ফটাঢোল

হীৰাৰ ৰথখন-দীক্ষিতা বৰা

অশেষ অপেক্ষাৰ অন্তত অৱশেষত বে’লটো বাজিল, টিফিন ব্ৰেকৰ বে’ল। ‘শব্দব্ৰহ্ম’ বুলি এনেই নকয়, এই বে’লটোৱেই উদাহৰণ। বতাহত অক্সিজেনৰ মাত্ৰা বঢ়াই দিব পৰাৰ দৰে শক্তি থাকে তাৰ। সেই বে’লটোৱে শ্ৰেণীকোঠাত বঢ়াই তোলা অতিমাত্ৰা ‘অক্সিজেন’ৰ হুলস্থূলত কিতাপ কলম আদি সামৰি শিক্ষয়িত্ৰীগৰাকী ওলাই গ’ল। শ্ৰেণীকোঠাটো ইতিমধ্যেই ‘মাছৰ বজাৰ’ হৈ পৰিছিল।

গৰম বন্ধ খোলাৰ পাছত শ্ৰেণীবোৰ আৰম্ভ হৈছে সেইদিনা। ক’বলৈ যে সকলোৰে কিমান কথা গোট খাই আছে! লৰালৰিকৈ হাত ধুই আহি ভাগে ভাগে  টিফিন উলিয়াই বহি ল’লোঁ আমি কেইজনী। 

: কি আনিছ তই?

মোৰ একাষে বহি থকা নীহাই সুধিলে।

: ভাত ভাজি।

মোৰ সৰল উত্তৰ। ভাত দুটেপামান পিয়াঁজ আৰু নিমখ হালধি দি লৰালৰিকৈ ভাজি দিয়ে মায়ে কেতিয়াবা। সেইদিনাও তাকে নিছিলোঁ। খাই ভাল পালেও সঘনাই নিদিয়ে সেইটো বনায়। গতিকে পচন্দৰ টিফিন দেখি আনন্দ লাগিল মনত। কিন্তু মোৰ উত্তৰটোৱে আনফালে কাষত বহি থকা গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিলে। বক্ৰ দৃষ্টিৰে এবাৰ মোৰ টিফিনটোৰ ফালে চাই এইবাৰ তাই নিজৰ মতামত প্ৰকাশ কৰিলে,

: কি কৱ তহঁতে এইটো, ভাত ভাজি? 

হাঃ হাঃ। নজনা মানুহবোৰে তেনেকৈয়ে কয় বাৰু। আমি কিন্তু তেনেকৈ নকওঁ, ইংৰাজীত কওঁ। ইংৰাজীত ইয়াক ‘ফ্ৰাইডেচ’ বুলি কয়। বুজিলি?

নুবুজি উপায় আছিলনে? নীহা আৰু মই দুইজনীয়ে বুজি গ’লোঁ। থশন

পল্লৱীহঁতৰ, মানে ইংৰাজী শিকোৱাজনীৰ পৰিয়ালত বহুতো ইঞ্জিনিয়াৰ, পুলিচ অফিচাৰ আছে, দামী দামী ৰেষ্টুৰেণ্টত আমি নাম নুশুনা বস্তুবোৰো খাবলৈ পাই তাই। গতিকে তাই অনেক বস্তুৰ নাম জানে। কেৱল ইংৰাজী নহয়, আৰু বেলেগ কথাও জানে যথেষ্ট। অন্ত‍্যাক্ষৰী খেলিলে উড়িয়া ভাষাৰ গান এটাও গায়, “কাতাৰা চালা পা লে ৰাচা কি চ’… আ আ আ…”। তেলেগু ভাষাৰ শব্দও দুই এটা তাইৰ পৰাই শিকিছোঁ আমি। “আম্বা পাতা লাম্বা কাটি”… মানে মই তোক কাটি পেলাম এতিয়া। পল্লৱীৰ প্ৰিয় তেলেগু চিনেমাখনৰ ডায়লগ এইটো। ইমানবোৰ কথা জানে যিহেতু ভাত ভাজিক ইংৰাজীত ‘ফ্ৰাইডেচ’ বুলি কোৱা কথাটোও জানিবই তাই। 

টিফিন খাবলৈ আৰম্ভ কৰিলোঁ আটাইকেইজনীয়ে। কথা আৰম্ভ হ’ল গৰম বন্ধটো কোনে কেনেকৈ কটালে। গৰম বন্ধ বুলিলে মোৰ  গতানুগতিক কাৰ্যসূচীৰ লগতে সেইবাৰ মামাৰ লগত পুখুৰীত বৰশী বাবলৈ যোৱা আৰু চাহ দিবলৈ গৈ পথাৰৰ বোকাত নমা, এই দুটাই বিশেষ অভিজ্ঞতা। নীহাৰ পেহীয়েকৰ ভাইটি এটা আছে, তাই দীঘলীয়াকৈ তাত থাকিবলৈ গৈ ভাইটিটোৰ লগত খেলিলে। আমাৰ দুজনীৰ সামান্য অভিজ্ঞতা সমূহ ভাগ-বটোৱাৰা কৰাৰ পিছত এইবাৰ আমি সাজু হ’লোঁ পল্লৱীৰ গৰম বন্ধৰ বিশেষ অভিজ্ঞতা শুনিবলৈ। সাজু হ’বলৈনো কি, নহ’লেও তাই শুনাবই।  বিশেষণীয় বিশেষণেৰে ভৰি থকা তাইৰ কথা কাহিনীবোৰ শুনিবলৈ আমাৰ কাণ চাৰিখনো সষ্টম হৈ পৰিল। 

নীহাই সুধিলে,

: তই কি কৰিলি কচোন পল্লৱী? বন্ধত  ক’ত ক’ত ফুৰিলি?

: অ’ নাই, ইমানো বেছি ফুৰা নহ’ল। তথাপি ফুৰিলোঁ আৰু অকণ। তাতে আকৌ ইণ্টাৰনেশ্যনেল ট‍্যুৰত আগতে যোৱা হোৱাই নাছিল যে আমাৰ। এইবাৰ বিৰাট ভাল লাগিল জান!

পল্লৱীৰ অত‍্যুৎসাহী কথা কেইষাৰে আমাৰ কৰ্ণকুহৰত আঘাত কৰাৰ লগে লগে আমাৰ মুখ দুখনে চোবাবলৈ পাহৰি ৰৈ গ’ল। 

: ৱাহ ইণ্টাৰনেশ্যনেল ট‍্যুৰ! ক’ত ফুৰিলি ঐ ইমান, আমি গমেই নাপাওঁ দেখোন? হওক দে, তোৰো যে কঁপাল আৰু, বিদেশত ফুৰিবলৈ পাইছ।

চকু ডাঙৰ কৰি নীহাই সুধিলে। 

: হিঃ হিঃ, হয় দে। ফুৰিবলৈ পাইছোঁ কিন্তু ধুনীয়া ঠাই কিছুমানত। 

পল্লৱীৰ পৰা ইমান সামান্য উত্তৰ এটা মোৰ হজম নহ’ল। ভ্ৰমণ কাহিনীৰ পিছৰখিনি শুনিবলৈ প্ৰস্তুত হ’লোঁ মই। 

: ক’লৈ গৈছিলি ফুৰিবলৈ তহঁত, আমেৰিকা নে ইউৰোপ?

: ইমান দূৰলৈ নহয় অ’। আচলতে মোৰ যোৱাৰ মন আছিল। কিন্তু স্কুলৰ পৰা ইমানবোৰ হ’মৱৰ্ক দিলে যে, সেইবোৰ কৰি উঠি বন্ধ বেছিদিন নাপালোঁৱেই আৰু ফুৰিবলৈ। আমি মানে এনেই বাংলাদেশলৈ গৈছিলোঁ।

নীহালৈ চালোঁ মই। তাইৰ চেলাউৰি কেইডালে যেন এফালে প্ৰশ্নবোধক আৰু আনফালে ভাৱবোধক চিহ্নৰ ৰূপ ল’বলৈ বিচাৰিছে।

: বাংলাদেশ, ইণ্টাৰনেশ্যনেল ট‍্যুৰত বাংলাদেশ?

সামান্য পিছলৈ হাউলি মোৰ আঁৰত লুকাই তাই মুখ টিপি হাঁহিছে। মইতো হাঁহিবৰো উপায় নাই। গাম্ভীৰ্যৰে সৈতে নিজৰ টিফিনত মনোনিবেশ কৰিলোঁ।

: অঁ, আমাৰ খুৰাই গোলোকগঞ্জত চাকৰি কৰে যে, খুৰাহঁতৰ ঘৰলৈ গ’লে তাৰপৰা ক’ৰবালৈ ফুৰিবলৈ যোৱা হয়েই আৰু আমাৰ। যোৱাবাৰ বন্ধত কোচবিহাৰ গৈছিলোঁ, কৈছিলোঁ দেখোন তহঁতক।

: উমম।

নীহাই শলাগিলে। মই তেতিয়াও ইণ্টাৰনেশ্যনেল ট‍্যুৰৰ মায়া-মোহ এৰি গহীনেৰে মা অন্নপূৰ্ণাৰ শৰণত।

বিদেশ ভ্ৰমণৰ মূল কাহিনীভাগ এইবাৰ আৰম্ভ হ’ল।

: এইবাৰো তেনেকৈ খুৰাহঁতৰ ঘৰলৈ গৈছিলোঁ। তাৰপৰা আমি একেলগে বাংলাদেশ যোৱাৰ কথা আছিল, গোটেই ফেমিলিটো একেলগে ফুৰাৰ কথা আৰু। কিন্তু আমি যোৱাৰ আগদিনা খুৰাৰ মানে এটা বিশেষ ডিউটি পৰিল। ভূটানৰ ৰজা অহাৰ কথা আছিল অসমলৈ। খুৰাক লগ কৰিম বুলি ক’লে। খুৰাই ছুটী লৈছিল যে, বচে ফোন কৰি ক’লে যে তুমি পাৰিলে ছুটী কেঞ্চেল কৰি দিয়া, তোমাক লগ কৰিব বিচাৰিছে যেতিয়া।  খুৰাই প্ৰথমে ছুটী কেঞ্চেল নকৰোঁ বুলি ক’লে। তাৰপিছত ভূটানৰ ৰজাই নিজেই ফোন কৰিছে, ভাল বন্ধু যে খুৰাৰ। কৈছে যে তুমি কেতিয়া থাকিবা কোৱা, মই যোৱাৰ দিনটো পিছুৱাই দিম, কিন্তু তুমি নাথাকিলে নাযাওঁ। 

নীহাই শুকান কাহ দুটামান মাৰিলে। বেচেৰীয়ে খাই থকা ব্ৰেডখনে চৰহা মাৰি ধৰিছিল কিজানি ডিঙিত। পানী বটলৰ সাঁফৰটো খুলি বটলটো তাইৰ হাতত দিলোঁ। ভ্ৰমণ কাহিনীটো এখন এক্সপ্ৰেছ ৰে’লৰ দৰে দৌৰিয়েই থাকিল তেতিয়াও।

: এনেকৈ ক’লে আৰু ভাল নালাগে ন, গোটেই দেশখনৰ কথা আছে।  তাৰপিছত আৰু সেইকাৰণে খুৰাই ছুটী কেঞ্চেল কৰি দিলে। খুৰাহঁতৰ যোৱা নহ’ল আৰু, আমিয়েই গ’লোঁ। ৰজাজনক আদৰণি জনাবলৈ আমাৰ চৰকাৰে‌ ভোজমেল এখন পাতিছিল। খুৰা-খুৰীহঁত অৱশ্যে তালৈ গ’ল।

: উৱা.. তহঁতৰ খুৰাৰ বিদেশী বন্ধুও আছে, তাকো একেবাৰে ৰজা!

: অঁ খুৰাৰ বহুত ভাল চিনাকি। সেয়ে খুৰা যাব নোৱাৰিলে, আমিয়েই গ’লোঁ আৰু দিনতীয়াকৈ আহিলোঁগৈ। মা, দেউতা, ভণ্টি আৰু মই। 

: কি কি দেখিলিগৈ তাত?

: বহুত বস্তু আছে চাবলৈ। কিন্তু আমি থকাকৈ যোৱা নাই কাৰণে সৱ চাবলৈ নাপালোঁ। ‘ইম্প’ৰটেণ্ট’ ঠাই দুখনমান চালোঁ আৰু! প্ৰাকৃতিক সৌন্দৰ্য থকা বঢ়িয়া ‘ভিউ পইণ্ট’ দুটামান। তাৰপিছত আমি মেইনলি যিখন ঠাইলৈ যোৱাৰ কথা আছিল, সেইখনলৈ গ’লোঁ।

: কি ঠাই সেইখন?

মাতটোত মোৰ কৌতূহলৰ প্ৰলেপ।

: সেই যে আগতে কোচবিহাৰলৈ যোৱাৰ কথা, তাত সত্ৰ চোৱাৰ কথা কৈছিলোঁ তহঁতক। মহাপুৰুষ সকলে তাত সেয়া সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰিছিল। তেনেকৈ বাংলাদেশো তাৰ ওচৰতে হয় ন, শংকৰদেৱে বাংলাদেশতো গৈ ধৰ্ম প্ৰচাৰ কৰিছিল। 

: কি? শুনাই নাই দেখোন এইটো কথা আমি কেতিয়াও। তাতো সত্ৰ পাতিছিল নেকি?

: আমাৰ ইয়াৰ মানুহে নাজানে ইমান ভালকৈ, কিন্তু তাতো সত্ৰ এখন পাতিছিল আৰু শংকৰদেৱ যেতিয়া বাংলাদেশলৈ গৈছিল, এখন হীৰাৰ ৰথত উঠি গৈছিল।

মোৰ টিফিনৰ ‘ফ্ৰাইডেচ’খিনি শেষ হৈছিল ইতিমধ্যে। পানী খাই থকাৰ মাজতে এই ইতিহাসত চিন মোকাম নথকা তথ‍্যটো শুনি প্ৰচণ্ড চৰ্চৰণি এটা খালোঁ মই।

: হেই… কি কৈছ!

চকু ডাঙৰ কৰি প্ৰায় চিঞৰি উঠিল নীহাই। কাহিনীৰ তীব্ৰ উত্তেজনাপূৰ্ণ মুহূৰ্তটো যে এতিয়াহে আহি পাইছে, আমি দুয়োজনীয়ে বুজি উঠিলোঁ।

: অঁতো। তেওঁ এখন হীৰাৰ ৰথত উঠি বাংলাদেশলৈ গৈছিল ধৰ্ম প্ৰচাৰৰ বাবে। তাত পতা সত্ৰখনত এতিয়াও ৰথখন থৈ দিয়া আছে। তাত মানে কি ক’ম আৰু তোক, হীৰায়েই কেউফালে। ওপৰৰ পৰা তললৈ, চকা আৰু চিটবোৰো হীৰাৰ। একদম পুৰা জিলিকি থাকে। কেউফালে শিকলি দি বেৰি থৈছে মানুহে চুব নোৱাৰাকৈ। সেইখন মানে বহুত বহুত বছৰ পুৰণা হৈছে যে, হীৰাবোৰ ক্ষয় গৈছে। কিছুমান অলপ ভাগি ভাগি মাটিত পৰি আছে, পঁচিয়ে গৈছে সেইবোৰ পৰি পৰি। তালৈ যোৱা মানুহবোৰে কেউফালে ঘূৰি ঘূৰি সেইখন চায়েই। মোৰ যে মানে দেখিয়েই তাৰপৰা হীৰা অলপ ভাঙি লৈ আনিবলৈ মন গৈছিল। 

: নানিলিনো কিয়?

মুখখন অকণ বেঁকা কৰি নীহাই সুধিলে ।

: এহঃ আনিছিলোঁ নহয় ৰহ। চিকিউৰিটিবিলাক ঘূৰিয়ে থাকে ওচৰত। কিন্তু সিহঁতে নেদেখাকৈ পটকৈ ইমান মান এডোখৰ হীৰা (হাতেৰে জোখটো দেখুৱাই) মাটিত পৰি থকাৰ পৰায়ে লৈ আহিছিলোঁ নহয়‌ জীন্সৰ পকেটত ভৰাই। ভাবিছিলোঁ মা মই আৰু ভণ্টিলৈ কাণফুলি কৰিম কিন্তু আহিহে গম পাইছোঁ হীৰা টুকুৰা পঁচা। মাটিত পৰি আছিল চাগে বহু বছৰ।

: উউ হয় নেকি?

: অঁ হয়তো আকৌ। হীৰা টুকুৰা পঁচা কাৰণে মোৰ যে ইমান দুখ লাগিছিল পিছত ঘৰলৈ আহি। এনেই ফুৰিবলৈ বাৰু ভালেই লাগিল কিন্তু জিলিকি থকা হীৰাবোৰ ওচৰতে দেখিও এটুকুৰা আনিব নোৱাৰি বেয়া লাগিল।  কৈছোঁ নহয় তহঁতক, মানে একদম চকু ছাঁট মাৰি ধৰে ওচৰৰ পৰা জাননে।

ছয়মাহিলী পৰীক্ষাৰ বাবে পঢ়া ৰচনাখন মনত পেলালোঁ। গুৰুজনাৰ জীৱন প্ৰণালীৰ লগত ৰথ, তাকো হীৰাৰ,… এই কথাবোৰ যে সামঞ্জস্যহীন, সেই কথা আমাৰ বাৰ-তেৰ বছৰীয়া মগজ দুটায়ো বুজি পালে। তথাপি, বেচেৰীৰ দুখ দেখি আমি দুজনীয়েও কিছু দুখ প্ৰকাশ কৰিলোঁ। বে’ল পৰিছিল, পিছৰ শ্ৰেণীটো আৰম্ভ হ’বৰ হৈছিল। লুপ্ত (?) ইতিহাসৰ আলোচনা সেইদিনালৈ তাতে সমাপ্ত হৈছিল। ঘৰলৈ গৈ ৰাতিলৈ মাক সুধি জানিছিলোঁ যে ভজা ভাতক ইংৰাজীত ‘ফ্ৰাইড ৰাইচ’ বুলি কয়। 

আৰু কিবা কাহিনী শুনিবলৈ পাওঁ নেকি বুলি নীহা আৰু মই পিছদিনা বাট চাই আছিলোঁ। কিন্তু পিছদিনা পল্লৱী স্কুললৈ নাহিল। “পঁচা হীৰা টুকুৰা ৰ’দত দি চুৰুকি কাণফুলিত লগাব পাৰে নেকি চেষ্টা কৰি থাকিবও পাৰে”, নীহা আৰু মই আলোচনা কৰিলোঁ। অৱশ্যে সেইদিনা গোটেই দিনটো আমাৰ দুজনীৰ মাজত উড়িয়া গান, তেলেগু ডায়লগ, ইংৰাজী কথা আৰু পঁচা হীৰাৰ কাহিনীৰে হাঁহি ভৰা সৰস আলোচনা চলিল।

(সঁচা কাহিনীৰ আধাৰত)

☆ ★ ☆ ★ ☆

12 Comments

  • ৰক্তাভ কুমাৰ

    শংকৰদেৱৰ উত্তৰ পুৰুষ যিয়েই জীয়াই নাথাকক, এইটো পঢ়ি পল্লৱীক বিচাৰি নগ’লে হ’ল আৰু! লিখনি সাংঘাতিক।

    Reply
    • দীক্ষিতা

      বিচাৰি যোৱা জনক যে উভতি ধৰি পূৰ্ব পুৰুষৰ কথা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবদ ৰয়েল্টি নিবিচৰাকৈ থাকিব, তাৰো নিশ্চয়তা নাই ।

      Reply
  • শ্ৰুতিমালা মিশ্ৰ

    হাঃ হাঃ ধপ মৰাৰো সীমা থকা উচিত দেই ? । ভাল লাগিল পঢ়ি ।

    Reply
    • দীক্ষিতা

      তাকেই হে, সীমাৰ পৰা বহুত আগবাঢ়ি যায় কিছুমান ।

      Reply
  • পল

    অতিমাত্ৰা ধপ

    Reply
    • দীক্ষিতা

      একেবাৰে, ভাষাই নাই আৰু ক’বলৈ।

      Reply
  • যাযাবৰ

    সাংঘাটিক

    Reply
    • দীক্ষিতা।

      সাংঘাতিক মানুহৰ সাংঘাতিক কাহিনী এয়া । আৰু ভাগ‍্যবান মানুহৰ এয়া শুনাৰ আচৰিত অভিজ্ঞতা ।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বাপৰে! হীৰাৰ ৰথ?

    Reply
    • দীক্ষিতা

      একেবাৰে চকাৰ পৰা ধুৰালৈকে হীৰা ।

      Reply
  • Anjan sadhanidar

    বহুত জানিব লগীয়া কথাচোন এইবোৰ৷ এদ্ৰেচটো দিবাচোন৷
    বৰ ধুনীয়া লিখিছা দেই

    Reply
    • দীক্ষিতা

      এয়া বিস্মৃতিৰ গৰ্ভত হেৰাই যাবলৈ ওলোৱা তথ্য । সেয়ে মই বোলো ইয়াতে সাঁচি থওঁ । পিছে সত্ৰখনৰ সঠিক ঠিকনাটো হে নাই হাতত ।

      আপোনাৰ উৎসাহজনক মন্তব্যৰ বাবে ধন্যবাদ যাচিলোঁ ।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *