ফটাঢোল

মূল :নূপুৰ (পাজেব), লেখক,জৈনেন্দ্ৰ কুমাৰ, অনুবাদ-মিতালী নাৰায়ণি

বজাৰত এবিধ নতুন ধৰণৰ নূপুৰ সমাদৃত হৈছে। সেইযোৰ পিন্ধাৰ পাছত ভৰি দুখন বৰ শুৱনি দেখি। তাৰ পটীবোৰ ইমানেই নমনীয় যে পিন্ধোতাৰ ভৰিত সুন্দৰকৈ খাপ খাই পৰে। ওচৰে-পাজৰে সৰু-ডাঙৰ সকলোৰে ভৰিত সেইধৰণৰ নূপুৰে দেখিবলৈ পাব। এজনীয়ে পিন্ধিলে নে নাই আনজনীয়েও পিন্ধিবলৈ ল’লে। এইদৰে দেখাক দেখি সেইযোৰ নিপিন্ধাকৈ থকাটোৱে বৰ টান হৈ পৰিল।

আমাৰ মুন্নীয়েও ক’লে, “দেউতা, ময়ো নূপুৰ পিন্ধিম।” 

চাওকচোন, কিবাকৈ চাৰিবছৰীয়া হৈছেহে, আকৌ বোলে নূপুৰ পিন্ধে!

মই ক’লোঁ, “কেনেকুৱা নূপুৰ?”

তাই ক’লে, “ৰুকমন আৰু শীলাই পিন্ধাৰ নিচিনা।”

মই ক’লোঁ, “হ’ব বাৰু!”

তাই ক’লে, “মইতো আজিয়েই অনাবলৈ ক’ম।”

মই ক’লোঁ, “হ’ব আইজনী, আজিয়েই অনাবা।”

সেইসময়ত মুন্নীৰ মনটো অইন কিবা কামত ব্যস্ত হৈ গ’লেও দুপৰীয়া যেতিয়া তাইৰ পেহীয়েক আহিল তেতিয়া মুন্নীও সহজে সেও নমনাবিধৰ হৈ উঠিল।

পেহীয়েকে মুন্নীক কোলাত লৈ মিঠাই খুৱালে আৰু ক’লে, “হ’ব দে, তোৰ নূপুৰযোৰ এই দেওবাৰে নিশ্চয় লৈ আনিম।”

***********

দেওবাৰে পেহীয়েক আহিল আৰু নূপুৰযোৰ আনিলে। সেইযোৰ পিন্ধি মুন্নী আনন্দতে জঁপিয়াই থাকিল। ৰুকমনৰ ওচৰলৈ গ’ল আৰু ক’লে, “চা ৰুকমন, মোৰ নূপুৰ।” শীলাকো তাইৰ নূপুৰযোৰ দেখুৱালে। নূপুৰ পিন্ধা দেখি সকলোৱে তাইক মৰম কৰিলে আৰু প্ৰশংসাৰে উপচাই পেলালে। সঁচাকৈয়ে গোৰোহাৰ চাৰিওফালে মেৰিয়াই নিৰৱে পৰি থকা ৰূপেৰে গঢ়োৱা মিহি জৰীৰ দৰে নূপুৰযোৰ বৰ সুগঢ়ী আৰু তাকে পিন্ধি এতিয়া আমাৰ আইজনীৰ আনন্দই পাৰ নধৰা হৈছে। আৰু মুন্নীৰ ককায়েক আমাৰ আশুতোষ মহাশয়, সি প্ৰথমে মুন্নীৰ সাজোন-কাচোন দেখি বৰ সুখী হ’ল। সিও প্ৰশংসা পোৱাৰ আশাত নূপুৰ পিন্ধা মুন্নীক দেখুৱাবলৈ তাইৰ হাতত ধৰি চুবুৰীৰে দুঘৰমানলৈ লৈ গ’ল। এনে অনুভৱ হ’ল যে মুন্নীৰ গৌৰৱেই যেন তাৰো গৌৰৱ। সি খুব ফূৰ্তি কৰিলে, হাতচাপৰি মাৰিলে; কিন্তু অলপ পৰ পাছতে থেনথেনাবলৈ ধৰিলে, “মুন্নীক নূপুৰ দিলা গতিকে মোকো বাইচাইকেল লাগে।”

পেহীয়েকে ক’লে, “হ’ব বাচা, এইবাৰ জন্মদিনত তোক বাইচাইকেল এখন দিম।”

আশুতোষ বাবুৱে ক’লে, “নাই মোক এতিয়াই লাগিব।”

পেহীয়েকে ক’লে, “ছিঃ ছিঃ, তই কিবা ছোৱালী নেকি? ছোৱালীবোৰেহে ঠেহ পাতে আৰু কান্দে। বাবু চাহাবহঁতে কান্দে জানো?”

আশুতোষ বাবুৱে ক’লে, “মই জন্মদিনৰ দিনা কিন্তু বাইচাইকেল ল’মেই।”

পেহীয়েকে ক’লে, “কথা দিলোঁ, জন্মদিনৰ দিনা তোক বাইচাইকেল এখন দিমেই।”

এইদৰে দেওবাৰৰ দিনটো হাঁহি-ধেমালিৰে পাৰ হ’ল। সন্ধিয়া হোৱাত ল’ৰা-ছোৱালীহঁতৰ পেহীয়েক গ’ল। নূপুৰ পিন্ধাৰ চখটো মুন্নীৰ কেইটামান মুহূৰ্তৰ বাবেহে আছিল। কিছু সময়ৰ পাছতে নূপুৰযোৰ যাতে নেহেৰায় তাৰবাবে সেইযোৰ সোলোকাই ভালকৈ থৈ দিয়া হৈছিল। নূপুৰযোৰৰ কাৰুকাৰ্য নিপুণ আৰু মিহি আৰু সেইবাবে সেইযোৰৰ দামো অলপ বেছিকৈয়ে লৈছে।

শ্ৰীমতীয়ে আহি মোক ক’লে, “হেৰা শুনিছানে, সেইযোৰ বৰ ভাল লাগিছে। মোলৈয়ো এযোৰ গঢ়াই লওঁ নেকি?”

মই ক’লোঁ, “নগঢ়োৱাৰ কোনো অৰ্থ নাই। তুমিওনো ক’ত চাৰি বছৰীয়া নোহোৱা!”

***********

যিহওক, গ’ল কথা গুচিল। কিন্তু নিশা যেতিয়া মই মোৰ মেজত কিবা কৰি আছিলোঁ তেতিয়া শ্ৰীমতীয়ে আহি সুধিলে, “তুমি নূপুৰযোৰ দেখিছিলা নেকি?”

আচৰিত হৈ মই ক’লোঁ, “মানে?”

তেওঁ ক’লে, “মেজখনতে নাইতো? এপাতহে আছে, আনপাত বিচাৰি পোৱা নাই। জানো ক’লৈ গ’ল!” 

মই ক’লোঁ, “ক’লৈনো যাব? ইয়াতে ক’ৰবাত ওলাব, ভালকৈ চোৱাচোন!”

নূপুৰপাত বিচাৰি তেওঁ মোৰ মেজৰ কাগজ-পত্ৰবোৰ ইফাল সিফাল কৰিবলৈ ধৰিলে আৰু এই গতিত বিচাৰি তেওঁ আলমিৰাৰ কিতাপবোৰো চলাথ কৰিব যেন লাগিছে।

মই ক’লোঁ, “ইয়াত কি কৰি আছা? সেইপাতনো ইয়ালৈ কেনেকৈ আহিব?”

উত্তৰত তেওঁ মোক সুধিবলৈ ধৰিলে, “তেন্তে ক’ত আছে?”

মই ক’লোঁ, “তুমিয়ে দেখোন থৈছিলা। ক’ত থৈছিলা?”

ক’বলৈ ধৰিলে, “দুপৰীয়াৰৰ পাছত প্ৰায় দুইমান বজাত দুয়োপাত সোলোকাই ভালকৈ সাৱধানে সেই তলৰ বাকচটোত থৈ দিছিলোঁ। এতিয়া চাওঁতেহে দেখিলো যে এপাতহে আছে, আনপাত অন্তৰ্ধান হৈ গ’ল।”

মই ক’লোঁ, “তেন্তে সেইপাতনো নিজে নিজে এইটো কোঠালৈ কেনেকৈ আহিব? পাহৰি গৈছা চাগৈ! এপাত থ’লা ঠিকেই, আনপাত হয়তো মজিয়াত পৰি গৈছিল। ভালকৈ চোৱা, বিচাৰি পাবা। ক’লৈকো যাব নোৱাৰে।”

এইদৰে কোৱাত শ্ৰীমতীয়ে মোক শুনাবলৈ ধৰিলে, “তুমিতো এনেকুৱাই! নিজে অন্যমনষ্ক আৰু এতিয়া ওলোটাই মোক দোষ দিবলৈ আহিছা। কৈছোঁৱেই দেখোন যে মই দুয়োপাত একেলগে সামৰি ভালকৈ থৈ দিছিলোঁ।”

মই ক’লোঁ, “ভালকৈ যদি থৈছিলাই তেন্তে ইফালে-সিফালেনো বিচাৰি ফুৰিছা কিয়? য’ত থৈছিলা তাৰপৰাই উলিয়াই লোৱাগৈচোন! আৰু তাতে যদি নাই তেন্তে নিশ্চয় কোনোবাই উলিয়াইছিল চাগৈ!”

শ্ৰীমতীয়ে ক’লে, “ময়ো তাকে ভাবিছোঁ। হওক নহওক, বনকৰা ল’ৰা বংশীয়ে উলিয়াইছে চাগৈ! নূপুৰযোৰ থওঁতে সি তাতে আছিল।”

মই ক’লোঁ, “তেন্তে তাক সুধিলা?”

তেওঁ ক’লে, “সিতো চিধাই অস্বীকাৰ কৰিছে।”

মই ক’লোঁ, “তেন্তে এতিয়া?”

শ্ৰীমতীয়ে চিঞৰি ক’লে, “তেন্তে এতিয়া মই কি কওঁ? তোমাৰতো একো কথাতে গুৰুত্ব নাই। সেই বংশীটোকে মাতি আনি ধমকি দি নোসোধানো কিয়? নূপুৰপাত নিশ্চয় সিয়ে নিছে।”

মই ক’লোঁ, “বাৰু! তাক কি ক’ব লাগিব? এনেকৈ ক’ম নেকি যে দে ভাই নূপুৰপাত দে।”

শ্ৰীমতীয়ে খিংখিঙাই ক’লে, “হ’ল আৰু! তোমাৰদ্বাৰা একো নহ’ব। তুমিয়েতো সেই বনকৰা ল’ৰাটোক আতোলতোলকৈ ৰাখিছা। দাবী-ধমকি একো এটা নাই, এনেকৈ বনকৰা মানুহ মূৰত নুঠি কি হ’ব?”

আকৌ ক’লে, “কৈয়ে আছোঁ দেখোন, কোনোবাইতো সেই বাকচটোৰপৰা উলিয়াইছে আৰু ষোল্লৰ ভিতৰত পোন্ধৰ অনাই সেয়া বংশীৰে কাম। শুনিছানে নাই, সিয়ে।”

***********

মই ক’লোঁ, “মই বংশীক সুধিছিলোঁ। সি নিয়া নাই যেন লাগিছে।”

এয়া শুনি শ্ৰীমতীয়ে ক’বলৈ ধৰিলে, “তুমি এই বনকৰা মানুহবোৰক নাজানা। সিহঁত বহুত ধূৰ্ত স্বভাৱৰ হয়। বংশীয়ে চোৰ। সি নিনিলে কোনোবা দেৱতাই নিবলৈ আহিছে নেকি?”

মই ক’লোঁ, “তুমি আশুতোষক সুধিছানে?”

ক’লে, “সুধিছিলোঁ। ট্ৰাংক আৰু বাকচৰ তলত সোমাই সোমাই সিতো নিজেই বিচাৰ-খোচাৰ কৰোঁতে সহায় কৰি দিছে। নূপুৰপাত সি নিব নোৱাৰে।”

মই ক’লোঁ, “তাৰ চিলাত বৰ চখ।”

ক’লে, “তুমিতো তাক একো এটা নোকোৱা। ল’ৰাটো ডাঙৰ হৈ গৈ আছে। এই ৰাপটোও এনেকৈয়ে থাকি যাব। তুমিয়েতো তাক চিলা উৰোৱাৰ নিচা লগাইছিলা।”

মই ক’লোঁ, “যদি ক’ৰবাত নূপুৰপাত পৰি থাকোঁতে পাইছিল?”

ক’লে, “নাই নাই! পালে সি নক’লেহেঁতেন নেকি?”

যিহওক, কথাই কথাই জানিব পাৰিলোঁ যে সেইদিনা সন্ধিয়া আশুতোষে নতুন চিলা আৰু জৰীৰ এটা নতুন নুৰা আনিছে।

শ্ৰীমতীয়ে ক’লে, “তুমিয়ে তাক চিলাৰ বাবে সন্মতি দিছিলা। গোটেই দিনটো কেৱল চিলা আৰু চিলা। এয়া নাই যে কোনোবাদিনা তাক কাষত বহুৱাই লৈ কিবা ভাল কথাও সুধিবা! কোনোবাদিনা তাৰ এই চিলা-জৰী সব কাটি-ফালি পেলাই দিম বুলিয়ে ভাবি আছোঁ।”

মই ক’লোঁ, “বাৰু হ’ব দিয়া; কাইলৈ পুৱা সোধা-পোচা কৰিম।”

***********

ৰাতিপুৱা তাক মাতি আনি গহীনসুৰত সুধিলোঁ, “বাবা, এপাত নূপুৰ পোৱা নাই। তুমি দেখা নাইতো?”

সি নিশ্চুপ হৈ গ’ল যেন মোৰ ওপৰত অভিমানহে কৰিছে। সি মূৰ জোকাৰি বুজাই দিলে যে সি নিয়া নাই। কিন্তু মুখেৰে একো নামাতিলে।

মই ক’লোঁ, “চোৱা বাবা, নিছা যদিও কোনো কথা নাই, সঁচা কথাটো কৈ দিয়া উচিত।”

তাৰ মুখখন আৰু ফুলি গ’ল আৰু সি আমন-জিমনকৈ বহি থাকিল।

মোৰ মনলৈ সেই সময়ত নানা তৰহৰ বিচাৰ-বিবেচনা আহিবলৈ ধৰিলে। মই স্থিৰ কৰিলোঁ যে অপৰাধৰ প্ৰতি কৰুণাৰহে প্ৰয়োজন আছে। খং-ৰাগ কৰাৰ প্ৰয়োজন নাই। মৰম-স্নেহেৰেও অপৰাধ প্ৰবৃত্তিৰ শুধৰণি কৰিব পাৰি। ভয় খুৱাই সেই প্ৰবৃত্তিক দমন কৰি থোৱা উচিত নহয়। সৰু ল’ৰা-ছোৱালীবোৰ কোমলমতীয়া হয় আৰু সদায় সিহঁতক মৰম-চেনেহ কৰা উচিত ইত্যাদি ইত্যাদি।

মই ক’লোঁ, “বাবা আশুতোষ, ভয় নকৰিবা। সঁচা কথা ক’বলৈ ভয় কৰিব নালাগে। লৈছিলা যদি  খোলা-খুলিকৈ কৈ দিয়া, বাচা। সঁচা কথা কোৱাৰ বাবে আমি তোমাক শাস্তি দিব পাৰোঁ নেকি! আনকি সঁচা কথা ক’লে পুৰস্কাৰহে পায়।”

আশুতোষে তেতিয়ালৈ বহি সকলো শুনি আছিল। তাৰ মুখখন ফুলি আছিল। সি মোৰ চকুলৈ মূৰ তুলি চোৱা নাছিল। মাথোঁ ৰৈ ৰৈ মূৰটো জোকাৰি আছিল।

“বাবা, তুমি নিয়া নাইতো?”

সি মূৰ জোকাৰি খঙত অস্থিৰ আৰু উচ্চস্বৰত ক’লে, “মই নিয়া নাই, নিয়া নাই, নিয়া নাই।” এইদৰে কৈ সি কন্দনামুৱা হ’ল যদিও নাকান্দিলে। ওলাই আহিব খোজা লোতকখিনি চকুতে সামৰি থ’লে। 

সেই সময়ত মোৰ মনত ভাব হ’ল যে উগ্ৰতা দোষ কৰাৰ এটা লক্ষণ।

মই ক’লোঁ, “চোৱা বাবা, ভয় নকৰিবা। বাৰু যোৱা, বিচৰাগৈ; হয়তো ক’ৰবাত পৰি থকা নূপুৰপাত পায়ো যাব পাৰা। সেইপাত পালে তোমাক আমি পুৰস্কাৰ দিম।“

সি গুচি গ’ল আৰু আনটো কোঠালিলৈ গৈ প্ৰথমে এটা চুকত থিয় হৈ থাকিল। কিছুসময় সাৰ-সুৰ নোহোৱাকৈ থিয় হৈ থাকি পুনৰ ইফালে-সিফালে হেৰোৱা নূপুৰপাত বিচাৰিবলৈ ধৰিলে।

***********

শ্ৰীমতীয়ে আহি সুধিলে, “আশুক তুমি সোধ-পোচ কৰিলা? তোমাৰ কি ধাৰণা হৈছে?”

মই ক’লোঁ, “মোৰতো সন্দেহেই হয়। এয়াতো বনকৰা মানুহৰ কাম হ’বই নোৱাৰে।”

শ্ৰীমতীয়ে ক’লে, “নহয় দিয়া, আশুৱেনো কিয় নিবহে?”

মই একো নক’লোঁ। মোৰ মনটো আশুতোষৰ প্ৰতি কিবা এক অজান গভীৰ প্ৰেমেৰে ভৰি উঠিছিল। মোৰ এনে লাগিছিল যেন ঠিক এই সময়ত আশুতোষক আমাৰ সহানুভূতিৰপৰা বঞ্চিত কৰা উচিত নহয়। বৰঞ্চ কিছু অতিৰিক্ত স্নেহহে এইসময়ত ল’ৰাটোক কৰা উচিত। এয়া এক গুৰুগম্ভীৰ দুৰ্ঘটনা যেনহে মোৰ ভাব হৈছে। যদি আশুতোষে চুৰি কৰিছে বুলি জানিব পাৰিলোঁহেঁতেন তেন্তে ইয়াত তাৰ ইমান দোষ নাই, বৰং এয়া আমাৰ ওপৰতহে ডাঙৰ অভিযোগ। ল’ৰা-ছোৱালীৰ বাবে চুৰি কৰা অভ্যাসটো ভয়াবহ হ’ব পাৰে, কিন্তু ল’ৰা-ছোৱালীৰ বাবে চুৰি কৰাৰ দৰে অসহায় পৰিস্থিতি আহি পৰাটো তাতকৈয়ো অনেক গুণে ভয়াবহ। এয়াহে বেছিকৈ চিন্তা-চৰ্চা আৰু আলোচনা কৰিবলগীয়া কথা। সেই চুৰিৰপৰা আমাৰ ৰেহাই নাই।

মই তাক মাতি আনি ক’লোঁ, “বাৰু শুনা, চোৱা, মোৰফালে চোৱা; কোৱাচোন, নূপুৰপাত তুমি ছুন্নুক দি আহিছা, নহয়নে?”

সি কিছুসময় একো নক’লে। তাৰ মুখৰ বৰণ সলনি হ’বলৈ ধৰিলে। মই এটা এটা সূক্ষ্ম কথা পৰ্যবেক্ষণ কৰিবলৈ বিচাৰিছিলোঁ।

আশ্বাসভৰা কণ্ঠেৰে মই ক’লোঁ, “ভয় কৰাৰ একো কাৰণ নাই, বাচা। অ অ কোৱা, ভয়  নকৰিবা। সঁচা কথা কোৱা বাবা। আমাৰ বাচাটো যে কিমান সৎ!”

অনেক কষ্টৰ মূৰত যেন তাৰ মূৰটো লৰিল।

খুব আনন্দিত হৈ মই ক’লোঁ, “ছুন্নুক দি আহিছা, নহয়নে?”

সি মূৰটো লৰালে।

অত্যন্ত সান্ত্বনা মিহলি স্নেহভৰা কণ্ঠেৰে মই ক’লোঁ, “মুখেৰে কোৱা। ছুন্নুক দিছা?”

সি ক’লে, “হ…..য়।”

মই অত্যন্ত আনন্দেৰে তাক দুয়ো বাহুৰে আঁকোৱালি ধৰি দাঙি দিলোঁ। ক’লোঁ, “ভাল ল’ৰাই এইদৰেই কৈ দিয়ে। আশু আমাৰ আদৰৰ ল’ৰা, নয়নৰ মণি।” গৌৰৱেৰে তাক কোলাত তুলি লৈয়ে মই তাৰ মাকৰ কাষলৈ গ’লোঁ। উল্লেসেৰে ক’লোঁ, “চোৱা, আমাৰ ল’ৰাটোৱে সঁচা কথাটো সৈ কাঢ়িছে। নূপুৰপাত সি ছুন্নুক দি আহিছে।”

ইয়াকে শুনি তাৰ মাক বৰ আনন্দিত হ’ল। তেওঁ তাক চুমা খালে, প্ৰশংসা কৰিলে আৰু তাৰ কোনোধৰণৰ বিপত্তি নহওক বুলি মুখ ভঙাবলৈ ধৰিলে। 

আশুতোষে মিচিকিয়াই হাঁহিলে যদিও উদাসী ভাবটো তাৰ মুখখনতে লাগি থাকিল।

***********

কিছুসময় পাছত তাক অকলশৰীয়াকৈ লৈ গৈ মই বৰ মৰমত সুধিলোঁ, “নূপুৰপাত ছুন্নুৰ ওচৰতে আছে নহয়? যোৱা, তাৰ পৰা খুজি আনিব পাৰিবা?”

আশুতোষ মোৰ ফালে চাই বহি ৰ’ল। মই ক’লোঁ, “যোৱা বাবা, লৈ আনাগৈ।”

উত্তৰ দিবলৈ সি মুখ নুখুলিলে।

মই জানিবলৈ বিচৰাত সি ক’লে, “ছুন্নুৰ তাত যদি নাই সি ক’ৰপৰা দিব?”

মই ক’লোঁ, “তেন্তে সি যাকে দিছে তেওঁৰ নামটো ক’ব।” এয়া শুনি সি নিশ্চুপ হৈ গ’ল। মই বাৰে বাৰে কোৱা সত্বেও সি “নূপুৰপাত ছুন্নুৰ তাত নাই যদি সি ক’ৰপৰা দিব” বুলিয়ে কৈ থাকিল।

অৱশেষত হাৰ মানি মই ক’লোঁ, “সেইপাত ক’ৰবাত নহয় ক’ৰবাততো আছে। বাৰু, তুমি ক’ৰপৰা লৈছিলা?”

“সেইপাত পৰি থাকোঁতে পাইছিলোঁ।”

“আৰু তাৰপাছত তললৈ গৈ তুমি সেইপাত ছুন্নুক দেখুৱালা?”

“ওঁ!”

“তাৰপাছত সিয়ে ক’লে যে সেইপাত বেচিব!”

“ওঁ!”

“ক’ত বেচিব বুলি কৈছিল?”, “মিঠাই আনিব বুলি কৈছিল?”

“নহয়, চিলা আনি দিব বুলি কৈছিল।”

“চিলা দিব বুলি কৈছিল?”

“ওঁ!”

“তেন্তে সেইপাত তাৰ তাতেতো থাকিব লাগে! নাইবা চিলাৰ বেপাৰীজনৰ তাত থাকিব! যোৱা বাবা, তাৰপৰা লৈ আনাগৈ। গৈ ক’বা যে আমাৰ দেউতাই তোমাক পুৰস্কাৰ দিব।”

সি যাবলৈ বিচৰা নাছিল। সি পুনৰ ক’লে, “ছুন্নুৰ তাত নাই যদি সি ক’ৰপৰা দিব?”

সি বৰ বেয়াকৈ জেদ পতা যেন মোৰ অনুভৱ হ’ল। মই ক’লোঁ, “তেন্তে তুমি ক’ৰবাত সেইপাত পুতি থৈছা নেকি? কি কৰিছা? নোকোৱা কিয়?”

সি মোৰফালে চাই থাকিল, কিন্তু একো নক’লে।

মই ক’লোঁ, “একো নোকোৱা কিয়?”

সি আমন-জিমনকৈ থাকিল আৰু একো নক’লে।

মই দাবি মাৰি ক’লোঁ, “যোৱা, য’তে আছে তাৰপৰা নূপুৰপাত লৈ আনাগৈ।”

সি নিজৰ ঠাইৰপৰা লৰচৰ নকৰা দেখি মই তাৰ কাণত ধৰি উঠাই দিলোঁ। ক’লোঁ, “শুনিছানে নাই? যোৱা নূপুৰপাত লৈ আনাগৈ। নহ’লে ঘৰত তোমাৰ একো দৰকাৰ নাই।”

এইদৰে উঠোৱাত সি উঠিল আৰু কোঠালিটোৰপৰা ওলাই গ’ল। ওলাই গৈ বাৰান্দাৰ এটা চুকত মুখ ওফোন্দাই অভিমান কৰি থিয় হৈ থাকিল।

মোৰ প্ৰচণ্ড খং উঠি আহিছিল। এই ল’ৰাটোৱে সঁচা কথা কৈ এতিয়া কি কথাৰ বাবে ইমান ভয় খাইছে, এই কথাটোহে মই বুজি নাপালোঁ। মই বাহিৰলৈ আহি লাহেকৈ ক’লোঁ, “যা ভাই, গৈ ছুন্নুক নকৱগৈনো কিয়?”

পহিলতে সি একো উত্তৰ দিয়া নাছিল আৰু উত্তৰ দিলেও বাৰে বাৰে কৈ থাকিল, “ছুন্নুৰ তাত নাথাকিলে সি ক’ৰপৰা দিব?”

মই ক’লোঁ, “সি যিমানত বেচিছে আমি তাক সেই মূল্যখিনি দি দিম। বুজি পাইছানে? যোৱা, তুমি কোৱাগৈচোন!”

***********

ছুন্নুৰ মাকেও কৈ আছে যে তেওঁৰ ল’ৰাটোৱে এনে কাম কৰিব নোৱাৰে। সি নূপুৰপাত দেখা নাই। ছুন্নুৰ মাকৰ এই কথাত আশুতোষৰ মাকে ক’লে, “তোমাৰ ল’ৰাটোৱে মিছা কথা কৈছে। কিয় আশুতোষ, তই দিছিলি নহয়নে?”

আশুতোষে লাহেকৈ ক’লে, “ওঁ, দিছিলোঁ।”

আনফালৰপৰা ছুন্নুৱে হাত জোকাৰি জোকাৰি আগবাঢ়ি আহি ক’লে, “মোক নাই দিয়া। কি অ’, মোক কেতিয়া দিছিলি?”

ফলত ছুন্নুৰ মাকে ছুন্নুক খুব পিতিলে আৰু নিজেও কান্দিবলৈ ধৰিলে। তেওঁ ইনাই-বিনাই ক’বলৈ ধৰিলে, “হায় হায়! আমি এতিয়া চোৰত পৰিলোঁ। কুলক্ষণীয়া সন্তান ক’ৰবাৰ! কেতিয়ানো এইবোৰৰ নিপাত হ’ব!”

কথাটো বহুদূৰলৈ বিয়পি পৰিল। চুবুৰীৰ তিৰোতাজাকে বতাহতে খবৰটো পালে। ইফালে আকৌ শ্ৰীমতীয়ে ঘৰলৈ আহি ক’লে, “ছুন্নু আৰু তাৰ মাক দুয়োৰে মতি-গতি একে।” 

মই ক’লোঁ, “তুমিনো ইমান খৰধৰ কৰিছিলা কিয়? কথাৰ জঁট জানো এনেকৈ ভাঙে?”

তেওঁ ক’লে, “ওঁ, হ’ব হ’ব! মই ডাঙৰ ডাঙৰকৈয়ে কথা কওঁ। এতিয়া যোৱাচোন, তুমিয়ে সিহঁতৰপৰা নূপুৰপাত উলিয়াই নানানো কিয়? নূপুৰপাত উলিয়াই আনিব পাৰিলেহে মানিম।”

মই ক’লোঁ, “নূপুৰপাততকৈয়ো আমাৰ বাবে শান্তিহে বেছি কাম্য আৰু এনেকৈ অশান্তি কৰি থাকিলেওতো নূপুৰপাত নাপাম।”

শ্ৰীমতীয়ে ভোৰভোৰাই কিবাকিবি কৈ খং কৰি আঁতৰি গ’ল।

***********

কিছুসময় পাছত ছুন্নুৰ মাক আমাৰ ঘৰলৈ আহিল। শ্ৰীমতীয়ে তেওঁক লৈ আহিছিল। তেতিয়ালৈ তেওঁলোক দুয়োৰে খং-ৰাগ শাম কাটিছিল। তেওঁ মোৰ সমুখলৈ আহি ক’লে, “ছুন্নুৱে নূপুৰপাতৰ কথা নাজানে বুলিয়ে কৈছে। নূপুৰপাতৰ দাম কিমান আছিল? মই সেইপাতৰ দাম পৰিশোধ কৰিম।”

মই ক’লোঁ, “এয়া আপুনি কি কৈছে! সন্তান সন্তানেই। আপুনি ছুন্নুক মৰম কৰিও সুধিছিলনে?”

তেওঁ সেই মুহূৰ্ততে ছুন্নুক মাতি আনি মোৰ সমুখত উপস্থিত কৰালে। ক’লে, “কি অ’, নূপুৰপাত দেখিছিলি যদি তই কৈ নিদিয়নো কিয়?”

মূৰটো জোৰেৰে জোকাৰি ছুন্নুৱে সেই কথা প্ৰত্যাখ্যান কৰিলে আৰু ক’লে, “নূপুৰপাত আশুতোষৰ হাততে মই দেখিছিলোঁ আৰু সি সেইপাত চিলা বেপাৰীজনক দি আহিছে। মই ভালকৈয়ে দেখিছিলোঁ, সেইপাত ৰূপৰ নূপুৰ আছিল।”

“তুমি খাটাংকৈ জানানে?”

“ওঁ, সি মোকো লগ ধৰি আছিল, ব’ল চিলা আনিমগৈ।”

“নূপুৰপাত কিমান ডাঙৰ আছিল, কোৱাচোন!”

ছুন্নুৱে দিয়া আকাৰ-আকৃতি বিৱৰণটো প্ৰায় নূপুৰপাতৰ ওচৰে-পাজৰে গ’ল।

মই তাৰ মাকৰ ফালে চাই ক’লোঁ, “চাওকচোন, কিছুসময় আগলৈ এই ল’ৰাটোৱে কৈ আছিল যে ই হেনো নূপুৰপাত দেখা নাই। এতিয়া আকৌ দেখা বুলি কৈছে।”

মোৰ সমুখতে মাকে ছুন্নুক টানি আনি ধম্ ধমকৈ পিতিবলৈ ধৰিলে। ক’লে, “কি অ’, মিছা কথা ক’বলৈ আহিছ? আজি তোৰ ছাল-ছামৰা ছিঙিব নোৱাৰোঁ যদি মই মই নহওঁ।”

মই মাজত সোমাই কিবাকৈ ছুন্নুক ৰক্ষা কৰিলোঁ। সি শ্বহীদ হ’বলৈ যোৱা বিদ্ৰোহীৰ দৰে নিমাতে পিতন খাই আছিল। অকণো কন্দা নাছিল আৰু এটা চুকত থিয় হৈ থকা আশুতোষলৈ জানো কি ভাবত চাই আছিল!

যিহওক, মই সকলোকে ঘৰা-ঘৰি যাবলৈ এৰি দিলোঁ। ক’লোঁ, “যোৱা বাবা ছুন্নু, খেলাগৈ।” তাৰ মাকক ক’লোঁ, “আপুনি তাক নিপিতিব। নূপুৰপাত এনেয়ো এনে কোনো ডাঙৰ বস্তু নহয়।”

ছুন্নু গ’ল। তেতিয়া তাৰ মাকে সুধিলে, “আপুনি তাক দোষী বুলি ভাবে নেকি?”

মই ক’লোঁ, “মোৰ ধাৰণাত সি কিবা নহয় কিবা জানে। আৰু এই গোটেই ঘটনাটোত সিও জড়িত হৈ আছে।”

এয়া শুনি ছুন্নুৰ মাকে তেওঁৰ কাষতে বহি থকা মোৰ পত্নীক ক’লে, “ব’লক বাইদেউ, মই আপোনাক মোৰ গোটেই ঘৰখন দেখুৱাই দিওঁ। গৈ পাত পাতকৈ প্ৰতিটো বস্তু চাই লওক। নূপুৰপাত থাকিলেনো যাব ক’লৈ?”

মই ক’লোঁ, “হ’ব দিয়কহে! বিনা কথাত কথা বঢ়াই কি লাভ?” এইদৰে কিবাকৈ মই তেওঁক সান্ত্বনা দিলোঁ। নহ’লেতো তেওঁ ছুন্নুক কোবাই-ধোবাই তাৰ অৱস্থা দুৰৱস্থা কৰিবলৈ এক প্ৰকাৰ প্ৰতিজ্ঞাই কৰি লৈছিল: “কুলক্ষণীয়া ক’ৰবাৰ! আজি যদি সেই মাটিতে তাক পুতি পেলাব নোৱাৰোঁ, মোৰ নাম নাই।”

যিহওক, কিবাকৈ হট্টগোলটো অলপ শাম কাটিল। এই জঞ্জালবোৰত সোমাই থাকোঁতে আজি সময়মতে কাৰ্যালয়লৈয়ো যাব নোৱাৰিলোঁ। যোৱাৰ পৰত শ্ৰীমতীক কৈ গ’লোঁ, “শুনা, আশুতোষক ধমকি নিদিবা। মৰমেৰে আটাইখিনি কথা সুধিবা। দাবি-ধমকিৰে ল’ৰা-ছোৱালী বেয়াহে হয় আৰু কাৰো একো লাভ নহয়। বুজি পাইছাতো?”

***********

আবেলি কাৰ্যালয়ৰপৰা ওভোতাৰ পাছত শ্ৰীমতীয়ে খবৰ দিলে, “আশুতোষে সকলোবোৰ কৈছে। এঘাৰ অনা পইচাত সি নূপুৰপাত চিলা বেপাৰীজনক দি দিছে। চিলা বেপাৰীজনে অলপ অলপকৈ তাক পইচাখিনি দিব বুলি কৈছে। এতিয়া দিয়া পাঁচ অনাটো ছুন্নুৰ হাতত আছে। এইদৰে সি প্ৰতিটো কথা কৈ পেলাইছে।” শ্ৰীমতীয়ে আকৌ ক’বলৈ ধৰিলে, “মই বৰ মৰমেৰে সুধি সুধি এই আটাইবোৰ কথা তাৰ পেটৰপৰা উলিয়াইছোঁ। ইয়াৰ বাবে দুই-তিনি ঘণ্টা কিমান যে কৌশল খটুৱাবলগীয়া হ’ল! হে হৰি, এই সৰু সৰু ল’ৰা ছোৱালীবোৰৰো মনটো আৰু দেই!”

এই কথা শুনি মই বৰ সুখী হ’লোঁ। মই ক’লোঁ, “বাৰু যি হ’ল হ’ল, এতিয়াই পাঁচ অনা দি পঠিয়াই নূপুৰপাত অনাই ল’ম। কিন্তু সৰু সৰু ল’ৰা-ছোৱালীৰ হাতৰপৰা এইবোৰ বস্তু ল’বলৈ এই চিলা বেপাৰীজনো কম বদমাছ নহয়। তাক পুলিচত দিয়া উচিত। দগাবাজ ক’ৰবাৰ!” তাৰপাছত আকৌ সুধিলোঁ, “আশুতোষ ক’ত?”

তেওঁ ক’লে, “বাহিৰতে ক’ৰবাত খেলি আছে চাগৈ!”

মই ক’লোঁ, “বংশী, তাক মাতি আনচোন!”

বংশী গ’ল আৰু উভতি আহি ক’লে যে সি এতিয়াই আহি আছে।

“কি কৰি আছে?”

“ছুন্নুৰ লগত টাংগুটি খেলি আছে।”

অলপ সময়ৰ পাছতে আশুতোষ আহিল। তাক মই কোলাত লৈ মৰম কৰিলোঁ। লাহে লাহে তাৰ মুখখন উদাস হৈ পৰিল আনকি কোলাত লোৱা সত্বেও সি বিশেষ প্ৰসন্ন হোৱা যেন নালাগিল।

তাৰ মাকে সুখী সুখী ভাবটো লৈ ক’লে, “আশুতোষে কথাখিনি সম্পূৰ্ণকৈ কৈ দিছে। আমাৰ আশুতোষ খুব সৎ ল’ৰা।”

আশুতোষ মোৰ কোলাতে বহি থাকিল। কিন্তু নিজৰ প্ৰশংসা শুনিও তাক উৎফুল্লিত হোৱা যেন নালাগিল। 

মই ক’লোঁ, “আহা, ব’লা। এতিয়ানো চিন্তা কিহৰ! পিছে মহাশয়, তুমি পাঁচ অনাইতো পাইছা, নহয়নে? আমাক পাঁচ অনা খুজিলে আমি নিদিলোঁহেঁতেন নেকি? শুনা বাচা, এতিয়াৰপৰা এনে নকৰিবা।”

কোঠালিলৈ গৈ মই পুনৰ তাক সুধিলোঁ, “হয়নে বাবা, চিলা বেপাৰীজনে তোমাক পাঁচ অনা দিছে?”

“হয়!”

“আৰু সেই পাঁচ অনা ছুন্নুৰ তাত আছে, নহয়নে!”

“ওঁ!”

“সেইখিনিতো এতিয়ালৈকে তাৰ হাততে আছে চাগৈ!”

“নাই।”

“নাই? খৰছ কৰি পেলালে!”

“নহয়।”

“খৰছ কৰা নাই?”

“হয়।”

“খৰছ কৰিছে নে কৰা নাই?”

এইদৰে প্ৰশ্ন কৰাত সি কোনো উত্তৰ নিদি মোৰ মুখলৈ চাই থাকিল।

“কোৱা, খৰছ কৰিলে নে এতিয়াও আছে?”

উত্তৰত সি এবাৰ “হয়” বুলি ক’লে যদিও আনবাৰ “নহয়” বুলি ক’লে।

মই ক’লোঁ, “তেন্তে তুমি নাজানো বুলি নোকোৱানো কিয়?”

“হয়।”

“বাবা, তুমি জানা নহয়?”

“হয়।”

“চিলা বেপাৰীজনৰপৰা পইচা ছুন্নুৱে লৈছে?”

“ওঁ।”

“তুমি কিয় নল’লা?”

সি মনেমনে ৰ’ল।

“এক অনা কেইটা আছিল, কোৱা?”

“দুটা।”

“বাকীখিনি বেলেগ পইচা আছিল নেকি?”

“হয়।”

“দুঅনা আছিল!”

“ওঁ!”

মোৰ খং উঠি আহিবলৈ ধৰিলে। দবিয়াই ক’লোঁ, “সঁচা কথাটো কৈ নিদিয়া কিয়? সঁচাকৈ কোৱা কেইটা এক অনা আছিল আৰু কিমান কি আছিল।”

সি নিমাতে ৰ’ল।

“নোকোৱা কিয়?”

সি একো নক’লে।

“শুনিছা নে নাই? নোকোৱা যদি….”

আশুতোষে ভয় খালে। কিন্তু একো নক’লে।

“মই কি কৈ আছোঁ শুনিছা নে নাই?”

এইবাৰো সি একো নোকোৱাত মই তাক এটা কাণমলা দিলোঁ। চকুপানী নোটোকাকৈ সি নিৰৱে থিয় হৈ ৰ’ল।

“এতিয়াও নোকোৱা?”

ভয়তে সি শেঁতা পৰি গ’ল। কিন্তু একো ক’ব নোৱাৰিলে। মই চিঞৰি ক’লোঁ, “বংশী, এইফালে আহ, ইয়াক লৈ গৈ গুদামঘৰটোত বন্ধ কৰি থৈ আহগৈ।”

বংশীয়ে তাক উঠাই লৈ গৈ গুদামটোত থেকেচি থৈ আহিল।

***********

দহ মিনিট পাছত পুনৰ তাক মাতি পঠিয়ালোঁ। তাৰ মুখখন ফুলি আছিল। একো কোৱা নাছিল অথচ তাৰ ওঁঠযুৰি কঁপি আছিল। গুদামটোত বন্ধ কৰি থোৱা সত্বেও সি কন্দা নাছিল।

মই ক’লোঁ, “কি অ’, এতিয়া অলপ জ্ঞান-বুদ্ধি আহিলনে?”

সি নিমাতে থিয় হৈ শুনি থাকিল।

“বাৰু, কোনজন চিলা বেপাৰী? সোঁফালে থকাজন নে চাৰিআলিৰজন?”

সি মুখৰ ভিতৰতে বিৰবিৰাই কিবা ক’লে। মই একো বুজি নাপালোঁ।

“সেই চাৰিআলিৰজন? কোৱা…”

“ওঁ!”

“চোৱা, খুড়াৰৰ লগত গৈ কোনজন বেপাৰী দেখুৱাই দিয়াগৈ। তাৰ পাছত তাৰ লগত যি কৰিব লাগে আমি কৰিম। বুজি পাইছানে?”

এনেকৈ কৈয়ে মই মোৰ ভাইটোক মাতি পঠিয়ালোঁ। গোটেইখিনি কথা বুজাই তাক ক’লোঁ, “চা, পাঁচ অনা লৈ যা। প্ৰথমে তই দূৰত থাকিবি। আশুতোষে পইচাখিনি চিলা বেপাৰীজনক দিব আৰু আমাৰ নূপুৰপাত খুজিব। মানুহজন যদি ভাল তেন্তে নূপুৰপাত ঘূৰায়ে দিব। নিদিলে তাক ধমকি দিবি আৰু ক’বি যে তাক পুলিচৰ হাতত গটাই দিয়া হ’ব। সৰু ল’ৰাৰপৰা মাল সৰকাবলৈ আহিছে? বুজিছনে? নৰমকৈ কোৱাৰ একো প্ৰয়োজন নাই।”

“আশুতোষ, যোৱা। খুড়াৰাৰ লগত যোৱাগৈ।” সি তাৰ ঠাইতে থিয় হৈ থাকিল। মোৰ কথা শুনাৰ পাছতো তাক গা লৰোৱা দেখা নগ’ল।

“নোযোৱা?”

সি নাযায় বুলি মূৰ জোকাৰিলে।

তেতিয়া মই তাক বুজাবলৈ ধৰিলোঁ, “চা ভাই, ঘৰৰ বস্তু; দামো যথেষ্ট ভৰিছোঁ। ইমান টকা খৰছ কৰি অনা বস্তুপদনো পাঁচ অনাতে কেনেকৈ কাৰোবাৰ হাতত এৰি দিওঁ! যোৱা, খুড়াৰাৰ লগত যোৱাগৈ। তুমি একো ক’ব নালাগে। ওঁ, মাত্ৰ পইচাখিনি দিবা আৰু নিজৰ বস্তুপদ ওভতাই বিচাৰিবা। দিলে দিব, নিদিলেও কোনো কথা নাই। তোমাৰ সেইবোৰৰ প্ৰয়োজন নাই। সঁচাকৈয়ে, বাবা। যোৱা, এতিয়া যোৱাগৈ।”

কিন্তু তাৰ যাবলৈ ওলোৱাৰ কোনো লক্ষণ দেখা নগ’ল। ল’ৰাটোৰ এনে আঁকোৰগোঁজালি দেখি মই বৰ বেয়া পালোঁ। ক’লোঁ, “এতিয়ানো কি হ’ল? ইয়াত টান পাবলগীয়া কি আছে? ভালকৈ কৈ আছোঁ বাবে বুজি পোৱা নাই, নহয়নে; কথা নুশুন, নহয়নে?” পুনৰ ক’লোঁ, “কি অ’, নাযাৱ নেকি?”

সি নাযায় বুলি পুনৰ মূৰ জোকাৰিলে।

মই মোৰ সৰু ভাই প্ৰকাশক মাতি ক’লোঁ, “প্ৰকাশ, ইয়াক ধৰি লৈ যা।”

প্ৰকাশে তাক ধৰিলে আৰু তাৰে প্ৰতিবাদত আশুতোষে তাৰ হাত-ভৰিবোৰ অফলিয়াবলৈ ধৰিলে। সি খুড়াকৰ লগত যাবলৈ বিচৰা নাছিল।

মই উঠি অহা খংটো সংযমেৰে নিয়ন্ত্ৰণ কৰি আশুতোষক ফুচুলাবলৈ ধৰিলোঁ, “যা ভাই! ভয় নকৰিবি। ঘৰৰ বস্তু ঘৰলৈ ঘূৰি আহিব। এইকণ কথাও বুজি নাপাৱনে! প্ৰকাশ, ইয়াক কোলাত লৈ যা আৰু বজাৰত যি খুজে তাকে কিনি দিবি। যাচোন, আশুতোষ বাবা!”

তথাপি তাৰ মুখখন ফুলি আছিল। বুজাই-বঢ়াই কিবাকৈ সৈমান কৰাৰ পাছত সি প্ৰকাশৰ লগত গ’ল। যাওঁতে এনেকৈ গ’ল যে এখোজ দিবলৈয়ো যেন তাৰ বৰ কষ্ট হৈছে, যেন ভৰি দুখন দাঙিব নোৱাৰাকৈ খুব গধুৰ হৈ পৰিছে। এই ল’ৰাটো আঠ বছৰীয়া হ’বৰ হ’লহি তথাপি চোৱাচোন একো কথাই তাৰ গাত নালাগে। মোৰ এনে খং উঠিছিল যে কি ক’ম! কিন্তু অভিভাৱকে খং কৰিলে ল’ৰা-ছোৱালী ভাল হোৱাৰ সলনি বেয়াহে হয় বুলি মনত থকাত কিবাকৈ নিজকে নিয়ন্ত্ৰণ কৰিলোঁ। যিহওক, সি গ’লযে! এতিয়াহে মই শান্তিৰে উশাহ ল’ব পাৰিছোঁ।

কিন্তু কিছু সময়ৰ পাছতে প্ৰকাশ ঘূৰি অহিল।

মই সুধিলোঁ, “কি হ’ল?”

ক’লে, “আশুতোষ পলাই আহিল।”

মই সুধিলোঁ, “এতিয়া ক’ত আছে?”

“সি অভিমান কৰি তাতে থিয় হৈ আছে, ঘৰলৈ নাহে হেনো!”

“যা, তাক ধৰি আনচোন!”

তাক ধৰি অনা হ’ল। মই ক’লোঁ, “কি অ’, তই বদমাচী কৰিবলৈ নেৰ, নহয়নে? ক, যাবি নে নাযাৱ, ক?”

সি নাযায় বোলাত মই তাক ঠাচ্ ঠাচ্কৈ দুপাত চৰ মাৰিলোঁ। মাৰ খায়ে সি চিঞৰিলে যদিও তৎক্ষণাত চিঞৰ বন্ধও হৈ গ’ল। তেনেকৈয়ে সি মোৰ সমুখত থিয় হৈ থাকিল।

তাক তেনেকৈ দেখি খঙৰ কোবত মই কৈ পেলালোঁ, “ইয়াক মোৰ চকুৰ আগৰপৰা লৈ যা। নি গুদামটোত বন্ধ কৰি থ। বদমাচ ক’ৰবাৰ!”

***********

এইবাৰ সি কমেও এঘণ্টামান বন্ধ হৈ থাকিল। মোৰ চেতনা জাগিল যে এয়া মই ভাল কাম কৰা নাই, কিন্তু ইয়াত বাদে আন একো উপায়ো নাছিল। মাৰ-ধৰ কৰি সিহঁতক সঠিক পথলৈ অনাটো মনটোৰ এটা অভ্যাসত পৰিণত হৈ পৰিছিল আৰু এই উপায়ৰ বাদে মনটোৱে আন একোৰে অভ্যাস কৰিব পৰা নাছিল।

যিহওক, ইয়াৰ মাজতে মই প্ৰকাশক ক’লোঁ, “তই দুয়োজন চিলা বেপাৰীৰ তালৈ যা। সোধ-পোচ কৰিবি কোনে নূপুৰপাত লৈছে। কথাটো কৌশলেৰে সুধিবি। জানি লোৱাৰ পাছতহে কঠোৰ হ’বি। সহানুভূতিৰ কোনো প্ৰয়োজন নাই। বুজিছ?”

প্ৰকাশ গ’ল আৰু ঘূৰি আহি ক’লে যে কাৰো তাত নূপুৰ নাই।

সেয়া শুনি মোৰ প্ৰচণ্ড খং উঠিল। ক’লোঁ, “তোৰদ্বাৰা একো কাম নহয়। কথা এটা উলিয়াব নোৱাৰ, তোৰপৰা আৰুনো কি আশা কৰিম?”

সি কৈফিয়ৎ দিবলৈ ধৰিলে। 

মই ক’লোঁ, “হ’ব, তই যা।”

প্ৰকাশে মোক বৰ সন্মান কৰে, মোৰ কথা মানে। সি তলমূৰ কৰি গুচি গ’ল। গুদামটো খুলি আশুতোষক মজিয়াত শুই থকা দেখিলোঁ। তাৰ মুখত তেতিয়াও চকুপানীৰ সাঁচ নাছিল। সঁচা ক’বলৈ হ’লে সেই সময়ত ল’ৰাটোলৈ মোৰ দুখ লাগিছিল। কিন্তু মানুহৰ মনত একে সময়তে কিমান যে ভিন ভিন ভাবনাই উঠা-নমা কৰে।

মই তাক জগালোঁ। সি খকমককৈ উঠি বহিল।

মই সুধিলোঁ, “কেনে আছা?”

কি হৈছে কিছু সময়লৈ সি বুজিয়ে পোৱা নাছিল। তাৰপাছত চাগৈ হৈ যোৱা ঘটনাবোৰ মনত পৰিল। মুহূৰ্ততে তাৰ মুখত সেই জেদ, অঁকৰামি আৰু প্ৰতিশোধৰ ভাববোৰ ফুটি উঠিল।

মই ক’লোঁ, “হয় ভালে ভালে তালৈ যা নহয় এই সৰু গুদামটোতে বন্ধ হৈ থাক।”

ভাব-ভংগী দেখি আশুতোষৰ ওপৰত এই কথাৰ বিশেষ একো প্ৰভাৱ নপৰিল যেন লাগিল। 

যিহওক, তাক তাৰপৰা ধৰি লৈ আহিলোঁ আৰু বুজাবলৈ ধৰিলোঁ। মই তাক এটকা উলিয়াই দিলোঁ আৰু ক’লোঁ, “বাবা, এইটো চিলা বেপাৰীজনক দিবা আৰু নূপুৰপাত ঘূৰাই খুজিবা। ভয় কৰাৰ কোনো সকাম নাই। তুমি জনা-বুজা ল’ৰা।”

সি ক’লে, “যদি নূপুৰপাত বেপাৰীজনৰ হাতত নাই তেওঁ ক’ৰপৰা দিব?”

“ইয়াৰ মানে কি? তুমিয়েতো কৈছিলা যে পাঁচ অনাত নূপুৰপাত দি আহিছা। এনেকৈয়ে ভাবিছা যদি ছুন্নুকো লগত লৈ যোৱা। বুজিছা?”

সি মনেমনে থাকিল। অৱশেষত বুজনিয়ে কাম দিলে, সি যাবলৈ ৰাজী হ’ল। মই মৰমেৰে তাক প্ৰকাশৰ লগত যাবলৈ ক’লোঁ। তাৰ গম্ভীৰ মুখখন দেখি ধমকি এটা দিবলৈ লওঁতে তাৰ পেহীয়েক অহা দেখিলোঁ। 

পেহীয়েকে আশুতোষৰ মূৰত হাত ফুৰাই সুধিলে, “ক’লৈ যাবলৈ ওলাইছা? মই তোমালৈ কল আৰু মিঠাই আনিছোঁ।”

আশুতোষৰ মুখখন অভিমানত ওফন্দিয়ে আছিল। 

মই পেহীয়েকক ক’লোঁ, “ইয়াক ৰখাব নালাগে, যাবলৈ দিয়া।”

***********

আশুতোষ ৰ’বলৈ উদ্যত হৈছিল। সি যাবলৈ হেহো-নেহো কৰিবলৈ ধৰিলে। পেহীয়েকে সুধিলে, “কি হৈছে?”

মই ক’লোঁ, “একো হোৱা নাই, তাক যাবলৈ দিয়াচোন!”

কিন্তু আশুতোষে আজল মঠালি কৰিবলৈ ধৰিলে। মই ধমক মাৰি ক’লোঁ, “প্ৰকাশ, ইয়াক লৈ নাযাৱ কিয়?”

পেহীয়েকে ক’লে, “কি হৈছে? হৈছে কি?”

মই বংশীক চিঞৰ মাৰি ক’লোঁ, “বংশী, তয়ো লগত যা। আদ্-বাটৰপৰা যাতে ফিৰি আহিব নোৱাৰে।” এইদৰে মোৰ আদেশ মতে দুয়োৱে আশুতোষক জবৰদস্তি মোৰ সমুখৰপৰা দাঙি লৈ গ’ল।

পেহীয়েকে ক’লে, “তাক ইমান আমনিনো কিয় কৰিছ?”

মই ক’লোঁ, “একো হোৱা নাই, এনেয়ে অলপ।”

তাৰপাছত মই তেওঁৰ লগত ইফাল-সিফালৰ কথা পাতিবলৈ ধৰিলোঁ। ৰাজনীতি কেৱল ৰাষ্ট্ৰতে নাথাকে, চুবুৰীয়ে চুবুৰীয়ে ৰাজনীতি থাকে। ইয়াৰ দায়িত্ব লোৱা মহিলাসকলৰ ওপৰতে ই টিকি থাকে। ক’ত কি হৈছে, কি হোৱা উচিত-অনুচিত ইত্যাদি চৰ্চাত মহিলাসকলে নানা ৰহণ চৰায়। এইদৰে কিছু সময় কথা পতাৰ পাছত তেওঁ এটা অকণমানি বাকচ মোলৈ ঠেলি দি ক’লে, “ইয়াত তুমি খোজা কাগজখন আছে। আৰু ইয়াত…” বুলি কৈ তেওঁ তেওঁৰ চোলাৰ জেপত হাত ভৰাই নূপুৰপাত উলিয়াই সমুখত থ’লে। সেইপাত দেখি হঠাৎ এডাল বিছা দেখাৰ দৰে মই চক খাই উঠিলোঁ।

ভয়ে ভয়ে মই কৈ উঠিলোঁ, “এয়া কি?”

তেওঁ ক’লে, “সিদিনা ভুলতে এই নূপুৰপাত মোৰ লগতে গুচি গৈছিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *