ফটাঢোল

ফটালিমাৰিক – শ্রী ধনজিৎ বৰুৱা

*ধেৎ তেৰি

কামত এলাহ মিনতিৰ, মহা সুখ আজিকালি
পাংখা টিভি ফ্ৰীজ আনি পেলাইছিল শিল-বালি
পিচে প্ৰভু অসাৰ হ’ল
লোণত চিবিলৰ জিভা গ’ল
ৰেলীত  কমখন নাচি বাগি বজাইছিল যে হাত তালি।

*মহামাৰী 

মহামাৰী সৃষ্টি কৰি নিজক কৰিছোঁনে পৰীক্ষা
জ্ঞান ফালি তালি  বাজি মানুহৰ  স্বাৰ্থৰ অভীক্ষা
ইতিহাসে কৰে পৰিহাস
দাপোনত দেখোঁ উপহাস
মানৱে নিশিকে  কোনোদিন অভিজ্ঞতাৰ সমীক্ষা।
*বজ্জাত

উপাৰ্জন যিমান কঠিন, কঠিন নহয় জন্ম দিয়া
ভোকাতুৰে  প্ৰজননত সুখ বিচাৰি সুখ নাইকিয়া
বুজাবলৈ যিমান যাবা
মানুহৰ ভিন জাত পাবা
ফটো চিনেমা থেচিছত বিলাপ  উন্নতি পথৰ মৰ সন্ধিয়া।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *