ফটাঢোল

হিচাব-ডলী তালুকদাৰ

“গজেনে আজিকালি সকাল সময়তে কলা চচমা মাৰি  হিৰো হৈ থাকে দুখুনে গম পাইছানা নৰেন?”

বুলি হাতৰ চিগাৰেটটো জোৰকৈ হোপা মাৰি নৰেনলৈ বুলি আগবঢ়াই দিলে ৰতনে। 

একে টানে চিগাৰেটটো নি জোৰকৈ হোপা মাৰি ওপৰলৈ  ধোঁৱাবোৰ এৰি দি নৰেনে সমুখত থকা নাৰিকল জোপাৰ ফালে চাই থাকিল। যেন নাৰিকল কেইটা আছে গণিহে আছে সি। 

ৰতনে নৰেনৰ পৰা একো উত্তৰ নাপাই আকৌ ক’লে ” আৰু এই মৰ গৰমতো ফুল চাৰ্ট আৰু লংপেন্ট পিন্ধি থাকে আজিকালি? সিদ্নাখান তাক দেখাপালো পূব মুৰোৰ চকোত থিয়া দি থাকাতে। মোক দেখা পাই চাইকেল খান যি কুবাকুবিকে চলে গেছি! গটাই ফাইটাৰ য্য দিছি? মই ইমান আটাহ পাৰি মাইতলু তাক কিন্তু সি নুশুনা ভাওঁ ধৰি গেছি এ?”

নৰেনে এতিয়াও মুখেৰে একো নামাতিলে। আপোন ভাৱত বিভোৰ হৈ সি চিগাৰেটটো হুপি আছে। ৰতনৰ অলপ বিৰক্তিও লাগিল নৰেনৰ তেনেকুৱা ব্যৱহাৰত। হ’ল বুলিনো বাৰু সি ইমানবোৰ কথা কোৱাৰ পিছতো উত্তৰ দিব নালাগেনে এটা হ’লেও। 

“এ মই যাঙ দে। তই থাক। কথা চথা নাপাতা যদি কি কৈৰবা এতে চকোত মাতি আইনছিলি মোক? ঘৰোতে পিতাৰ লগোত টিভিত খেলা চালু হৈ। তাতে ডাঙাৰ বৌৰ সৰু বৈনাকতুও আইছি। তাইৰ লগোতে বহি দুটামান কথা পাইতলু হৈ। এনাই মোৰ গৈধলাটু নষ্টো কৈল্লি।” দুটামান গালিও ওলাই আহিল তাৰ। থিয় হোৱাত নৰেনে মাত লগালে তাক।

” ৰহে! ক্যা ইমান খং উইঠছিনু তোৰ? মই কিবা এটা অংক মিলে আছুৱে। সেইকাৰণে হিচাবোত ভুল নহবাক লেগি তোক মাত দিয়া নাই। বহছুন নাউমান।”

” হেই নবহু যাহ। তই হিচাব মিলে থাক। মিছামিছি খেলাখান নষ্টো হল মোৰ?”

“খেলা চাবা নাপ কাৰাণে খং উইঠছিনা তোৰ? না খুলশালীৰ লগোত কথা পাইতবা নাপয় খং উইঠছি তোৰ? হা হা হা”

” দুয়োটা কথাৰ কাৰাণে খং উইঠছি মোৰ। তই কি জানা? আজিকালি তাই মোক যি মৰমলাগা চাৱনি দেই। সন্ধ্যাবেলাৰ চাহকাপ তাইৰ হাতেদি নাখালি ভালে নাল্গে।”

এইবুলি ৰতনে মিচিকিয়া হাঁহি এটা মাৰি পকেটৰ পৰা চাধাৰ টেমাটো উলিয়াই চাধা মলিবলৈ ধৰিলে। লাহেকৈ চাধা অলপ  নিজৰ বাবে ৰাখি নৰেনৰ ফালে আগবঢ়াই দিলে।

নৰেনে চাধাখিনি লৈ হাতৰে দুটা চাপৰ মাৰি তলৰ ওঁঠত গুজি দি দুৱাৰকৈ থুৱাই মাত লগালে।

“তই কি কৈছা! গজেনে কলা চচমা পিন্ধি চ্চাল দি থাকে আজিকালি? আৰু এই জেঠ মাহৰ খৰটো ফুল চাৰ্ট – পেন্ট, জোতা পিন্ধি থাকে?”


হা হা হা ….. তাকে নক্ৰি সি কি কৈৰবো আৰ? ভাগ্য ভাল সি যি টুপী পিন্ধবা লাগা নহল?” কৈ কৈ নৰেন হাঁহিত ফাটি পৰিল।

ৰতনে আচৰিত হৈ চালে নৰেনক। অন্তত আনে আচৰিত হ’লেও বা হাঁহিলেও নৰেনে গজেনক কেতিয়াও নাহাঁহে বা হাঁহিব নোৱাৰে। দুয়োৰে মাজৰ  কথা সিহঁতৰ গাঁৱৰ লগতে ওচৰৰ চাৰিখন গাঁওৱেও জানে।

ৰতনে আচৰিত হৈ চাই থকা দেখি নৰেনে কিবা বুজি পালে।

“কি হ’ল! হাঁহা দেখি আচৰিত হৈছা ন?” নৰেনে ক’লে।

অঁ হৈছুতো। হাইভা লাগা কি কথা হল এটু? মাহনু এটা হঠাতে নহ নুপুজা কাম কৈল্লি চিন্তা নহবো নেকি? তাতে সি আমাৰ লগোৰে চলি। সৰুৰ পে আকালাগে ডাঙাৰ হৈছু,আকে ক্লাচত পঢ়িছু গতিকে চিন্তা হবোই?

ইহ, সেটু আকো চিন্তা কৰাৰ কথাই নহয়। তাৰ মন গেছি পিন্ধছি। এনায়ো তাৰ মাথাতু অলপ গৰমেই।

গাৱোৰ সকালোতকে লায়ক চলি। আমাৰ দলৰ ভিতাৰোত সি প্ৰথমবাৰোতে মেট্ৰিক পাচ কৰা চলি! কলেজতো পঢ়িছি” ৰতনে চিগাৰেট এটা পুণৰ জ্বলাই কয়।

তাতে কি হল? কলেজত পঢ়িলি সি লায়কৰ হবো নেকি? মাথাতুও থাইকপা লাইগবো? নৰেনে মাত লগালে বিৰক্তিৰে।

মই এটা কথা বুজি নাপালু আজিকলেগি? তুহুন দুয়োটো সখি ! কৃষ্ণ অৰ্জুণ বুলি কৈছিল চবে কিন্তু আজি তই তাৰ কথা কঙতে গুৰুত্ব দিয়া নাই যি?


ৰতনে বিৰক্তিৰে ক’লে কিন্তু সি আচৰিতো হৈছে নৰেনৰ ব্যৱহাৰত। ইমান মৰমৰ বন্ধু জনৰ কথা শুনিও নৰেনে ইমান কুল হৈ আছে? যিজন বন্ধুৰ গাটো গৰম হ’লেই দৌৰি যাই আৰু আজি…..

” অংকটো শুদ্ধ হৈছি তাৰমানে?” নৰেনে হাঁহি মাৰি নিজকে নিজে ক’লে।

“কিহোৰ অংক? কিনু বকি আছা এ বাপাহাৰে?” ৰতনে   একো নুবুজি নৰেনক সোধে।

“তইনো ইমান কিহোৰ চিন্তা কৈৰবা লাগে তাৰ কাৰণে?” নৰেনে ভেকাহি মাৰি উঠে।

নহয়ে চিন্তা বুলি নহয়! কথাতু ভাবি চাবা লাগা? চাওঁ যিটো চ’লি এনিটাইম চলমান খানৰ দৰে দেহাটোৰ যত্ন লৈ থাকে, পুহ মেইহা ঠাণ্ডাটো চুৱেটাৰ নিপিন্ধে? নিজকে বডি ফিল্টাৰ না কি বুলি কোৱে।

বডি ফিল্টাৰ নহয় এ! বডি বিল্ডাৰ বুলি কৈ দে। নৰেনে থাপ মাৰি ক’লে ৰতনৰ কথাৰ ওপৰত।

অঁ, তাকেই। মেডেলো প্য চ’লি সি। আমাৰ গাৱোৰ চলমান খান ঠাকুৰীয়া বুলিয়ে কৈ সকালে তাক। সেই মাহনুতুই যদি ইতা গাৱে মুৰে কাপোৰ উৰি ঢাকি থৈ দে, তেনাইহ’লি কেচটু অলপ নগেন হানেই দে ছুন?

ৰতনৰ  নৰেনে বেঁকাকৈ হাঁহি মৰা চকুত পৰিল। 

“ব’ল যাং ইতা ঘৰোত। মাই ৰখি থাইকপো ভাত খাবা। বাদ দি বেছি গজেনৰ কথা ভাইব্বা নাল্গে। তোৰ কাৰাণেও কুম্বাই ৰখি আছে কিজানি ঘৰোত ভাত খাবা।” নৰেনে ৰতনক হাঁহি মাৰি কয়।

নৰেনৰ কথাত ৰতনে লাজ কৰি হাঁহে। 

দুয়ো চাইকেল দুখনত জাপ মাৰি উঠে। ৰাস্তাৰ লাইটৰ পোহৰত বহু দূৰলৈ দুয়োৰে চাইকেল দুখন দেখা পোৱা যায়।

গাঁৱৰ মানুহৰ মুখে মুখে এটাই কথা গজেন ঠাকুৰিয়া পাগল হৈছে। দিনে ৰাতি চকুত ক’লা চচমা পিন্ধি থাকে আৰু এই মৰ গৰমতো ফুল চাৰ্ট পেন্ট পিন্ধি তাৰ ওপৰত কাপোৰ এখনো উৰি লয়। আৰু ৰাতিপুৱাই চাইকেল খন লৈ ওলাই যায়। ৰাতি দুপৰত ঘৰ সোমায়। আনকি তাৰ সখিয়েক নৰেনৰ লগতো দেখা নহয়। গজেনৰ মাকে পুতেকৰ এনেকুৱা হোৱা দেখি কান্দি কাটি বাউলী। পুতেকৰ নামত বৰ নামঘৰত শৰাই এভাগৰ লগতে কোনোবা অপেশ্বৰীৰ দোষ লগা বুলি অপেশ্বৰী সবাহ পাতিবলৈ মান্তি কৰিছে। মুঠতে পুতেক ভাল হ’ব লাগে।

হৰেণ দোকানী আহি গজেন আৰু নৰেনৰ ঘৰৰ মানুহক খবৰ দিলে যে গাৱৰ নামঘৰত ৰাইজ গোট খাইছে। গাওঁবুঢ়াৰ লগতে গাৱৰ অন্য মান্য লোক সকলো আহিছে। গজেনে নৰেনৰ ওপৰত বিচাৰ দিছে। আৰু গোটেই গাৱতে নৰেনক কাটিবলৈ পিছে পিছে দা লৈ খেদিছে। আৰু এপাকত নৰেনৰ মুৰৰ চুলি এফাল খুৰাই দিছে।

কথাখিনি শুনি নৰেনৰ মাকে ৰাউচি জুৰি কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি  গজেনক গালি দিব ধৰিলে সিহঁতৰ ঘৰলৈ শুনাকৈ।

লগে লগে গজেনৰ মাকে সিফালৰ পৰা শুনাব ধৰিলে।

“হা হাৰিতখাইতি, কাক কথা শুনাবা  আহা?  তোৰ পুতেৰে কিবা নক্ৰাকে দা লৈ খেইদবো না?”

হৰেণে কথা বিষম দেখি দুয়োঘৰকে ক’লে যে কাজিয়া কৰাতকৈ ৰাইজমেলত গৈ মীমাংসা কৰি লওঁক দুয়োঘৰে আৰু আচল কথা জানি লওঁক। 

নামঘৰত এফালে নৰেন আৰু আনফালে গজেন বহি আছে তলমুৰকৈ। গাৱৰ হাইস্কুলৰ প্ৰধান শিক্ষক  দীপক শইকীয়াও উপস্থিত আছে। তেজপুৰৰ পৰা চাকৰি কৰিব আহি এইখন গাঁৱতে থিতাপি লোৱা শইকীয়া ছাৰক সকলোৱে সন্মান কৰে আৰু ভালো পায়। গাঁৱৰ মেল মিটিঙতো তেখেতৰ স্থান আগত। চৰকাৰী হস্পিতালৰ কোম্পাণ্ডৰ বৰুৱা খুৰাই গাওঁবুৃঢ়াক মীমাংসা কৰিবলৈ ক’লে। 

গাওঁবুঢ়া :  গজেন কথাটো কি? নৰেনক খেদা কথাটু সচাঁনা?

গজেন নিমাত। তাকে দেখি নৰেনক সুধিলে কি কাৰণটো। নৰেনো নিমাত। কেৱল নৰেনৰ ওঁঠৰ কোণত বেকা হাঁহি। গজেনৰ চকুত জুই।

শইকীয়া মাস্তৰৰ চকুৰ পৰা হাঁহিটো সাৰি নগ’ল। অৱশেষত তেওঁ মাত লগালে। যদিহে সচাঁ কথাটো নকয় তেন্তে নৰেনক হাতত অস্ত্ৰ লৈ খেদাৰ অপৰাধত পুলিচত গোটাব। যিহেতু গাঁৱৰ মানুহ সাক্ষী আছে আৰু মুৰৰ বিকৃতি হোৱা মানুহ কোনোমতে ৰিস্ক লৈ গাঁৱত নাৰাখে।

শইকীয়া মাস্তৰৰ কথা শুনি গজেনৰ মাকে কান্দোনত গছৰ পাত সৰুৱালে। মাকৰ চকুৰ পানী সহিব নোৱাৰি  গজেনে মুখ খুলিলে। লাহে লাহে গজেনে চচমা যোৰ খুলিলে আৰু চাৰ্টটোও খুলিলে। গজেনৰ অৱস্থা দেখি সকলো মানুহ আচৰিত হ’ল। বহুতে ফিচিঙা ফিচিঙি কৰি হাঁহিবও ধৰিলে। 

গজেন: চচমা নিপিন্ধি কি কৰিম ছাৰ? মোৰ চকু এটাত ঘোচা মাৰি ফুলে দিছি। মৰা তেজ উঠি কলা পৰি গেছি। পিঠিত আৰু হাততো কুবে দাগ বহে দিছি। গাৱোৰ ভিতৰোত মোকে থৌগা চলি বুলি কৈ সকালে। মোৰো অহংকাৰ আছিল নিজৰ হিৰোহান চেহ্ৰাক লৈ। কিন্তু এই নৰেনৰ কাৰাণে মোৰ এই গতি হল।  লাজতে মই এনাই ৰূপ লৈছিলু।

গাওঁবুঢ়া :  তোৰ এই গতি কেনাকে হল? নৰেনে তোক ঘোচা মাইচ্ছিল নেকি?

গজেন: (মুৰটো খজুৱাই)  নহয় ছাৰ। কিন্তু নৰেনৰে দোষ চব।

নৰেন: মোক বিনা কাৰণত দোষ দিলি ভাল নহবো কৈ দিছু।

শইকীয়া: কি হৈছে বুজাই ক?

গজেন: ছাৰ মই আমাৰ গাৱোৰ পদুমীক ভাল পাঙ। ই বেটা নৰেনেও তাইক ভাল পায়। কিন্তু তাই ভাল নাপোয় তাক আৰু সেইকাৰণে সি আমাৰ মাজোত ভুল বুজাবুজি কৰি থাকে। ই নৰেনে মোক মাৰ খুৱেছি পদুমীৰ হাতেদি।

শইকীয়া মাস্তৰে ঘটনাটো কি ভালকৈ বুজাই ক’ব দিলে।

নৰেনৰ দিহামতে পদুমীক বাপেকে গজেনৰ লগত বিয়া নিদিয়াৰ ঘোষণা কৰাত পলুৱাই আনিবলৈ ঠিৰাং কৰিলে। পদুমীক নিৰ্দিষ্ট দিনত আনিব যোৱাৰ দিনা ৰাতি ভাত খাই যেতিয়া পদুমী বাচন ধুবলৈ কলৰ পাৰত আহিব তেতিয়াই গজেনে ওচৰৰ কচুৱনীত লুকাই থকাৰ পৰা ওলাই তাইক কোলাত দাঙি আনিব। কিন্তু ঘটনাৰ দিনা পদুমী বাচন ধুব নাহি পদুমীৰ মাকহে আহিল আৰু আগতীয়া প্লেন মতে গজেনে পদুমী ভাবি মাককে দাঙি আনিলে। ইফালে সেইদিনা বাচন ধুবলৈ মাক যোৱাত পদুমীয়ে দেউতাকৰ মুৰ পিতিকি থাকিব লগা হোৱাত বাহিৰলৈ আহিব নোৱাৰিলে। 

মাক আহিলে বাহিৰলৈ যাব বুলি ৰৈ ৰৈ আমনি লাগি  পদুমী আহি শুই থাকিল । আধা ৰাস্তা পোৱাত গজেনে পদুমীৰ ওজন বেছি যেন লগাত নমাই দি ভালকৈ চাই দেখে সেইয়া হ’বলগা শাহুহে। ইমান সময়ে চোৰ বুলি ভয়তে নমতা পদুমীৰ মাকে গজেনক দেখি চিঞৰ লগালে লগতে গজেনৰ মুখতে এটা ৰামঘোচা দি বগৰালে। মাকক নেদেখি বিচাৰি যোৱা ঘৰৰ মানুহে গজেনক মাকৰ লগত দেখি সুধিলে।

“চাকছোন পদুমীৰ বাপাক! এনাম থৌগা হলু বুলি এই বয়সতো মোক ৰূক্মিনী হৰণ কৰা দিবা লাগেনা?” 

কথা শুনি পদুমীৰ বাপেকে গুৰুলা গুৰুলকৈ পিটিলে গজেনক।

“মোৰ আপীক পাগ্লাদিয়াত ভাঁহে দিম তথাপি তোৰ লগোত বিয়া নেদাঙ!” 

পদুমীৰ দেউতাকে  বিয়া নিদিওঁ বুলি খাটাংকৈ ক’লে।

আৰু পদুমীও কান্দি কান্দি ” তুমি যদি মোকে চিনি নাপ তেনাইহ’লি কিহোৰ ভাল পালা? ইমান দিনে মই শকত না খীণ তুমি দেখা প্যনাইছলা?”


আন্ধাৰতে চিনি প্যনাইছলু হা? গজেনে মাত লগালে।

” কি চিনি প্যনাই হা? মই পাঁচ ফুইটা আপী আৰু মাই মোতকে চাপৰ। চাইৰ ফুইটা। পিতাৰ দৰে হৈছু মই। তুমি নাজ্ন নেকি? এই মৰম তুমাৰ?” পদুমীয়ে খঙেৰে মাত লগালে এইবাৰ।

নহয় হা! মই তুমি বুলি ভাবিয়ে…..

“তাৰমানে তুমি ইমান দিনে মোক ভালকে লক্ষ্যই কৰা নাই? মই দুখুন পাঁচ মাইল দূৰোত থাইকলিও তুমাক চিনি পামহা। তুমাৰ খোজৰ মোচন দেইখলিয়ে তুমি বুলি গম পাঙ। আজিৰ পাই তুমাৰ আৰু মোৰ কুনু সম্পৰ্ক নাই। পিতাই চাই থ বৰোৰ লগোতে বিয়া হম মই।” বুলি  পদুমী গপগপাই গুছি যায়।

গজেন কিছু সময় মনে মনে থাকে। সকলোৱে গজেনৰ মুখলৈ চাই আছে। নৰেন নিমাত।

 

“কিন্তু ছাৰ! আচল কথা বেলেগ। ই নৰেনে পদুমীৰ বাপাকোক আগোতে জনে থৈছি আমাৰ প্লেনৰ কথা। আৰু মোৰ বদনাম কৈচ্চি দুনীয়াৰ? ইমান বৈয়াকে পিটন দিছি নহয় কি ক’ম? মোৰ মুখোৰ নক্সাই সলে দিছি ”  গজেনে ক’লে।

সকলোৱে আচৰিত। গজেন নৰেনৰ বন্ধুত্ব চবে জানে। গতিকে নৰেনে গজেনৰ লগত তেনেকুৱা নকৰে বুলি বিশ্বাস আছে।

শইকীয়া মাস্তৰ:নৰেন এতিয়া তই সচাঁ ক? কি কাৰণত তই এনেকুৱা কৰিলি?

নৰেনে লাহেকৈ ক’লে” ছাৰ! মই হিচাব পূৰণ কৈল্লু। জানেই দেখোন মই অংকত ভাল বুলি? কিন্তু মোৰ অংকোত আকদিন এই গজেনে খেলিমেলি কৰি দিছিল।


গাঁৱৰ প্ৰতিজন ডেকাৰ হিয়াত খলকনি তোলা ছোৱালী জনীয়ে পদুমী। হাইস্কুলত যেতিয়া পদুমীয়ে এদমিশ্যন ল’লে তেতিয়াৰ পৰা আগতে কোনোদিন স্কুলৰ গেটখনো দেখা নোপোৱা ল’ৰাই সদায় ক্লাচত আহে। নৰেন বৰ্মনৰো কলিজাত খলকনি তুলিছিল এদিন পদুমীয়ে। পদুমীয়েও মিঠা চাৱনি দি নৰেনৰ কলিজাত যি প্ৰেমৰ নিজৰা বোৱালে ৰ’ব নোৱাৰি প্ৰিয় বন্ধু গজেনক মনৰ কথা ক’লে। কিন্তু পদুমীৰ নাম হিয়াত ইতিমধ্যে লিখি থোৱা গজেনে  নিজৰ মনৰ কথা লুকুৱাই

” ভেলেন্টাইন ডে”ত ফুল এপাহেৰে প্ৰপ’জ দিব ক’লে। ফুল পাহৰো দায়িত্ব ল’লে আনি দিয়াৰ। আনকি চিঠিখনো লেখি দিম বুলি ক’লে।

এসপ্তাহ পিছত স্কুলত চিঠি আৰু শুকান ফুল পাহ নৰেনৰ মুখলৈ দলিয়াই চৰ এটা বহালে।

“ফুল বিচ্ৰি নাপালি দুনীয়াত? ধঁতুৰা ফুল দি মোক প্ৰেম কৈৰবা আইছি মোৰ লগত।” 

আৰু চিঠিত কি লেইখছা এগ্লা?

   মৰমৰ পদুমী

               গোলাপ ফুলৰ ৰজা । তুমি জানানে ধঁতুৰাত আছে নিচা। মোৰ প্ৰেম নহয় মিছা। 

  পইতা ভাতৰ লগত খায় লাগে জুতি

   গৰৈ মাছৰ পোৰা

   তোমাৰ আৰু মোৰ হ’ব পাভ যোৰা

      চেনী আৰু গুৰ, যোৰা হ’ব পাভ যোৰা

         তোমাৰ আৰু মোৰ॥

                                          ইতি

                                     নৰেন।

                                           

পদুমীয়ে ৰাতিপুৱা স্কুলত প্ৰাৰ্থনা কৰাৰ পিছত সকলোৰে সমুখত চিঠিখন জোৰে পঢ়ি টুকুৰা কৰি ফুলপাহৰ সৈতে নৰেনৰ মুখত মাৰি দিয়ে। গোটেই স্কুলৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষকৰ সমুখত কৰা অপমান নৰেনে কেতিয়াও  পাহৰিব নোৱাৰিলে। সকলোৱে হাঁহিত বাগৰি গৈছিল। কিন্তু যেতিয়া গজেনৰ চকুত দুষ্ট হাঁহি দেখিছিল নৰেনে সকলো বুজি পাইছিল। প্ৰধান শিক্ষকে সকলোৰে সমুখত তাৰ পিঠিত ফুল বাচিছিল সেইদিনা। শিক্ষকৰ কোব সহ্য কৰিব নোৱাৰি সেই যে দৌৰি পলাল স্কুলৰ পৰা আৰু দুনাই স্কুলমুৱা নহ’ল নৰেনে। সেইদিনা পোৱা অপমানৰ বাবে পদূমীক নৰেনে ভুলতেও নোচোৱা হ’ল।  আৰু  গজেনে  পদুমীৰ পৰা প্ৰেমৰ  সূযোগ গ্ৰহন কৰিলে।

                  

গতিকে ইমান বছৰৰ হিচাবটো নৰেনে  কেনেকৈ এৰে?

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *