ফটাঢোল

সালসলনি – মৌচুমী গগৈ

পুৱা চাহকাপ হাতত লৈ আহি বেলকণী পাই দেখোঁ যে এজনে পেপাৰখন মেলি গোটেই পৃথিৱীৰ খবৰবোৰ মুখস্থ কৰি থাকোঁতে চাহ খাবলৈকে পাহৰিলে।

“হেৰি, চাহকাপো লগতেই খাই লওক, তেতিয়াহে মুখস্থ কৰাখিনি পেটৰ ভিতৰত থানথিত লাগিব।” মই ক’লোঁ।

লৰালৰিকৈ চাহকাপ খাই কাপটো টেবুলত এনেকৈ থ’লে যেন,।মোৰ কথাষাৰ তেওঁৰ কাণত পৰাই নাই।

এইবাৰ লাহেকৈ গলহেকাৰি এটা মাৰি ক’লোঁ-

: যোৱাকালি ৰাতি বৰ ধুনীয়া সপোন এটা দেখিলোঁ জানে?

“এনে কি সপোন দেখিলানো যে চাহত এচামুচ চেনীৰ ঠাইত দুচামুচ চেনী দিলা।” সেইজনাই সুধিলে।

: মোৰ আকৌ বিয়া হোৱাৰ সপোন দেখিছোঁ জানে।

মইও সোধাৰ লগে লগে ক’লোঁ।

: এবাৰ বিয়া পাতিয়েই চকুৰে জলক তবক দেখিছোঁ, আকৌ বিয়া পতাৰ দৰে ভয়ানক সপোন তুমিহে দেখিব পাৰা দেই, অমুকাই কেতিয়াও নেদেখো।

মইও জানো কম। তেওঁক দিওঁ বুলিয়েই-

: সেইকাৰণেইতো আপোনাৰ লগত দেখা নাই নহয়, বেলেগৰ লগত হে দেখিছোঁ
বুলি ভেকাহি এটা মাৰিলোঁ।

পতিদেৱে প্লেটত থকা নিমকী কেইটামান এনেকৈহে চোবালে যেন মই গৰম মেগীৰ লগত আইচক্ৰীম মিলাইহে খাবলৈ দিছোঁ। তাকে দেখি অমুকীয়েও মাত লগালোঁ-

: এইবাৰ আকৌ  বিয়া পাতিলে  হনিমুনত আপোনাকো কমপ্লিমেণ্টৰী হিচাপে লৈ যাম দেই। তাত আমি ফটো তুলিম, কেপচন দিম “মি উইথ মাই অ’ল্ড এণ্ড নিউ হাজবেণ্ড।”।

তেওঁ যিটোহে চাৱনি দিলে ঔ বালক, থ্ৰী ইডিয়েটচৰ বুমন ইৰাণীয়েও পাত্তা নাপাব।

এনেতে ভগা সবাহত উৰুলি দিয়াৰ দৰে ভুটুংকৈ আহি আমাৰ সৰু ভকতে মাত দিলে-

: অ’ মা, তোমাৰ কিন্তু বিয়া হ’লে মইও তোমাৰ লগতেই যাম দেই, দেউতাৰ লগত নাথাকো।

ইফালে বাপেকে পুতেকৰ কথা শুনি দুখতে হনুমানৰ দৰে বুকু ফালি পুতেকলৈ থকা মৰম দেখুৱাবলৈহে বাকী থাকিল। ময়ো দন্ত দুপাৰিৰ মাজেদি ওলাই আহিব খোজা হাঁহিটো কোনোমতে ৰখাই ল’ৰাটোক সান্ত্বনা দিয়াৰ সুৰত ক’লোঁ-

: বেটা, যেতিয়ালৈকে নতুন দেউতাটো সপোনত ভালদৰে নেদেখোঁ তেতিয়ালৈকে পুৰণি দেউতাৰকে কাম চলাই থাকা দেই।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *