ফটাঢোল

মোহ-অমৃত সন্দিকৈ

অ’ত ত’ত দুটি এটি তৰা সিঁচৰতি হৈ আছে৷ চকলা চকলা মেঘবোৰো আন্ধাৰ বৰণ এটা সানি যেনি-তেনি উপঙি ফুৰিছে৷ তাৰ মাজতে নীলাবোৰে খালী ঠাইবোৰ সামৰি ৰাখিছে৷ জোনটো ক’ত? ডাৱৰ এচলাৰ আঁৰৰ পৰা নিজৰ চেহেৰাটো দেখুৱাবলৈ চেষ্টা কৰি আছে আকাশৰ একোণত ৰৈ৷ জোন তৰা ডাৱৰৰ বিশালতাৰ তলত ৰৈ এনে লাগিছে যেন ডাঙৰ কাঁহৰ বাতি এটাই ঢাকোন দিহে থৈছে তলৰ এই জগতখন৷ চাই থাকিলে মনটোৱে বেলেগ বেলেগ ৰহস্য কিছুমান ভাৱি উলিয়ায়৷ যেনেকৈ আকাশখন বিশাল, মনৰ ভাৱবোৰো বিশাল হৈ গৈ থাকে৷ অকলে অকলে মুকলি আকাশৰ তলত থিয় হৈ সেয়ে ভাল লাগে৷ প্ৰায়ে সন্ধিয়া ছাঁদৰ ওপৰত থিয় হৈ আকাশৰ বিশালতাত ডুব যাওঁ৷ সৰু নগৰ এখনত ভাড়াতীয়া হৈ আছোঁ অলপদিন ধৰি৷ সন্ধিয়াৰ এই সময়ছোৱাত চিগাৰেট এটা হুপি এনেকৈয়ে খন্তেক জিৰণি লওঁ৷ শেষ টানটো মাৰি চিগাৰেটৰ টুকুৰাটো পেলাই ভৰিৰে গচকি নুমুৱাই পেলালোঁ। 

“তই মৰিবি৷ আদবয়সতে মৰিবি৷ কেঞ্চাৰ হৈ মৰিবি তই৷”   

এই কথাবোৰ প্ৰায়েই শুনিব লগা হয়৷ আচলতে যিকোনো ক্ষেত্ৰতে কথা শুনাৰ অভ্যাস এটা হৈ উঠিছেই৷ কথা শুনোৱা মানুহো একেজনীয়েই৷ কিন্তু এৰিব নোৱাৰোঁ৷ কিবা এটা মোহ৷ মোহত পৰিয়েই কথা শুনোৱাজনীকো এৰিব নোৱাৰোঁ, চিগাৰেটো নোৱাৰোঁ৷ চলি আছোঁ এনেকৈয়ে৷ এইখন নগৰতে সৰুকৈ চাকৰি এটা কৰোঁ৷ ঘৰৰ পৰা দূৰত থাকোঁ৷ মাজে-মধ্যে ঘৰলৈ গৈ থাকোঁ৷ ঘৰতো কথা শুনো৷ সেইবোৰো বেলেগ বিষয়৷ শুনি শুনি অভ্যাস হ’ল৷ ছাল গঁড়ৰ ছালৰ দৰে হ’ল ৷ 

কেইবাটাও মেছেজ আৰু ফ’ন কল নোচোৱাকৈ আছিল৷ ফ’ন লগালোঁ৷ সিফালে জকজকাই উঠিল৷

: কাৰ মূৰটো কৰি আছিলি? ফ’ন কৰিলে ৰিছিভ কৰিব নোৱাৰ যে, ভাঙি পেলাবি সেইটো৷

: খেঙখেঙাই নুঠিবিচোন৷ ধ্যানত আছিলোঁ৷ ক কি ক’বলৈ আছে৷

: কিহৰ ধ্যান অ’ তোৰ? দৰকাৰৰ সময়ত মানুহটো নাপাওঁ৷

: দহটা সংখ্যা টিপিয়ে ইমান সহজতে যদি কাৰোবাক পাই যাৱ, তাক গুৰুত্ব নিদিয়া হৈ যাবি৷ সেইবাবে মোক লগ পাবলৈ অলপ ধৈৰ্য ধৰিবলৈ দিছোঁ৷

: লেপটপটোত বহুত দৰকাৰী বস্তু এগাল আছিল দিলিট হৈ গ’ল৷

: ভালেই হৈছে৷

: তোৰ ফটো এসোপা যে সোমাই আছে লেপটপত জেগা বন্দী কৰি৷

: হওক তেও, তোৰ কলিজাত নোৱাৰিলেও লেপটপতে থাকিব যে পাৰিছোঁ৷ 

: মোৰ কলিজাত তই থাকিব নোৱৰা কথাটো তই কি বুলি কাৰণ ব্যাখা কৰিবি? 

: কাৰণ, হয়তো তোৰ কলিজাত মই থাকিব পৰা চেম্বাৰটোৱেই নাই …. থাকিলেও হয়তো চেম্বাৰটো খালী হৈ থকা নাই৷

: মোৰ চেম্বাৰৰ কথা বাদ দে৷ তোৰ কলিজাৰ চেম্বাৰটো জানো খালী আছে?

: মোৰ চেম্বাৰ কেনেকৈ খালী হ’ব?

: আছে নহয় চেনিমাইহঁত৷

: পাগলী৷ তই সোমাই থাকিলে খালী কেনেকৈ হ’ব? 

এটি দুটি কথাবোৰে কলিজাখন ভৰাই ৰাখে৷ সৰু সৰু ঠেঁহ-পেচবোৰে দিনবোৰ ৰঙীন কৰি তোলে৷ বিশৃংখল মোৰ জীৱন৷ কেতিয়াবা আঁতডাল হেৰায়৷ তাই বিচাৰি আনি দিয়ে৷ জীৱন চলি থাকে৷ সংজ্ঞা বিচাৰি ফুৰাতকৈ যি পাইছোঁ তাকেই খামুচি আগবঢ়াই জীৱন৷ 

কেতিয়াবা খং উঠে৷ জোৰ কৰি আঁতৰাই থ’বলৈ মন যায়৷ কিন্তু নোৱাৰোঁ৷ দৈনন্দিন জীৱনটো বাৰু চলি যায়৷ কোনোবাখিনিত অনুভৱ হয়, আমি দুডাল সমান্তৰাল সৰলৰেখা, ক’তো মিলিত হোৱাৰ সম্ভাৱনা নাই৷ মোৰ জীৱনত কিবা সপোন আছেনে বা কিবা পাবলৈ আছেনে! এইবোৰ হিচাপ মই কৰা নাই৷ ভাৱিবলৈ আহৰি পোৱাই নাই৷ সেয়ে বৰ্তমানটোক সাৱটি গৈ আছোঁ৷ কিন্তু .. তাইৰ কথাবোৰ বেলেগ৷ জীৱনটোত বহুত কিবা অৰ্থ বিচাৰি ফুৰিছে৷ এগাল সপোন পুহি ৰাখিছে, জীৱন জীয়াৰ সপোন৷ দৌৰি ফুৰিছে সপোনৰ পাছত৷ 

বুজাবলৈ মন যায়৷ বুজি যে নাপায় সেইটো জানো বাবে ৰৈ যাওঁ৷ নতুন চামটোৱে বিশ্বায়নৰ কৃপাত যি মায়াময় জগত এখনৰ সপোন দেখিছে, সেই সপোনৰ পাছত দৌৰিবলৈ গ’লে ক’ৰবাত নহয় ক’ৰবাত বেমেজালি হ’ব৷ নুবুজাওঁ৷ জানো নুবুজে৷ সেয়ে আন এডাল সমান্তৰাল সৰলৰেখা হৈ তাই গৈ আছে৷ ৰেখাদুডালৰ দূৰত্ব কোনো বিন্দুতে ওচৰ চাপি নাহে৷    

এটা মন পচন্দৰ চাকৰি। তাৰপাছত দেশৰ চুক কোণ ফুৰিব৷ সাগৰৰ পাৰলৈ যাব, পাহাৰ বগাব, কোনোবা অৰণ্যৰ মাজত নিশা কটাব, বৰফৰ বুকুত খেলিব, দুহাত মেলি উৰিব৷ যিমান পাৰে সিমানলৈকে জীৱনৰ মজা ল’ব, চাবলগীয়া ঠাই সকলোবোৰ চাব৷ জীৱনটো ৰোমান্স, এডভেন্সাৰ আদিৰে পূৰ্ণ কৰিব৷ সপোনৰ তালিকাখন শেষ নহয়৷ বাধ্যত পৰি তাইৰ সপোনৰ হিচাপবোৰ ল’ব লগা হয়৷ ক’ত ক’ত ফুৰিব, ক’ত ক’ত কাপোৰ কিনিব অলেখ হিচাপ৷ “য়ে জৱানী হে দীৱানী” চিনেমাখন বুকুৰ ভিতৰত সুমুৱাই থৈছে হ’বলা৷ নকওঁ৷ একো নকওঁ৷

যিমানবাৰ ঘৰলৈ যাওঁ, সিমানবাৰেই কথা শুনো৷ দিনে দিনে কথাবোৰৰ চোক বেছি হৈ আহিছে৷ ঘৰলৈ যোৱা কমাই দিব লগা হৈছে৷ বোৱাৰী এজনী লাগে৷ চাকৰি কৰিছোঁ, টকা ঘটিছোঁ, এতিয়া ঘৰলৈ বোৱাৰী এজনী দিব লাগে৷ প্ৰতিবাৰ ঘৰৰ পৰা আহি এই কথাবোৰ তাইক কওঁ৷ প্ৰতিবাৰেই তাই সপোনবোৰৰ কথা মোক কয়৷ শুনাটোৱেইতো মোৰ কাম৷

তেতিয়াই বিকল্প চিন্তা কৰিবলৈ লওঁ৷ এইৰ লগত নোৱাৰি৷ আঁতৰি যাওঁ এইৰ পৰা, ক’ৰবাত ছোৱালী এজনী চাই বিয়াখন পাতি পেলাওঁ৷ কিন্তু এই মোহটো যে, মোহটো এৰিব নোৱাৰোঁ৷ শুই উঠাৰ পৰা শোৱালৈকে খবৰ ৰাখি থাকে যে, সেইটো মোহ৷ যিকোনো কামতেই যে কথা এষাৰ মোক সোধে, সেইটো মোহ৷ য’লৈকে যায় মোক যে বিচাৰে লগত, সেইটো মোহ৷ যোৱা দিনকেইটাত সুখ-দুখখিনি যে ভগাই আছোঁ সেইটো মোহ৷ সেয়ে আঁতৰিব নোৱাৰোঁ৷ কিন্তু দুডাল ৰেখা সমান্তৰাল পথেৰে গৈ থাকিলে মিলিব কেনেকৈ? উত্তৰ নাই মোৰ হাতত৷

কালি ঘৰৰ পৰা আহিছোঁ৷ একেখিনি প্ৰশ্নৰ সন্মুখীন হৈ ভাগৰি আহিছোঁ৷ মন বান্ধি আহিছোঁ, এইবাৰ কিবা এটা হেস্ত-নেস্ত হ’ব লাগিব৷ তাইক কাণ চোৱালোঁ এবাৰ৷ কথাবোৰ যে জৰুৰী বুজাইছোঁ৷ বৰ শলঠেকত পৰাৰ নিচিনা হ’লোঁ৷ ইপাৰ-সিপাৰ একো হ’ব নোৱাৰিম যেন পাইছোঁ৷

: তইটো জানই৷ বহুত কাম কৰিবলৈ আছে৷ এতিয়াই কেনেকৈ বিয়া হ’ম৷

: তয়োতো জান মোৰ অৱস্থাটো৷ ইমানদিনে কি বুজি পালি?

: চা, বিয়া হ’বলৈ দায়িত্ব ল’বপৰা গুণ লাগিব৷ আৰে, মই কেনেকৈ বিয়া হ’ম, মই কি ঘৰ চম্ভালিম৷ সেইবোৰ কোৱালিটি গোটাবলৈ মোক টাইম লাগিব৷ তাৰ আগত মোৰ সপোন অলপ পূৰ কৰি ল’ব লাগিব৷ মোৰ ফ’কাচ এতিয়া চাকৰি এটাত৷

একেটা প্ৰশ্ন, উত্তৰত একেখিনি বকলা। শুনি শুনি অভ্যস্ত হ’লোঁ৷ খং নুঠে, হতাশহে হওঁ৷ প্ৰতিবাৰেই ভাবোঁ এইবাৰ কিবা এটা হ’ব৷ একো নহয়গৈ। না তাইৰ সপোন পূৰ হৈছে, না তাইৰ মন সলনি হৈছে৷ মাজত ৰৈ গৈছোঁ মই৷ 

: মই ৰৈ থাকিব নোৱাৰোঁ৷ তোৰ সপোন পূৰ হোৱালৈ ৰৈ থাকিলে মই ঘৰলৈ যোৱা বাদ দিব লাগিব৷ এনেকুৱা হৈ যাবলৈ আছে যে ঘৰত মই নজনাকৈ ছোৱালী চাই পচন্দ কৰি থ’ব, উপায় নাপাই মই বিয়া পাতি পেলাব লাগিব৷ পিছত মই তোৰ লগত অবৈধ সম্পৰ্ক কৰিবলৈ নাই হ’লে!

এইখিনি কথা অলপ সাহসেৰে ক’লোঁ। 

অলপ ভয় খাইছে হ’বলা৷ হেৰুওৱাৰ ভয় সকলোৰে থাকে৷ মোৰো আছে, তাইৰো আছে৷

: চাল্লা৷ তোৰ লগত সম্পৰ্কই কৰিব নালাগিছিল৷ চাকৰি এটা পোৱালৈকেতো ৰ’ব পাৰ৷ বেলেগৰ প্ৰেমত ছোৱালীয়ে ল’ৰাক বিয়া পাতিবলৈ জোৰ দিয়ে, আমাৰ আকৌ সৱ ওলোটা৷ কি কৰিবি তই বিয়া পাতি হা?

: কি কৰিমটো বাদ দে৷ বিয়া হ’বলৈ মন আছে যদি ক৷ দুইঘৰে মিলি কথা পাতোঁ৷

: ঠিক আছে৷ দুয়োটাই এৰা-ধৰা কৰিব লাগিব আৰু!

: কি দুয়োটাই এৰা-ধৰা হা? যি এৰ তইয়ে এৰিব লাগিব৷ মই একো এৰা-ধৰা কৰাত নাই৷

: বিয়া হ’ম বাৰু৷ সেইবুলি মোৰ ইচ্ছাবোৰ শেষ কৰি দিব নোৱাৰোঁ৷ চাকৰি এটা বিচাৰিম৷ যিমান পাৰোঁ ঘৰৰ লগত মিলিবলৈ চাম, কিন্তু মোৰ ইচ্ছা অনিচ্ছাবোৰকো গুৰুত্ব দিব লাগিব৷

: কিয়, চিনেমাত দেখাৰ নিচিনাকৈ গান গাই গাই সাগৰ পাহাৰ ভ্ৰমি ফুৰিম ভাৱিছ নেকি? পাগলী, আমাৰ নিচিনা মানুহৰ জীৱন চিনেমাৰ দৰে নহয়৷ বুজিছ, কোটিপতিবোৰে আমাক জীৱনৰ ৰঙীন সপোন দেখুৱাই আমাৰ ধন লুটি আছে৷ মায়াজালত ফচাইছে আমাক৷ ভোল নাযাবি পাগলী৷ আমাৰ জীৱনটো ঘৰৰ আগফাল পাছফাল, গাঁৱৰ নামঘৰটো, মোমাইঘৰ, পেহীঘৰতে সীমিত৷ 

: তই যে তোৰ সেই পুৰণিকলীয়া চিন্তাবোৰতে সোমাই আছ৷ তোৰ জীৱনত একোডাল নহ’ব৷ চাল্লা, তোলৈ বিয়া হ’লে মোৰ জীৱন বৰবাদ হৈ যাব৷

: ঘৰৰ ডাঙৰ বোৱাৰী হ’বি যেতিয়া নিজেই জানি যাবি৷ মই একো নকওঁ৷ হ’ব দে শুই থাক গুদ নাইট৷

: মোক গুদ নাইট কৈ চেনিমাইহঁতৰ লগত লিলিমাই কৰিবলৈ হ’ল ন৷ 

: তাকেইতো৷

:শুন না ৷

: লেনিয়াই মাতিলি যে ! আৰু কি কবলৈ আছে ?

: শুন না ৷ জীৱনটোত কি এৰাধৰা কৰিব আছে কৰিম দে ৷ কিন্তু তই সদায় এতিয়াৰ তইটো হৈ থাকিব লাগিব৷ পাৰিবি নে? মই মোৰ মৰমৰ তইটোক গোটেই জীৱন এনেকৈয়ে বিচাৰোঁ ৷ একো দিব নোৱাৰিলেও মৰমবোৰ দিয়াত কৃপণালি নকৰিবি দেই ৷

: হ’ব দে পাগলী ৷ শুই থাক ৷

: গুড নাইট ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *