ফটাঢোল

অলকানন্দা-মানসী বৰা

শংকুৰাজৰ অলকানন্দা গানটো দিনে দিনে ইমানযে ভাল লগা হৈ আহিছে। গানটো শুনাৰ লগে লগে গায়িকা হোৱাৰ হেঁপাহটোও নিমিষতে ঠন ধৰি উঠে।ঘৰে-বাহিৰে, পাকঘৰে-বাথৰূমে যেতিয়াই তেতিয়াই  গুণগুণাই অন্য এক জগতত ভ্ৰমি ফুৰোঁ মই। সেয়ে বিয়াৰ অভ্যৰ্থনাত ভাস্কৰে বৰষাক এই গানটোৰে  প্ৰপ’জ কৰিছিল আৰু বৰষাই কান্দি দিছিল!ক্লীপটোকে  মনলৈ আহি যায়। কল্পনাৰ জগতত ভ্ৰমী অমুকীৰ মনটোও কোনোবা এখিনি প‍ায়গৈ। বুজাই বঢ়াইহে যেনেতেন বাস্তৱলৈ ঘূৰাই আনোঁ‌। গায়িকা হোৱাৰ সেই পুৰণা বাসনা বুকুতে আছেঁ, সোমাই থাকিবলৈকে দিছোঁ। 

আজিক‍ালি গাড়ীৰে কেনিবা গ’লেও  অলকানন্দাই বাজিব লাগিব। ছোৱালীৰ জন্মদিনৰ বজাৰ কৰিবলৈ বুলি যাওঁতেও বজাই গৈছিলোঁ। গানৰ লগে লগে গাই যোৱা সেই পুৰণি অভ্যাসটোৰ বশৱৰ্তী হৈ নিজেও লগতে গাই গ’লোঁ। গৃহস্থই গহীনাই মাত দিলে

: গ্লাচখন খোলা আছে নেকি চোৱাচোন? 

: নাই। কিয় সুধিলা? বেলেগে মোৰ গান শুনিলে হাঁহিব বুলি সুধিছা নেকি?

গ্লাচখন এবাৰ নিৰীক্ষণ কৰি সুধিলোঁ মই।

: নহয় মানে, তোমাৰ গলাটো খুলি খিৰিকীৰে ওলাই গ’লে মইহে আনিবগে লাগিব। সেয়ে সুধিলোঁ আৰু ।

কথাটোত ৰস পাই সজোৰে হাঁহি দিলোঁ। আচলতে গৃহস্থই মোৰ কুকিলহেন কণ্ঠক লৈ বিৰূপ মন্তব্য কৰাটো কোনো নতুন কথা নাছিল। সেইটো তেওঁৰ স্বভাৱ বুলি অমুকীয়ে কোনো দিনে পাত্তা দি অহা নাই। গতিকে সেইদিনা দিয়াৰো প্ৰশ্ন নুঠে। পাত্তা নিদি চিঞৰি চিঞৰি গায়কী অব্যাহত ৰাখিলোঁ। 

অৱশ্যে গান গাবলৈ তেওঁ নিজেও মোক সুবিধা দিয়াৰ উদাহৰণ আছে। সেইটো তেওঁ নিজেও না ক’ব নোৱাৰে। কোনোবা এবাৰ নিশা বাহিৰত ফুৰি ঘৰলৈ গাড়ীৰে উভতি আহোঁ‌তে চালকৰ আসনত গৃহস্থৰ টোপনি ধৰিছিল। সেই সময়ত এটি কোমল সংগীতৰ সুৰ মিহি মিহিকৈ গাড়ীত বাজি আহিছিল। মোক গহীনাই তেওঁ ক’লে,

: এটা কাম কৰিবানে?

: কি কাম, কোৱা আকৌ?

মোক আচৰিত কৰি তেওঁ ক’লে,

: প্লীজ এটা গান গাই যোৱানা? মোৰ বৰ টোপনি ধৰিছে। তুমি গান গালেহে মই সাৰে থাকিব পাৰিম।

তেওঁৰ সেই কাতৰ অনুৰোধ ৰক্ষা কৰি এফালৰ পৰা মই গাই গ’লোঁ‌, মোৰ ভাল লগা গানবোৰ।

: টোপনি ভাঙিল নে? 

সুধিলোঁ মই।

: টোপনি ভঙাৰ কথা সুধিছা? দুদিনলৈ চাগে মোৰ টোপনি নাহিব।

তেওঁৰ গহীন উত্তৰ। যেনেকৈ  নহওক সেইদিনা মোৰ গান গোৱাৰ ফাইদা ঘটিল। সুকলমে ঘৰ পাই গ’লোঁ‌হি।

বাৰু সেইবোৰ বাদ দিছোঁ। এতিয়া সেইদিনাৰ কথাটোলৈ আহিছোঁ। গাড়ীৰ ভিতৰত অলকানন্দা টানি টানি কিছু সময়ৰ পিছতে আমি বজাৰ পালোঁ‌গৈ। নিৰ্দিষ্ট ভলিউমৰ লগত মিলাই মিলাই গানটো মুখত লৈয়ে মই গাড়ীৰ পৰা নামিলোঁ। ইফালে ষ্টাৰ্ট বন্ধ হোৱাৰ লগে লগে মিউজিক প্লেয়াৰো বন্ধ হৈ গ’ল। আৰোহনত উঠি যোৱা মোৰ কণ্ঠস্বৰ কিন্তু তাৰ লগে লগে সৰু হৈ নগ’ল। ডাঙৰকৈ চিঞৰি ওলালেই নহয়,

“মোৰ সিৰে সিৰে .তেজে তেজে

বোৱালা প্ৰেমৰ অলকানন্দা..”

ঘপহকৈ এজন আফ্ৰিকান আমেৰিকানৰ চকুৱে চকুৱে পৰি ৰৈ গ’লোঁ মই। পাৰ্কিং প্লেচত মোৰ গান শুনি হাঃ হাঃ কৈ মুখ মেলিলে তেওঁ ক’লে,

: হেই আই লাইক ইউৰ ভয়ছ। দেটচ ৰিয়লি চ’ অমেইজিং!

অলপো পলম নকৰি গৰ্বত বুকু ফুলাই প্ৰশংসাৰ প্ৰতি সন্মান জনাই মই তেওঁক কৃতজ্ঞতা জনালোঁ।

মানুহজন আঁতৰি যোৱাৰ পিছমুহূৰ্ততে গৃহস্থলৈ চাই ক’লোঁ‌,

: শুনিলা কি ক’লে?

বজাৰ কৰ‍া কাৰ্টখন ঠেলি আনি থ‍াকোঁ‌তে তেওঁ  গোটেইজন খিতখিতাই ক’ব নোৱাৰা হ’ল।

: হাঁহিলাযে? কিয়?

: বুইছা এটা কথা আজি  ভালকৈ গ’ম পালোঁ। ইয়াৰ মানুহবোৰ বৰ মিছলীয়া দেই।

: সঁচা কথা এটা কওঁনে?

: কি? 

মই সুধিলোঁ।

: তোমাৰ গান ‘গান’ হিচাপে ব্যৱহাৰ কৰিব

 পৰা যাবহে।

টিউবলাইটে একো নুবুজি আকৌ সুধিলোঁ, 

: মানে? কি গান ‘গান’ হিচাপে?

সেই কোবত ক‍াৰ্টখন এৰি বন্দুকৰ পজ ধৰি তেওঁ ক’লে,

: এইটো ‘gun’ আকৌ। মানুহ মাৰিবলৈ য’ত গুলীৰো দৰকাৰ নহ’ব। বেছি নালাগে, অলকানন্দা বুলি সেই চিঞৰিটো মাৰি দিলেই কাম খটম।


☆ ★ ☆ ★ ☆

4 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ, আৰ্টিষ্টিক মানুহ, গান গাব পৰা যেন লাগে কিন্তু৷ শুনাবাচোন৷

    বাকী ষ্টৰীটো বঢ়িয়া

    Reply
    • মানসী

      গায়কী কিমান সবল ধৰিব চাগে পাৰিছেই দাদা..তথাপি চলাই থাকিম..?

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷ ভাল লাগিল পঢ়ি৷

    Reply
  • মানসী

    ধন্যবাদ দাদা..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *