

লোকনাথ গোস্বামী : কথা হ’ল মানুহ মূলতঃ অনুভৱী।দুখত দুখ, সুখত সুখ। হাঁহিলে হাঁহে, কান্দিলে কান্দে। গতিকে এনেকুৱা নহয় যে কিছুমান শিল্পীয়ে অকল সংগ্ৰামৰ গীতেই গায়। হৃদয়ত প্ৰেম-পিৰীতিৰ অনুভূতিও থাকে তাৰো বহিঃপ্ৰকাশ কেতিয়াবা নিজৰ নিজৰ সৃষ্টিৰ যোগেদি হয়। কেশৱ মহন্তই কৈ গৈছে যাৰ হৃদয়ত দেশ প্ৰেম নাই সি ছোৱালীও ভাল পাব নোৱাৰে। আপুনি কোৱা গীতটো ডিব্ৰুগড় ৰেডিঅ’ত গাবৰ বাবে মই হীৰু দাৰ পৰা ল’লোঁ। হীৰু দাৰ ঘৰলৈ গানটো বিচাৰি অহাৰ দিনা তেখেতে বাৰাণ্ডাত মুঢ়া এটা পাৰি বহি আছে আৰু তেওঁৰ সন্মুখত পুৰণা কাগজ কিনা বেচা কৰা মানুহ এজনে দগা পাল্লাত পুৰণা কাগজ উঠাই জুখি আছে। মোক সুধিলে, “কিয় আহিলা?” মই ক’লোঁ যে গান এটা বিচাৰি আহিছোঁ।লগতে মই দেখিলোঁ যে কাগজ জুখি থকা মানুহজনে যিবোৰ কাগজ জুখি আছে সেইবোৰ আচলতে এখন গানৰ কিতাপ- “তোমাৰ গান”। মই উৎসুকতাৰে চোৱাৰ বাবে তেওঁ ক’লে এইবোৰ মোৰ গানৰ কিতাপ। বিক্ৰী নাই। এনেকৈ বেচি দিছোঁ, চাৰি অনা পইচা কেজিত। মই তেতিয়া সুধিলোঁ যে মই এখন ল’ব পাৰিম নেকি, তেওঁ ক’লে, “লোৱা লোৱা।” মই লোৱা কিতাপখনত তেওঁ লিখিও দিলে মৰমেৰে লোকনাথ গোস্বামীৰ হাতত – হীৰেণ ভট্টাচাৰ্য, তাৰিখ ২৮-০৮-১৯৮০। সেই কিতাপখনতেই আছিল আপুনি কোৱা ‘আমোলমোল শেৱালিৰ ফুল’ গীতটো।

ফটাঢোল : আমি জানো আপোনাৰ এক প্ৰখৰ ৰাজনৈতিক চেতনা আছে, সমাজৰ প্ৰতি ভাল কিবা এটা কৰাৰ মন আছে। কেতিয়াবা সক্ৰিয়ভাৱে ৰাজনীতি কৰিম বুলি ভাবে নেকি বা ভাবিছিল নেকি?

লোকনাথ গোস্বামী : নাই নাই কেতিয়াও ভবা নাই।যোগাযোগ নকৰা নহয় কোনো কোনোৱে কিন্তু মোৰ ইচ্ছা নাই।

ফটাঢোল : আপোনাৰ পৰিবাৰ, আপোনাৰ পৰিয়ালৰ কথা জানিব পাৰিম নেকি?

লোকনাথ গোস্বামী : মই তেতিয়া নামৰূপত চাকৰি কৰোঁ। বন্ধু দুজনমানৰ সৈতে নাহৰকটীয়াত চিনেমা চাবলৈ গৈছিলোঁ। চিনেমা আছিল ‘বোৱাৰী’। বোৱাৰী চাবলৈ গৈ দেখিছোঁ হুলস্থূল, ঠেলা হেঁচা, গাড়ী সোমোৱাবই নোৱাৰি। টিকেট নাই। তেতিয়া উপায় নাই ভণ্টি আছিল, লগত মাও আছিল, ভণ্টিয়ে ক’লে ঘূৰি যাবলৈও বেয়া লাগিছে বান্ধৱী এজনী আছে তালৈকে যাওঁ চাহ একাপ খাই যাওঁ। ভণ্টিৰ সেই বান্ধৱীৰ ঘৰলৈ গৈয়ে এওঁৰ লগত প্ৰথম দেখা হ’ল। মানে চিনেমাৰ বোৱাৰী চাবলৈ গৈ মাহঁতে আচল বোৱাৰী পালে।

পৰিয়াল বুলিবলৈ মোৰ ল’ৰা এটা ছোৱালী এজনী। ল’ৰাৰ বিয়া পাতিলোঁ। নাতিনী এজনী হৈছে। ছোৱালীৰ বিয়া হোৱা নাই। তাহাঁত আটাইবোৰ মুম্বাইত থাকে। এটা কথা ভাল লাগে যে ইহঁত আটাইবোৰ মিউজিকৰ লাইনতে আছে।

ফটাঢোল : ছাৰ, বহু সময় কথা পাতিলোঁ। ইমানখিনি সময় আমাক দিয়াৰ বাবে কৃতজ্ঞতা জনোৱাৰ ভাষা নাই। ধন্যবাদ ছাৰ। আশা ৰাখিছোঁ নেদেখাজনে আপোনাক দান কৰক সুস্বাস্থ্য আৰু সুদিন।

লোকনাথ গোস্বামী : ধন্যবাদ ভালে থাকক সকলো। হাঁহক আৰু হঁহুৱাওক৷

(হিমাংশু ৰাজখোৱাৰ সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনাত ফটাঢোলৰ হৈ এই সাক্ষাৎকাৰটো গ্ৰহণ কৰা চিদানন্দ বৰা, দেৱজিত শৰ্মা আৰু ধূৰ্জ্জটি কাকতিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ- সম্পাদিকা, ফটাঢোল ই-আলোচনী, মে সংখ্যা)

☆ ★ ☆ ★ ☆

11 Comments

  • rintumoni dutta

    খুব ভাল লাগিল, শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ বিষয়ে জানিবলৈ পালো

    Reply
  • Chidananda borah

    ধুনীয়া হৈছে ৷

    Reply
  • ৰামানুজ জি

    এই নীৰৱ সাধকজনৰ কথা জানি বৰ ভাল পালো….

    Reply
  • দিম্পল

    বৰ ভাল লাগিল ছাৰৰ কথাখিনি জানি

    Reply
  • বন্দনা হাজৰিকা

    বহুত নজনা কথা জানিলো … ভাল লাগিল সাক্ষাৎকাৰটো

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল কথা বোৰ। “আমোলমোল শেৱালীৰ গোন্ধ “ৰ আঁৰৰ কথাখিনিয়ে আবেগিক কৰি দিলে ।

    Reply
  • text

    Reply
  • তিলক দাস

    বহুত ভাল লাগিল ।

    Reply
  • ছবি দাস

    সুন্দৰ সাক্ষাৎকাৰ!! অসমীয়া সংস্কৃতিৰ ইতিহাস অধ্যয়নৰ তথ্যৰ আধাৰ স্বৰূপ। গৱেষকসকলৰ বাবে অতি প্ৰয়োজনীয় নথি।
    ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!