ফটাঢোল

ডলী ক্ৰিয়েশ্যনৰ অষ্টদশ নিবেদন: শহুৰ মোৰ মৰমৰ-ডলী তালুকদাৰ


কাহিনী, পৰিচালনা, প্ৰযোজনা, সংলাপ : ডলী তালুকদাৰ

সংগীত : মৃদুল ভূঞা

মেকআপ : নীতাশ্ৰি নেওগ

কৰিঅ’গ্ৰাফী : অৰ্চন শৰ্মা

পোষ্টাৰ ডিজাইন : যোগেশ ভট্টাচাৰ্য 

অভিনয়ত : বিজয় মহন্ত, আদিত্যজ্যোতি বৰঠাকুৰ, হিতেশ বি বৰুৱা, বন্দিতা জৈন, আৰাধনা বৰুৱা, অনামিকা চৌধুৰী, জয়ন্ত দাস

বিজয় মহন্ত : প্ৰেম 

আৰাধনা বৰুৱা : ৰাণী

আদিত্যজ্যোতি বৰঠাকুৰ : দত্তবৰুৱা মহাজন (ৰাণীৰ  দেউতাক)

হিতেশ বি বৰুৱা : ৰাজু

জয়ন্ত দাস : কলিতা (প্ৰেমৰ দেউতাক)

ৰাজশ্ৰী শৰ্মা : মমী (ৰাণীৰ  ভনীয়েক)

বন্দিতা জৈন : দত্তবৰুৱাৰ পত্নী ৰাধা

অনামিকা চৌধুৰী : (কলিতাৰ পত্নী, প্ৰেমৰ মাক)

অনামিকা গগৈ : প্ৰেমৰ ভনীয়েক জুলী

দৃশ্য ১

কাহিলী পুৱাৰ দৃশ্য। সৰু চহৰ এখনৰ গলি এটা দেখুৱাব কেমেৰাই। ৰাস্তাত কিছুমান মানুহে জগিং কৰি থাকিব। লাহে লাহে জুম কৰি তামোল, নাৰিকল, ফলমূলেৰে ভৰা এখন ডাঙৰ বাৰী দেখুওৱা হ’ব। এটা ডাঙৰ আসাম টাইপ ঘৰ। লাহে লাহে কেমেৰা চোতালত আহি ৰ’ব ফুলি থকা গোলাপ, খৰিকাজাই ফুলৰ গছৰ কাষত।

তাৰ পৰা আহি দেখুৱাব লোহাৰ গেটৰ কাষৰ এটা ডাঙৰ ৰুম আৰু এখন চাইনবোৰ্ডৰ কাষত। জুম কৰি দেখুওৱা হ’ব চাইনবোৰ্ডখন। ওপৰত “দত্তবৰুৱা গোলা” বুলি লিখা থাকিব। 

তলত লিখা থাকিব “ইয়াত ঘৰুৱা সকলো লাগতীয়াল বস্তুৱেই পাব। দৰকাৰত গাড়ী ভাৰাতো পাব।” 

লাহে লাহে এজন আদবয়সীয়া মানুহ আগবাঢ়ি আহিব। পিন্ধনত ধুতি, গাত এটা চুৱেটাৰ, পুৰণি এড়ী চাদৰ এখনেৰে গা মূৰ ঢকা আৰু মূৰত এটা বান্দৰ টুপী। মানুহজনে আহি ৰুমটোৰ কাঠৰ দৰ্জা এখন এখনকৈ খুলিবলৈ ধৰে। 

লাহে লাহে সূৰ্য উদয় হয়।

এনেতে বাৰাণ্ডাৰ পৰা এগৰাকী তিৰোতাই চিঞৰি মাত লগায়। তিৰোতাজনীয়ে এহাতত এটা পিতলৰ ঘটি আৰু আনখন হাতেৰে ব্ৰাচেৰে দাঁত মাজি থাকে। চোতালত পিৰিককৈ টুথপেষ্টৰ ফেনখিনি পেলাই দিয়ে আৰু হাতত থকা ঘটিৰ পানী পেলাই দিয়ে। হঠাত মানুহজনীয়ে চিঞৰিবলৈ ধৰে। 

“চোৰ….চোৰ…চোৰ….”

লগে লগে ভিতৰৰ পৰা দুজনী ছোৱালী দৌৰি ওলাই আহিব “ক’ত চোৰ মা” বুলি। এজনী ফ্ৰক পিন্ধা অলপ সৰু আৰু এজনী দীঘল চুলিৰে ধুনীয়াকৈ।

এজনী ছোৱালীয়ে বাহিৰতে থকা বাহৰ টুকুৰা এটা তুলি লয় হাতত। আৰু বাহিৰত থকা দোকানলৈ গৈ মানুহজনক জপতিয়াই ধৰে।

ছোৱালীজনীয়ে বাহৰ লাঠিডালেৰে দুকোব দিয়ে। 

মানুহজন চোতাললৈ দৌৰে আৰু মুখৰ পৰা কাপোৰখন আৰু টুপীটো খুলি দিয়ে। “ক’ত চোৰ দেখিলি” বুলি খঙেৰে কয়।

তিনিওজনীয়ে আচৰিত হৈ চাব তেওঁলৈ। 

“দেউতা” বুলি ছোৱালী দুজনীয়ে আৰু “আপুনি” বুলি তিৰোতাজনীয়ে কয়।

লগে লগে পৰ্দাত সংগীতৰ তালে তালে অভিনেতাৰ নাম দেখুৱাব ফটোৰ তলত।

ক্ল’জআপত মানুহজনৰ খঙাল মুখখন দেখুৱাব (আদিত্যজ্যোতি বৰঠাকুৰ, দত্তবৰুৱা)। আচৰিত হৈ থকা তিৰোতাজনী (বন্দনা জৈন, দত্তবৰুৱানী ৰাধা)। হাতত বাহৰ লাঠি লোৱা ছোৱালীজনী (ৰাজশ্ৰী শৰ্মা, মমী), দীঘল চুলিৰ ছোৱালীজনী (আৰাধনা বৰুৱা, ৰাণী)। 

ডায়লগ –

দত্তবৰুৱা : আজি মোক তোমালোকে মাৰিয়েই পেলালা হয়। মোৰ ঘৰতে মোক চোৰ বনাবলৈ আহিছা? চকু নাই চাবলৈ?

ৰাধা : চোৰ বুলি নাভাবি কি ভাবিম? এই কাহিলি পুৱাতে কিহে পাইছিলে দোকান খুলিবলৈ আপোনাক?

দত্তবৰুৱা : হুঃ..

মমী : দেউতা তোমাৰ কাৰণে আমাৰো টোপনি খতি হ’ল। ইমান মজাকৈ শুই আছিলোঁ।

ৰাণী : মা তুমিও কম নহয় দেই। শব্দ শুনিলেই চোৰ বুলি চিঞৰিব লাগেনে? বিচনাৰ পৰা উঠোতে দেউতা যে কাষত নাছিল গম পোৱা নাছিলানে? দেউতাও যাব পাৰে ন দোকানলৈ? এই ৰাতিপুৱাই চোৰ কিয় আহিবনো কোব খাবলৈ? আমি নেদেখিলেও ৰাস্তাৰে খোজ কঢ়া মানুহেতো দেখিব।

দত্তবৰুৱা : অঁ, ব্যৱসায় চলাব লাগিলে পুৱা, গধূলিৰ চিন নাই নহয়?

ৰাধা : হ’লেও এই ৰাতিপুৱা পাঁচ বজাত কোনো নাহে দোকানলৈ। মানুহবোৰক চাহ-পানী খাই টোপনিৰ জালটো কাটিবলৈ দিয়কচোন। 

উচাৎ মাৰি তেওঁ ভিতৰলৈ যাব খোজে। জীয়েকহঁতৰ ফালে চাই কয় –

“তহঁত দুজনীক এতিয়া ভিতৰলৈ আহিবলৈ ক’ব লাগিব নেকি? মমী পঢ়া টেবুলত বহগৈ। ৰাণী ঘৰ ঝাড়ু দে গৈ।”

লাহে লাহে সকলো ভিতৰলৈ যায়। হকাৰে পেপাৰখন দলিয়াই দিয়ে চোতালত আৰু দেউতাকে আনিবলৈ যায়।

দৃশ্য – ২

টাউনৰ মাজৰ এটা ক্লাব ঘৰ দেখুওৱা হ’ব।

“জেংগো বয়জ ক্লাব” বুলি ফলকত লিখা থাকে বাহিৰত। 

ভিতৰত কেৰম বোৰ্ড, টেবুল টেনিচ খেলি থাকে কেইজনমান ল’ৰাই। কাষৰ ৰুমত জিমৰ সামগ্ৰী কিছুমান। তাত দুজন ল’ৰাই ব্যায়াম কৰি থাকে।

এজনে বক্সিং গ্লোভচ পিন্ধি পাঞ্চিং বেগ এখনত মাৰি থাকে (হিতেশ বি বৰুৱা, চৰিত্ৰ ৰাজু) আৰু আনজনে ডাম্বেল দুডালেৰে হাতৰ ব্যায়াম কৰি থাকে পিছমুখ দি।

কেমেৰাত তেওঁক পিছফালৰ পৰা দেখুৱাব আৰু ডায়লগ ক’ব।

ৰাজু : বচ, এইবাৰ আমি মিঃ ইণ্ডিয়াত ভাগ ল’মেই চিওৰ।

ডাম্বেল দাঙি থকা ল’ৰাজনে কয় –

“মই এই দহ কিলোৰ ডাম্বেল এনেই দাঙিছোঁ বুলি ভাবিছ নেকি? ওফৰাই দিম, যিয়ে মোৰ লগত কম্পিটিচন কৰিবলৈ আহিব।” – এই বুলি মুখ ঘূৰাই দিয়ে।

ক্ল’জআপত দেখুৱাব বিজয় মহন্তক, চৰিত্ৰ প্ৰেম। পিন্ধনত ট্ৰেক পেণ্ট আৰু হাত কটা টি চাৰ্ট। মূৰত এখন ৰঙা ৰুমাল বন্ধা, চকুত চানগ্লাচ। বেকগ্ৰাউণ্ড মিউজিক বাজে প্ৰেম….প্ৰেম..প্ৰেম….। চচমাযোৰ ৰজনীকান্ত ষ্টাইলত ঘুৰাই দলিয়াই দি মূৰত থ’ব খোজে কিন্তু পিছলি যায়। ৰাজুৱে খিক খিককৈ হাঁহে। 

প্ৰেমে পেন্দোৱাকৈ চায়।

ৰাজু : আৰে ভাই, তোৰ দ্বাৰা নহ’ব। এনেকৈ চ্চাল মাৰি কেইযোৰ গাগলচ ভাঙিলি মনত ৰাখিছনে?

প্ৰেম : ৰয়েজ জ্যাদাই এইবোৰ মনত নাৰাখে। আমি খানদানী জমিদাৰ হয়। আইৰ এটাই পুতেক। গতিকে  চিন্তা নাই।

ৰাজু : আইৰহে পুতেক! সেইবুলি পিতাইৰ পইচা বৰ্বাদ কৰিব নালাগে নহয়? পিতায়ে সুদাই নেৰে তোক তেওঁৰ পইচা এনেই খেদালে।

প্ৰেম : ধেৎ! তই কি কথা আৰম্ভ কৰিছ যে? মই যেতিয়ালৈ ৰজনীকান্ত দিজাইনত চচমা পিন্ধিব নোৱাৰিম তেতিয়ালৈ ৰাণীক প্ৰপ’জ নকৰোঁ। গতিকে মোৰ সাধনাত আমনি নিদিবি। আৰু মোৰ আইৰ আগত পিতাই পাৰ কঁপা দিয়ে। হা…হা…

ৰাজু : তেন্তে তোৰ ৰাণীক প্ৰপ’জ কৰা কেতিয়াও নহ’ব। কাৰণ চাৰি বছৰ ধৰি তই শিকিব পৰা নাই আৰু বা কেইবছৰ লাগে?

প্ৰেম : চুপ থাক। তই মোৰ দোষ্ট নে শতৰু ঔ? মই যাওঁ ৰাণীক লগ কৰোঁগৈ।

ৰাজু : ক’ত লগ কৰ? তই ক’লি নেকি তাইক মনৰ কথা?

প্ৰেম: নাই কোৱা। তাই আজি ভনীয়েকৰ লগত বজাৰলৈ আহিব। ভনীয়েকে মোক খবৰ দিছে। গতিকে যাওঁ। সিহঁতৰ বেগবোৰ দাঙি দিব লাগিব। নহ’লে ৰাণীয়ে কোমল হাতত দুখ পাব যে। (প্ৰেমে লাজ কৰে)

ৰাজু : ভনীয়েকে খবৰ দিয়ে?

প্ৰেম : অঁ। তাই মোৰ পিয়ন। চব খবৰ দিয়ে বায়েকৰ। পিছে পুৰা কমিচন লয়।

ৰাজু : কি?

প্ৰেম : লগ পালেই হোটেলত খুৱাব লাগে। এহেজাৰমান টকাৰ খায় আৰু বজাৰৰ বেগ দাঙিবলৈ দিয়ে দুয়োৰে।

ৰাজুৱে সৰুকৈ কয় – “প্ৰেমিক হ’বলৈ গৈ কুলীহে হ’বিগৈ যেন লাগিছে।”

প্ৰেম : কিবা কৈছ?

ৰাজু : না…নাই। ব’ল যাওঁগৈ।

প্ৰেমে একে লাম্ফত বাইক ষ্টাৰ্ট কৰে আৰু যায়।

৩য় দৃশ্য

বজাৰৰ মাজত প্ৰেম, ৰাণী, মমী তিনিও একেলগে আহি থাকে। মমী আৰু ৰাণী আগে আগে হাতত ধৰি আহে। পিছে পিছে প্ৰেম আৰু ৰাজুৱে বজাৰ কৰা বেগ কেইটা লৈ আহি থাকে। ৰাজুৰ মুখত খঙৰ চিন।

ৰাজু : বাপৰে ইমান ওজন বেগ কেইটাৰ? গোটেই দোকানৰ বস্তুৱেই লৈছে নেকি? নোৱাৰো আৰু ভাৰ ববলৈ। হাত, ভৰি চব বিষাইছে।

প্ৰেম : ৰহচোন। এইখিনি দাঙোতেই তোৰ হাত বিষালনে! আধা বজাৰ কৰা হৈছেহে।

ৰাজু : কি? আধাহে হৈছে? মই নোৱাৰো আৰু। তই নিজেও কুলী হৈছ লগতে মোকো কুলী বনাইছ? লাভতো একো নায়েই। পিছে পিছে বস্তু দাঙি ফুৰ।

প্ৰেম : চবতে কিয় লাভ চাৱ? আৰু মৰমে কষ্ট নামানে নহয়? এই যে মই বেগ দাঙো তাৰ মাজতো কি অবুজ শিহৰণ আছে তই জাননে? 

ৰাজু : হুঃ..

প্ৰেম : এই গধুৰ বেগ দাঙি পিছে পিছে খোজকাঢ়ি যোৱাটোও যে হাউ ৰোমাণ্টিক!

ৰাজু : চুপ থাক। মূৰ গৰম নকৰিবি।

এনেতে ৰাণী ৰৈ দিব আৰু মুখ ঘূৰাই প্ৰেমহঁতক চাই ডায়লগ ক’ব।

ৰাণী : প্ৰেম, তোমাৰ কষ্ট হৈছে নেকি বাৰু? দিয়া মোক নহ’লে বেগ এটা। আৰু ইমান দূৰে দূৰে আহি আছা যে? মোৰ লগত আহা আকৌ।

প্ৰেমে দৌৰি তাইৰ কাষ পায়। আৰু নালাগে বুলি কয় বেগ ল’ব। ৰাণীয়ে ল’ব বিচাৰে আৰু মমীয়ে কয় –

মমী : বা ল’ব পাৰিব দিয়া। এইখিনি ওজন একো নহয় প্ৰেমদাৰ কাৰণে। আফটাৰ অল মিঃ ইণ্ডিয়াত যোগদান কৰিব সোনকালে।

ৰাণী : ইয়ে মই পাহৰিছিলোঁ। ঠিক আছে লোৱা। ভালেই হ’ব ব্যায়াম হ’ব তোমাৰ।

মমী : প্ৰেমদা, কিবা খাওঁ ব’লক। ভোক লাগিছে। আপোনাৰ মনত আছে নহয়?

প্ৰেমে মমীলৈ পেন্দোৱাকৈ চায় আৰু ৰাণীলৈ চাই হাঁহি মাৰি আগবাঢ়ে কাষৰে ৰেষ্টুৰেণ্ট এখনলৈ। 

ৰেষ্টুৰেণ্টৰ ভিতৰত সোমায়েই প্ৰেমে খিৰিকীৰ কাষৰ টেবুল এখন দেখুৱায়। 

প্ৰেমে ৰাণীৰ কাষৰ চকীখনত বহিব খোজোতে মমীয়ে দৌৰি গৈ বহে। প্ৰেম ৰাজুৰ কাষত বহে আৰু চচমাযোৰ খুলি ৰজনীকান্ত ষ্টাইলত পিন্ধিব খোজোতে চিটিকি গৈ কাষৰ টেবুলখনত পৰে। তাতে বহা তিৰোতাজনীয়ে পেন্দোৱাকৈ চোৱাত প্ৰেমে ‘চৰী’ বুলি কৈ চচমাযোৰ লৈ আহে। 

ৰাণীয়ে মুখ টিপি হাঁহে আৰু মমীয়ে বায়েকক চিকুটি দিয়ে।

প্ৰেম : কি খাবা ৰাণী? অৰ্ডাৰ দিয়া।

ৰাণী : আগতে মোক কোৱা তুমি কিয় আহিছা?

প্ৰেম : বজাৰলৈ আহিছোঁ আকৌ।

ৰাণী : সেইটো হয় কিন্তু প্ৰত্যেকবাৰেই মই তোমাক বজাৰত লগ পাওঁ যে?

প্ৰেমে একো নকয় আৰু ৰাণীক চাই থাকে। সপোনত গান এটি প্ৰেম আৰু ৰাণীয়ে অভিনয় কৰা দেখাব। কাশ্মীৰৰ বৰফৰ মাজত দুয়ো নাচিব গানৰ লগত। গানৰ মাজতে দুয়ো আপেল বাগান পায়। ৰাণীয়ে আপেল পাৰি দিবলৈ কয় প্ৰেমক। 

হঠাৎ…..

মমী : মোৰ ভোক লাগিছে বহুত। মচলা দোচা, চাওমিন আৰু ঠাণ্ডা আনিবলৈ দিয়ক।

প্ৰেমৰ সপোন ভাঙে আৰু ৰাণীলৈ চায়।

ৰাজু : তোমাৰ বাবে দোচা আৰু ৰাণীৰ বাবে চাওমিন  ন?

মমী: নহয়। দোচা, চাওমীন, ঠাণ্ডা মোৰ বাবেই আনক। আপোনালোকে কি খায় নাজানোঁ। বাহিৰত গৈ আইচক্ৰীমো খাম কিন্তু। সৰু আপী না মই? 

ৰাণীয়ে খঙৰে চাই মমীলৈ। 

মমী : কি হ’ল? খামেই, কষ্ট হৈছে মোৰ খোজকাঢ়ি।

প্ৰেম : হ’ব দিয়া। 

ৰাজু আৰু মমীয়ে খাই বাহিৰলৈ ওলাই আহে। প্ৰেমে বিল দিয়ে আৰু কাষত ৰাণী ৰৈ থাকে। আৰু ওলাই আহোঁতে বাৰাণ্ডাত ৰাণীয়ে প্ৰেমক কয় –

ৰাণী : আজিও নক’বা নেকি একো? চাৰি বছৰে বজাৰত মোৰ বেগ দাঙি থাকিলা। আজি যদি নোকোৱা তেন্তে পস্তাবা।

প্ৰেমে কি কথা বুলি মূৰটো খজুৱায়।

ৰাণী : মনৰ কথাটো। যিটো ক’বলৈ চাৰি বছৰ ৰ’লা।

প্ৰেম : মানে.. মানে মই তোমাক ভা….ল পাওঁ।

ৰাণী : স্পষ্টকৈ কোৱা। কি বেঙা বেঙি কৰি আছা?

প্ৰেম : আই লাভ ইউ ৰাণী।

এনেতে মমী কাষলৈ আহে আৰু কয় – “ইমান দিনে এইখিনি ক’বলৈ সাহস হোৱা নাছিল ন? বায়ে আগতেই জানে আপোনাৰ কথা। আপুনি কোৱালৈ বাট চাই আছিল।”

ৰাণী : প্ৰপ’জ কৰোতে ইমান দিন লগালা আৰু বিয়াৰ কথা পাতোতে কিমান দিন লাগিব? ঘৰত কিন্তু ল’ৰা চাই আছে। সোনকালে কৰা কিবা এটা।

মমী : অঁ। আমাৰ দেউতা যি বস্তু গম পোৱা নাই আপুনি? ঠিক আছে আমি যাওঁ। আপোনাৰ কামটো হৈ গ’ল। বা ব’ল।

ৰাণী আৰু মমীয়ে ৰিক্সা এখনত উঠি যায় আৰু প্ৰেমে ফোন কৰিম বুলি ইংগিত দিয়ে ৰাণীক।

এনেতে ৰাজু কাষলৈ আহে। “বন্ধু তই এনেই ৰজনীকান্তৰ চ্চাল মাৰি চচমাসোপা ভাঙিলি” বুলি হাঁহে।

প্ৰেমে ‘ইয়া হু’ বুলি আকৌ চচমাযোৰ ওপৰলৈ দলিয়াই দিয়ে কিন্তু এইবাৰ সঠিক ঠাইত মানে নাকৰ ওপৰত পৰে।

৪ৰ্থ দৃশ্য

দুমহলীয়া বিল্ডিং এটা দেখুৱাব। কেমেৰাই চাঁদৰ ওপৰত মানুহ এজনক টিভিৰ ডিস্ক এখন ঘূৰাই থকা দেখুৱাব।

মাজে মাজে চিঞৰি সুধিব “আহিছেনে চিগনেল?”

ভিতৰৰ পৰা এটি নাৰী কণ্ঠই ক’ব – “অহা নাই… এই আহিল…আকৌ গ’ল। আহিল আহিল… এ গ’ল আকৌ।”

ওপৰত থকা মানুহজনৰ খং উঠা দেখুৱাব। এনেতে এখন ডাঙৰ গাড়ী সোমাব চৌহদত। গাড়ীখনৰ পৰা প্ৰেম আৰু ৰাজু নামিব। এনেতে খিৰিকীৰে এজনী তিৰোতাক জুমি চোৱা দেখুৱাব আৰু লগে লগে ভিতৰৰ পৰা গালি বৰ্ষণ পৰিব প্ৰেমৰ নাম ধৰি। 

ওপৰৰ পৰা মানুহজনেও নামি আহিব।

ঘটনা দেখি ৰাজুৱে ‘মই যাওঁ দে’ বুলি দৌৰে। প্ৰেমে কি কৰিম নকৰিম বুলি ভাবি ঘৰত সোমাবলৈ খোজে।

চিৰিত ভৰি থওঁতে এটা চিঞৰ আহে নাৰী কণ্ঠৰ। কেমেৰাই ডায়লগ কওঁতে তেওঁৰ খঙত ডাঙৰ কৰা চকু আৰু ওঁঠ দুটাহে দেখাব।

“ঐ জধলা! ক’ত ঘূৰি ফুৰ দিনটো? মায়ে বাপেৰৰ খবৰ আছেনে তোৰ? কাম এটা কৰিবলৈ দিলে যে নকৰ।” 

লগে লগে কেমেৰাই ক্ল’জআপত মুখখন দেখুৱাব। (অনামিকা চৌধুৰীৰ। চৰিত্ৰ কলিতানী। প্ৰেমৰ মাক)

প্ৰেমে একো নামাতি ওপৰলৈ যাব খোজে আৰু মাকে খঙেৰে চাই থাকে।

ওপৰৰ পৰা মানুহজন নামি আহে আৰু প্ৰেমক কয় –

“নোসোমাবি মোৰ ঘৰত। আজি মই গুৱাহাটীলৈ যাম বুলি কোৱা নাছিলোঁনে অফিচৰ কামত? গাড়ীখন লৈ ক’ত গৈছিলি নোকোৱাকৈ? ইমান জৰুৰী কাম তোৰ বাবে বাতিল হ’ল।” লগে লগে কেমেৰাই মানুহজনক দেখুৱাব (জয়ন্ত দাস, চৰিত্ৰ কলিতা)।

প্ৰেমে একো নামাতে আৰু ওপৰলৈ যায়। মাক পিছে পিছে যায় আৰু টিভিৰ ডিস্কখনৰ বাবে ‘টাটাস্কাই’ৰ মানুহক যে মাতিবলৈ দিছিল কিয় নাহিল সোধে। প্ৰেমে জিভা কামুৰি “পাহৰিলোঁ” বুলি সৰুকৈ কয়।

কলিতা : পুতেৰৰ মূৰত বা তুমি কোৱা কথা সোমাইছিলনে তাকে সোধা আগতে। উলাহত বা বলাটো ক’ৰবাৰ।

কলিতানী : সেই কাৰণে কৈছোঁ বিয়া পাতি দিয়ক ইয়াৰ সোনকালে। তেতিয়াহে দায়িত্ব বুজি পাব। যেতিয়া ঘৈণীয়েকৰ পৰা লপাথপা খাব দুটামান। আমাৰ কথা গাত নালাগে নহয় ইয়াৰ।

প্ৰেমে মাকৰ কথা শুনি মিচিকিয়াই হাঁহে। “অঁ মা মই ডিস্কখন ভাল কৰিবলৈ মানুহ মাতো ৰহ” বুলি ফোনটো লগায়।

কলিতানী : নালাগে এতিয়া। আউসীৰ জোনাক আৰু  অভিমান ছিৰিয়েল দুখন চাবলৈয়ে নাপালোঁ তোৰ বাবে।

কলিতা : কিনো ছিৰিয়েল কেইখনৰ কাৰণেও মুখ ফুলোৱাহে। পেনপেনীয়া কাহিনীসোপা।

কলিতানী : আপুনি কি জানিব ছিৰিয়েলৰ আবেগ। হুঃ..

কলিতানী ভিতৰলৈ যায় আৰু তেনেতে ডিস্ক ঠিক কৰিবলৈ মানুহ আহে দুজন। কলিতা লগত যায়।

প্ৰেমে ৰুমত গৈ দৰ্জা বন্ধ কৰি ৰাণীৰ লগত কথা পাতিবলৈ ধৰে ফোনত।  

৫ম দৃশ্য

দত্তবৰুৱাৰ ঘৰৰ দ্ৰয়িংৰুম।

মমীয়ে আলোচনী এখন পঢ়ি থাকে। কাষতে ৰাণীয়ে বহি ফোন কৰি থাকে। 

ৰাণী : বাৰে বাৰে কৈছোঁ সময়ত আহিবলৈ। কিন্তু তেওঁৰ গাত কথাই নালাগে।

মমী: আহিব দে। ইমান চিন্তা কৰিব নালাগে।

তেনেতে ৰাণীৰ ফোন ৰিং হয়।

ৰাণী : হেল্ল’ ক’ত আছা? কি এতিয়াহে আহিবলৈ ওলাইছা? তুমি কিবা বুজি পোৱানে নোপোৱা? কি ভয় লাগে আহিবলৈ? সোনকালে যদি নাহা তেনেহ’লে তোমাৰ মোৰ সকলো সম্পৰ্ক শেষ। 

মমী : বা ইমান টেনশ্যন কিয় লৈছনো? আহিব নহয়। আজিতো কিবা বিয়া দিন ঠিক নকৰে? চিনাকিহে হ’বলৈ আহিব প্ৰেমদা।

ৰাণী : তথাপিও লাগে সময় মিলাব। দেউতা দেখা নাই সময়ৰ কিমান পাক্কা। ৰাতিপুৱা পাঁচ বজাতে দোকান খোলে। কিমান হিচাবী সময়ৰো, টকাৰো।

এনেতে ভিতৰৰ পৰা মাক ৰাধা ওলাই আহে।

ৰাধা : আলহী আহি নাপালে দেখোন ৰাণীমা। লুচী ভাজি কৰিবলৈ দিলি, এতিয়া দেখোন ভাত খোৱাৰে সময় হ’ল। দেউতাৰেও সুধি আছে।

ৰাণী : মা আহি আছে সিহঁতে।

এনেতে বাহিৰত গাড়ীৰ শব্দ হয়। আহিল চাগে বুলি কৈ মমী বাহিৰলৈ আহে।

বাহিৰত প্ৰেম, প্ৰেমৰ ভনীয়েক জুলী (অনামিকা গগৈ) আৰু ৰাজু ৰৈ থাকে। এনেতে ৰাণী আৰু মাক ওলাই আহে আৰু ভিতৰলৈ মাতি নিয়ে। প্ৰেমে ভনীয়েকক চিনাকি কৰি দিয়ে।

তোমালোক বহা বুলি কৈ মাক ভিতৰত যায়। ৰাণীয়ে কিয় দেৰী হ’ল বুলি সোধে। ট্ৰেফিক জাম বুলি প্ৰেম কয়। প্ৰেমৰ কথা শুনি জুলীয়ে হাঁহে। 

মমী : তুমি আমাৰ কলেজতে পঢ়া ন জুলী? দেখিছোঁ তোমাক।

জুলী : উম! মইয়ো দেখিছোঁ তোমাক। ভালেই হ’ল এতিয়া কলেজত লগ পাম প্ৰায়ে।

মমী : অঁ অঁ।

এনেতে দত্তবৰুৱা সোমাই আহে ভিতৰলৈ। প্ৰেমে অলপ ভয় খোৱা যেন কৰে। মাক ৰাধা আৰু ৰাণীয়ে চাহ, জলপান আনে।

দত্তবৰুৱা : তোমাৰ ঘৰত কোন কোন আছে? তুমি কিমানলৈকে পঢ়িছা? তুমি কি কাম কৰা? চাকৰি নে বিজনেচ? দৰমহা কিমান? যদি চাকৰি নকৰা কিহৰ বিজনেচ কৰা? আয় কিমান? বেংকত ফিক্স পইচা আছেনে? পলিচি আছেনে? মাটি ঘৰ নিজৰনে তোমালোকৰ? কিমান আছে মাটি কালি? তোমাৰ দেউতাই ক’ত চাকৰি কৰে? তোমাৰ নামত জমা ৰাখিছেনে কিবা?

প্ৰেমৰ মূৰটো প্ৰশ্নৰ তালে তালে চক্ৰকাৰে ঘূৰোৱা দেখাব কেমেৰাত। লগতে ধিন তা না না…ধিন চাক তাল বাজিব।

এনেতে ৰাণীয়ে মাত দিব – “দেউতা কি কথাবোৰ সুধিছেনো? আৰু ইমান খৰকৈ কিয় কথা কৈছে?”

ৰাধা : ল’ৰা ছোৱালীকেইটাক চাহ খাবলৈ দিয়কচোন? কি যে কৰি থাকে নহয়? তোমালোকে চাহ খোৱা। এখেতে এনেকুৱাই, ধেমেলীয়া।

দত্তবৰুৱা : কি ধেমালি?

ৰাধাই চকু পকাই দিয়াত চুপ থাকে তেওঁ।

প্ৰেম : একো নহয় মা। মানে খুড়ী। মোৰ দেউতা  আবকাৰী বিষয়া। মা গৃহিণী। ভন্তিয়ে পঢ়ি আছে। মই এম.এ. পাছ কৰি ঘৰতে বহি নাথাকি ব্যৱসায়তে লাগিছোঁ। ময়ে ল’ৰা একমাত্ৰ। দেউতাৰ সম্পত্তি বহুত ককাৰ দিনৰে। আমি খানদানী ধনী। দুবিঘা মাটিত দুমহলীয়া ঘৰ আৰু টাউনৰ মজিয়াত মাটি আছে। ঘৰ সাজিলোঁ, ভাৰা বহুত পাওঁ। খেতিৰ মাটি গাঁৱত আছে। ধান নিকিনোঁ। মই মানে এইবাৰ নাইট চুপাৰ এখন কিনিছো। নামটো “নীলকণ্ঠ”। আগৰে জে.চি.বি. দুখন, মেজিক দুখন আছে বিজনেচৰ বাবে। মোৰ নিজৰে এ.চি. গাড়ী আছে এখন। সৰু জিম এটা আছে। তাত মই ইন্সট্ৰাক্টৰ। 

ৰাণী, মমী, বাপেক, মাকে মুখমেলি চাই থাকে। লগতে জুলী আৰু ৰাজুৱে। ৰাজুৱে নিজকে চিকুটি দিয়ে এবাৰ।

 দত্তবৰুৱা : কি ট্ৰেক্টৰ বুলি ক’লা?

ৰাজু : খুড়া ব্যায়াম শিকোৱা মাষ্টৰ। সি বডী বিল্ডিং কৰে। এইবাৰ মিঃ ইণ্ডিয়াত যোগদান কৰিব।

দত্তবৰুৱা আৰু ৰাধাই প্ৰেমক ভৰিৰ পৰা মূৰলৈ চায় আৰু ৰাণীলৈও চায়। জুলী আৰু ৰাজুৱে হাঁহে মনে মনে।

সকলোৱে মনে মনে বহি থাকে। দত্তবৰুৱাই প্ৰেমক চাই থাকে।

ৰাণীয়ে প্ৰেমক মেচেজ দিয়ে মোবাইলত “কিবা কথা কোৱা”।

প্ৰেম : খুড়াদেউ! আপোনালোক দুঘৰ মানুহ থাকে নেকি বাৰু? 

দত্তবৰুৱা : কিয় সুধিলা?

প্ৰেম : নহয় মানে ৰাণীয়ে কৈছিল যে আমাৰ ঘৰত গ’লে দত্তবৰুৱাহঁতৰ ঘৰ কোনটো বুলি সুধিবা। সেইকাৰণে সুধিছোঁ দত্ত কোনঘৰ আৰু বৰুৱা কোনঘৰ?

ৰাণীয়ে মূৰত হাত দিয়ে।

দত্তবৰুৱাই ঘোপাকৈ চাই প্ৰেমলৈ আৰু কাৰণটো সোধে কিয় আহিছে। প্ৰেমে ৰাণীক বিয়া পতাৰ কথা কয় ভয়ে ভয়ে। দত্তবৰুৱাই মাক দেউতাকক সোনকালে আনিবলৈ কয়। প্ৰেমহঁত যোৱাৰ পিছত মাক ৰাধাই দত্তক সোধে ইমান সোনকালে ৰাজী হ’ল কিয় বুলি।

দত্তবৰুৱা : দুখন নাইটচুপাৰ, জে.চি.বি. থকা ল’ৰা এটালৈ ছোৱালীক কিয় নিদিম বিয়া? ভালহে মই আৰু ঠিকা ল’ব পাৰিম গাড়ী ভাৰাৰ।

কথা শুনি ৰাণী আৰু মমীয়ে ভয়ে ভয়ে দুয়োকে চাই আৰু ভিতৰলৈ যায়।

ৰাণীয়ে প্ৰেমলৈ ফোন লগায়।

ৰাণী : কিহে পাইছিল তোমাক ইমান মিছা মাতিবলৈ?

সিটো ফালে প্ৰেমক দেখুওৱা হ’ব।

প্ৰেম : নক’লে তোমাৰ সেই কৰাইছ সদাগৰ বাপেৰাই মানিলে হয় জানো? 

ৰাণী : সত্যটো গম পালে কি হ’ব?

প্ৰেম : তাৰ আগতে বিয়া পাতিম। চিন্তা নকৰিবা। কুল বেবী কুল।

ৰাণীৰ চকুত ভয় আৰু প্ৰেমৰ চকুত হাঁহিৰে পৰ্দা দুভাগ কৰি দুয়োকে দেখুওৱা হয়।

দৃশ্য ৬

কলিতা আৰু কলিতানী দুয়োকে সাজু হোৱা দেখুৱায়। কলিতাই ধুনীয়া চাৰ্ট পেণ্ট পিন্ধি পাৰ্ফিউম সানে। 

কলিতানীয়ে দূৰৰ পৰা চাই থাকে চাদৰত পিন মাৰি মাৰি। জীয়েক জুলীয়ে মাকক মেকআপ কৰি দিয়ে। কলিতাই জীয়েকক কয় –

কলিতা : মা জুলী, মোকো দে অ’ অলপ পাউদাৰ সানি।

কলিতানী : কইনা পুতেৰৰ বাবেহে চাবলৈ যাম আমি। আপোনাৰ বাবে নহয়তো। ইমান জিলিকিব নালাগে।

কলিতা : আৰু তুমি যে সেই ৰাতিপুৱাৰ পৰা লেপিয়ে আছা মুখখনত। খোপাটো চাৰিবাৰ বান্ধিলা যে কিয়? খোপাত ৰঙা গোলাপো লগাইছা দেখোন? 

কলিতানী : মই দৰাৰ মাক।

কলিতা : মই  বাপেক।

জুলী : মা, দেউতা হ’ব। দুয়োৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া কাজিয়াকে কৰিবানে যাবা? দেৰী হৈছে।

তলত প্ৰেমে গাড়ীত বহি হৰ্ণ বজাই জোৰেৰে।

কলিতানী : ই বেটাই ৰ’বই নোৱাৰা হৈছে। ব’লক।

সকলোৱে গাড়ীত বহে। 

গাড়ী চলাই থকা প্ৰেমে আকৌ সপোন দেখে। এইবাৰ ব্ৰক্ষ্মপুত্ৰত নাও চলাই গান গাই ৰাণী আৰু প্ৰেমে। গান গাই মগ্ন হৈ থাকোতে প্ৰেমৰ চকুত পানী এচলু মাৰি দিয়ে ৰাণীয়ে আৰু হাঁহে। 

প্ৰেমে চক খাই উঠে আৰু দেখে জুলীয়ে বটলৰ পৰা পানী মাৰিছে। কাষতে মাকে কঁকালত হাত দি ৰৈ থাকে খঙেৰে চাই।

কলিতা : অ’ সোণ, বিয়াৰ কথাহে পাতিবলৈ আহিছোঁ। এতিয়ালৈ বিয়া হোৱা নাই। গতিকে সপোন ৰাজ্যৰ পৰা নামি আহ। এনেও তোৰ মাৰৰ যি লাওপাত কচুপাত মুখ। কইনাই ভয়তে নাহোঁ বুলি ক’লে হ’ল আৰু।

কলিতানী : কি কৈছে?

প্ৰেম : ব’লা ভিতৰলৈ।

বেল বজোৱাৰ লগে লগে মমী আৰু মাক ৰাধাই আদৰেৰে ভিতৰলৈ নি বহুৱাই সকলোকে। মমীয়ে পানী আনি দিয়ে।

কলিতানীয়ে মিঠাইৰ টোপোলা দুটা ৰাধাৰ হাতত দিয়ে।

কিছু সময় পিছত ৰাণীয়ে চৰ্বত, ফলমূলৰ ট্ৰে লৈ আহে। সকলোৱে ৰাণীৰ লগত চিনাকি হয়। কলিতা কলিতানীৰ ৰাণীক পচন্দ হয় বহুত। কলিতাই দেউতাকক বিচৰাত ৰাণীৰ মাকে বজাৰলৈ যোৱা বুলি কয়।

এনেতে ৰাধাই দত্তবৰুৱাক খিৰিকীৰে পিছফালে যোৱা দেখি ভিতৰলৈ যায়। কলিতাহঁতে মমী আৰু ৰাণীৰ লগত কথা পাতে। 

দত্তবৰুৱাই পিছ দুৱাৰেৰে সোমাই আহে। হাতত বজাৰৰ মোনা।

ৰাধা : পুৱাৰে পৰা কৈ আছিলোঁ বজাৰলৈ যাবলৈ। কিন্তু দোকান এৰি ক’ত যাব? এতিয়া আলহীৰ আগত বজাৰ কৰি আনিছে।

দত্তবৰুৱা : হেই, মোৰ নিজৰ লোকচান কৰিম নেকি? চোৱা তুমি কোৱামতে আনিছোনে?

ৰাধা : (মোনাৰ ফালে চাই) হে হৰি! চব বুঢ়া পাচলি আনিছে যে? আৰু মাংসও কোনোবা বুঢ়া ছাগলীৰ। নিসিজিবই দেখোন। চোবাবই নোৱাৰিব। আৰু ইমানকণ মাংসৰে চবকে আটিবনে বাৰু? ইচ..ইচ..

দত্তবৰুৱা : কিয় নাটিব। ভালহে চোবাব নোৱাৰিলে বেছি নাখাব। এবাৰত দুপিচ দিলে তিনি নংটো নুখুজিব। হা..হা..

ৰাধা : মনে মনে থাকক। আৰু ব’লক। ৰৈ আছে তেওঁলোকে।

এনেতে ৰাণী আৰু মমী আহে আৰু চাহ, মিঠাই, পুৰী আদি সজাই লৈ যায়। দেউতাকে গা ধুবলৈ যায়।

মাক বাপেকে চাহ খাই থাকোতে প্ৰেম বাহিৰলৈ আহে আৰু ৰাণীক ইংগিতেৰে মাতে। দুয়ো বাহিৰত কথা পাতে আৰু প্ৰেমে ৰাণীক উপহাৰ এটা দিয়ে। দুয়ো বাহিৰত থাকোতে দত্তবৰুৱা কলিতা কলিতানীৰ ওচৰলৈ আহে চিনাকি হয়। কলিতাহঁতক দেখি দত্তবৰুৱা আচৰিত হয়। 

লগে লগে ফ্লেচবেকত দেখুৱায়।

এসময়ত দত্তবৰুৱাৰ টাউনত থকা দোকানৰ পৰা একপোৱা বুট কিনি তাৰে দহটা বুট গণি কলিতানীয়ে পোকে খোৱা দেখি কমপ্লেইন দিয়ে। ফলত দত্তবৰুৱাই নিজৰ চুবুৰীত দোকান দিব লগা হয়।

হঠাত ভিতৰত চিঞৰ শুনি ৰাণী আৰু প্ৰেম দৌৰি যায়।

ভিতৰত দত্তবৰুৱাই খঙত ফোঁপাই থাকে আৰু কলিতানীও খঙেৰে থিয় হৈ থাকে।

দত্তবৰুৱা : আপুনি কি কৰিছে ইয়াত? এইবাৰ কিহৰ কমপ্লেইন দিবলৈ আহিছে। 

কলিতানী : আপোনাৰ ঘৰ বুলি জানিলে মই নাহিলোঁৱেই হয়। মিছলীয়া মানুহ। পোক লগা বুট বেচি মানুহক ঠগায়।

দত্তবৰুৱা : মুখ চম্ভালি কথা ক’ব। কোন মিছলীয়াহে? আপুনিহে সৰু কথাটোকে ডাঙৰ কৰি দিছিল। আপোনাৰ মিছা আৰোপত মই বুট বেচিবলৈয়ে বাদ দিছোঁ। চব সামগ্ৰী থাকিলেও মই বুট নেবেচোঁ।

কলিতা : কি কথাবোৰ উলিয়াইছা তোমালোকে। যি হ’ল হ’ল আৰু।

দত্তবৰুৱা : নিদিওঁ মই ছোৱালীক বিয়া আপোনাৰ ঘৰলৈ।

কলিতানী : নিদিওঁ মই আপোনাৰ ঘৰত মোৰ ল’ৰাক জোঁৱাই হ’বলৈ।

এইবুলি কলিতানী গুছি আহে। পিছে পিছে কলিতা, প্ৰেমহঁত আহে।

                                                                                                                  ৭ম দৃশ্য

ঘৰত প্ৰেমে মন মাৰি বহি থাকে। দেউতাকে কাষত বহি বুজাই থাকে।

প্ৰেম : দেউতা যদি মই ৰাণীক নাপাওঁ তেতিয়া হ’লে ঘৰ এৰি গুছি যাম।

কলিতা : মই আছোঁ নহয়। তই কিয় চিন্তা কৰিছ? মাৰক মই বুজাম। ৰাণীৰ দেউতাককো বুজাম। তই কেৱল ব্যৱসায়ত মন দে।

কলিতানী হঠাত সোমাই আহে। 

কলিতানী : কাক বুজাবলৈ আহিছে? মোক? মই কোনো ভুল কাম কৰা নাই। সেই দত্ত নে বৰুৱা তাক বুজাওকগৈ। মই সত্যৰ লগত থকা মানুহ।

কলিতা : হ’ব দিয়া। তোমাৰ কাৰণে যে মোৰ চাকৰি নগ’ল সেইবাৰ। উফ… যি হ’ল হৈ গ’ল আৰু? পুৰণি কথাতে লাগি থাকিব লাগেনে আৰু?

কলিতানী : লাগিমেই। কিয় পোক লগা বুট বেচিব? মই ন্যায়ৰ লগত থকা মানুহ।

কলিতা : তেওঁ দেখোন বুটেই নেবেচা হ’ল তেতিয়াৰ পৰা।

কলিতানী : তাতে কি হ’ল? ভালহে, মানুহবোৰ ঠগ খোৱাৰ পৰা বাচিল।

প্ৰেম : মই একো নাজানো। মোক ৰাণীক লাগে।

কলিতানী : মই তোক চিনেমাৰ হিৰোইন আনি দিম।

প্ৰেম : চিনেমাৰ হিৰোইন নালাগে মোক ৰাণীকহে লাগে।

এনেতে ৰাজু আহে আৰু সি প্ৰেমৰ মা দেউতাকক প্ৰেমৰ মন ভাল লগাব আৰু বুজাব বুলি কৈ প্ৰেমক লৈ ওলাই আহে।

ৰাজুৱে বাইক ৰখায় পাৰ্ক এখনৰ ওচৰত। প্ৰেমক ভিতৰলৈ যাবলৈ কয়। প্ৰেমে যাবলৈ মান্তি নোহোৱাত ৰাণী ৰৈ থকা বুলি কোৱাত প্ৰেম ভিতৰত সোমায়।

ৰাণী এখন বেঞ্চত বহি থাকে। প্ৰেম কাষত বহে আৰু ৰাণীৰ হাত এখন তুলি লয়।

ৰাণী : কি যে হৈ গ’ল হঠাত?

প্ৰেম : ময়ো ধৰিবই নোৱাৰিলো। তোমাৰ দেউতা আৰু মোৰ মা ইমান পুৰণি শত্ৰু বুলি।

ৰাণী : তোমাৰ মায়েনো কিয় পোকে খোৱা বুটকেইটাৰ কমপ্লেইন দিব লাগে? দেউতাৰ যে কি কষ্ট হৈছিল।

প্ৰেম : তোমাৰ দেউতাইনো কিয় পোকে খোৱা বুট বেচিছিল? মোৰ মাৰ পেটৰ অসুখ হৈছিল।

ৰাণী : ভুল তোমাৰ মাৰ।

প্ৰেম : ভুল তোমাৰ দেউতাৰ।

ৰাণী : তোমাৰ মায়ে মোৰ দেউতাক ক্ষমা খুজিলে মোক বিয়া দিব।

প্ৰেম : তোমাৰ দেউতাই ক্ষমা খুজিলে মোক বিয়া পাতিবলৈ দিব। ভুল তোমাৰ দেউতাৰ।

তেনেতে ৰাজু আহে আৰু দুয়োকে বুজাই যে কাজিয়া কৰি লাভ নাই। উপায় উলিয়াব লাগে। প্ৰেমে গৈ কথা পাতিব লাগে বুলি ৰাণীয়ে কয়। লাহে লাহে সকলো পাৰ্কৰ পৰা ওলাই আহে।

৮ম দৃশ্য

‘দত্তবৰুৱা গোলা’ ত ৰাণীৰ দেউতাকে বহি থাকে।

কেলকুলেটৰ লৈ হিচাব কৰি থাকে কিবা। এনেতে প্ৰেম আৰু কলিতা আহে। প্ৰেমক দেখি দত্তবৰুৱাৰ খং উঠে। ওলাই যাবলৈ কয়।

প্ৰেমে হাতযোৰ কৰি ক্ষমা খোজে আৰু এখন চিঠি হাতত দিয়ে।

দত্তবৰুৱাই পঢ়ি চাই দেখে প্ৰেমৰ মাক কলিতানীয়ে ক্ষমা খুজি লিখিছে। দত্তবৰুৱাই মিচিকিয়াই হাঁহে। 

দত্তবৰুৱা : চিঠিৰে ক্ষমা খোজাতকৈ তেখেতে নিজে আহি ক্ষমা খুজিলে ভাল পালোঁ হয়।

প্ৰেম : মায়ে বহুত লাজ আৰু দুখ পাইছে। সেয়েহে চিঠিৰে ক্ষমা বিচাৰিছে।

দত্তবৰুৱা : ঠিক আছে। কিন্তু মোৰ দুটামান চৰ্ত আছে।

প্ৰেম : মই সকলো মানিম।

কিছু সময়ৰ পিছত প্ৰেমে ৰাণীৰ সৈতে নিজৰ ঘৰলৈ আহে।

কলিতানীয়ে ৰাণীক দেখি মুখ ঘূৰায়।

ৰাণীয়ে ভয়ে ভয়ে চিঠি এখন দিয়ে। কলিতানীয়ে পঢ়ি গম পাই যে দেউতাকে ক্ষমা খুজিছে।

কলিতানী : চিঠিখন দিয়াতকৈ যদি তোমাৰ দেউতাৰাই নিজে ক্ষমা খুজিলে হয় ভাল পালোঁ হয়। 

ৰাণী : সেইবাবে মোক পঠিয়াইছে। আচলতে দেউতাই লাজ পাইছে বহুত।

কলিতানী : হ’ব বাৰু। মই ইমান নিষ্ঠুৰ নহয়। মোৰ ল’ৰাতকৈ ডাঙৰ একো নহয়। কিন্তু বিয়া মোৰ মতে হ’ব। খানাৰ মেনু মই ডিচাইড কৰিম।

কলিতানীয়ে ফোন কৰে ৰাণীৰ ঘৰলৈ।

ৰাণী আৰু প্ৰেম ওলাই আহে আনন্দেৰে।

৯ম দৃশ্য

ৰাণীৰ ঘৰত বিয়াৰ উলহমালহ। ডাঙৰ পেণ্ডেল বিয়াৰ। দত্তবৰুৱা ইফালে সিফালে দৌৰি আছে।

মাক ৰাধা আৰু মমীয়ে ধুনীয়া কাপোৰ, গহনাৰে অতিথিক মাত লগাই আছে। একোণত কইনা সাজেৰে ৰাণীয়ে ফুলৰে সজোৱা চকীত বহি আছে।

এনেতে দৰা অহাত কইনা ভিতৰলৈ নিয়ে। দৰা সাজত প্ৰেম আৰু সখা ৰূপত ৰাজুক আদৰি আনে। কলিতানীয়ে দত্তবৰুৱাক দেখি মুখ ঘূৰাই দিয়ে যদিও শান্ত হৈ থাকে। লাহে লাহে বিয়া শেষ হৈ কইনা বিদায় দিয়া হয়।

১০ম দৃশ্য

আঠমঙলা খাবলৈ প্ৰেম আৰু ৰাণী আহে। সকলো আত্মীয়ক মাত লগাই প্ৰেমহঁত যাবলৈ ওলায়। হঠাতে দত্তবৰুৱা আহি প্ৰেমক ৰখায়।

দত্তবৰুৱা : মোৰ চৰ্তটো মনত আছেনে? 

প্ৰেম : আছে মনত।

ৰাধা : কি চৰ্তনো? মই দেখোন নাজানো।

দত্তবৰুৱা : সেইটো মোৰ আৰু প্ৰেমৰ মাজৰ কথা। দিয়া এতিয়া মোৰ চৰ্ত অনুযায়ী।

প্ৰেম : কি দিম?

দত্তবৰুৱা : কিয়? ৰাণীক বিয়া দিলে তুমি যে কৈছিলা মোক নাইটচুপাৰ এখন আৰু মেজিক এখন দিবা বুলি? মনত নাই নেকি?

প্ৰেম : মনত আছে আকৌ কথাটো। পিছে….

দত্তবৰুৱা : পিছে কি?

প্ৰেম : পিছে মোৰ একো নাইটচুপাৰ, মেজিক গাড়ীহে নাই। মানে মোৰ একো গাড়ীয়েই নাই।

দত্তবৰুৱা : কি? তেনেহ’লে কি আছে তোৰ?

প্ৰেম : আছে আছে। শহুৰ মোৰ মৰমৰ।

   

     সমাপ্ত

☆ ★ ☆ ★ ☆

10 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *