ফটাঢোল

বেঙৰ মাণিক-কমল নেওগ

জুলাই মাহ৷ দোভাগ ৰাতি৷ উৎকট গৰম৷ টোপনি অহা নাই৷ বিছনা এৰি বাহিৰৰ লাইটটো দি চোতালখনলৈ চালোঁ৷ চোতালৰ পূৱ দিশত ভঁৰালৰ মুখতে থকা তুলসীজোপাৰ তলত এটা বামুণভেকোলা বহি আছে৷

বৰঘৰৰ পিছফালে থকা কুঁৱাৰ পাৰলৈ  গৈ প্ৰস্ৰাৱ কৰি আহি বাহিৰৰ লাইটটো অফ্ কৰি চকী এখন পাৰি চোতালতে আন্ধাৰে-মুন্ধাৰে বহি ল’লোঁ৷ হাতত টৰ্চটো৷ টৰ্চটো এনেয়ে এবাৰ ইফালে-সিফালে মাৰি চালোঁ৷  টৰ্চটো বন্ধ কৰাৰ পিছতে তুলসীজোপাৰ তলত কিবা এটা জিলিকি থকা দেখিলোঁ৷ ক্ষন্তেক সময় সেই পোহৰটো নিৰীক্ষণ কৰি আকৌ টৰ্চটো জ্বলাই চালোঁ৷ জিলিকি থকা বস্তুটো নাই দেখোন৷ বামুণভেকোলাটোৱে কিন্ত মুখখন লৰচৰ কৰি আছে৷

: পালোঁ! আজি মোৰ কপাল ফুলিল৷ অতদিনে বুঢ়ালোকৰ মুখত শুনি অহা সেই মহা মূল্যৱান ৰত্ন আজি মোৰ চোতালত৷ ইয়াক যিকোনো উপায়েৰে হস্তগত কৰিবই লাগিব৷

বিজুলী বেগেৰে মোৰ মনৰ মাজেৰে এই ভাবটো পাৰ হৈ গ’ল৷ সন্তৰ্পণে গৈ চোতালৰ লাইটটো আকৌ অন কৰি চোতালখন পোহৰাই ল’লোঁ‌৷ গোহালিৰ এচুকত আঁৰি থোৱা পলটো আনি খুউব সাৱধানে তুলসীজোপাৰে সৈতে বামুণভেকোলাটো পলত বন্দী কৰিলোঁ৷ মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে৷ ইফালে বন্দী ভেকোলাই পলৰ ভিতৰত ওভতগোৰে জাঁপ লগাইছে বন্ধন মুক্ত হ’বলৈ৷

কিছুপৰ পিছত বন্দী ভেকোলা শান্ত হ’ল৷ জঁপিয়াই জঁপিয়াই বেচেৰাৰ ভাগৰে ধৰিলে চাগে। মোৰো বুকুৰ ধপধপনি সামান্য অৱস্থালৈ আহিল৷ বাঁওহাতেৰে পলটো হেঁচি ধৰি সোঁহাতেৰে টৰ্চটো জ্বলাই ভেকোলাটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি দেখিলোঁ তাৰ মুখৰ পৰা বোন্দাকেঁচুৰ নেজৰ শেষডোখৰ বাহিৰ হৈ আছে৷ কাষতে পোৱা ইটা এচপৰা পলটোৰ ওপৰত ৰাখি ভিতৰলৈ গৈ চোতালৰ লাইটটো অফ্ কৰি আহিলোঁ৷ পলৰ ভিতৰত আকৌ পোহৰৰ জিলিকনি৷

 সেই জিলিকনি ভেকোলাৰ মুখত, পলৰ কাঠিত, আৰু তুলসী গুৰিৰ মাটিত সিঁচৰতি হৈ পৰিছে৷

তেন্তে বুঢ়ালোকে কোৱা সেই বেঙৰ মাণিকটো এইটোৱেই আছিল নেকি? হে ঈশ্বৰ! মই যে ভেকোলাটো মাৰি-কাটি তাৰ পেটত মাণিকটো নিবিচাৰিলোঁ‌!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *