ফটাঢোল

সন্দেহবাদী শইকীয়া-জয়ন্ত প্ৰীতম

: অ’ শইকীয়া..অ’ শইকীয়া.. শুনিছানে..অলপ ৰ’বাচোন।

সান্ধ্যভ্ৰমণলৈ বুলি ওলাই অহা শইকীয়াক কোনোবাই পিছফালৰৰ পৰা মতা যেন পাই শইকীয়াই উভতি চাই দেখিলে কাষৰ ঘৰৰ কলিতাই দৌৰি দৌৰি শইকীয়াৰ ওচৰলৈ আহিছে। শইকীয়া অলপ আচৰিত হ’ল ইমান দৌৰাদৌৰিকৈ কলিতা এনেদৰে অহাৰ আঁৰত কি ৰহস্য থাকিব পাৰে বুলি ভাবি। ওচৰৰ সকলোৱে জানে কলিতা হ’ল কলিযুগৰ নাৰদ। তিলটোকে তাল কৰি কোৱা স্বভাৱটোৰ বাবে কলিতাক কোনেও চকু পাৰি দেখিব নোৱাৰে। শইকীয়ায়ো পৰাপক্ষত কলিতাক এৰাই চলিবলৈ চেষ্টা কৰে কিন্তু আজি সেই কলিতাই এনেদৰে উধাতু খাই শইকীয়াৰ ওচৰলৈ অহা কথাটোৱে শইকীয়াৰ গা চেবালে। শইকীয়াক এনেকুৱা কি কথা ক’ব খুজিছেনো কলিতাই। ইচ্ছা নথকা স্বত্বেও শইকীয়া ৰৈ গ’ল। কলিতা ইতিমধ্যে ফোঁ‌পাই-জোপাই আহি শইকীয়াৰ ওচৰ পাইছিল।

শইকীয়াৰ ওচৰ পাই পেটত হাত দুখন দি কলিতা ফোঁ‌পাবলৈ ধৰিলে। এক মুহূৰ্তৰ বাবে শইকীয়াৰ এনেকুৱা লাগিল যে এইমাত্ৰ কলিতা উশাহ বন্ধ হৈ সিপুৰী পাবগৈ। অলপ সময় তেনেদৰে ফোঁ‌পাই থকাৰ পিছত কলিতা অলপ সুস্থিৰ হ’ল। সুস্থিৰ হৈ শইকীয়ালৈ চাই হাঁহি এটা মাৰি ক’লে..

: শইকীয়া আজি কেইবাদিনৰ পৰা আপোনাক কথা এটা কম ক’ম বুলি ভাবিও ক’ব পৰা নাই। আচলতে কোনখন মুখেৰে কথাটো কওঁ ভাবিয়েই পোৱা নাই।

কলিতাৰ কথা শুনি শইকীয়াই অলপ কৌতূহল মিশ্ৰিত চাৱনিৰে তেওঁলৈ চাই ক’লে..

: এনেকুৱা কি কথা আছেনো কলিতা..!  যদি কিবা ক’বলগীয়া আছে বিনা দ্বিধাই কওক..!

কলিতাই এখন হাতেৰে মূৰটো খজুৱাই অলপ সেমেনা সেমেনি কৰাৰ দৰে কৰি ক’লে…

: মানে শইকীয়া..মানে মই শইকীয়ানীৰ কথা ক’ব খুজিছোঁ..!

কলিতাৰ কথা কোৱাৰ অংগি-ভংগীবোৰ দেখা পাই শইকীয়াৰ লাহে লাহে খং উঠি আহিছিল যদিও শইকীয়ানীৰ বিষয়ে কিবা ক’ব খোজাত নিজৰ খঙটো সম্বৰণ কৰি সুধিলে..

: কলিতা আপুনি কি ক’ব খুজিছে সোনকালে কওক। মই খোজ কাঢ়িবলৈ যাব লাগে।

কলিতাই হঁহাৰ দৰে কৰি ক’লে..

: মানে শইকীয়া মই দুদিনমানৰ পৰা লক্ষ্য কৰিছোঁ যে আপুনি অফিচলৈ যোৱাৰ পিছত প্ৰায়ে ডেকা ল’ৰা কিছুমান আহি থাকে। সকলোৱে এই কথাটো লক্ষ্য কৰি আছে কিন্তু মুখ খুলি খোজা বিচৰা নাই। সেয়ে মই তোমাক কথাটো ক’লোঁ‌। এতিয়া মই যাওঁ।

কলিতাৰ কথা শুনি শইকীয়া ৰৈ থকা ঠাইতে অলপ সময় ৰৈ থাকিল। শইকীয়াৰ মূৰত যেন গোটেই সৰগখন  হঠাৎ ভাগি পৰিল। ল’ৰা-ছোৱালীৰ বিয়া পতাৰ বয়সত শইকীয়ানীয়ে কোন ডেকা ল’ৰাৰ লগত প্ৰেম পিৰীতি চলাইছে কথাটো ভাবি খঙে চুলিৰ আগ পালেগৈ। সেইদিনালৈ শইকীয়াই সান্ধ্যভ্ৰমণ সিমানতে সমাপ্ত কৰি ঘৰলৈ উভতিলে। আহি থাকোঁতে ভাবিলে যে শইকীয়ানীৰ এই প্ৰেম পিৰীতি তেওঁ হাতে-লোটে ধৰা পেলাব।

ঘৰলৈ আহি শইকীয়াই শইকীয়ানীৰ কৰ্ম কাণ্ডবোৰ আলেঙে আলেঙে চাই থাকিল। শইকীয়াই দেখা পালে যে শইকীয়ানীয়ে চুলিখিনিত ৰং কৰিছে। মুখতো এগাল কিবাকিবি সানিছে। শইকীয়ানীৰ কৰ্ম-কাণ্ড চাই শইকীয়া নিশ্চিত হ’ল যে ক’ৰবাত কিবা এটা কেণা নিশ্চয় লাগিছে। শইকীয়াই সেইদিনা খঙ আৰু ক্ষোভত ভাত নোখোৱাকৈ শুই থাকিল।

পিছদিনা অফিচলৈ নগৈ ঘৰতে থাকিল। শইকীয়ানীয়ে শইকীয়াৰ শৰীৰ বেয়া নেকি বুলি সুধি থাকিল যদিও শইকীয়াই ভালদৰে কোনো উত্তৰ নিদিলে। উত্তৰ নাপায় শইকীয়ানীৰো খং উঠিল। সেয়ে শইকীয়াই শুনাকৈ ক’লে..

: এই আপদীয় বুঢ়াটো। কথা এটা ভালদৰে নকয়।

শইকীয়ানীৰ কথা শুনি ইমান সময়ে মনৰ ভিতৰত শইকীয়াই সোমাই ৰখা আগ্নেয়গিৰি উদ্গিৰণ হ’ল। সেয়ে খঙতে ক’লে..

: হয় মই আপদীয় বুঢ়া। সেইকাৰণে সংসাৰৰ ডেকা ল’ৰাবোৰৰ লগত তুমি গা ঘেলাই ফুৰিছা নহয়নে।

শইকীয়াৰ কথা শুনি শইকীয়ানীৰ খং দুগুণ চৰিল। সেয়ে শইকীয়ানীয়ে খঙতে শইকীয়াক ক’লে..

: মোৰ চৰিত্ৰত কোনো দাগ নাই। কোন ডেকা ল’ৰাৰ লগত গা ঘেলোৱা দেখিলা হয়নে..! এনেকুৱা কথা ক’বলৈ লাজ নালাগিল। 

শইকীয়াই খঙতে ক’লে..

: কিয় মই নাথাকোঁ‌তে ঘৰলৈ আহে যে ডেকা ল’ৰাবোৰ ..! মই হ’বলা গম নাপাওঁ..!

শইকীয়ানীয়ে অলপ সময় মনে মনে থাকিল। শইকীয়াই কোন ডেকা ল’ৰাৰ কথা কৈছে শইকীয়ানীয়ে ঠিক ধৰিব নোৱাৰিলে।

ইতিমধ্যে শইকীয়া আৰু শইকীয়ানীৰ কাজিয়া অধিক তীব্ৰতৰ হৈ উঠাত ল’ৰা ছোৱালীহাল যুদ্ধখনৰ মীমাংসা কৰিবলৈ শইকীয়া আৰু শইকীয়ানীৰ মাজত উপস্থিত হ’ল। শইকীয়াৰ ছোৱালী বাবলীয়ে দেউতাকক সুধিলে..

: দেউতা তুমি কিয় মাৰ লগত কাজিয়া কৰিছা কোৱাচোন ?

শইকীয়াই বাবলীক কওঁ নকওঁকৈ ক’লে..

: মই নাথাকোঁতে তোমাৰ মায়ে কোনোবা ডেকা ল’ৰাৰ লগত পিৰীতি কৰি থাকে।

শইকীয়াৰ কথা শুনি শইকীয়ানীয়ে বাবলীলৈ চাই ক’লে..

: দেখিলা মাজনী তোমাৰ দেউতাৰ মগজুৰ বিজুতি ঘটিছে নহ’লে এনেকুৱা কথা কয়নে।

শইকীয়ানীৰ কথা শুনি শইকীয়াই খঙতে ক’লে..

: মগজুত ধৰি কথা নক’বা তুমি। বুঢ়া বয়সত এনেকুৱা কৰিবলৈ লাজ নালাগিল। সেইকাৰণে আজিকালি ইমান ইষ্টাইল কৰি থাকিবলৈ লৈছা। এতিয়াহে বুজিলোঁ। মোৰ পৰা পইচা লৈ সেইবোৰ কৰি থাকা।

ইমান সময়ে মনে মনে থকা শইকীয়াৰ পুত্ৰই বাবলুয়ে মাত দিলে..

: দেউতাই বাৰু ডেকা ল’ৰাবোৰ আহি থকা মানে হ’ম ডেলিভাৰী দিয়া ল’ৰাবোৰৰ কথা কোৱা নাইতো। আমাৰ ঘৰলৈ হ’ম ডেলিভাৰী দিয়া ল’ৰাকেইটাৰ  বাহিৰে আন কোনো ল’ৰা নাহে দেখোন। মাজে মাজে অনলাইনত কিবা সামগ্ৰী কিনিলে সেয়া দিবলৈ দুই-এজন ল’ৰা আহে। তাৰ বাদে কোনো অহা মই দেখা নাই।

পুতেকৰ কথা শুনি শইকীয়াৰ গা লৰিল। শইকীয়াই এতিয়াহে উৰহী গছৰ ওৰটো বুজি পালে। কলিতাই কোৱা ডেকা ল’ৰাবোৰ আচলতে হ’ম ডেলিভাৰী দিবলৈ অহা ল’ৰাবোৰহে আছিল। এই কলিতাৰ কথাত পতিয়ন গৈ আজি ঘৰত এনেই এখন মহাভাৰতৰ সূচনা হ’ল। শইকীয়াই ভালদৰে জানে এই মহাভাৰতৰ প্ৰভাৱ কিমানদিন থাকিব তাৰ ঠিকনা নাই।

শইকীয়াৰ এইবাৰ শইকীয়ানীৰ ওপৰত উঠা খং গৈ কলিতাৰ ওপৰত উঠিল। মুখৰ ভিতৰতে বেয়া মাত এটা মাতি দাঁতকেইটা কৰচি শইকীয়াই ক’লে..

: আপদীয় কলিতা..তোক মই চাই ল’ম..!

শইকীয়ানী, বাবলী আৰু বাবলুয়ে বুজি নাপালে হঠাৎ শইকীয়াৰ মুখত কলিতাৰ নাম কিয় ওলাল।

☆ ★ ☆ ★ ☆

One comment

  • বন্দিতা জৈন

    সুন্দৰ। কলিতাই কলি লগাই দিলে 😂😂😂।সচাঁ কৈ চলি থকা এখন ঘৰত এই ধৰণৰ কলি লাগিলে শেষ হৈ যায়।

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!