ফটাঢোল

চকুলো- নাজিফ হাজৰিকা

২০১৪ চন।

: তই যে জয়শ্ৰীৰ লগত লেকচাৰ মাৰি থাক, প্ৰপ’জ কৰি নিদিয় কিয়?  

ৰমেনে সুধিলে প্রশান্তক। 

: ধেই, লাজ লাগে। 

: কিহৰ লাজ, মাৰি দে প্ৰপ’জ। পিছত পস্তাবি। 

: বাৰু চাওঁচোন! 

সন্ধিয়া প্ৰশান্তই জয়শ্ৰীক লগ কৰিলে।   নতুনকৈ খোলা ৰেষ্টুৰেণ্টখনত  বহি  বেবীকৰ্ণ খাই থকা মাজতে সি তাইক ক’লে,

: শুনাচোন জয়শ্ৰী, কথা এটা। 

: কোৱা। 

: মই তোমাক হয়তো ভাল পাই পেলাইছোঁ। তুমি আমাৰ সম্পৰ্কটোক আৰু অলপ ওপৰলৈ নিব পাৰিবানে?

: কি? কি কৈছা তুমি এইবোৰ? 

: অঁ, মই ঠিকেই কৈছোঁ।  

: হোৱাট ননচেন্স! দুদিন ফোনত সুখ-দুখৰ কথা পাতিলোঁ বুলিয়েই তুমি ইমান চল পাই গ’লা? তোমালোকৰ নিচিনা ল’ৰাক পাত্তা দিয়াই ভুল। 

আৰু শুনা, মোৰ বয়ফ্রেণ্ড আছে, শিৱসাগৰৰ হয়। আমাৰ ৬ বছৰৰ সম্পৰ্ক আছে। 

(লাজ আৰু অপমান পালেও প্ৰশান্তই পতকৈ নিজক চম্ভালি ল’লে) 

: হাঃ হাঃ হাঃ, মই জানোঁ তোমাৰ বয়ফ্ৰেণ্ড আছে বুলি। এনেই আজি কৈ চাইছিলোঁহে তোমাক, কি ৰিয়েকশ্যন দিয়ানো চাওঁ বুলি। তুমি দেখোন ফেঁটী সাপৰ নিচিনা ফেঁট তুলি দিলা। 

: ধেই প্ৰশান্ত, ইমান যে চুপতি মাৰিব পাৰা নহয় তুমি! 

: হাঃ হাঃ হাঃ, মই তেনেকুৱাই। ৰ’বা পটকৈ বাথৰূমৰ পৰা আহোঁগৈ। 

বাথৰূমলৈ গৈ সি ৰুমালেৰে চকুৰ গুৰিত থকা পানীখিনি মোহাৰি ল’লে। নিজকে আইনাত চাই ক’লে,

“চাব্বাছ  প্ৰশান্ত, কিছু অভিনয় কৰিব পাৰ দেই তই! অন্তৰ ভাঙি থান-বান হোৱাৰ পিছতো বিন্দাছ অভিনয় কৰি দিলি, মজ্জা।” 

…….

                                            

২০১৮ চন। 

: হেই এইডাল, যাহ ইয়াৰ পৰা। উৎপাত লগাই নাথাক।

 

ঘৰত খেদা খাই ৰোহিত প্ৰশান্তহঁতৰ ঘৰ পালেহি। 

ভনীয়েক জন্ম হোৱাৰ পিছৰে পৰাই ৰোহিতে ক’তো পাত্তা নোপোৱা হ’ল। ৰাতিপুৱাই দেউতাক ওলাই যায় কামলৈ, মাক ব্যস্ত থাকে কেঁচুৱাটি আৰু ঘৰুৱা কামক লৈ। 

ৰোহিত, প্ৰশান্তহঁতৰ  ভাড়াঘৰত থকা চাৰিবছৰীয়া শিশু। নিজৰ ঘৰত পাত্তা নাপালে বা উৎপাত কৰি মাৰ খালে সি চিধাই প্ৰশান্তহঁতৰ ঘৰ পায়হি। প্ৰশান্তহঁতৰ ঘৰত সকলোৱে তাক মৰম কৰে, প্রশান্তয়ো বৰ মৰম কৰে তাক। পিচে আজিকালি মৰমবোৰ অলপ কমিছে। 

আজি ৰাতিপুৱাই নতুন এনড্ৰইড ম’বাইলটো টিপা-টিপি কৰি খেলি-মেলি কৰা কাৰণে বাপেকে তাক ঠিকছে পিটিলে। কান্দি কান্দি সি প্ৰশান্তহঁতৰ ঘৰ পালেহি। 

আহিয়েই প্ৰশান্তৰ ৰূমত সোমাই প্ৰশান্তৰ বস্তুবোৰ (লেপটপ, স্কেনাৰ, বেগ) পিটিক-পাটাক কৰিবলৈ আৰম্ভ কৰিলে। তাৰ হাত দুখন খজুৱাই থাকে, বস্তু কিবা পালেই লিৰিকি-বিদাৰি নোচোৱালৈকে শান্তি নাপায়। 

ক’ৰবাৰ পৰা আহি ঘৰ সোমোৱা প্ৰশান্তই তাক দেখিয়েই মাথা গৰম হৈ গ’ল। 

: ঐ, ভাগ ইয়াৰ পৰা। কি কৰি আছ ইয়াত? 

প্রশান্তৰ গালি শুনি সি মনে মনে ওলাই গ’ল। অলপ পাছত আকৌ সোমাই আহিল। 

: মামা, বল খেলিবা?  

ফুটবলটো উলিয়াই আনি সুধিলে প্রশান্তক। 

: নেখেলোঁ, ভাগ ইয়াৰ পৰা।  

মোবাইল টিপি টিপি প্ৰশান্তই ক’লে। 

: বল নেখেলা? WWE খেলিবা? মই তোমাক মাৰিম, তুমি পৰি দিবা দেই!   

কথাখিনি কৈ ৰোহিতে প্ৰশান্তৰ গাত জাঁপ মাৰি দিলে। 

: ধেই এইডাল, গৰমখনত গাত লাগি নাথাক। চাওঁ আঁতৰ। 

প্ৰশান্তই ঠেলা মাৰি তাক আঁতৰাই দিলে। বেচেৰা ৰোহিত নীৰৱে ৰৈ থাকিল। 

অলপ পিছত প্ৰশান্তই ৰেজৰটো লৈ দাড়ি কাটিবলৈ পিছফালৰ বেছিনটোলৈ আহিল। ৰোহিতো মনে মনে পিছে পিছে আহিল। চেভিং ক্ৰীম লগাই  প্ৰশান্তই দাড়ি কাটি থাকিল। দাড়ি কাটি শেষ হোৱাৰ পিছত ৰেজৰটো লৈ প্ৰশান্ত ৰূমলৈ আহিল। 

কিছু সময়ৰ পিছত ৰোহিতো সোমাই আহিল।

: মামা মামা, চোৱা তুমি এইটো পেলাই থৈ আহিছিলা। মই লৈ আনিছোঁ। 

ৰেজৰৰ কেপটো বৰ উৎসাহেৰে সি প্ৰশান্তৰ হাতত তুলি দিলে (কিজানি প্ৰশান্তৰ পৰা অলপ পাত্তা পায়েই!) 

প্ৰশান্তই কেপটো টেবুলৰ ওপৰত দলি মাৰি থৈ দিলে। 

মনত আঘাত পালেও ৰোহিতে আকৌ ক’লে, 

: আৰু নহয়, বেছিনটোত তুমি পানী ভালকৈ মৰা নাছিলা, দাড়ি পৰি আছিল। মই টেপটো খুলি দিলোঁ,  চাফা হৈ গ’ল। 

: উম যা এতিয়া ইয়াৰ পৰা। 

প্ৰশান্তই ম’বাইল টিপি-টিপি ক’লে। 

দুখমনেৰে, আমন-জিমনকৈ ৰোহিত গৈ খিৰিকীখনৰ ওচৰত ৰৈ থাকিল বাহিৰলৈ চাই। 

কিছুসময়ৰ পিছত প্ৰশান্ত উঠি গ’ল খিৰিকীখন মাৰিবলৈ, বাহিৰৰ পৰা বৰ জোৰেৰে বতাহ মাৰি আছিল। 

: ঐ তই কি কৰি আছ ইয়াত?  

ৰোহিতক ৰৈ থকা দেখি সুধিলে। 

: একো নাই মামা। (চকুপানী মোহাৰি হাঁহিবলৈ চেষ্টা কৰিলে) 

প্ৰশান্তই তাৰ চকুলৈ চালে। বুকুখন তাৰ কঁপি উঠিল। 

ৰোহিতৰ চকুত প্ৰশান্তই নিজৰ অতীত দেখিলে। সেই ২০১৪ চনত প্ৰশান্তৰো চকুকেইটা এনেকুৱাই আছিল। 

অন্তৰ ভাঙি থান-বান হোৱাৰ পিছতো চকুলোবোৰ লুকুৱাই অভিনয় কৰাৰ প্ৰয়াস! 

নিজকে মনে মনে ধিক্কাৰ দি প্ৰশান্তই ৰোহিতক কোলাত দাঙি ল’লে। 

: ঐ, WWE খেলিবি? তই মোক মাৰিবি, মই পৰি দিম। 

: উম খেলিম খেলিম। 

মনৰ উলাহত ৰোহিত গৈ জাঁপমাৰি প্ৰশান্তৰ পিঠিত উঠিলে। এটোপাল চকুলো প্ৰশান্তৰ পিঠিত পৰিল। 

প্ৰশান্তই বুজিলে, সেয়া আনন্দৰ চকুলোহে!

☆ ★ ☆ ★ ☆

3 Comments

  • Krishna Kanta Das

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • যাযাবৰ

    বঢ়িয়া ভাই

    Reply
  • পূৰ্ণময়ী

    আবেগিক হৈ পৰিলোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *