ফটাঢোল

বিভ্ৰান্তি-অৰবিন্দ গোস্বামী

মানুহজনক যোৱা এসপ্তাহ ধৰি মণ্টুমণি দত্তই

নিৰীক্ষণ কৰি আছে। কিন্তু মানুহজনে প্ৰকৃততে

কি কৰে অথবা মানুহজনৰ প্ৰকৃতি কেনেকুৱা, এই সম্পৰ্কে তেওঁ এটা সঠিক সিদ্ধান্তলৈ আহিব পৰা নাই। কিন্তু এটা কথা সত্য যে মানুহজন যে কোনোবা উগ্ৰপন্থী সংগঠনৰ বা অপৰাধ জগতৰ সৈতে জড়িত সেয়া নিশ্চিত। সেয়া তেওঁৰ এই সাতদিনৰ কাৰুকাৰ্যবোৰে প্ৰতিপন্ন কৰিছে। 

মণ্টুমণি দত্ত আহিছিল গুৱাহাটী মহানগৰীত এটা চাকৰি বিচাৰি। পঢ়া-শুনা শেষ কৰি ঘৰত নিবনুৱা হৈ বহি থকা কথাটো মণ্টুমণিৰ বাবে বৰ সহিব নোৱাৰা যান্ত্ৰণা আছিল। সেই সময়ত চৰকাৰী চাকৰিও নাই। গতিকে প্ৰাইভেট কোনোবা কোম্পানীত কাম কৰি ব্যস্ত হৈ থাকিলেও অন্ততঃ মাক-দেউতাকে ঘৰত নিবনুৱা পুতেক এটা বহি আছে বুলি মনতে দুখ কৰিব নালাগে বা ঘৰলৈ অহা আলহীক

’সি এতিয়া কি কৰি আছে’—–বুলি সোধা প্ৰশ্নটোক লৈ বিপাঙত পৰিব নালাগে। দেউতাকৰপৰা টকা পাঁচ হাজাৰমান লৈ মণ্টুমণি গুৱাহাটী পায়হি আৰু এদিন হোটেলতে নৈশ যাপন কৰে। পিছে হোটেলৰ ভাড়া আৰু বাহিৰত খোৱা দুয়োটাৰে হিচাপ ধৰিলে মণ্টুমণি গুৱাহাটীত দহ দিনো টিকিব নোৱাৰে। কাৰণ পাঁচ হাজাৰ টকাৰে দুটামান টকা প্ৰেচাৰ কুকাৰ, কেৰাহী, হেতা, বিছনা, ষ্ট’ভ এটা …..আদি নিম্নতম দৰকাৰী বস্তুকেইপদ কিনিবলৈও ৰাখিব লাগিব। প্ৰথম নিশা হোটেলত থাকি পিছদিনা মণ্টুমণি ওলাইছিল ভাড়া ঘৰ এটা বিচাৰি। কেইবাঠাইতো ভাড়াৰ বাবে ৰুম এটা বিচাৰি মণ্টুমনি ভাগৰি পৰিছিল। দুপৰীয়া হোটেলতে ভাত কেইটামান খাই অলপ সময় বহি আকৌ ওলাইছিল। এইবাৰ মণ্টুমণিয়ে চান্দমাৰীৰ ফালে পাক এটা মৰা ভাল হ’ব বুলি ভাবি জ্যোতিনগৰৰ ফালে সোমাই গৈছিল। ঠাইখিনি বৰ সুন্দৰ। এনে ঠাইত ৰুম এটা পালে বৰ ভাল আছিল। পিছে ঘৰ ভাড়াটোৱে তাৰ নোপোচাইগৈ। এইবাৰ হালধীয়া গেট এখন খুলি মণ্টুমণি সোমাই গ’ল। অলপ ভয়াৰ্ত দৃষ্টিৰে মণ্টুমণিয়ে ইফালে-সিফালে চালে। মণ্টুমণিয়ে কুকুৰলৈ বৰ ভয় কৰে। সেয়ে কাৰোবাৰ ঘৰত গেট খুলি সোমালে সি কুকুৰ থকা অথবা নথকা কথাটো মন কৰিবই। ধুনীয়া পৰিৱেশ। ঘৰটোৰ ভিতৰত গছ-গছনি আছে। গৰমৰ দিনত থাকিবৰ বাবে সুন্দৰ ঠাই। অলপ সোমাই যাওঁতেই-

“কি হে ডেকা ল’ৰা, কিবা কথা আছিল নেকি”—-বুলি কাৰোবাৰ কণ্ঠস্বৰ এটা ভাঁহি অহা মণ্টুমণিয়ে শুনিবলৈ পালে। ভালদৰে ইফালে-সিফালে চাই মণ্টুমণিয়ে দেখিলে যে এজন মানুহ গছৰ তলত বহি ধুম্ৰপান কৰি আছে, এক্কেবাৰে কুণ্ডলী পকাই পকাই। মানুহজন যে লাহে লাহে তপা হ’বলৈ আৰম্ভ কৰিছে, সেয়া তেওঁৰ মূৰত থকা ‘পানীয়ে মৰা বাও’ৰ লেখীয়া চুলিকেইডালে স্পষ্টকৈ ঘোষণা কৰিছে। 

মণ্টুমণি অলপ আগবাঢ়ি আহি মানুহজনৰ ওচৰ পাওঁতেই তেখেতে কৰমৰ্দনৰ বাবে হাতখন আগবঢ়াই দিলে আৰু সন্মুখতে থকা চকীখনৰ ফালে ইঙ্গিতেৰে দেখুৱাই বহিবলৈ দি ক’লে, 

: হেল্ল’….আই আম মিষ্টাৰ বিভ্ৰান্ত কাকতি। 

দিওঁ নিদিওঁকৈ মণ্টুমণিয়ে হাতখন আগবঢ়াই দি ক’লে, 

: দাদা মই এটা ভাড়া ৰুম বিচাৰি আহিছিলোঁ। 

মণ্টুমণিয়ে তেতিয়াও আসন গ্ৰহণ নকৰা দেখি বিভ্ৰান্ত কাকতিয়ে পুনৰ মণ্টুমণিক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালে। 

এইবাৰ মণ্টুমণি বহিল। দিনৰ দিনটো ডলাৰ বগৰীৰ দৰে ভাড়া ৰুম বিচাৰি ঘূৰি ফুৰাৰ পাছত এই বিভ্ৰান্ত কাকতিয়েই প্ৰথমজন মানুহ, যি মণ্টুমণিক ইমান সুন্দৰকৈ স্বাগতম জনালে। মণ্টুমণিৰো ভাল লাগিল। মানুহজনৰ ব্যৱহাৰত মুগ্ধ হৈ মণ্টুমণিয়ে নিজৰ সকলো সমস্যা খুলি ক’লে। গোটেইখিনি কথা একাণপতীয়াকৈ শুনি বিভ্ৰান্ত কাকতিয়ে মণ্টুমণিক ক’লে, 

: আচলতে ময়ো এজন ভাড়াতীয়াই। এই যে সুন্দৰ ঘৰটো দেখিছা, ইয়াত মই নাথাকোঁ অথবা মই ইয়াৰ মালিকো নহয়। মই এই ঘৰটোৰ পিছফালে থকা সৰু কোঠা এটাত অকলে ভাড়া থাকোঁ। সৰু কোম্পানী এটাত চাকৰী কৰোঁ। আজি দেওবাৰ বাবে তুমি মোক লগ পালা। আগতে এই ডাঙৰ ঘৰটোত কোনোবা ভাড়াতীয়া আছিল। বৰ্তমান তেওঁলোকে ঘৰটো এৰি গুচি গৈছে। মোৰ ভাগ্য ভাল আছিল যে যোৱা সপ্তাহত মই ইয়ালৈ ভাড়া ৰুম বিচাৰি আহিছিলোঁ আৰু কম পইছাতে মই থকাৰ ঠাই অকণমান পালোঁ। সিদিনা ইয়ালৈ ঘৰৰ মালিকো আহিছিল। বৰ্তমান মই এই ঘৰটোৰ ৰখীয়া। কোনোবাই ডাঙৰ ঘৰটো ভাড়ালৈ বিচাৰিলে মালিকে চাই-চিতি মোকে ভাড়ালৈ দি দিবলৈ কৈছে। ঘৰটো ভাড়ালৈ দিয়াৰ ফৰ্মেলিটিজখিনি মোকে কৰিবলৈ কৈ গৈছে। কিন্তু ইমান ডাঙৰ ঘৰটো তোমাক নিশ্চয় নালাগে। আচলতে ময়ো তোমাৰ দৰে এনেদৰে এদিন সৰু চাকৰি এটা বিচাৰিয়েই গুৱাহাটীলৈ আহিছিলোঁ। গতিকে মই তোমাৰ কথাখিনি বুজি পাইছোঁ। হোটেলতো তুমি বেছি দিন থাকিব নোৱাৰা আৰু তুমি বিচৰা খৰচত ভাড়াঘৰ এটাও তুমি এই মহানগৰত নোপোৱা। এটা কাম কৰিব পাৰা। তুমি মোৰ লগতে থাকিব পাৰিবা। কিন্তু তুমি আধা ঘৰভাড়া দিব লাগিব আৰু বিছনা, টেবুল এইবোৰ কিনিব নালাগে। খোৱাৰ বাচন, ষ্ট’ভ সকলো আছে। কিন্তু ঘৰটোত থকাৰ সুবিধাহে একেবাৰে নাই। ৰুমত বৰষুণ দিলে পানী পৰে, খোৱা পানীৰ বাবে ৰৈ থাকিব লাগে, লেট্ৰিন বাথৰুমৰ অৱস্থা বেয়া….এক কথাত একো সুবিধা নাই। কিন্তু তুমি থাকিলে মোৰ আপত্তি নাই। মাত্ৰ মাহৰ শেষত তুমি ঘৰভাড়া টকা ৫০০ দিব লাগিব। মোৰো ৰেহাই হ’ব। 

কথাখিনি শুনি শুনি মণ্টুমণিৰ আশ্চৰ্য ধীৰে ধীৰে বাঢ়ি গৈ আছে। মানুহজনে সুন্দৰকৈ কুৰ্ত্তা-পায়জামা পিন্ধি আছে, নতুনকৈ প্ৰমোচন পোৱা তপা, ওঁঠত জ্বলন্ত চিগাৰেট। সুন্দৰ ঘৰটোৰ সন্মুখৰ গছৰ তলৰ চকীত বহি আন এখন চকীত ভৰি দুখনক বিশ্ৰাম দিছে। এনে মানুহেইতো মালিক হয়। 

অৱশ্যে মণ্টুমণিকনো এইবোৰ কথা কি দৰকাৰ। তাৰ বাবে বিভ্ৰান্ত কাকতিৰ লগত একেলগে থকা কথাটো সকলো ক্ষেত্ৰৰপৰাই লাভজনক। অগত্যা পলম নকৰি সি হয়ভৰ দিলে। যি কি নহওক, গুৱাহাটীৰ নিচিনা ঠাইত তাৰ নিচিনা একে আৰু তাৰ কথা বুজা মানুহ এজন সি বিচাৰি পাইছে। ইয়ো কম ডাঙৰ কথা নহয়। 

মণ্টুমনিয়ে বিভ্ৰান্ত কাকতিৰ লগত গৈ ৰুমটো চালেগৈ। উঃ! বিছনাখনৰপৰা আঁঠুৱা উঠোৱাই নাই। এখন টেবুলৰ ওপৰত এটা পাম্প দিয়া ষ্টভ….ছাঁই লাগি লাগি ক’লা হৈ গৈছে, ওচৰে-পাঁজৰে বাচন বৰ্ত্তনবোৰ সিঁচৰতি হৈ পৰি আছে। তাৰে কেইবাটাও বাচনে যেন পানী কি বস্তু, সেয়াও পাহৰিয়েই গৈছে। টেবুলৰ ওপৰত এডাল আধা জ্বলা মহ খেদোৱা কইল ষ্টেণ্ডডালত ওলমি থাকি কোঠাৰ শোভাবৰ্দ্ধন কৰিছে। ৰুমৰ মাজেৰে যোৱা হেংগিং ব্ৰীজৰ নিচিনা ৰছীডালত ওলমি আছে দুটামান সাতোটা ৰঙৰ এটাতো নপৰা অন্তৰ্বাস, টি-চাৰ্ট আৰু উৱলি যোৱা জিন্স। ৰুমৰ ওপৰফালে চালে এনে লাগে যেন ভাড়া লৈ বিভ্ৰান্ত কাকতিয়ে মকৰাকেইটামানকো কোঠাটোত থাকিবলৈ ঠাই দিছে। এটা চুকত এডোঙা পানী জমা হৈ আছে। মজিয়াত কেইটামান নুমাই যোৱা চিগাৰেটৰ টুকুৰা, কেইটামান ৰঙীণ পানীয়ৰ বটলো চুকে-কোণে পৰি আছে। ৰুমটোত যেন বহুতো গোন্ধ সংমিশ্ৰণ হৈ এটা নতুন গোন্ধৰ সৃষ্টি কৰিছে, যি গোন্ধ পৃথিৱীৰ আন ক’তো পোৱা নাযাব। বেৰকেইখনত ওলমি আছিল কেইখনমান অশ্লীল ছবি। এই দৃশ্যবোৰ দেখি মণ্টুমণিৰ মনটো এঙাইছিল। কিন্তু তাৰ আৰ্থিক দিশটোৰ কথা মনত পেলাই অলপ কষ্ট কৰিয়েই থাকিম বুলি ভাবি সি বিভ্ৰান্ত কাকতিক পিছদিনা নিজৰ বেডিং পত্ৰ লৈ অহাৰ কথা কৈ সেইদিনা বিদায় ল’লে। 

মণ্টুমণি চাফ-চিকুণ মানুহ। সেয়ে প্ৰথম দিনা আহিয়েই মন্তুমণিয়ে কোঠাটো চাফ-চিকুণ কৰি কোঠাৰ নক্সাই সলাই পেলালে। পিছে কোঠাৰ অশ্লীল ছবিকেইখন আৰু বিভ্ৰান্ত কাকতিৰ অদ্ভুত ৰঙৰ কাপোৰবোৰে তেতিয়াও ৰুমটোত বিভ্ৰান্ত কাকতিৰ আধিপত্যৰ কথা ঘোষণা কৰি আছিল। 

প্ৰথমদিনা কামৰ পৰা ঘূৰি আহি বিভ্ৰান্ত কাকতি আচৰিত হ’ল, মনতে ভালো পালে। ইয়াৰ পিছৰপৰা দিনত মণ্টুমণিয়ে ইণ্টাৰভিউ দিবলৈ যায় আৰু বিভ্ৰান্ত কাকতি ওলাই যায় নিজৰ কামলৈ। আহোঁতে বজাৰো কৰি আনে। খৰচ ৫০-৫০ হয়। সেইকেইদিন মণ্টুমণিয়ে আনকি ৰন্ধাৰ কামটোও কাকতিক কৰিবলৈ দিয়া নাই। সকলো নিজে কৰে, হাজাৰ হ’লেও মানুহজনে তাক সহায় কৰিছে। মানুহজনে কুণ্ডলী পকাই পকাই খোৱা চিগাৰেটৰ গোন্ধ, মাজে মাজে লৈ অহা ৰঙা পানীয়ৰ বটলৰ গোন্ধ এই সকলো মণ্টুমণিয়ে নীৰৱে সহি যায়, আপত্তিও নকৰে। 

কিন্তু সেই যে ড্ৰেছযোৰ, বিভ্ৰান্ত কাকতিয়ে কামৰপৰা আজৰি থাকিলেহে পিন্ধে। 

কিন্তু লাহে লাহে মণ্টুমণিয়ে বিভ্ৰান্ত কাকতিৰ সন্দেহজনক ৰূপ এটা দেখিবলৈ পালে। মানুহজন ৰাতি প্ৰায় নোশোৱে, মানে বহু দেৰিকৈ অৰ্থাৎ প্ৰায় পুৱতি নিশাহে শোৱে। কেতিয়াবা আকৌ সন্ধিয়া ৰহস্যজনকভাৱে এখন বুলেট আহি সিহঁতৰ পদূলিৰ মুখত ৰয়হি। সেই বুলেটত অহা গুণ্ডা যেন লগা মানুহটোৰ সৈতে বিভ্ৰান্ত কাকতি গুচি যায় আৰু নিশা বহু দেৰিলৈকে ঘূৰি নাহে। ৰাতি দেৰি হ’লে মণ্টুমণিয়ে গম নোপোৱাকৈ দৰ্জাখন এক বিশেষ কায়দাৰে খুলি ৰুমত সোমায়, টেবুলত বাঢ়ি থোৱা ভাতগাল খায়…. আকৌ চকীত বহি কিবা এটা চিন্তা কৰি কৰি চিগাৰেট ধোঁৱাৰে জ্বলাই কুণ্ডলী পকাই পকাই মজা লৈ থাকে। পিছদিনা দেৰিকৈ উঠে। 

বিভ্ৰান্ত কাকতিয়ে ভাবে যে মণ্টুমণিয়ে একো গম নাপায়, কিন্তু তেওঁ নাজানে যে তেওঁৰ লগতে মণ্টুমণিৰো প্ৰায় গোটেই নিশা টোপনি ক্ষতি হয়। 

ইমানতো বাৰু সন্দেহ নকৰাকৈ পাৰি। কিন্তু মাজে মাজে সুৰাপান কৰাৰ পিছত তেওঁ মণ্টুমণিক যিবোৰ কথা কয়, সেইখিনি শুনি যিকোনো মানুহেই সন্দেহ কৰিব বা ভয় খাব। আজিকালি মণ্টুমণিক ‘তুমি’ৰ সলনি তই বুলি সম্বোধন কৰে। 

: তই বাৰু নাভাবানে যে এই ঘোচখোৰ বিষয়া দালালবোৰে দেশখন খুলি খুলি খাইছে…..আৰু এই চোৰাং চিকাৰীকেইটাৰ দুটামানক আমাৰ পুলিছে এ.কে.ফিফটি ছেভেনেৰে গুলিয়াব নোৱাৰেনে? আচলতে গুলিয়াব পাৰে, কিন্তু সিহঁতে তেনে নকৰে। কাৰণ ফ্ৰম টপ টু ব’টম অল আৰ কৰাপ্তেড। আৰু এই ঘোচ খোৱা বিষয়াবোৰ কিডনেপ কৰি নি গুলীয়াই দিব লাগে। নট টু লিভ দেম। 

 সন্মুখত বাকি থোৱা পেগটো খৰকৈ গলাৰ্ধকৰণ কৰি গ্লাছটো টেবুলত খটপকৈ শব্দ কৰি থৈ বিভ্ৰান্ত কাকতিয়ে লাল হৈ যোৱা চকুকেইটাৰে মণ্টুমণিলৈ চাই পুনৰাই কয়-

: দুটামানক নুগুলিয়ালে ঠাণ্ডা নহ’ব। গুলীয়াব লাগিব। 

এই বক্তব্যবোৰ শুনি মণ্টুমণিৰ পেটতে হাত ভৰি লুকায় আৰু সি মনে মনে শুবৰ সময়ত মামৰে ধৰা টিংখনৰ ফালে চাই ভগৱানক প্ৰাৰ্থনা কৰে-

“হে প্ৰভু! তুমি মোক ক’ত আনি ফচালাহি! এই বিভ্ৰান্ত কাকতি টেৰৰিষ্ট…..এইজন কোনো সাধাৰণ জীৱন-যাপন কৰা মানুহ নহয়। এওঁ হয়তো কোম্পানীত চাকৰি কৰাৰ অচিলা লৈ ক’ৰবাত কূটাঘাত সংঘটিত কৰিবলৈ আহিছে। মানুহে কয় বোলে সুৰাপান কৰাৰ পিছত মানুহৰ মনৰ কথাবোৰ ওলাই আহে। আৰু দুদিনমানৰ পিছত এইজনাই মোক নক’লেই হ’ল বোলে তুমি আমাৰ সংগঠনলৈ আহাঁ। তোমাৰ দৰে সুন্দৰ সুঠাম ডেকাৰ তেজ আজি দেশক প্ৰয়োজন।  

নাই নাই….মই তেনেকুৱা কৰিব নোৱাৰোঁ দেই! মোৰ এই পিঁয়াজৰ সমান মাথাটোৰে মই কি দেশৰ কথা চিন্তা কৰিম। যিমান সোনকালে চাকৰি এটা পাওঁ, সিমান সোনকালে মই ইয়াৰপৰা পলাম। আৰু সেই বুলেট লৈ অহা প্ৰকাণ্ড মানুহটো! সি নিশ্চয় একেটা সংগঠনৰে। কি ডেঞ্জাৰ ডেঞ্জাৰ প্ৰাণীৰ পাল্লাত পেলাই দিলা প্ৰভু! আৰু মই ইয়াৰপৰা যোৱাৰ কথা ক’লে যদি বিভ্ৰান্ত কাকতিয়ে মোক গুলীয়াই দিয়ে! মই শেষ। বিভ্ৰান্ত কাকতিয়ে সেই কুৰ্ত্তা-পায়জামাযোৰ সুমুৱাই তলা মাৰি থোৱা ট্ৰাংকটোতে নিশ্চয় আপত্তিজনক নথি-পত্ৰ আৰু ৰিভলভাৰটো আছে। আৰু পুলিছে যদি ৰেট মাৰি ধৰা পেলায় …..মোৰ ফটো বিভ্ৰান্ত কাকতিৰ সৈতে বাতৰিকাকতৰ ফ্ৰণ্ট পে’জত থাকিব। হেডলাইন- 

“মহানগৰীৰ মাজ-মজিয়াত কূটাঘাতৰ লক্ষ্যৰে বাহৰ পাতি থকা দুই দুদ্ধৰ্ষ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ…….বহু আপত্তিজনক নথি-পত্ৰ আৰু…….”

ভাবি ভাবি ভয়তে মণ্টুমণি ভাগৰি পৰে। পাৰিলে এবাৰ “তুমি চিত্ত বৃত্তি মোৰ…..” প্ৰাৰ্থনাটো গায়। ইয়াৰ পিছত নিদ্ৰাদেৱীয়ে মণ্টুমণিক কেতিয়া কাবু কৰি পেলায় গমেই নাপায়। 

এদিন ৰাতি ঠিক ৮ মান বজাত মণ্টুমণি আৰু বিভ্ৰান্ত কাকতিৰ ৰুমৰ দুৱাৰত টোকৰ পৰিল। সাধাৰণতে সেই সময়ত তেওঁলোকৰ ওচৰলৈ অহা মানুহ কোনো নাই। দুয়োৱে দুয়োলৈ চালে। কোন আহিল! বিভ্ৰান্ত কাকতিয়ে দুটা পেগ গিলিছিলহে আৰু মণ্টুমণিয়ে কোমোৰাটোৰ বাকলি গুচাই কুটিবলৈ লৈছিলহে। 

বিভ্ৰান্ত কাকতি গৰজি উঠিল। 

: কোন? 

সিফালৰপৰা উত্তৰ আহিল-

: পুলিছ। 

এইবাৰ বিভ্ৰান্ত কাকতিয়ে মণ্টুমণিলৈ চালে আৰু সেপ ঢুকিলে। মণ্টুমণিয়ে মনতে ভাবিলে-

ধূৰ্ত সন্ত্ৰাসবাদী! এতিয়া একো নজনা আৰু ভয় খোৱাৰ ভাও ধৰিছ? মোকতো বৰ্বাদ কৰি দিলি ভাই! মই খতম। 

মণ্টুমণিৰ মনত জেল-হাৱালাত, কৰ্ট, পুলিছ, বাতৰি কাকতত বিভ্ৰান্ত কাকতিৰ সৈতে ফটো, পুলিছে হাতকেৰেয়া লগোৱা অৱস্থাত নিজৰ ফটো, মাক-দেউতাকৰ মুখ দুখন, লৰি থকা ফাঁচীৰ ৰছীডাল…..আদি বহু দৃশ্য পলকতে চকুৰ আগেৰে পাৰ হৈ গ’ল। 

ভয়াৰ্ত চাৱনি এটা পুনৰ মণ্টুমণিলৈ নিক্ষেপ কৰি বিভ্ৰান্ত কাকতিয়ে দুৱাৰ খুলি দিলে। মণ্টুমণিয়ে অস্পষ্টকৈ দেখা পালে এজন পুলিছ। বাহিৰৰপৰা শব্দবোৰ ভাঁহি আহিল-

: বিভ্ৰান্ত কাকতি। 

: হয়। 

: আমাক ভিতৰলৈ নামাতে? 

: আ…আ….আহক চাৰ। 

কাকতিয়ে ৰাস্তা এৰি দিলে আৰু চাৰিজন পুলিছ কোঠাটোলৈ সোমাই আহিল। পিছে বহিবলৈহে ঠাই নাই। অগত্যা থিয় হৈয়ে এজনে ক’লে-

: আপুনি আমাৰ লগত যাব লাগিব। আপোনাৰ নামত এৰেষ্ট ৱাৰেণ্ট আছে। 

: ৱাৰেণ্ট! আৰু মোৰ নামত! 

: হয়, সোনকালে ব’লক। আৰু ঐ পোৱালি, তয়ো ওলা। ড’ণ্ট্ আক্স এনি কুৱেইচ্চন। প্লিজ ক’পাৰেট। 

দুয়োকে পুলিছ বিষয়াজনে যেন অৰ্ডাৰহে দিলে। সেয়ে দুয়ো প্ৰায় ৰুমত থকা ধৰণেই পুলিছকেইজনৰ লগত গৈ থানা পালেগৈ। দুয়ো থানাত অ’.চি.ৰ সন্মুখত বহি আছে। কিন্তু অ’.চি. দেখোন কিবা লিখা-মেলাতহে ব্যস্ত। মাজে মাজে হাবিলদাৰজনে আহি অ’.চি.ৰ কাণে কাণে কিবা কৈ কৈ কাগজ কিছুমান দেখুৱায় আৰু দুয়োৱে মনে মনে কথা পাতে। দুয়ো অধৈৰ্য হৈ পৰিছিল। মণ্টুমণিয়ে নিজৰ বুকুখনৰ ধপধপনি যেন নিজে শুনিবলৈ পাইছিল। আকৌ তাৰ বাতৰি কাকতৰ কথাটো মনত পৰি চিঞৰি চিঞৰি কান্দিবলৈ মন গ’ল। সি ভাবিলে-

: বিভ্ৰান্ত কাকতি টেৰ’ৰিষ্ট হ’ব পাৰে বুলি ভবাৰ পিছতো মই কিয় ৰুম এৰি গুচি নগ’লোঁ। কি হ’ব এতিয়া মোৰ! কি যে ভুল কৰিলোঁ মই! এটা দুদ্ধৰ্ষ সন্ত্ৰাসবাদীৰ লগত যোৱা একমাহ মই একেলগে থাকিলোঁ। উঃ! কি কৰিম এতিয়া। এতিয়া টেৰ’ৰিষ্টৰ লগতে মোকো টেৰ’ৰিষ্ট বনাই থাৰ্ড ডিগ্ৰী দিব……। 

এনেতে অ’.চি.এ মাত দিলে-

: আপুনি মিষ্টাৰ বিভ্ৰান্ত কাকতি? 

: হয়। 

: আপোনাৰ ঘৰত আগতে কাম কৰা সুজাতাই আপোনাৰ ওপৰত এটা কেচ দিছে। তেওঁ বৰ্ত্তমান প্ৰেগনেণ্ট আৰু তেওঁ দাবী কৰা মতে তেওঁৰ অবৈধ সন্তানৰ দেউতাক আপুনি। তেওঁ আপোনাৰ ওপৰত গোচৰ তৰিছে যে আপুনি আপোনাৰ পত্নীৰ সৈতে মিলি তাইক ঘৰৰপৰা উলিয়াই দিছে আৰু হত্যাৰ ভাবুকিও দিছে। গৰ্ভত থকা সন্তানটো হত্যা কৰিবলৈ আপুনি টকাও যাঁচিছিল। আপুনি দিয়া টকা তাই নল’লে। 

চাওক মিষ্টাৰ কাকতি। পাপৰ ফল এইখন পৃথিৱীতে ভুগিব লাগিব। যি হৈ গ’ল, হৈ গ’ল। এতিয়া আপুনি সুজাতাক আইনগতভাৱে তাইৰ অধিকাৰ দিয়ক। নহ’লে আপোনাৰ কেচটো আৰু বেয়া হৈ যাব। 

অ’.চি.ৰ মুখেৰে কথাখিনি ভাবি মণ্টুমণি কেৱল আচৰিত হোৱাই নহয়, মূৰটো ঘূৰাই গ’ল। সি ভাবিছিল কাকতি এজন টেৰ’ৰিষ্ট…

এজন ডেঞ্জাৰ মানুহ। কিন্তু প্ৰকৃততে দেখা গ’ল যে কাকতি এজন…….ধেই! এনেকুৱা মানুহ থাকে নেকি দুনীয়াত। নিজৰ ঘৈণীয়েক থাকোঁতে….ইচ ইচ….নাপায় নাপায়। 

কিন্তু বিভ্ৰান্ত কাকতিয়ে চিঞৰি উঠিল-

“চাওক চাৰ, আপুনি কিবা ভুল বুজিছে। আপুনি ভবা মানুহজন মই নহয়।” 

: চুপ থাকক। একদম চুপ থাকক। আপোনাৰ পত্নী ক’ত? আপোনাৰ পত্নীয়ে সুজাতাক কৰা অত্যাচাৰৰ হিচাপ আমি বাৰু পিছত কৰিম। প্ৰথমে আপোনাক আমি নিজৰ মুখেৰে স্বীকাৰ কৰাম যে আপুনি এজন………চাই থাকক…..সেয়ে সোনকালে নিজৰ অপৰাধ স্বীকাৰ কৰক। নহ’লে আমি আমাৰ প্ৰক্ৰিয়াৰে কথা কোৱাব জানো। কওক আপোনাৰ পত্নী ক’ত আছে? 

অ’.চি.এ কথাখিনি কৈ শেষ কৰিবলৈ নাপালে। মণ্টুমণিয়ে মাত লগালে-

: চাৰ মই সৰু ল’ৰা, মোক যাবলৈ দিয়ক। 

: তই একদম চুপ থাক। কাকতিৰ পত্নী ক’ত আছে? তই ভালে ভালে ক। মই জানো যে তহঁত দুয়োটাই মিলি কিবা এটা অপৰাধ কৰিছ। 

: চাৰ ম….মই কি অপৰাধ কৰিম? মই নিজৰ জীৱনত মহ এটাও মাৰি পোৱা নাই। আঁঠুৱাৰ তলত সোমাই থকাকেইটাও খেদি দিওঁ, নামাৰোঁ। আৰু মই কাকতিদাৰ পত্নী আছে বুলিও নাজানো। 

: এই পোৱালিটোক টকা-সিকা দি আপুনি ইয়াৰ হতুৱাই পত্নীৰ মাৰ্ডাৰ বা অপহৰণ কৰাইছে কাৰণ আপোনাৰ সুজাতাৰ সৈতে থকা সম্পৰ্কৰ কথা পত্নীয়ে গম পোৱাৰ পিছত কথাটো নিশ্চয় সহজভাৱে লোৱা নাছিল। সেয়ে আপুনি এই পোৱালিটোৰ লগ লাগি পত্নীক কিবা এটা কৰিছে। কওক কি কৰিলে? 

: চাৰ মোৰ চুলি সৰি আছে আৰু দুদিনমানৰ পিছত মই তপা হ’ম। বিয়া পাতিবলৈ ছোৱালীও নাপাম। সেইটো চিন্তাতে মোৰ থকা চুলিবোৰো সৰিবলৈ ধৰিছে। আৰু আপুনি মোক পত্নী থকা বুলি কৈছেটো কৈছেই, আৰু লগতে ঘৰত কাম কৰা মানুহজনীৰ লগতো মোৰ অবৈধ…….। 

বিভ্ৰান্ত কাকতি যেন উচুপিবহে এতিয়া। 

হঠাৎ বিভ্ৰান্ত কাকতি সক্ৰিয় হৈ উঠিল-

“এক মিনিট চাৰ। মোক এটা ফোন কৰিবলৈ দিয়ক। মই প্ৰমাণ কৰি দিম যে মই আপুনি বিচাৰি ফুৰা লম্পট বিভ্ৰান্ত কাকতি নহয়। ”

কিবা এটা ভাবি অ’.চি.এ নিজৰ টেবুলৰ ওপৰত থকা লেণ্ডলাইন ফোনটো দেখুৱাই কাকতিক ফোন কৰিবলৈ অনুমতি দিলে। ফোনটো ৰিং হোৱাত সিফালে ফোনটো কোনোবাই উঠালে আৰু কাকতিয়ে সকলোখিনি কথা ফোনৰ সিটো মূৰে থকা মানুহজনক জনালে। এইবাৰ কাকতিয়ে ফোনটোৰ এটা মূৰ হাতেৰে ধৰি অ’ .চি.লৈ চাই ফোনটো আগবঢ়াই দি ক’লে, 

: চাৰ, আপোনাৰ সৈতে কথা পাতিব বিচাৰিছে। 

অ’.চি.এ সিটো মূৰে থকা মানুহজনৰ সৈতে পতা কথাখিনি শুনি মণ্টুমণিৰ সকলো ভুল ধাৰণা দূৰ হ’ল আৰু সি সকলোখিনি কথা বুজি পালে। 

ফোনটোৰ সিটো মূৰে থকা মানুহজন সিহঁতৰ ঘৰৰ মালিক। সিহঁতৰ সন্মুখত খালী হৈ পৰি থকা ঘৰটো এৰি গুচি যোৱা মানুহজনৰ নামটোও কাকতালীয়ভাৱে বিভ্ৰান্ত কাকতিয়েই আছিল। সুজাতাই তাত কাম কৰিছিল। কিছুদিনৰ আগতে সুজাতাই ঘৰ এৰি যোৱা কথাটোও সত্য। অৰ্থাৎ মণ্টুমণিৰ সন্মুখত বহি থকাজন একেবাৰে নিৰীহ মানুহ বিভ্ৰান্ত কাকতি। কিন্তু হয় জানো নিৰীহ? এইটো কেচত নাই যদিও কাৰ্যকলাপবোৰতো সন্ত্ৰাসবাদীৰেই। 

ফোনটো থৈ অ’.চি.এ কাকতিক ক্ষমা খুজিলে আৰু গাড়ী এখন পঠাই দি তেওঁলোকক ঘৰত থোৱাৰ দিহা কৰিলে। নিশা তেতিয়া বাৰ বাজিছিল। মুখ-হাত ধুই বিভ্ৰান্ত কাকতিয়ে পেগ এটা বাকি লৈ অৱসাদ দূৰ কৰিবলৈ পেগটো মুখলৈ নিছিলহে। এনেতে মণ্টুমণিয়ে ক’লে, 

: কেছটোত আপুনি নাই কি হ’ল! আপোনাক পুলিছে আকৌ বিচাৰি আহিব। 

: এইবাৰ তোৰ আকৌ কি হ’ল? 

: আপুনিয়েই দেখোন কৈছিল, দুটামানক নুগুলিয়ালে ঠাণ্ডা নহ’ব। গুলিয়াব লাগিব। কিন্তু কিহেৰে গুলিয়াব আপুনি? ট্ৰাংকত থকা ৰিভলভাৰটোৰে? 

: ঐ তই এইবোৰ কি বলকিছ? মই কিয় কাৰোবাক গুলিয়াম আৰু কিহেৰে গুলিয়াম? 

মই পুলিছে কেইটামানক গুলীয়াই ঠাণ্ডা কৰাৰ কথাহে কৈছিলোঁ! 

: মিছা কথা নক’ব। ৰাতি যে আপুনি বুলেটখনত উঠি গুচি যায়, ৰাতি দেৰিকৈ আহে, ক’ত যায়? কূটাঘাতৰ প্লেন বনাবলৈ। 

: আব্বে কিহৰ কূটাঘাত? মোৰ ইয়াত কটাৰীখনৰ বাহিৰে কি দেখিছ তই? সেইখনো বহুত দিন ধৰোৱা নাই। কিহেৰে কূটাঘাত কৰিম? কিয় কূটাঘাত কৰিম? তোৰ মূৰ গৰম হ’ল নেকি? আৰু শুন; সেই বুলেট লৈ অহা প্ৰকাণ্ড চেহেৰাৰ মানুহটো তই ভবাৰ দৰে কোনো টেৰ’ৰিষ্ট নহয়। সি মোৰ বাল্যবন্ধু….মালদাৰ মানুহ। মোক সি লগত লৈ গৈ লালৰ বটল এটা নিজৰ পইছাৰে কিনি খুৱায়। সি আহিলে মোৰ ভাল লাগে। দুপিছ মাংসও খাবলৈ পাওঁ। 

: কিন্তু আপুনি আপোনাৰ ট্ৰাংকটো খুলি তাত যে কোনো আপত্তিজনক নথি-পত্ৰ আৰু আগ্নেয়াস্ত্ৰ নাই, মোক দেখুৱাব লাগিব। তেতিয়াহে মই বিশ্বাস কৰিম। 

এইবাৰ বিভ্ৰান্ত কাকতিৰ হয়তো খং উঠিল। পেগটো থেকেঁচা মাৰি থৈ ট্ৰাংকটো বিছনাৰ তলৰপৰা উলিয়াই আনি জেপৰপৰা চাবিটো লৈ খুলি মণ্টুণিক দেখুৱাই ক’লে, 

: তই নিজে চাই ল, কোনটো মডেলৰ ৰিভলভাৰ আৰু আপত্তিজনক নথি-পত্ৰ আছে। 

মণ্টুমণিয়ে চাই দেখিলে হয়, তাত সেই বিশেষ ড্ৰেছযোৰ আৰু এটা ঘটিৰ বাহিৰে একো নাই। মণ্টুমণিয়ে ঘটিটো ওপৰলৈ তুলি সুধিলে, 

: এইটো? 

: সেইটো পিতলৰ ঘটি। পঢ়া শেষ কৰি লাখপতি দেউতাক ব্যৱসায় কৰিবলৈ পইছা বিচাৰোঁতে সেই ঘটিটো মোৰ হাতত দি তেওঁ কৈছিল, 

“মই এটাও টকা ঘৰৰপৰা নোলোৱাকৈ গুৱাহাটীলৈ আহি ইমানখিনি কৰিলোঁ। মোৰ মূলধনো নাছিল। কিন্তু মই তোক খালী হাতেৰে নপঠাওঁ। এই ঘটিটো ল আৰু যা কড়োৰপতি হৈ দেখুৱা।” 

মণ্টুমণি বিছনাতে বহি পৰিল আৰু ক’লে, 

: মাফ কৰিব কাকতিদা, মই আপোনাক বহুত ভুল বুজিলোঁ। আজি কিন্তু আপোনাৰপৰা পেগ এটা খাম। কমচেকম এক পেগ ত’ বনতা হে। মোৰ ভাগ্য ভাল যে মোক দেউতাই টকা পাঁচ হাজাৰ দি হে ঘৰৰপৰা বিদায় দিছে। এদিন আমি কোটিপতি হ’মেই। চাই থাকক মই যদি মিছা কৈছোঁ।

☆ ★ ☆ ★ ☆

4 Comments

  • ডলী

    হাঃ হাঃ। ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল অৰবিন্দ

    Reply
  • ৰামানুজ জি

    বিভ্ৰান্ত নামটো ভাল হৈছে…..

    কৰ্ম কাণ্ডও মজা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *