দুলীয়াজানলৈ বুলি সুখৰ যাত্ৰা – বৰ্ণালী ফুকন
মাৰ মুখেৰে বহুত দিনৰ পৰা শুনি অহা দুলীয়াজানলৈ বুলি সুখৰ যাত্ৰাৰ সংগী হোৱাৰ মোৰ আজি সৌভাগ্য ঘটিল৷ তিনিচুকীয়ালৈ অহাৰ পৰা শুনি আছো মাৰ মুখত, দুলীয়াজানলৈ ৰজাৰ গাড়ীৰে ভ্ৰমণ কৰিব পোৱাটো কিমানযে ৰোমাঞ্চকৰ আৰু আৰামদায়ক একোৰে সৈতে তুলনা নহয়৷ মনতে ভাব হ’ল কিজানি এই যাত্ৰা এৰোপ্লেনৰ যাত্ৰাতকৈও সুখকৰ৷ এই যাত্ৰাৰ সুখকনৰ লোভ সামৰিব নোৱাৰিয়েই মোৰ আজিৰ এই যাত্ৰা৷
ঘৰৰ পৰা ওলাইয়ে ৰিস্কা এখন পাই চালকৰ সৈতে দৰ দাম কৰি ন-পুখুৰীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো৷ বৰ্ডিং ফিল্ডৰ ৰাস্তা পাৰহৈ চেনাইৰামৰ দিশত ঘূৰিব লৈছো আৰু তিনিচুকী পুলিচ এজনাই লাঠিডাল জোকাৰি আমাক খেদি আহিল৷ চকু কেইটা ৰঙা কৰি লাঠি ডালেৰে আমাক ওলোটা দিশৰ ৰাস্তাটোলৈ টোৱাই দেখুৱালে৷ পুলিচ জনে আপোনালোকে একো নাজানে নেকি বুলি ধমক দিয়ে বুলি, সেই দিশত আমাক কিয় যাবলৈ দিয়া নহল -সুধিবৰ মন আছিল যদিও নুশুধিলো৷ যি কি নহওক মনত আৰু দেহত দ সাঁচ বহি যোৱাকৈ ঠেকেচি ঠেকেচি নি ৰিক্সাই মোৰ বহু আকাংক্ষিত ৰজা গাড়ীৰ কাষ পোৱালেগৈ৷ ৰিস্কা চালকে যেনিবা কিঞ্চিৎ সন্তুষ্ট মনেৰে উচ্চবাচ্য নকৰাকৈ তাৰ মাননি গ্ৰহণ কৰিলে৷ কথাষাৰ কোৱাৰ কাৰণটো হৈছে, মিনি বিহাৰ বুলি খ্যাতি লাভ কৰা তিনিচুকীয়াত ৰিস্কা চালকৰ পৰা ভাৰাৰ বিনিময়ত সন্তুষ্টিৰ হাঁহি পাবলৈ আপুনি বহুত পুণ্য কৰিব লাগিব৷ অৱশ্যে তাৰ বিপৰীতে দুই এক ব্যতিক্ৰমী চালকো নথকা নহয়৷ এইবাৰ মাৰ মুখলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰজাৰ গাড়ীৰ অৱস্থানৰ বিষয়ে জানিব বিচাৰিলো৷ ইমান সময়ে মনত এখনি বিশেষ ছবি আঁকি লৈছো -এসময়ত মন্ত্ৰী, ডা-ডাঙৰীয়া সকলে উঠি ফুৰা গাখীৰৰ দৰে বগা ৰজা গাড়ী বুলি খ্যাত এম্বেচেডৰ খন৷
হঠাৎ মায়ে আঙুলি টোৱাই যিখন গাড়ীলৈ দেখুৱালে মোৰ অন্তৰৰ ভিতৰৰ আত্মাই ভূমিকম্পৰ আগজাননী দিলে৷ গাড়ীখনৰ ৰঙটো এসময়ত শুধ বগাই আছিল৷ তাৰ প্ৰমাণ বহন কৰিছে অত তত লাগি থকা এচপৰা আধা চপৰা পুৰণি ৰঙে৷
’ডিকি’ নামেৰে খ্যাত বাকচটোলৈ চাই শিয়ৰি উঠিলো৷ ই কি! মুখখন দেখোন জলহস্তীৰ দৰে মেল খাই আছে৷ আৰু তাৰ পেটত প্ৰয়োজনতকৈ বেছি থাহি থাহি ভৰোৱা কিছু সংখ্যক শাক-পাচলি, ফলমূলৰ পাচি হাতৰ বেগটো ভৰাবলৈ লৈ ৰৈ গলো৷ ডিকিৰ ভিতৰত তিল ধাৰণ কৰিবলৈ ঠাই নাই৷ এটা অস্বস্তিকৰ পঁচা গোন্ধ এটা নাকত লাগিল৷ আমাক গাড়ীলৈ বুলি আমন্ত্ৰণ কৰা জনক সুধিলো -ইমান সুন্দৰ ফুৰফুৰিয়া গোন্ধ কিহৰ? মানুহজনক ঘুণাক্ষৰেও জানিব নিদিলো যে সেই অকটা গোন্ধত তৃপ্তিৰে পেটত ভৰাই অনা জলপানখিনি ওলাই আহিবলৈ তত্ নাইকিয়া কৰিছে৷ মোৰ মুখত প্ৰীতি জিণ্টাৰ কোটিটকীয়া হাঁহি দেখি নিৰ্ভয় মনেৰে কৈ উঠিল – শুকান মাছ, বাইদেউ৷ মুখত শুকান মাছ নহৈ যেনিবা বিৰিয়ানীৰহে গোন্ধ৷
একো নকৈ বেগটো হাতত লৈ গাড়ীৰ সন্মুখ পালোগৈ৷ এইবাৰ প্ৰচণ্ড চক খোৱাৰ পাল, সন্মুখৰ বনেটখনত এডাল শুকান নাৰিকল ৰচিৰে আঁটি আঁটি বান্ধি থোৱা আছে, যেন এটা পেটুৱা এক্সট্ৰা লাৰ্জ পিন্ধিবলগীয়া মানুহক জোৰ-জুলুমকৈ এক্সট্ৰা স্মল চোলা পিন্ধাই দি যেন কোনোবা জনমৰ অপমানৰ পোটক লৈছে৷
এইবাৰ মায়ে তিনিটা ছিট বুলি কৈ আগফালৰ ছিট কেইটা ৰিজাৰ্ভ কৰিলে৷ মাৰ পিছে পিছে বহিবলৈ বুলি ভিতৰলৈ জুমি চালো৷ ছিটত কভাৰ লগোৱা আছে৷ এসময়ত তাৰ ৰঙ চাগে ৰঙা আছিল তাৰ প্ৰমাণ বহন কৰিছে কাষৰ ওলমি থকা ৰছী কেইডালে৷ এতিয়া কভাৰৰ ঠাইত মলিয়ন ফটাচিটা এটোকোৰা কাপোৰৰ অৱশিষ্ট আছেগৈ৷ মায়ে মোক ভিতৰলৈ ইমানকৈ চোৱা দেখি অলপ অস্বস্তি পাই ড্ৰাইভাৰক ক’লে-তোমালোকে ভাল ছিট কভাৰ এটা লগাব নোৱাৰা নেকি?
ড্ৰাইভাৰেও হাৰ নামানি কলে-লগাইছিলো মানুহবোৰে নখ মাৰি ফালে৷ একো নামাতি আমি দুইজনী আগফালে বহি পৰিলো৷ কোনোবা এজনে দৰজাখন ৰচিৰে খোল খাই নপৰাকৈ বান্ধি দিলেহি৷ ভয়ংকৰ জোকাৰণি মাৰি গাড়ীখন চলিবলৈ ধৰিলে৷ গাড়ীখন এবাৰ সোঁফালে এবাৰ বাওঁফালে এঢলীয়াহৈ হালিজালি আগবাঢ়িবলৈ ধৰিলে৷ কিছু দূৰ গৈয়ে এটা স্তুপ আকৃতিৰ আধুনিক সভ্যতাৰ ধ্বংসাৱশেষ দুৰৈৰ পৰা দেখা পালো৷ দূৰৈৰ পৰা ইয়াৰ প্ৰাণটনা সুগন্ধই চুম্বকে লোহাক আকৰ্ষণ কৰাদি আমাৰ ঘ্ৰাণেন্দ্ৰিয়ক আকৰ্ষিত কৰিবলৈ ধৰিলে৷ আহ! কি পৌৰসভা বাহ! কি স্বচ্ছ অভিযান৷ বৰডুবি পাইছো কি নাপাইছো হঠাৎ ড্ৰাইভাৰৰ হাতত ষ্টেয়েৰিং ডোখৰি এৰি অহা যেন পালো৷ হায় ভগৱান বুলি মুখেৰে ওলাই আহিল৷ পিছ পাকত যেনিবা ষ্টেয়েৰিং আগৰ স্থানত লাগিল৷ ওখোৰ মোখোৰা পথে কেতিয়াবা মাক নি ড্ৰাইভাৰৰ কোঁচত বহোৱাৰ উপক্ৰম কৰিলে৷ কেতিয়াবা গাড়ী একটিয়া হ’লে মাৰ সত্তৰ কেজিৰ হেঁচাত ড্ৰাইভাৰৰ প্ৰাণ বায়ু ওলাও যেন হ’ল৷ আকৌ যেনিবা গাড়ীখন চিধা হলেহে ড্ৰাইভাৰে উশাহ ঘূৰাই পায়৷ এইদৰে শৰীৰটোক ৰামদেৱৰ বিভিন্ন কচৰৎ কৰাই গন্তব্য স্থান পোৱালেগৈ৷ এটা দীঘল উশাহলৈ নামিবলৈ লৈ দেখো মায়ে ৰামদেৱৰ আসনৰ ভংগিমা কৰি চকু মুদি কৃষ্ণ কৃষ্ণ বুলি চিঞৰিবলৈ ধৰিছে৷ মোৰ মাতত যেনিবা মাৰ ধ্যান ভাগিল৷
ভাড়াটো ড্ৰাইভাৰৰ হাতত গটাই দি ইফালে সিফালে ৰিক্সা বিচৰাত লাগিলো৷ আমাক দেখি ৰিক্সা চালক আগুৱাই আহি সুধিলে -ক’ত যাব? তাক বুজাই দিলো বুদ্ধ মন্দিৰৰ পৰা অলপ আগুৱাই দিলেই হব৷ দুইজনী ৰিস্কাত উঠি পৰিলো৷ অলপ দূৰ যোৱাৰ পাছত এটা বেলেগ ধৰণৰ গোন্ধ নাকত লাগিলহি দুইজনী য়ে ইজনীয়ে সিজনীলৈ চোৱাচুই কৰিলো৷ বুজিবলৈ বাকী নাথাকিল -পুৱাই তেখেতে হাড়ীয়াৰ সোৱাদলৈ আমালৈ বুলি সুবাস বিলাইছে৷ আমাৰ ওজন ইফালে হাৰিয়াৰ আমেজে ৰিক্সাই বিদ্ৰোহ ঘোষণা কৰিলে আগুৱাই যাবলৈ৷ তথাপি দেহটো একাবেঁকা কৰি এহাতেৰে মবাইলটো লৈ চালকে ৰিক্সা আগুৱাই নিলে৷ কেতিয়াবা আকৌ মূৰটো আগুৱাই দি হেণ্ডেলডালতে এনেদৰে শুই পৰাৰ ভংগী কৰে যে ৰিক্সা গৈ দুলীয়াজানৰ চাহাব সকলৰ অত্যাধুনিক গাড়ীৰ আগত পৰো পৰো হয়৷ হৰ্ণৰ বিকট আৱাজত সি ৰিক্সাখন নিজৰ আয়ত্তলৈ ঘূৰাই অনাতহে যেনিবা আমাৰ জীৱ ঘূৰি আহে৷
অলপ পিছত সি মোবাইলটো এহাতে কাণতলৈ উচ্চস্বৰে কাৰোবাক ক’বলৈ ধৰিলে -গৈ আছো দহ মিনিটত৷ আমি প্ৰমাদ গণিলো ই দহমিনিটত এই গতিৰে কেনেকৈ বাইদেউৰ ঘৰ পোৱাবগৈ৷ কিছু দূৰ গৈ ৰিক্সা ৰখাই আঙুলিয়াই দেখুৱাই ক’লে-সেইটো বুদ্ধ মন্দিৰ৷ আপোনালোকক মই নিব নাই পাৰিম৷ মোৰ পুলিচ থানাত ভাৰা আছে৷ এতিয়াও গন্তব্যস্থান পাবলৈ এছোৱা বাট বাকী৷ কাওঁবাওঁকৈ ধৰিলত সি আমাক বকি বকি কিছু দূৰ নি মোবাইলটো আকৌ উলিয়াই লৈ চিঞৰি উঠিল -চাৰ থানাত মই এতিয়া যাব নাই পাৰিম৷ একটা লাফৰা ভাড়া পালি৷ উতৰাই নাইখে৷ হেল্ল কি বলেলা ৰাস্তাতে এৰি দিম৷
তাৰ কথা শুনি মাৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷ মায়ে হাৰি নিদি ক’লে – তই আমাক পুলিচৰ ভয় দেখুৱাবলৈ আহিছ! আমি নানামো বৈ আগুৱাই নে৷
চালকে এইবাৰ স্বীকাৰ কৰিলে -মই এটা মানুহহে নিব লাগিব বুলি ভাবিছিলো৷
মা-কিয় ইমান ডাঙৰ দুজনী মানুহক এজনী যেন দেখিলি? তই কিবা খালি?
চালক-হ! হাড়ীয়া খালো৷
তাৰ পিছত সি ৰিক্সাখনৰ কণ্ট্ৰল হেৰুৱাই এবাৰ সোঁৱে এবাৰ বাৱে নিব ধৰা দেখি তাৰ ৰিক্সাৰ পৰা নামি দিলো৷ দিব লগা ভাড়াতকৈ বেছি ভাড়ালৈ সি গ’লগৈ৷ নিৰুপায়হৈ বাকী পথচোৱা দুলীয়াজানৰ লেতেৰা বোকা পানী ফালি গন্তব্য স্থান পালোগৈ৷ তাৰ পিছত এনে সুখ যাত্ৰা আৰু নকৰো বুলি কাণত ধৰিলো৷
★★★★
9:39 pm
মজ্জা লাগিল বৰ্নালী ৷ ৰিক্সাত নুঠা বহুদিনেই হ’ল যদিও তোমাৰ লগতে উঠা হেন পালো ৷