ফটাঢোল

মিচ ইউনিভাৰ্চ-ৰঞ্জু হালৈ মুনি

: এইয়া আমাৰ মঞ্চত বিউটি উইথ ব্ৰেইন ৰঞ্জু হালৈ মুনি।

জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰি হলটো ৰজনজনাই গ’ল। ফ্লাচবোৰে চকু চাট মাৰি ধৰিছে।দেশৰ নামী-দামী ফেশ্বন ডিজাইনাৰ, সাংবাদিকেৰে ভৰি আছে গোটেই হলটো। মইহে কিবা আনকমফৰ্টেবল ফিল কৰি আছোঁ‌। আই মিন কপোৰযোৰ কিবা দেহত লিপিট খাই ধৰিছে। উশাহ ল’বলৈও পৰা নাই। ইফালে চেণ্ডেলযোৰৰ কথা নকলোৱেইবা। যিহে ওখ। এবাৰটো ৰেম্পত ৱাক কৰি থাকোঁ‌তেই তিনিলুটি খাই পৰিছোঁ‌। ভাগ্যে কেমেৰামেনজনে ঘপহকৈ তুলি দিলে। মানুহবোৰলৈ চাই সেমেনা-সেমেনিকৈ হাঁ‌হি ৱাক কমপ্লিট কৰিলোঁ‌।

এতিয়া প্ৰশ্নোত্তৰ শিতান আছে, ইয়াত মোক পাঁ‌চটা প্ৰশ্ন সুধিব আৰু মই সেই পাঁ‌চটা প্ৰশ্নৰ উত্তৰ দিব পাৰিলেই হৈ যাম ‘মিচ ইউনিভাৰ্চ’। মোৰ শিৰত জ্বিলিকিব মিচ ইউনিভাৰ্চৰ ডায়মণ্ডৰ ধুনীয়া খিতাপ।

আস্! এইখিনি পাবলৈ জানো কম কষ্ট কৰিছোঁ‌।দিন-ৰাতি ডায়েট কণ্ট্ৰোল কৰি কৰি দেহাটো যখিনীৰ দৰে হাড়ে-ছালে লাগিছে। লাগিবই, খোৱা-বোৱা বাদ দিলোঁ‌ যে। খাইনো কোনে কিমান উন্নতি কৰিছে। কিবা যদি আয় উন্নতি হৈছে সেইয়া হ’ল পেটটো। মানুহজনীতকৈ আগবাঢ়ি যোৱা পেটটো সোমাই আহিল। এইয়া ডায়েটিঙৰ প্ৰভাৱ। অন্তৰাত্মাই বাৰে বাৰে কৈছে “তই পাৰিবি।”

গাঁৱতটো সকলোৱে যখিনী বুলিয়েই মাতিবলৈ আৰম্ভ কৰিছে। অৱশ্যে মুখৰ আগত কাৰোবাৰ ক’বলৈ সাহ থাকিলেহে। পিছততো ৰজাকো গালি পাৰে। পাৰক গালি, কি বুজিব সেইবোৰে ইয়াৰ ৰহস্য। মোৰ এটাই কথা মিচ ইউনিভাৰ্চ হৈহে এৰিম।

: তৌ মিচ ৰঞ্জু হালৈ মুনি। আপোনাৰ প্ৰথম প্ৰশ্ন হ’ল যে মানুহে খাবলৈ জীয়াই থাকেনে, জীয়াই থাকিবলৈ খায়?

প্ৰশ্নকৰ্তাজনে মুখেৰে ফেন ওলাই যোৱাকৈ প্ৰশ্ন কৰিছে। অভাৰ স্মাৰ্ট দেখুৱাবলৈ গৈ বাৰে বাৰে একেটা শব্দকে দুবাৰ তিনিবাৰ ৰিপিট কৰিছে।সেইখিনি কৰিবলৈ যাওঁ‌তে মুখখনে বক্ৰ ভাঁ‌জ লৈছে।বোধহয় এইয়াও ফেশ্বনৰে অংগ।

: হয়, মানুহে খাবৰ বাবে জীয়াই থাকে। ধৰক গাঁৱত কাৰোবাৰ ঘৰত বিয়া বা সকাম-নিকাম থাকে।তেতিয়া আমি সেই ঘৰখনত এমাহ আগৰ পৰা এমাহ পিছলৈকে খাওঁ‌। আপুনিয়েই কওক আমি জানো খাবৰ বাবে জীয়াই থকা নাই।

: এক্সিলেণ্ট মিচ হালৈ,এক্সিলেণ্ট।

পুনৰবাৰ হাতচাপৰি পৰিল।

: এইবাৰ আপোনাৰ দ্বিতীয় প্ৰশ্ন হ’ল যে আমি কি কি পদ্ধতিৰে ভাত বনাব পাৰোঁ‌?

: ইস্ সেইটো আৰু সুধিবলগীয়া কথানে? খৰি, গেছ আৰু গোবৰ সিঠাৰে আকৌ।

: মাৰ্ভেলাচ উত্তৰ। এইবাৰ আপুনি কওক যে আপোনাৰ দৃষ্টিত বিয়া মানে কি?

: বিয়া মানে হ’ল বিউটিপ্লাচৰ দৰে কথা। ধৰক গিৰীয়েকক কেনেকৈ পাকঘৰটো চমজাই দিনৰ দিনটো ফেইচবুক, হুৱাটচ এপ কৰি ইজনীৰ বদনাম সিজনীৰ আগত কৰাটোৱেই হ’ল বিয়া। ময়ো শিকি আছোঁ‌ দিয়কচোন।

প্ৰশ্নকৰ্তাজনৰ ফালে চাই এনেকুৱা মিঠা হাঁ‌হি এটি মাৰিলোঁ‌ বেচেৰা চিটভোলোঙা খাই পৰিবলৈহে বাকী।

: পাৰিব আপুনি মিচ হালৈ। মই গম পাইছোঁ‌ আপুনি পাৰিব বুলি।

মনে মনে ভাবিলোঁ‌ তইয়ে প্ৰপোজ কৰচোন তোকে ত্ৰিভুৱন দেখুৱাম। পিচে মুখ ফুটাই ক’ব নোৱাৰিলোঁ‌।

: এইবাৰ আপোনাৰ প্ৰশ্ন হ’ল যে কিয় মাইকী মানুহে অলপতে কান্দে।

: হিঃ হিঃ এইয়া আমাৰ কৌশল। এই ধৰক স্বামীয়ে ভাত নাৰান্ধোঁ‌ বুলি ক’লে তৎক্ষণাত যদি ক’ব পাৰোঁ‌ যে “আপুনি মোক অলপো মৰম নকৰে, নহ’লেনো ভাত ৰান্ধি নুখুৱাইনে? বচ দুটোপাল চকুপানী উলিয়াওক আৰু আপোনাৰ ভাত ৰেডী।

: বাপৰে, মানিছোঁ‌ দেই মিচ হালৈ। এইবাৰ আপোনাৰ পঞ্চম তথা শেষ প্ৰশ্ন যে গা বেছিকৈ কোনে ধুৱে পুৰুষে নে মহিলাই?

: (অলপ ভাবি) এইটো কথালৈ চালে গম পোৱা যায় যে অধিকাংশ পুৰুষে গা ধুৱে আৰু অধিকাংশ মহিলাই গা ধুৱে। বাকী নিজৰ ফালে চালে গম পোৱা যায় যে ঠাণ্ডাৰ দিনত মই পোন্ধৰ দিনলৈ বডী স্প্ৰে মাৰি কাম চলাওঁ‌।

: অহ্ ন’, মিচ হালৈ। আপোনাক মানিছোঁ‌ কিন্তু। কি সুন্দৰ আপোনাৰ উত্তৰ। তৌ আমি আহি শেষ পৰ্য্যায় পালোঁ‌। এইয়া বিউটি উইথ ব্ৰেইন ৰঞ্জু হালৈৰ মূৰত জিলিকিব মিচ ইউনিভাৰ্চ খিতাপ।

আৰু কি কি কৈছিল নুশুনিলোঁ‌। মূৰত খিতাপটো লাগি ধৰিছে। এৰুৱাব পৰা নাই। এইয়া কি! মোৰ হেডফোন ডাল। চেহ্ চিগিলে কিজানি। আজি শোৱাৰ পৰা উঠোঁ‌তে বহুদেৰি হ’ল। মাৰ মাতটো ক্ৰমে কাষ চাপি আহিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *