ফটাঢোল

ষ্ট্ৰেইট চুলিৰ ৰূপহী-সাক্ষৰজ্যোতি মহন্ত

কলেজৰ দিনৰ কথা ৷ দুপৰীয়া ক্লাছ নাছিল সেইদিনা। ডিপাৰ্টমেণ্টৰ পৰা ওলাই মই, আকাশ, লক্ষ্য, শিৱ আৰু লগৰ কেইটামান কলেজ তিনিআলিতে লগ হ’লোঁ।

শিৱই ক’লে,

:  ব’ল ব’ল অভিনন্দন যাওঁ, তাতে চাহ এপাক খাওঁগে। আড্ডা মাৰি মাৰি শেষত পইছা দিবলৈ আহিছিলোঁহে, আকাশে ক’লে,

 : ঐ Suman (হোটেল)ৰ ওচৰত ৰৈ থকা ছোৱালীজনী চা, মজা লাগিছে বে।

লক্ষ্য : অঁ, মজা বে।

ধীৰাজ : তাকে Back Side ৰ পৰাই ইমান ধুনীয়া লাগিছে, Front ৰ পৰাটো চাগে আৰু চালিয়া !!

আকাশ : ষ্ট্ৰেইট কৰা চুলিখিনিৰে মজা লাগিছে, কিন্তু মুখখনেই নেদেখিলোঁ নহয়

: ঐ ছোৱালী পিছফালে এপাক ঘূৰি চা না আমাক, 

ৰাজীৱে কেপি এটা চোবাই চোবাই  ক’লে।

ছোৱালীজনীয়ে কিন্তু পিছফালে ঘূৰিয়ে নাচালে৷ তাই স্কুটীখন লৈ টাউনৰ ফালে গুচি গ’ল।

ৰাজীৱে একে জাঁপে তিনিআলিত ৰৈ থকা Ape এখনত উঠিলগৈ।

: ঐ ব’ল ব’ল ছোৱালীজনীৰ মুখখন নেদেখিলে শান্তি নাপাম বে… ক’লৈ যায় চাই আহো।

গোটেইসোপা ধুমুহাৰ গতিত Ape-ত উঠি ছোৱালীজনীৰ পিছে পিছে গ’ল৷ Apeখন ফুল স্পীডত গৈয়ো ছোৱালীজনীক পিছ পেলাব পৰা নাই৷ আকাশে হেণ্ডিমেনৰ নিচিনাকেই ওলমি গৈছে৷

আকাশ : বাহহহ্ কি ছোৱালী বে, ইমান স্পীডত চলাইছে আৰু হেলমেটো পিন্ধা নাই চা।

ৰাজীৱ : হেলমেট গুলি মাৰ, চুলিখিনি কেনেকুৱা উৰিছে, সেইটো চা না।

ছোৱালীজনী টাউন চাৰিআলিৰ পৰা চকিটিঙীৰ ফালে গ’ল আৰু Apeখনো ছোৱালীজনীৰ পিছে পিছে৷ ছোৱালীজনী গৈ ASTC-ৰ ওচৰত ৰ’লগে আৰু ASTC-ৰ ভিতৰলৈ সোমাই যায়৷

Apeখন ভালকৈ ৰখাবলৈ পোৱাই নাই, গোটেইকেইটা জঁপিয়াই নামি চিধাই ছোৱালীজনীৰ পিছে পিছে গ’ল। ASTC-ত গৈ ছোৱালীজনীক বিচাৰি পোৱা নাই কোনেও।

তেনেতে লক্ষ্যই চকুৰে শিৱক দেখুৱালে ছোৱালীজনীক। ছোৱালীজনী টয়লেটত সোমাইছে।

শিৱ : সেইটো ল’ৰাৰ টয়লেট হে ৷ ছোৱালীজনীয়ে নাচালে নে কিনো৷

লক্ষ্য : ওমম নাচালে চাগে।

আকাশ : সেইবোৰ বাদ দে৷  তাইক ওলাই আহিবলৈ দে, তাইৰ চেহেৰাটো চাবলৈকে ইমান দূৰ আহিছোঁ। 

গোটেইকেইটা জুম হৈ খাপ পিটি ৰৈ আছে বাহিৰত ছোৱালীজনীক চাবলৈ৷ তেনেতে…

ভিতৰৰ পৰা চুলি দীঘল ল’ৰা এটা ওলাই আহে ৷ ল’ৰাটোক দেখিতো গোটেইকেইটাৰ হাঁহো নে কান্দো লাগিছে। পিছফালৰ পৰা ষ্ট্ৰেইট কৰা চুলিৰে সাইলাখ ছোৱালী যেন লগা ছোৱালীজনী আচলতে ল’ৰাহে আছিল। এটাৰো মুখৰ মাত নাই৷  গোটেইকেইটাই ভেবা লাগি ল’ৰাটোকে চাই থাকিল। ল’ৰাটোৱেও টয়লেটৰ পৰা ওলাই আকৌ স্কুটী ষ্টাৰ্ট দি গুলি গতিৰে গুছি গ’ল৷ 

(ইয়াৰ পিছত লাজতে  ইহঁতকেইটাৰ মুখখন কেনেকুৱা হৈছিল ভাবি চাওক)

মৰেল : চুলি দীঘল স্কুটী চলোৱা সকলো ছোৱালী, ছোৱালী নহবওঁ পাৰে, সি পিছফালৰ পৰা নাৰীৰূপী এটা “নৰ” ও হ’ব পাৰে।

☆ ★ ☆ ★ ☆

3 Comments

  • Abhijit Goswami

    ধেই ? ? ? মজা লাগিল দেই

    Reply
  • প্ৰণৱ কুমাৰ বৰা

    জমাইছে দেই।

    Reply
  • ডলী

    হাঃ হাঃ। ভাল জমিল দে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *