ডিজিটেল দুনিয়াৰ কাহিনী-ৰাজশ্ৰী শৰ্মা
প্ৰেমত ফুলে শতদল, প্ৰেমত ঘূৰে ভূমণ্ডল। সৰুৰে পৰাই হিন্দী চিনেমা চাই, চিত্ৰহাৰ, ৰংগোলী চাই ডাঙৰ হোৱা আমি। প্ৰেমৰ নামত শ্ল’ মোচনত ‘পেহলা নচা’ গানৰ ষ্টাইলত বহী ছিঙি নদলিয়ালেও বিশেষ কোনোবা কোনোবাজনৰ চকুত চকু পৰিলে গাৰ মাজেৰে কাৰেণ্ট পাছ নোহোৱা বুলি ক’লেও ভুলেই হ’ব। কিন্তু কাৰেণ্ট লাগক বা বান্দৰকেঁকোৱা, সেই প্ৰেম আৰু স্কুলীয়া জীৱনত কৰা নহ’ল। স্কুলত লগৰ কিছুমানৰ কাহিনী শুনি আহি মুখ মেলি ভাবি থাকোঁ পঢ়া টেবুলত, সেইটো সময়ত বিখ্যাত FLAMES বুলি খেলাখনো খেলি চাইছোঁ বাহিৰা বহীৰ পিছফালে। কিন্তু সেইখিনিতেই শেষ।
কলেজীয়া দিনবোৰো স্কুলৰ দিনৰ দৰেই আছিল। সেই ইংৰাজীত কোৱা দৰে extended version, ৰাতিপুৱা উঠি কলেজত গৈ ক্লাছ কৰা, প্ৰেক্টিকেল কৰা আৰু আবেলি ভাগৰে-জোগৰে আহি আকৌ পঢ়া। তেনেকৈয়ে চলি গ’লহেঁতেন জীৱনটো এনেতে দেৱদূতৰ দৰে মোৰ সৰু দাদাই অৰ্কুট নামৰ সামাজিক মাধ্যমটিত মোক প্ৰফাইল এটা বনাই দিলে। মাজে সময়ে ইণ্টাৰনেট কাফেত গৈ ঘণ্টাত পোন্ধৰ টকাকৈ ইণ্টাৰনেট চাৰ্ফিং কৰিবলৈও যাওঁ আগৰ পৰাই পঢ়া শুনাৰ নামত। কিন্তু এতিয়া অৰ্কুটৰ নামত দেউতাৰ পৰা “হোমৱৰ্ক আছে, মোৰ হাতত একো মেটেৰিয়েল নাই লিখিবলৈ” ইত্যাদি কৈ টকা লোৱাৰ বাহানাও ঘনাই হোৱা হ’ল। অৰ্কুটৰ প্ৰফাইলত দিবলৈ কলেজৰ কেমেৰা ম’বাইল থকা ‘ধনী’ বন্ধু বান্ধৱীক ফটো তুলি দিবলৈ তেল মাৰোঁ, কিন্তু ফটো উঠিলেইতো নহ’ব! মোৰ আছিল নকিয়া ১১০০ এটা। ফটো কি, সাপ খেলাটোৰ সাপডালো ৰচীৰ দৰে দেখি। বিলাসীতাৰ নামত টৰ্চটো কেৱল! বন্ধুৰ ম’বাইলৰ পৰা অৰ্কুটৰ প্ৰফাইললৈ ফটোৰ যাত্ৰাৰ ভাৰাৰ কথানো কি ক’ম! দুই তিনি প্লেট চাওমিন বুলিয়েই ধৰি লওঁক।
বাৰু সেইবোৰ যিয়েই নহওঁক, তেনেই কিছুদিন চলাৰ পাছত এদিন এটা ৰিকুৱেষ্ট আহিল গুৱাহাটীৰেই ল’ৰা এজনৰ। প্ৰফাইলত পালচাৰ বাইকত বহি ক’লা হেলমেট এটা লৈ থকা ধুনীয়া ল’ৰা এজন। ৰিকুৱেষ্ট একচেপ্ট কৰি থোৱাৰ পাছত কেইদিনমান গ’ল। তাৰ পাছত এদিন হঠাতে চাটিঙত মেচেজ আহিল “Hi” বুলি। এদিন, দুদিন, বহুত দিন! অৰ্কুটত আকৌ এটা ভাল আছিল যে আপোনাৰ একাউণ্ট কোনে কোনে চাইছে তাৰে লিষ্ট এখনো চাব পাৰি। সপ্তাহত দুই তিনি দিনমানৰ মূৰে মূৰে যেতিয়াই চাওঁ, তেতিয়াই ল’ৰাজনৰ নামটো দেখা পাওঁ, মানস নামটো। শেষত এদিন মেচেজৰ ৰিপ্লায়ো দি চালোঁ। প্ৰথমতে ইংৰাজীত আলাপ আৰম্ভ কৰি শেষত অসমীয়াত।
ইতিমধ্যে ল’ৰাজনে কি পঢ়ি আছে, জুবিনৰ কোনটো গান ভাল লাগে, ভুল ভুলাইয়া চিনেমাখনত অক্ষয় কুমাৰৰ এক্টিং বেছি ভাল নে ৰাজপাল যাদৱৰ ইত্যাদি তত্ত্ব গধুৰ আলোচনা আমাৰ হৈ থাকে মাজে মাজে। ঘৰলৈ ব্ৰডবেণ্ড ইণ্টাৰনেট সংযোগ অনাৰ সু-বাদত আগতে সপ্তাহৰ তিনিদিনৰ ইণ্টাৰনেট চাৰ্ফিং গৈ গৈ প্ৰায় প্ৰতিদিনেই হয়, আৰু লগতে আমাৰ চাটিঙো। তথাপিও কিন্তু আমাৰ মাজত বন্ধুত্বমূলক কথাই হৈছিল, প্ৰেম পীৰিতিৰ উম-ঘাম না মানসৰ কথাত আছিল না মোৰ। পঢ়া-শুনা শেষ হোৱাৰ পাছত ক’ত চাকৰি কৰিম, ক’ত ফুৰিম এইবোৰ আড্ডাই বেছিকৈ দিয়া হৈছিল। মাজে মাজে লগৰজনীক তাৰ কথা কওঁ, তাই এদিন ক’লে, “তোক ভাল পাই যা সি।” তাইৰ কথাটো হাঁহি উৰুৱাই দিলেও কথাটো মনত ৰৈ গ’ল। অ, হ’বওতো পাৰে। নহ’লে সি ইমান কথা মোৰ আগত ক’বয়েইবা কিয়! দিল মে লাড্ডু এটা ফুটিবলৈ মানুহকনো আৰু কি লাগে নহয় জানো! ভাবিলোঁ তাৰ পৰা পেটৰ কথাটো উলিয়াবই লাগিব সোনকালে।
পিচে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি! ২০০৮ চনৰ পৰাই অৰ্কুট বন্ধ হ’ব বন্ধ হ’ব বুলি কথা ওলালে। ডিগ্ৰী ফাইনেল বৰ্ষৰ পঢ়াৰ চাপত মোৰো অৰ্কুট কৰা সময় নোহোৱা হ’ল। যি অলপ সময় পাওঁ প্ৰজেক্ট বনোৱা আৰু ইটো-সিটো কামতে যায়। এদিন হঠাতে তাক অনলাইন পালোঁ। সি ক’লে-
: মই ফেইচবুকত একাউণ্ট খুলিছোঁ, তুমিও খুলি ল’বা। অৰ্কুটৰ দৰেই, ফটোও দিব পাৰি।
মোৰ এলাহতে ফেইচবুক একাউণ্ট বনোৱা নহ’ল আৰু অৰ্কুতো বন্ধ হ’ল। বহুত দিনৰ পাছত ২০০৯-ত ফেইচবুক একাউণ্ট এটা বনালোঁ। বনায়েই প্ৰথমে লগৰ বন্ধুবোৰক ৰিকুৱেষ্ট পঠিয়াই পঠিয়াই এইবাৰ মানসৰ নাম বিচাৰিলোঁ। আঠটামান মানসৰ মূৰত সেই একে প্ৰফাইল ফটোখন দেখিলোঁ। একে পালচাৰ বাইক, একে ক’লা হেলমেট! লগে লগে ৰিকুৱেষ্ট পঠিয়ালোঁ, সি একচেপ্টো কৰিলে। মনতে ভাবিলোঁ, এইবাৰ হেৰাই যাব দিব নোৱাৰি, সি নক’লে ময়েই ক’ম আৰু উপায় নাপালে। মেচেজ বক্সত গৈ সুধিলোঁ-
: চিনি পাইছানে মোক?
: কিয় নাপাম বাৰু! একেইতো আছা দেখিবলৈ।
তাৰ ৰিপ্লাইটো পঢ়ি কি যে ভাল লাগিল! বাঃ মনত যে আছে মানে মোক! ফেইচবুক একাউণ্ট খুলিলেও কিন্তু ঘনাই ঘনাই তেতিয়া লগ ইন কৰা নহৈছিল। বহুত দিনৰ মূৰত কেতিয়াবা এদিন সোমাওঁ, আকৌ বহুত দিনৰ বিৰতি। তাৰ মাজতো মানসৰ কথা কিন্তু পাহৰা নাছিলোঁ। ভাবিছিলোঁ একেবাৰে চাকৰিটো হোৱাৰেই খবৰ দিম।
অৱশেষত এদিন আগষ্ট মাহত চাকৰি কনফাৰ্ম হোৱাৰ পাছত ফেইচবুক খুলি তাক মেচেজত ক’লো-
: হাই, কি খবৰ? মোৰ এটা বিৰাট ভাল খবৰ আছে।
এঘণ্টা মানৰ মূৰত সিফালৰ পৰাও মেচেজ এটা সোমাল-
: মোৰো এটা বিৰাট ভাল খবৰ আছে!
মই ভাবিলোঁ বাঃ, ইমান মিল আমাৰ দুটাৰে! ভাল খবৰো একেলগে। তাকেই প্ৰথমে ভাল খবৰটো দিবলৈ ক’লোঁ। তাৰ পাছত সি ক’লে-
: অক্টোবৰ মাহত মোৰ বিয়া পাতিছো ৰ’বা। তোমাৰ ফোন নম্বৰটো খুজিম বুলিয়েই ভাবি আছিলোঁ। তুমি কিন্তু আহিবয়ে লাগিব দেই, ছোৱালীৰ ফটো দিম। কেনে দেখা জনাবা। আহিব লাগিব কিন্তু, নাহিলে বিৰাট বেয়া পাম…..।
আৰু কিবা কিবি লিখিছিল মেচেজটোত। পিচে মোৰ আৰু ইমান পঢ়িবলৈ ধৈৰ্য্য ধৰিবলৈ নহ’ল।
: ” অঁ বঢ়িয়া কথা, ফটো আপলোড কৰিবা, আমি চাম।” বুলি কৈ লগ আউট কৰি দিলোঁ।
তাকেই ভাবোঁ এই যে কয়, “প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল”- এই প্ৰেমত কি ফুল ফুলে নাজানিলেও ফটাপ্ৰেমত যে ভূমণ্ডল কি মূৰেই ঘূৰাই তাৰ ওপৰত অন্ততঃ মোৰ কোনো সন্দেহ নাই।
☆ ★ ☆ ★ ☆
11:18 am
এইটো 23 নং ফটা প্ৰেম ন। বঢ়িয়া।
11:41 am
কিমান নম্বৰ নাজানো জয়ন্ত দা??? কিন্তু ফটাপ্ৰেমেই।
12:26 pm
Haha… Kene moja likhisa… Hahi rokhabo pora nai
12:28 pm
থেংকিউ??… ফটাপ্ৰেমৰ মহিমা আৰু।
1:06 pm
বঢ়িয়া লাগিলে পঢ়ি। মোৰো অলপ তেনেকুৱা অভিজ্ঞতা হৈছিলে ফেছবুকত ?? সেয়ে বেছি মজ্জা লাগিলে আৰু অকলে অকলে হাঁহি আছো এতিয়া ???
1:32 pm
ধন্যবাদ দেই পঢ়ি চোৱাৰ বাবে। আমিবোৰ আটাইৰে অলপ চলপ তেনেকুৱা অভিজ্ঞতা আছেই চাগে ন।?
1:57 pm
ইচ্,,কান্দি দিছিলা ন,,,,
2:45 pm
বা, কাল্পনিক কাহিনী অ???
1:14 pm
বঢ়িয়া ??
1:35 pm
ধন্যবাদ দেই পঢ়ি চোৱা বাবে
1:56 pm
Bor val lagil dei..
1:59 pm
FLAMES আমিও কৰি চাইছিলোঁ৷ মনত পৰি গ’ল৷ পিছে তামাম লিখাছা দেই৷
2:45 pm
নিচা ফাটি গল ন।পিছে ভাল লাগিল পঢ়ি।
4:44 pm
এনেয়ে আৰু কিমান আছে?? মজা লাগিছে পঢ়ি ❤️
5:15 pm
বৰ দুখ লাগিল। ফটাপ্ৰেমময় জীৱন হৈ গৈছে তোমাৰ।
5:18 pm
বঢ়িয়া ৰাজশ্ৰী৷ ধুনীয়া লিখিলা৷
7:09 pm
দুখ লাগি গ’লহে বা?
6:27 am
মজা লাগিল৷ অৰকূটৰ প্ৰেম আমাৰো আছিল৷
1:00 pm
বাপ্পাঐ প্ৰেম!
2:44 pm
হেৰৌ ইমান ফটাপ্ৰেম , কিতাপ এখন প্ৰকাশ হব পৰাকৈ গোট খাইছে নে?