ফটাঢোল

বাই-ভনী – শ্ৰীমানস শইকীয়া

সৰুতে দুই-এটা খুট্-খাটৰ বাহিৰে বায়েক-ভনীয়েকৰ বিৰাট মিলা-প্ৰীতি৷ খুট্‌-খাটবোৰো এজনীৰ ভাত খোৱা থালখন সিজনীয়ে নোধোৱাক লৈ, এজনীয়ে ধুই-কৰি ইস্ত্ৰি কৰা কাপোৰযোৰ আনজনীয়ে পিন্ধাক লৈ; নাইবা ইজনীৰ প্ৰসাধন সামগ্ৰী সিজনীয়ে লোৱাক লৈ লাগে আৰু! অৱশ্যে, কোনো এটা সুদৰ্শন(হেনচু) ডেকাই এজনীৰ ওপৰত বেছিকৈ চকু দিলেও হনা-খোঁচা কাচিৎ লাগে৷
বিয়াৰ পিছত কিন্তু মৰমবোৰ ৰৈ বৈ যোৱা৷ মণি-হাৰি কিবা সামগ্ৰীয়েই হওক, ফেৰীৱালাৰ পৰা কাপোৰেই হওক, লওঁতে ইজনীয়ে সিজনীৰ বাবে ল’বই৷ তাৰ মাজতে দুটি স্নেপশ্বট আপোনালোকলৈ বুলি৷ (সুবিধাৰ বাবে বাই-ভনী দুগৰাকীৰ নাম দি লওঁ— ৰীণা আৰু মিনা)

স্নেপশ্বট (১)

(লেণ্ডফোনত)

মিনাঃ “বাইদেউ, ইমান ৰিং কৰি আছোঁ, ক’ত আছিলিনো?”

ৰীণা: “ভিনীহিয়েৰক পঠাই কাপোৰ দুটামান ধুইছিলোঁ৷ পুৱাৰে পৰা কঁকালটোও বিষ৷ নকৰিলেও নহয়!”

মিনাঃ “সেই কাৰণেইতো কালি এওঁক কওঁতে বোলে ব’লা আজি ৱাশ্বিং মেচিন এটা কিনি আনো৷ বৰ দাম৷ ৭,৮০০ পৰিল৷ আজি ইছলামে পানীৰ কাম কৰি আছে৷”

ৰীণাঃ “তহঁতৰেই ভাল৷ লওঁ বুলিয়েই ল’ব পাৰ৷ ভিনীহিয়েৰক ক’লেও লাভ নাই৷”

(কেইদিনমানৰ পিছত কথাৰ মাজতে ফোনত)

ৰীণা: “অ’ এটা কথা, কালি আমিও ৱাশ্বিং মেচিন কিনিলোঁ নহয়! ভিনীহিয়েৰে ক’লে- ‘লোৱা যদি ভাল এটা লোৱা৷ মই বাৰেপতি মেকানিক মাতিব নোৱাৰোঁ৷’ মোৰ আকৌ ১২,৬০০ টকাৰটোহে পছন্দ হ’ল৷ লৈ আহিলোঁ৷”

মিনাঃ “মোকো কৈছিল নহয়, এওঁ! দোকানৰ ল’ৰাটোৱে ক’লে যে ফেনখন হেভী কাৰণে মটৰটো সোনকালে বেয়া হ’ব৷”

স্নেপশ্বট (2)
(ম’বাইলত)

ৰীণাঃ “হেল্ল! মিনা, তোক ফোন কৰোঁ বুলি ভাবিও কৰিব পৰা নাই আলহীৰ পৰা৷”

মিনা: “ক’ৰ আলহীনো?”

ৰীণা: “নক’বি আৰু! আমাৰ হিয়াক চাবলৈ আহিছিল৷ নগাঁৱৰ ল’ৰা, ইঞ্জিনিয়াৰ৷ দিল্লীত কোম্পানী এটাত কৰে৷ বিয়া আজি প্ৰায় ফিক্স্‌ড হ’লেই৷”

মিনা: “ভালেই হ’ল দে৷ আমাৰনো কি! বিয়াৰ দিনাখন গৈ বিয়াখন খোৱাহে৷”
(ঠেহ লাগিলেই)

ৰীণা: “নহয় অ’, এওঁৰ লগৰ এজনৰ সম্পৰ্কীয়৷ তহঁতক খবৰ দিবলৈ সময়েই নহ’ল৷ ৰাজু (ভায়েক)কো এইমাত্ৰ কৈছোঁহে৷ তহঁতক বাদ দি একো নকৰোঁ নহয়! ঘৰ চাবলৈ যাওঁতে ভিনীহিয়েৰে তোক লৈ যোৱাৰ কথা কৈছে৷ মোৰ হৈ তয়েই চাই আহিবি৷”

মিনা: “হ’ব হ’ব৷ আমাৰ এওঁক ফোন কৰিবলৈ দিবি ভিনদেউক৷”

বিয়াৰ এসপ্তাহ আগতেই মাহীয়েক বিয়াঘৰত হাজিৰ৷ গৈয়েই বাৰাণ্ডাত ভৰি দিয়েই-“আমাক কোনোবাই খবৰ নিদিলেও আহিবতো লাগিবই!”

স্নেপশ্বট (৩)
(স্মাৰ্টফোনত)

 

ৰীণা: “হেল্ল’ মিনা, তই ফোন কৰোঁতে মই ফেচবুক কৰি আছিলোঁ৷ সেইকাৰণে কাটি দিলোঁ৷”

মিনা: “অ’ আই! তই আকৌ কেতিয়াৰ পৰা ফেচবুকত ধৰিলি?”

ৰীণা: “এঃ, নকবি আৰু! হিয়াৰ বিয়াৰ পিছত দুখ কৰি থাকোঁ বাবে নিকু (ল’ৰাটো)ৱে তাৰ পুৰণি ফোনটো মোক দি দিলে৷ লগতে ফেচবুক একাউণ্ট খুলি দিলে৷”

মিনা: “অ’ সেইকাৰণে তোৰ ফোন বহুদিন পোৱা নাই৷ সেইডালতে লাগি থাক ন?”

ৰীণা: “কাকতীয়নীয়ে ভূঞানী আৰু সেইযে তোক লৈ গৈছিলোঁ বৰানী, ছোৱালীজনী যে পেইণ্টাৰ এটালৈ পলাই গ’লযে, সকলোৱে ধুনীয়া ধুনীয়া দিচ্‌বোৰৰ ফটো দিয়ে৷ বহুত লাইক কমেণ্ট পায়৷ চেল্‌ফি‍বোৰযে আৰু, কি চাবা! তাতে কিমান কমেণ্ট!”

মিনাঃ “তয়ো দিবি আকৌ৷”

ৰীণা: “সিদিনা দিলোঁ নহয়! অসমীয়া আহাৰৰ, আঠমঙলাৰ দৰে সজাই ফটো মাৰি প’ষ্ট এটা দিলোঁ৷ তাৰ পিছত জান? ১২৭ টা লাইক, ৫৬ টা কমেণ্ট৷ বৰ ভাল লাগিল৷ তইহে কমেণ্ট নিদিলি!”

মিনা: “মোৰ আকৌ ফেচবুক নাই নহয়৷ ৱাট্‌চএপ্‌হে৷ তোৰ নাই যে! কি জমনি !”

(কেইদিনমান পিছত)

ভিনীহি: “হেৰা, কাণত সেইডাল ভৰাই লৈ কিমান টিপা-টিপিখন কৰি থাকা? ভাত পানী নবনোৱা নেকি?”

ৰীণা: “মিনাই ইমান জমনি ভিডিঅ’ এটা পঠাইছে, চাইহে আছোঁ৷ আপোনাৰ হ’ল যদি হাত-মুখ ধুই আহক৷ ভাত কেতিয়াবাই হ’ল৷ অ’ নিকু, আহ … ভাত দিছোঁ৷”

এনেদৰেই বৰ্তি ৰয় বাই-ভনীৰ মধুৰ সম্পৰ্কবোৰ৷

*****

 

Leave a Reply

Your email address will not be published. Required fields are marked *