পঞ্চপদী পদ্- হেমেন ডেকা
(১)
এইবাৰহে এইবাৰ, লাগিছে হাঁহাকাৰ!
ক’ৰণাৰ মাৰ, জীৱন-জীৱিকা ছাৰখাৰ
চৌদিশে মৃত্যুৰ কিৰিলি,
এচামৰ আকৌ ধেমালি,
নেদেখা যমৰ অট্টহাস্য শুনো বাৰম্বাৰ৷
(২)
কোনেনো শুনাবহি আশাবাদৰ সুৰ?
নিৰ্বংশ হওক ক’ৰণাৰ অসুৰ!
লাগে মাথোঁ সজাগতা,
নৈমিত্তিক সতৰ্কতা,
আতংকৰ এদিন পৰিবই ওৰ৷
(৩)
সজাগ নহৈ একাংশই কৰে ভুল
অসাৱধানতাই যে বিপদৰ মূল
দেশ ৰোগাক্ৰান্ত
নেতা ভাৰাক্ৰান্ত
দেখি নিশিকে, ঠেকা খাই হয় ব্যাকুল৷
(৪)
কিডাল হ’ব পঢ়ি কিতাপ-পত্ৰ?
এতিয়াতো নহওঁ অমুকা ছাত্ৰ৷
খোৱা-পিন্ধাইহে মূল,
পাহৰি নকৰোঁ ভুল,
খাবৰ বাবে জীয়াই আছোঁ মাত্ৰ৷
(৫)
লিখালিখি কৰি কোনে কিডাল ফালিছে?
মতলবীবোৰে ওভতগোৰে নাচিছে৷
কোনে শুনে কাৰ কথা,
ভাবিলেই লাগে বেথা,
বহুতকে চাগৈ কিবা ভুতে লম্ভিছে৷
(৬)
ভাৰ্চুৱেল দুনিয়াত দেখিছোঁ হৰেক ৰকমৰ ভুত!
ঘৃণা-দ্বেষ, গালি-শপনি আৰু অশ্লীল মন্তব্যৰ সোঁত৷
ডালবীৰাৰ য’ত অভাৱ নাই,
যখ-যখিনীও আছে ঠাঁহ খাই৷
জাতি গঠনৰো শ্লোগান দিয়ে- এই ভুত সঁচাই অদ্ভুত৷
(৭)
সোঁতত উটি যদি পকনীয়াত পৰোঁ, কাক দিম দোষ?
মিছা আশাত বন্দী হৈ পাছত কি হ’ব কৰি অসন্তোষ!
নেতাৰ লেংটিত ধৰি যাওঁ,
ভাবিবলৈও আহৰি নাপাওঁ,
চিন্তাশূন্যভাৱে সময় কটাওঁ, দুখকো নোবোলোঁ দুখ৷
(৮)
মামৰে ধৰা- তলি ফুটা হ’লেও জ্বলাই লয় লেম৷
ফিটা পুৰি সাং হ’ব- নাপায় একোকে গম!
চৌদিশ কৰিব পোহৰ,
মনত আশাৰ লহৰ,
উজুটিত বেল্টা খাই পৰিলেও এৰাত নাই ভেম৷
(৯)
ক’ৰণাক দেখি বাঢ়ি গৈছে হৃদকম্পন৷
আপদ যাব কেতিয়া- ভাবি গণি আছোঁ ক্ষণ!
অকলে থকাই ভাল,
নহ’লে হ’ব জঞ্জাল,
কেঁকোৰাৰ গাঁততেই সোমাম- কৰিছোঁ পণ৷
☆ ★ ☆ ★ ☆
8:26 pm
সুন্দৰ সাম্প্রতিক সময়ৰ বিৱৰণ
7:22 pm
সুন্দৰ,প্ৰাসংগিক হৈছে
5:46 pm
সুন্দৰ