ফটাঢোল

বিহু- ভাস্কৰজ্যোতি শৰ্মা

” বিহু আনন্দীয়া      বিহু বিনন্দীয়া
         বিহুৰে মৌ-মিঠা মাত,
বিহু থাকে মানে        বিহুকে বিনাবা
         বিহু গ’লে বিনাবা কাক। “
বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ়ি উঠা বৃহত্তৰ অসমীয়া জাতিৰ সাংস্কৃতিক উৎসৱ, বিহু৷ সময়ৰ বা-মাৰলিত পৰি বিহুৱে স্বকীয়তা হেৰুৱালেও চটাই পৰ্বতৰ পৰা উজাই আহি বুঢ়া লুইতৰ পাৰত বাহ বন্ধা বিহুৰ আদিম আবেদন এতিয়াও একেই আছে। বিহু অসমীয়া কৃষিজীৱী ৰাইজৰ বাবে এক আনন্দৰ উৎসৱ৷ বিহু মানেই বিহুৱা ডেকাৰ সিৰে সিৰে বোৱা তপত তেজে ঢোলত দেওধনী উঠোঁৱা আৰু মালি মাছৰ গাহেন ৰঙিলী নাচনীৰ ওঁঠত বৰলে কামোৰাৰ বতৰ। বিহু মানেই ঢোল, পেঁপা, তাল, টকা, গগনা, সুতুলি লৈ বিহুগান গোৱাৰ বতৰ। ঠাই ভেদে থকা ভিন্ন পৰম্পৰা বা ৰীতিনীতিসমূহক বাদ দি বিহুত গোৱা গীত সমূহেহে বিহুৰ আক্ষৰিক সৌন্দৰ্য্যক ফুটাই তোলে। বিহুগীতসমূহ হ’ল এক স্বয়ং-সম্পূৰ্ণ ছন্দোবদ্ধ কাব্যৰচনা, যিয়ে থাউকতে হৃদয়লৈ এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰে। বিহুগীতত শ্ৰদ্ধা আছে, চেনেহ আছে, প্ৰেম-বিৰহ আছে। এই গীত সমূহ সাধাৰণতে দুটা বা চাৰিটা শাৰীত গোৱা হয়। প্ৰথম দুটা শাৰীত কোনো ৰূপক বা ব্যঞ্জনা য’ত প্ৰকৃতিৰ উপাদান নহ’লে সমসাময়িক কাহিনীৰ চিত্ৰ ফুটি উঠে। পিছৰ দুটা শাৰীত মনৰ আবেগ, প্ৰেম, মিলন, বিৰহ আদিৰ কথা থাকে; যিয়ে এক আৱেদনময়ী নান্দনিক সত্যক সুন্দৰকৈ ফুটাই তোলে।

অতীতৰ বিহুক লগবিহু বা মুকলিবিহু আৰু সমজুৱা বিহু বা হুঁচৰি, এইদৰে দ্বিবিভক্ত কৰা হৈছিল। হুঁচৰি, গৃহস্থৰ চোতালত গাম্ভীৰ্য্যতা ৰাখি পৰিবেশন কৰা হয়। হুঁচৰিৰ শেষত গৃহস্থই শৰাই দি মান ধৰে আৰু ৰাইজে গৃহস্থৰ কুশল কামনা কৰি নতুন বছৰৰ আশীৰ্বাদ দিয়ে; ইয়াত নাৰীৰ স্থান শূন্য। হুঁচৰি ল’ৰা, বুঢ়া সকলোৱে মিলি গায়। বিভিন্ন মালিতা, ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, যোজনা, জাতনাম, ঠেলানাম, ফকৰা আদিৰে হুঁচৰি গোৱা হয়।

বিহুৰ সদায় যোজনাৰে আৰম্ভ কৰা হয়। এই যোজনাবোৰ সাধাৰণতে চাৰি শাৰীত গোৱা হয়। পৰিস্থিতি তথা মনৰ অভিব্যক্তি অনুযায়ী যোজনা বিভিন্ন সুৰত গোৱা হয়। বনঘোষা বা ম’হগুৱালৰ যোজনাৰ সুৰ আৰু গৃহস্থৰ চোতালত গোৱাৰ সুৰৰ যিদৰে ভিন্নতা আছে; ঠিক একেদৰেই ডেকা-গাভৰুৱে গোৱা আৰু সৰু ল’ৰা-ছোৱালীয়ে গোৱা যোজনাৰ সুৰত ভিন্নতা দেখা যায়। তাৰোপৰি কিছুমান বিশেষ পৰিস্থিতিৰ লগত ৰজিতা খুৱাই, খুব খৰগতিৰে বা লৰা-লৰিকৈ আঢ়ৈ শাৰীত কিছুমান যোজনা গোৱা হয়। এই ধৰণৰ যোজনাক ঠাই ভেদে জোঙাল বুলিও কোৱা হয়।

“প্ৰথমে পৰণামো     আই সৰেস্বতী
            দ্বিতীয়ে পৰণামো হৰি
তৃতীয়ে পৰণামো      গাঁৱৰে বুঢ়ামেথা
            ধৰি যাওঁ নামাৰে গুৰি।।”

“ছাগে চেলাবৰে         ডবুৱা কটাৰী
            পহু চেলাবৰে মিট
ঘৰৰে গৃহস্থ                দায় নধৰিব
            গাই যাওঁ বতৰৰ গীত।।”

যোজনাৰ পিছতে বিহুত জাতনাম গোৱা হয়। এই জাতনামবোৰে বিহুগীতৰ বৈশিষ্ট্যপূৰ্ণ আৰু বৈচিত্ৰপূৰ্ণ ৰূপটোক ফুটাই তোলে। বিভিন্ন অলংকাৰ লগাই জাতনামবোৰ এটা, দুটা, তিনিটা, চাৰিটা শব্দ বা দহটা বা ততোধিক শাৰীৰে গাব পাৰি। ঠাই ভেদে জাতনাম দীঘল, চুটি বা লেহেমীয়া ধৰণৰ হ’ব পাৰে। জাতনাম আন এটা নামৰ লগত পুনৰাবৃত্তি কৰি গোৱা হয়। জাতনাম ধ্বনিগত, যেনে-

“হো-হো, হে-হে, বম্বা-বম্বা” আৰু শব্দগত যেনে- “ৰৈয়া কি ৰৈ ৰৈ, ৰে পি ৰে ৰে” আদি দুই ধৰণৰ হ’ব পাৰে। সাধাৰণ যোজনা এটাও এটা বা দুটা শব্দৰ পুনৰাবৃত্তিৰে জাতনাম কৰি গাব পাৰি। হুঁচৰি বা গৃহস্থৰ চোতালত গোৱা আৰু লগবিহুত গোৱা জাতনামৰ সুৰ, শব্দ, বিষয়বস্তু আদি বেলেগ বেলেগ হয়।

“…………..
যৌৱন দৈ ঐ
তোমাৰ সমান ধুনীয়া
নায়ে না ঐ”

বা

“প্ৰথমে ঈশ্বৰে এ বনমালী
সৃষ্টি সৰজিলে এ বনমালী
তাৰ পিছত স্ৰজিলে জীৱ বনমালী
ৰৈ ৰৈ ধেমালি কৰা”
বা

“বিচাৰি বিচাৰি
হে হে
এচাৰী আনিলোঁ
হে হে
গাঁঠি ঘনে ঘনে চাই”

বিহুত গোৱা আন এক প্ৰকাৰৰ নাম হৈছে ‘ঠেলানাম’। এই নামত দুশাৰী এজনে গাই আন এজনলৈ ঠেলি দিয়ে। পিছৰজনে দুশাৰী গাই আকৌ আন এজনলৈ ঠেলি দিয়ে। বিহু মাৰি থাকোঁতেই অত্যুৎসাহী হৈ সন্মুখত পোৱা যিকোনো শব্দৰে ঠেলা নাম গোৱা হয়। মালিতা, মণিকোঁৱৰৰ গীত, কাহিনী গীত আদিকো ঠেলানামৰ আকাৰত গাব পাৰি। ঢোল, তাল, পেঁপা, গছ, নৈ, চৰাই, ফুল, মাকোঁ, শালি, আহু, বৰা, মাগুৰি, পাচি, বিৰিয়া, টোলোঠা, নাচনীজৰী ইত্যাদি শব্দৰ সমাহাৰ ঘটাই ঠেলানামক আকৰ্ষণীয় কৰি তোলা হয়। ঠেলানাম আৰু জাতনামসমূহ ল’ৰাই ল’ৰাৰ ভিতৰতে গায়।

“চ’ততে চকৰি অ’ সৰু চৰাই
              লাহতি ঐ
বহাগত বাবৰি অ’ সৰু চৰাই
              লাহতি ঐ
জেঠতে ঐ আমনা ধান।।”

ফাগুন গৈ চ’তৰ বা লাগি, বাটে পোৱালি মেলাৰ দিনত বুঢ়া গৰুৰ ছালে বেবাই আৰু গাঁৱে গাঁৱে বিহু আৰম্ভ হয়। আদিমতাৰ সুবাস মিহলি হৈ থকা মুকলিবিহু বা লগবিহু বা ৰাতিবিহুত ডেকা গাভৰুৱে গোৱা নামবোৰক জোৰানাম বুলি কোৱা হয়। এই নামসমূহ ল’ৰা আৰু ছোৱালীয়ে উত্তৰা-উত্তৰি কৰি গায়। ৰাতিবিহুৰ দিনত ডেকা গাভৰুৰ মিলন অশ্লীল নাছিল। বিহুক সাৰথি কৰিয়েই ল’ৰাই ছোৱালীৰ আৰু ছোৱালীয়ে ল’ৰাৰ মন মুহিবলে চেষ্টা কৰিছিল আৰু নতুনকৈ সংসাৰৰ পাতনি মেলিছিল। জোৰানামসমূহ মনৰ সমস্ত আৱেগ, অনুভূতি আৰু আশা আকাংক্ষা আদিৰ বাহ্যিক প্ৰকাশৰ নামান্তৰ আছিল।

“তোমাৰ ঢাপতে   কলাপাতে কাটিলোঁ
          আগলি আগলি চাই
বিহুৰে তলিতে    তোমাক বাছি ল’লোঁ
           কঁকাল খামুচিয়া চায়।।”

“যাওঁতে দেখোঁ ধন   আহোঁতে দেখোঁ ধন
            বগী জামুকৰে পুলি,
খাবৰো নহ’লি         পিন্ধিবৰ নহ’লি
             চকুৰ হে পুৰণি হ’লি।।”

ইয়াৰ বাহিৰেও বিহু গীতত কথা কোৱাৰ নিচিনাকৈ কিছুমান ফকৰা গোৱা হয়; যিয়ে হাস্যৰসৰ সৃষ্টি কৰে। বিহুৱা ডেকাই বিহুৰ মাজতে এনে ধৰণৰ ফকৰা কৈ বিহুটোক জীপাল কৰি ৰাখে। ঢোলত লহৰি, ওৰালী, কছাৰী, চুটি চাপৰ আদিৰে ফকৰাসমূহক ফুটাই তোলা হয়।

“গেলা কোমোৰাৰে পানী সমনীয়া
গেলা কোমোৰাৰে পানী,
এইজনী নাচনী কিয়নো লাগিছে
নিয়ক বুঢ়া শিয়ালে টানি।”

নদীপ্ৰধান প্ৰদেশ হোৱাৰ বাবেও হয়তো নৈ, বিল আদিৰ লগত বিহুগীতৰ ওতঃপ্ৰোত সম্পৰ্ক এটা আছে। পাটকাই পৰ্বতৰ পৰা নামি আহি থাকোঁতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ আশে-পাশে মানুহৰ বসতি গঢ়ি উঠিছিল। দিহিং, দিবুং, জীয়াভৰলী, ধনশিৰী, দিখৌ, সোৱণশিৰী, জাঁজী, নামদাং, ৰঙিলী ইত্যাদি ইত্যাদি নদীৰ পাৰত থোৰ মেলা বিহুগীতত এই নামবোৰ সোমাই পৰিছিল। একেদৰেই কাকডোঙা, বগীবিল, জালেশালী, বমানী, দীঘলী, নেঘেৰি, সোনাই আদি বিলবোৰৰ নামো বিহুগীতত শুনিবলৈ পোৱা গৈছিল।

আমি গৌৰৱ কৰিব পৰা এই লোকসঙ্গীতৰ স্ৰষ্টাসকল স্বভাৱতেই “স্বভাৱ-কবি” আছিল; যাৰ প্ৰকৃতিমুখী কাব্যিক সৌন্দৰ্য্যত বিহুৱে সজীৱতা লাভ কৰি স্বকীয় ৰূপেৰে জিকিলি উঠিছিল।

“বোকাৰে গৰৈমাছ    বোকাতে ঘূৰিলে
             ওপৰত ঘূৰিলে বগ,
মনেৰে কথাটি          মনতে মলঙিলে
             ক’বলৈ নাপালোঁ লগ।।”

পথাৰৰ বিহুৱে ৰাজকাৰেং, ৰাজআলি পাৰ হৈ গৃহস্থৰ চোতালৰ বাবৰি গছকি মঞ্চত উঠি আজিৰ অৱস্থা পালেহি। মানুহৰ মানসিক ৰুচিৰ পৰিৱৰ্তন অনুসৰি বিহুৰো পৰিৱৰ্তন হ’ল। নতুনক আদৰি তাহানিৰ বিহুগীতে বিহুসুৰীয়া গীতলৈ ভটিয়ালে। আচলতে বিহুগীত আৰু বিহুসুৰীয়া গীত একে নহয়, বৰঞ্চ দুইটাৰ মাজৰ সম্পৰ্ক তেল আৰু পানীৰ দৰেহে। অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ তাহানিৰ বিহুগীতত পোৱা সেই সুৰ বা কবিতা যেন লগা শব্দৰ অনুপস্থিতি আজি বাৰুকৈয়ে অনুভূত হয়।

শ্ৰদ্ধাৰ ৺লীলা গগৈ দেৱে ১৯৬২ চন মানতে কৈছিল, “আজিৰ বিহুগীতবোৰ শুনিলে এনে লাগে যে বিহুগীতৰ যি মূল সুৰ, সেয়া যেন ক’ৰবাত হেৰাই গৈছে”।

এই কথাখিনি আজিৰ দিনত যদি চোৱা যায়, তেন্তে বিহুগীতৰ আচল সুৰ হয়তো আমাৰ পিছৰ প্ৰজন্মই শুনিবলৈ নাপাব। সময়ৰ বুকুত বগুৱা বাই বিহুৱে মোট সলাই হ’লেও, ই অন্তঃসলিলা হৈ আমাৰ মাজত চিৰপ্ৰবাহমান হৈ থাকিব৷

হেই……
বিট বিটি বিট বিটি
বআ(ৰা)ধানঅ(ৰ) চিআ(ৰা)
ভাল পাইছোঁ ভাল পাইছোঁ
আউ(ৰু) দুটামান দিয়া
হু-হু(হুৰ-হুৰ)বতাহী ঢেঁকীটো দাঙ্
চালনি মাই(ৰি)ছোঁ বেটগুটি ধান
লিলাং লাং জুতুলি
চুলি চাই(ৰি) ডালি
খোপাটি বান্ধি লৈ হোলিগৈ বুয়ি(ঢ়ী)
জেং খয়ি(ৰি) একোছা আনিছোঁ লুয়ি(ৰি)
হে ঢেঁকীটো দাঙি দে খুন্দু পিঠাগুয়ি(ৰি)
বম্বা বম্বা ঢেঁকীটো দাঙ্ অই
বম্বা বম্বা চালনীখন মা(ৰ)অই
কাষতে নাথাকিবি
অয়ে ঢেং কুলোচ ঢেং কুলোচ কুচ
দি দে নাহঅ(নাহৰৰ) ঢেঁকীটো ঐ
খুন্দুনো বআ(ৰা)ধান অ(ৰ) চিআ(ৰা)।।

তথ্য সংগ্ৰহ:
বিহুগীত আৰু বনঘোষা- ডঃ লীলা গগৈ
ডঃ অনিল শইকীয়াৰ কিছু প্ৰবন্ধ।

☆ ★ ☆ ★ ☆

4 Comments

  • Abhijit Goswami

    বৰ সুন্দৰকৈ লিখিলা হে বন্ধু ভাস্কৰ।

    Reply
    • Bhaskar Jyoti Sarma

      ধন্যবাদ হে বন্ধু

      Reply
  • পূৰ্ণময়ী

    বিহু মেইন?

    Reply
  • জয়ন্ত দাস

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *