ফটাঢোল

এটা টি-চাৰ্টৰ আত্মকথা : হিমাংশু ৰাজখোৱা

মই এটা-টি চাৰ্ট। মোৰ জন্ম চুৰাট চহৰৰ এটা কাপোৰৰ কাৰখানাত। তাৰ পৰা অনেক দূৰ আহি মহানগৰীৰ এখন অত্যাধুনিক মলত মোৰ যৌৱন অতিবাহিত কৰিলোঁ। খুব আনন্দেৰে দিনবোৰ পাৰ হৈ আছিল। পিচে হঠাৎ এদিন মই বিক্ৰী হৈ গ’লোঁ! মোৰ ক্রেতাজনৰ হাতত ধৰি তেওঁৰ ঘৰ নামৰ ১৪ বাই ১৪ ৰূমটোলৈ অহাৰ পাছত মই গম পালোঁ ভদ্ৰলোক এজন অবিবাহিত ডেকা ল’ৰা। মই বুজি পালোঁ আজিৰপৰা মোৰ প্ৰভু এই কলেজীয়া ডেকাজনেই।

গোটেই ৰাতিটো এটা ষ্টীলৰ আলমাৰিত মোক সুমুৱাই ৰাখি পিছদিনা আগবেলাতেই প্ৰথমবাৰৰ বাবে মোৰ মালিকে মোক গাত সুমুৱাই ল’লে। মোৰ ডিঙিত লাগি থকা মূল্য আৰু মোৰ দেহৰ ভাইটেল ষ্টেটিছটিক্স লিখা ডাঠ কাগজৰ টুকুৰাটো একেটানে ছিঙি এৰুৱাই দি তেওঁ মোৰ গাত অলপ সুগন্ধি ছটিয়াই ল’লে। আঃ! কি মন প্ৰাণ পুলকিত কৰা সুবাস৷

খুব আনন্দ মনেৰে মোক গাত সাবটি লৈ তেওঁ এইবাৰ তেওঁৰ প্ৰেমিকাক লগ ধৰিবলৈ গ’ল এখন ৰেষ্টুৰেণ্টলৈ। তেওঁৰ দেহত লিপিত খাই লাগি ধৰা মোৰ গঠন আৰু দেহৰ ৰঙক প্ৰেমিকাই খুব প্ৰশংসা কৰিলে। তেওঁৰ হাতৰ লিহিৰি আঙুলিকেইটাই মোক এবাৰ চুই চালে। এটা অদ্ভুত শিহৰণে কঁপাই গ’ল মোৰ কোমল কপাহী শৰীৰ।

গ্ৰীষ্মকালৰ এটা সমগ্ৰ দিন ঘৰৰ বাহিৰত কটাই নিশা যেতিয়া মই মালিকৰ সৈতে ঘৰলৈ উভতিলোঁ তেতিয়ালৈ সমগ্ৰ শৰীৰ মোৰ ঘামেৰে লুটুৰি-পুটুৰি। খুব আশা কৰিলোঁ, কোনোবাই যেন এবাল্টি পানীত মোক তিয়াই ৰাখক! গাৰ পৰা খুলি মোক যেন মোৰ প্ৰভুৱে বিশ্ৰাম দিয়ক, কিন্তু ই কি? মোৰ ক্লান্ত শৰীৰটো তেওঁৰ দেহত ওলোমাই লৈ তেওঁ দেখোন সেই ৰাতি আকৌ মোবাইলত গেম খেলিবলৈ আৰম্ভ কৰিলে! উসঃ কি যে এক অস্বস্তিকৰ পৰিবেশ!

মোৰ মালিকৰ ঘৰ্মাক্ত দেহৰ গোন্ধত যেন এই উকালি আহিব মোৰ! কিন্তু সেই কালৰাতিটোৰ তেতিয়াও অন্ত পৰা নাছিল। মোক গাত ৰাখিয়েই মালিক বিছনাত টোপনি গ’ল। পিছদিনা ৰাতিপুৱাও মোৰ ক্লান্ত, অপৰিষ্কাৰ আৰু সোঁত-মোচ খোৱা শৰীৰটো গাত লৈয়েই তেওঁ গোটেইদিন কলেজৰ ক্লাছ কৰিলে, আড্ডা মাৰিলে, ডেটিং মাৰিলে। গোটেই দিন নিজেও গা নুধুলে, মোকো পানীৰ স্পৰ্শৰ পৰা বঞ্চিত কৰি ৰাখিলে। সন্ধিয়া ভদ্ৰলোক পুনৰ ৰূমলৈ উভতি আহিল। গা ধোৱাৰ বাসনা মোৰ আকৌ তীব্ৰ হ’ল। ভাব হ’ল আজি যেন এবাল্টি পানীত মই লুতুৰি-পুতুৰি হ’ম, হয়তো কঁপালত লেখা থাকিলে সেই পানীত তেওঁ মিহলাই দিব খাটি নেমুৰ সুগন্ধিযুক্ত এমুঠি ৱাছিং পাউদাৰ। 

পিচে মোৰ সেই ধাৰণা ভুল বুলি প্ৰমাণ হ’বলৈ বেছি সময় নালাগিল! মোক গাৰ পৰা খুলি এডাল হেঙাৰত ওলোমাই দিয়া হ’ল। যা হওক তথাপি এক শান্তি। গোটেই ৰাতি ফেনৰ বতাহত অন্ততঃ গাৰ ঘামখিনি শুকাল। কিবা এটা অদ্ভুত শান্তি লাগিল। পিচে মনে মনে এটা সংশয়ো আছিল, কি ঠিক আকৌ কিজানি কাইলৈ ৰাতিপুৱাই তেওঁৰ গাত সোমাই ঘৰৰ বাহিৰ হ’ব লগা হয়। হয়! যি ভাবিছিলোঁ সেয়াই হ’ল, পিছদিনা আছিল দেওবাৰ। ৰাতিপুৱাই মোক গাত সুমুৱাই মোৰ প্ৰভু প্ৰেমিকাৰ লগত চিনেমা চাবলৈ গ’ল। চিনেমা হলৰ নিভৃত কোণত দুয়োজন গাত গা লগাই বহিল। মোৰ শৰীৰে স্পৰ্শ কৰিলে তেওঁৰ প্ৰেমিকাৰ শৰীৰ। স্বাভাৱিকতেই মোৰ তিনিদিনৰ ঘৰ্মাক্ত শৰীৰৰ পৰা বাহিৰ হৈছিল এক মৃদু দুৰ্গন্ধ। প্ৰেমিকাই অস্বস্তিৰ সুৰত কৈ উঠিল, 

: তুমি এইটো টি-চাৰ্ট কিমান দিন পিন্ধি আছা? উঃ কি গোন্ধ ওলাইছে! আজিয়েই এইটো ধুই দিবাগৈ৷

সঁচাই কৈছোঁ, কিমান যে ভাল লাগিল এই কথাখিনি শুনি। অৱশেষত আজি মই গা ধুবলৈ পাম! আনন্দত মন নাচি উঠিল। আজি মই গা ধুম, নেমুৰ সুবাস যুক্ত কাপোৰ ধোৱা পাউদাৰে মোৰ গাৰ পৰা সমস্ত ময়লা আঁতৰাই নিব, মোৰ সদ্যস্নাতা শৰীৰ ওলমি ওলমি শুকাব সূৰ্য্যৰ তাপত। আঃ কি আৰাম! 

পিচে ভবা মতে সোনকালে একো নঘটিল! ঘৰলৈ ঘূৰি আহি ভদ্ৰলোকে মোক গাৰ পৰা খুলি ৰূমৰ মজিয়াৰ একোণত থেকেছা মাৰি পেলাই দিলে। খুব দুখ পাইছিলোঁ অন্তৰত। কোনো সংগীও নাছিল যে মোৰ দুখ ভগাই ল’ব পাৰিম। দুটাদিন অকলশৰে তেনেকৈ পৰি থকাৰ পাছত মোক সংগ দিবলৈ আহিল এটা জিন্সৰ লং পেণ্ট। জিন্সৰ পেণ্টটো আৰু মই দুইটাই দুখন বেলেগ পৃথিৱীৰ বাসিন্দা আছিলোঁ যদিও আমাৰ মাজত এটাই মিল আছিল যে আমাৰ দুয়োৰে দুখ একেই। আমাৰ আকাংক্ষা একেই। আমি মাত্র এবাৰ গা ধুব খোজোঁ। এনেকৈয়ে পাৰ হ’ল অনেক দিন, অনেক ৰাতি আৰু লাহে লাহে আমাৰ ওপৰত জমা হৈ গৈ থাকিল প্ৰচুৰ চাৰ্ট, টি-চাৰ্ট, পেণ্ট, ৰুমাল আৰু মোৰ মালিকৰ অনেক ৰং-ৰূপ আৰু গোন্ধযুক্ত অন্তৰ্বাস। 

বুজি পাইছেনে আপুনি? সেইদিনবোৰত জীয়াই আছিলোঁ মাত্ৰ! উশাহ যেন বন্ধ হৈ যাব যিকোনো মুহূৰ্তত। অথচ আমাৰ নিজে কৰিব লগা একো নাছিল, আমাৰ হৈ কৰোঁতা বা ভাবোঁতাও কোনো নাছিল। জীৱনৰ প্ৰতি মোহ নাইকিয়া হৈ আহিছিল লাহে লাহে। বাছি থকাৰ কোনো আগ্ৰহ নাইকিয়া হৈ আহিছিল।

হঠাৎ এদিন ৰাতিপুৱা প্ৰভুৱে মোৰ গাৰ ওপৰত থকা অন্য কাপোৰ বোৰ ঘুকটিবলৈ লাগিল! মনত আকৌ এবাৰ জীয়াই থকাৰ বাসনা জাগ্ৰত হ’ল আমাৰ সকলোৰে। আজি হয়তো আমাৰ গা ধোৱাৰ দিন! 

আজি মই গা ধুম, নেমুৰ সুবাস যুক্ত কাপোৰ ধোৱা পাউদাৰে মোৰ গাৰ পৰা সমস্ত ময়লা আঁতৰাই নিব, মোৰ সদ্যস্নাতা শৰীৰ ওলমি ওলমি শুকাব সূৰ্য্যৰ তাপত। আঃ কি আৰাম!

কিন্তু আৰে! এইয়া কি! ভদ্ৰলোকে অনেক খুচৰি মুচৰি মোক হাতৰ মুঠিত ল’লে আৰু দ্বিধাহীন ভাবে আকৌ নিজৰ গাত সুমুৱাই ল’লে। সেইদিনা তেওঁৰ ৰূমলৈ অহা বন্ধু এজনক কোৱা শুনিলোঁ, 

: আৰে পাৰ্টনাৰ, চা না, এই মাত্ৰ পিন্ধা চাৰ্টটোতকৈ এইটো টি-চাৰ্ট বেছি চাফা লাগিছে ন?

☆ ★ ☆ ★ ☆

7 Comments

  • প্ৰণৱ কুমাৰ বৰা

    খুব ৰস পালোঁ পঢ়ি। হিমাংশু ৰ লেখা সদায় আকৰ্ষণীয়। পিছে টি-চাৰ্টৰ মালিক বা কোন???

    Reply
  • ডলী

    ভাল লাগিল পঢ়ি

    Reply
  • Abhijit Goswami

    দাদা ফালি দিছে ঔ

    Reply
  • অনামিকা গগৈ

    ভাল লাগিল দাদা

    Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল। পিছে বৰ বেয়া কথা এটা হ’ল। এতিয়া সকলোৱে কথাটো গম পালে যে কাপোৰ ধোৱা নহয়েই লগতে গাওনুধোৱে মালিক জনে

    Reply
  • যাযাবৰ

    টপিক জুই ।

    Reply
  • Anonymous

    চাফা কৰিবলগীয়া কণ বন্ধনীত যে….

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *