ফটাঢোল

বৰঙণি- পার্থ প্ৰতীম শৰ্মা

সভাপতিগৰাকীয়ে চাগে মোক বেয়া পালে। পালেও উপায় নাই। তেওঁলৈ মোৰ সন্মান আছে, পিচে এইটো কথাত মই তেওঁক হয়ভৰ দিব নোৱাৰোঁ। 

চাকৰিৰ ব্যস্ততা এৰি দুৰ্গা পূজাৰ চুটি বুলি পূজাৰ কেইদিনমান আগতে ঘৰ পালোঁ। এদিন আবেলি কেন্দ্ৰীয় পূজা কমিটিৰ সভাপতি সমন্বিতে প্ৰায় ১০গৰাকীমান মানুহ ঘৰলৈ আহিল। দুৰ্গাপূজাৰ বৰঙণি বিচাৰি। দেউতা নাই। ময়েই কথা পাতিবলৈ আৰম্ভ কৰিলোঁ।

সভাপতিগৰাকী বিদ্যালয় এখনৰ শিক্ষক আছিল।  গণিত পঢ়াইছিল। আজি কেইবছৰমান আগতে অৱসৰ ল’লে। এতিয়া সামাজিক অনুষ্ঠানবোৰৰ কামত খুউব ঘূৰে। ভাল লগা কথা। মানুহবোৰ ব্যস্ত হৈ থাকিলে ভাল।

চাহ-পানী খাই, খা-খবৰ লৈ তেওঁলোকে মোক বৰঙণিৰ ৰচিদ এখন দিলে। ৰচিদখনত পূৰ্বতেই তেওঁলোকে পাঁচহাজাৰ এক টকাৰ বৰঙণি লিখি থৈছে। বৰঙণিবোৰৰ পৰিমাণ আচলতে দিওঁতাগৰাকীক নিজে নিৰূপণ কৰিবলৈ দিব লাগে। এনেকৈ আগতেই লিখি দিলে এয়া বৰঙণি নহৈ ধন দাবীহে হয়। যি নহওক বাৰু, তেওঁলোকে লিখি দিলেই ইমান টকা মই দিব নোৱাৰোঁ। মোৰ দৰমহাই মোক কেৱল এখন পূজাৰ নামত পাঁচহাজাৰ টকাৰ বৰঙণি আগবঢ়োৱাৰ সন্মতি নিদিয়ে। আমাৰ এই অঞ্চলত নাই বুলিও প্ৰায় সাতখন দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। সকলোতে ইমান টকাকৈ দিবলৈ মোৰ সীমিত দৰমহাই নোজোৰে। তদুপৰি, পূজাৰ নামত ইমান খৰছ কৰাটো বৰ যুক্তিসংগত যেনো নালাগে মোৰ। তথাপিও সমাজত থাকিলে সমাজৰ দুই এক কথা মানি চলিবই লাগিব। পিচে, পাঁচহাজাৰ টকা! অসম্ভৱ। 

মই মিঠা হাঁহি এটা মাৰি বিনম্রতাৰে তেওঁলোকক ক’লোঁ,

: আপোনালোকে মোক পাঁচহাজাৰ টকা বৰঙণি আগবঢ়াব পৰাৰ সমৰ্থবান বুলি ভবাৰ বাবে অশেষ ধন্যবাদ। পিচে, সঁচাকৈয়ে মই ইমানৰ যোগ্য মানুহ নহয়। নিজ সামৰ্থ্য অনুযায়ী আপোনালোকক এহাজাৰ টকা এটাহে আগবঢ়াব পাৰিম। 

: এহাজাৰ অলপ বেছি কমকৈ দিলাহে তুমি? তোমাৰ দেউতাৰাই ওলোটাই আমাক বঢ়াইহে দিলেহেঁতেন বুজিছা। 

: হয়। হ’ব পাৰে। সেয়া দেউতাৰ বিবেচনা। পিচে, মোৰ বিবেচনাত মই এহাজাৰ টকাহে বৰঙণি আগবঢ়াব পাৰিম। 

: ধেই তোমালোকে এনেকৈ ক’লে কেনেকৈ হ’ব? ঈশ্বৰ ঠিকাদাৰে ২৫০০০ টকা দিছে, আমাৰ এম এল এ ছাৰে ত্ৰিশহাজাৰ টকা দিছে। পৰিমাণটো আমি কিবা এটা ভাবিহে লিখিছোঁ। 

: ঈশ্বৰ খুড়া বা এম এল এ ছাৰে, ইমান টকা দিব পৰাৰ সামৰ্থ্য ক’ৰ পৰা গোটাইছে মই নাজানো। চাগে তেওঁলোকৰ দৰে ভগৱানৰ প্ৰতি অচলা ভক্তিও মোৰ নাই। মুঠতে মোৰ শেষ কথা, এহাজাৰ টকা এটা মই নিজৰ সামৰ্থ্য অনুযায়ী আগবঢ়াইছোঁ। সাদৰেৰে গ্ৰহণ কৰিলে বৰ আনন্দিত হ’ম।

মই ইতিমধ্যে তেওঁলোকলৈ এহাজাৰ টকা থকা বঁটাখন আগবঢ়াই দিছোঁ। বঁটাখনত টকা পাঁচশটকীয়া নোট দুটাৰ তলত তামোল পাণ এযোৰ আছে। তেওঁলোকে কোনেও এতিয়ালৈ নোট দুখন লোৱা নাই। অলপ সময়ৰ বাবে এক অসহজ নীৰৱতাই বিৰাজ কৰিলে। তাৰ পিছতে এজনে আকৌ আৰম্ভ কৰিলে,

: আচলতে কি জানা, তুমিতো লেখা-মেলা কৰা। তুমি কথাটো জানি ভাল পাবা। আমি এইবাৰ পূজা উপলক্ষে এখন স্মৃতিগ্ৰন্থও উলিয়াম। তাত তোমাৰ লেখা এটাও দিবা দেই। 

: হয় নেকি? এইটোতো বৰ ভাল কথা। মই লেখা এটা দিম নিশ্চয়। উপযুক্ত বুলি ভাবিলে প্ৰকাশ কৰিব। মই আমাৰ এই অঞ্চলৰ সৰু সৰু ল’ৰা-ছোৱালীকেইটাকো কিবা লিখিবলৈ অনুৰোধ কৰিম। সিহঁতৰ লেখাও পঠিয়াম। উপযুক্ত হয় নেকি চাব। এইটো বৰ ভাল সিদ্ধান্ত লৈছে দেই। 

: তাকেই। সেই স্মৃতিগ্ৰন্থৰ শেষৰফালে বিশিষ্ট দাতাসকলৰ এখন তালিকা থাকিব। পাঁচহাজাৰ টকাৰ ওপৰত বৰঙণি আগবঢ়োৱাসকলৰ নাম তাত সন্নিবিষ্ট কৰা হ’ব। 

: সেইখন তালিকাৰ প্ৰয়োজন কি আকৌ?

: এহ্ দাতাসকলে ভাল পাই আকৌ, নিজৰ নামটো তাত দেখি। সেইকাৰণে জোৰ কৰিছোঁ, তুমিও পাঁচহাজাৰ টকা এটা দিয়া। পিছত তাত নিজৰ নামটো দেখি ভাল লাগিব। 

: মই কথা এটা সোধোঁ দেই মই এহাজাৰ টকা বৰঙণি দিছোঁ, ধৰক ঠেলাৱালা এজনে ১০০ টকা বৰঙণি আগবঢ়ালে। আপোনালোকৰমতে কাৰ বৰঙণিৰ মূল্য বেছি? আজি প্রতিপত্তিশালী এম এল এ ছাৰে আগবঢ়োৱা ত্ৰিশ হাজাৰ টকা নে ঠেলাৱালাজনে আগবঢ়োৱা এশ টকা? দুয়োৰে বৰঙণিৰ মাজত তুলনা কৰাটো কিমান যুক্তিসংগত? মোৰ বোধেৰে ঠেলাৱালাজনৰ সেই এশ টকাৰ বৰঙণিটোক কোনোপধ্যেই এম এল এ ছাৰৰ ত্ৰিশ হাজাৰৰ তলত বুলি বিবেচনা কৰিব নোৱাৰি। কিন্তু তাৰ পিছতো, আপোনালোকৰ তালিকাত প্ৰথমতে থাকিব, এম এল এ ছাৰৰ নাম। আৰু ঠেলাৱালাজনৰ নাম তাত নাথাকিবই। সেই কথাটো মই ভাল পোৱা নাই। দিলে সকলোৰে নাম দিয়ক, যিটো চাগে সম্ভৱ নহয়। নিদিলে কাৰোৱেই দিব নালাগে। কিন্তু কেৱল টকাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি বৰঙণিৰ মূল্যাংকণ কৰা কাৰ্যক মই মুঠেও সমৰ্থন কৰিব নোৱাৰোঁ। 

প্ৰত্যেকগৰাকী মানুহ মনে মনে ৰ’ল। মই ভাবিলোঁ, মোৰ কথাখিনিয়ে চাগে তেওঁলোকক চুই গৈছে। তেওঁলোকে চাগে নিজৰ সিদ্ধান্তটো আকৌ এবাৰ বিবেচনা কৰিব। পিচে, মোৰ ভুল। মোৰ আশাত চেঁচা পানী ঢালি সভাপতি মহোদয়ে কৈ উঠিল,

: এহ্ ব’লা। এহাজাৰ টকাটোকেই লোৱা। ই অলপ পঢ়ি শুনি নিজকে বৰ কিবা হোৱা বুলি ভাবিছে। এহাজাৰ টকাৰ ওপৰত দিয়াৰ ঔকাদ নাই তাৰ মুখত বৰ বৰ লেক্সাৰ। বাপেকেও মোক আজিলৈ এনেকৈ কথা কৈ পোৱা নাই। তাৰ মুখৰ কথা চোৱা!

প্ৰথমে সভাপতি, পিছে পিছে আটায়ে ওলাই গ’ল। 

বুজিছোঁ, তেওঁলোকে বেয়া পালে।

☆ ★ ☆ ★ ☆

3 Comments

  • ডলী

    ভাল লাগিল। আজিৰ সমাজ এইয়াই

    Reply
  • Namita Baa Nagaon

    ভাল লাগিল।

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল

    Reply

Leave a Reply to Namita Baa Nagaon Cancel reply

Your email address will not be published. Required fields are marked *