ফটাঢোল

লক্ষ্মীনাথ বেজবৰুৱা আৰু ব্যঙ্গাত্মক ৰচনা – পাৰ্ভিছ জ’লী ভূঞা

অসমীয়া সাহিত্যৰ ইতিহাসত সাহিত্যৰ সকলো দিশত হাত ফুৰাই সমন্বয়ৰ হেঙুল-হাইতালেৰে ৰং দি গল্প, কবিতা, গীত, সাধুকথা, মালিতা, প্ৰৱন্ধ, তত্ত্বকথা, জীৱনীগ্ৰন্থ সকলো দিশতে চহকী কৰি যোৱা মহাৰথী গৰাকীয়েই হ’ল লক্ষ্মীনাথ বেজবৰুৱা৷ বুদ্ধিদীপ্ত মন্তব্য, নিৰ্দোষ হাস্যৰস আৰু স্থান বিশেষে ব্যঙ্গ বাক্যবাণেৰে তেওঁ কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে বহুতো ৰচনা লিখি গৈছে৷

স্বদেশপ্ৰেমী বেজবৰুৱাই কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে অসমীয়া মানুহৰ হতাশা আৰু নিৰাশা, সোৰোপালি, ভেম-ভণ্ডামি, ফোপ-যহ মৰা আদি বদগুণবোৰ আঁতৰাই অসমীয়া জাতীয় বৰপেৰা সাজিবলৈ সমালোচনাৰ সলনি হাস্যৰসাত্মক বাক্যৰ প্ৰয়োগ কৰিছিল৷ কাৰণ তেওঁ বুজি উঠিছিল যে সহজ-সৰল ভাষাৰে মানুহৰ সন্মুখত সমালোচনা কৰিলে কোনেও ভাল নাপায়৷ বিদ্ৰূপৰ একমাত্ৰ অৱলম্বন হ’ল হাঁহি৷ হাঁহিৰ জৰিয়তে কৰা সমালোচনা মানুহে সহ্য কৰিব পাৰে, হাঁহিৰে কৰা পৰোক্ষ সমালোচনাত সমালোচক আৰু সমালোচনাৰ পাত্ৰ উভয়ে সমানে আমোদ ল’ব পাৰে৷ কৃপাবৰ বৰবৰুৱা ছনেটৰ জৰিয়তে তেওঁ প্ৰকাশ কৰিছে অন্যায়, অনাচাৰৰ প্ৰতি তেওঁৰ চোকাদৃষ্টি-

“এডলীয়া কচৱৰ জাল মাকে খাইছিল
দুষ্টৰ পিঠিত কৃপা নিত্য থিয়-কিল
অন্যায়লৈ নগা-যাঠি, ন্যায়লৈ কলচী
কানি ভাং লাওপানী বহায় দকচি
বাহুবলী বৰবৰুৱা চিন্তে পৰৰ ইষ্ট
নোৱাৰি মিলাব পদ কৰে হেস্তনেস্ত“

কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলাত সন্নিৱিষ্ট ’বৰবৰুৱা ফটোগ্ৰাফ’ ৰচনাত তেওঁ বাৰেমিহলি ভাষাৰ প্ৰয়োগেৰে হাস্যৰসৰ সৃষ্টি কৰিছে– “লেকিন এহি পেটেকা ভিতৰমে তিনি বুৰি কাকতৰ টোপলা হেঁয়৷ হামকু এৰতো এৰ, মগৰ নাহি এৰনেসে ওহি তিনি বুৰি কাকতৰ টোপোলা ওলাইকে লেকিন কিন্তু, তোমালোকে বিলকুল অসমীয়া আদমি কা নেগুৰমে ধৰকে তত এৰুৱাই দেগা।“

আকৌ অসমীয়া মানুহৰ এলাহ, ধিতিঙালি আদিক ’প্ৰত্নতত্ত্ব’ নামৰ ৰচনাখনত ব্যঙ্গভাৱে সমালোচনা কৰিছে– “আগো নাই, গুৰিও নাই, টিকাত চপৰিয়াই দেও দি ধিতিঙালিকৈ ফুৰি কামৰ বেলিকা মূৰ খজুৱাই তিনি দিনৰ বাটৰ পৰা ৰিঙিয়াব ’বুৰঞ্জী নাই’, ’ইতিহাস নাই’ একো নাই (কেৱল মাথোঁন আছে তেৱেঁইহে)৷ চকুমুদা মানুহৰ পক্ষে একো নাই৷ ৰজাও নাই, প্ৰজাও নাই, সত্ৰও নাই, বামুণো নাই, লগুণো নাই৷ থকালৈ এটাইবোৰ আছে৷ আমাৰ হ’লে এই জাতি মানুহলৈ অলপো কৃপা নাই।“

’জোনাকী’ৰ জৰিয়তে কৃপাবৰ বৰবৰুৱাই চাৰিবছৰ কাল অসমীয়া মানুহৰ গাৰ পৰা বীৰাবোৰ খেদিবলৈ চেষ্টা কৰিছিল৷ ’জোনাকী’ বন্ধ হোৱাত তেওঁৰ এই ৰচনাসমূহো সমাপ্ত হৈছিল যদিও পুনৰ ’জোনাকী’য়ে মৃতসঞ্জীৱনী সুধা পান কৰিলত কৃপাবৰেও প্ৰত্যাৱৰ্তন কৰিলে৷ বৰবৰুৱাই স্বৰ্গতে চেকনিডাল এৰি আহি জৰা-ফুকা কৰি আত্ম-চেতনাহীন মৃতপ্ৰায় অসমীয়া লোককো সমালোচনাৰে থকা-সৰকা কৰিলে৷ ওভতনি যাত্ৰাৰ পিচত ’উদ্বোধন’ নামৰ পদ্যটোত কানীয়া মানুহক কৰ্মমুখী হ’বলৈ প্ৰেৰণা যোগাইছে –
“চকুৰ ফেঁচকুৰি ধুই অসমীয়া
উন্নতিৰ বাটত লৰ
নহ’লে পিচত পৰি পচি যাবি
বিদেশীৰ খাবি চৰ৷
টোপনিৰ জালত চকুৱে নেমেল
আলউ আপচু দিওঁ
নুঠ যদি কৃপাবৰে কঁকালৰ জোৰা
ভাঙি ল’ব জীউ৷ “

বেজবৰুৱাৰ ব্যঙ্গ ৰচনাবোৰৰ জৰিয়তে আমি এটা উপলব্ধি কৰিব পাৰো যে অন্যায়, অনাচাৰ কাম দেখিলে তেওঁ সুতীক্ষ্ণ শৰ নিক্ষেপ কৰিছিল৷ অসমৰ ভাষা-সাহিত্য-সংস্কৃতিক প্ৰাণ ভৰি ভালপোৱা বেজবৰুৱাই সেয়েহে কৃপাবৰ বৰবৰুৱা ছদ্মনামৰ জৰিয়তে অসমীয়া মানুহৰ ভুলবোৰ আঙুলিয়াই দি মাতৃভূমিৰ সীমান্তৰ প্ৰহৰীৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল৷

হাস্য-ব্যঙ্গ ৰচনাৰ উদ্দেশ্য কেৱল হাস্যৰস সৃষ্টি বা মনোৰঞ্জন প্ৰদান কৰাই নহয়৷ ইয়াৰ জৰিয়তে ব্যক্তিসত্ত্বা বা জাতি একোটাৰ মৃত্যু-সম্ভাৱনাময় যিকোনো কাৰ্যক ব্যঙ্গাত্মক সমালোচনাৰে আঙুলিয়াই দিয়াতো দৰকাৰী৷ যিহেতু ব্যঙ্গ ৰচনা সাহিত্যৰ এটা অংগ৷ সেয়েহে ইয়াৰ লক্ষ্য হ’ব লাগে ইয়াৰ জৰিয়তে কাৰো অনিষ্ট সাধন নোহোৱাকৈ সমাজৰ বিষবাষ্প বহনকাৰী কথাবোৰ সকলোৰে দৃষ্টিগোচৰ কৰোৱা, মানুহক সজাগ কৰি তোলা৷ কৃপাবৰ বৰবৰুৱাৰ মুখেৰে লক্ষ্মীনাথ বেজবৰুৱা দেৱে এনে উদ্দেশ্যত সফল হৈছিল, সেয়েহে অসমীয়া সাহিত্যৰ ইতিহাসত ব্যঙ্গ-সাহিত্যৰ যোগেদি সমাজ সংস্কাৰত অৰিহণা যোগোৱা, সমাজৰ ভুলবোৰ আঙুলিয়াই দিবলৈ সক্ষম হোৱা সাহিত্যিক সকলৰ ভিতৰত তেওঁ আজিও অদ্বিতীয়৷

★★★★

One comment

  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি, তথ্যসমৃদ্ধ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *