ফটাঢোল

লিমাৰিক- স্বপ্নালী কলিতা

                   (১)

গাঁৱৰ মাজৰ বৰুৱানী খুৰীৰ ক’ৰ’ণালৈ বৰ ভয়

মানুহ আহে বুলি ফোন কৰি কৰি সকিয়নি দি থয়।

নিজে হ’লে পিচে ফুৰিবলৈ যায়

বিয়া সবাহো আগে ভাগে খায়

মনৰ মানুহ গোট খাই আবেলি ঘৰ নধৰা হয়।

                   (২)

মিহিৰ খুৰাৰ গাইগৰুজনী এসেৰ গাখীৰ দিয়ে

লোণ-তেলকণ আহক বুলিয়েই বজাৰৰ ফালে নিয়ে।

বজাৰত পিচে মানুহমখাই

খাটি গাখীৰত সোৱাদ নাপায়

পো-পোৱালিয়ে ভেজাল পেকেট কোট্‌কোট্‌কৈ পিয়ে।

                   (৩)

ইংৰাজী স্কুলৰ ফ’ৰ ক্লাছত বেণুধৰ বৰাৰ ল’ৰা

ফৰ্‌ফৰাই মাতে ইংলিছ পদ্য মাত ফুটিবৰে পৰা।

মাকে বোলে আমাৰ ল’ৰাই

অসমীয়াবোৰ বৰ বেয়া পায়,

হায়! বিধি হায়! ৰসাতলে গ’ল কি কৰা এতিয়া কৰা।

                   (৪)

কুহুৰ কুহুৰ কাঁহ মাৰি ফুলমতীবায়ে পানী কঢ়িয়ায়

জুমি জুমি বকুলী খুৰীয়ে কি কথা বুলি ভাবি তত্ নাপায়

ক’ৰ’ণাই পালে চাগে

কথাটো বিয়নী মেলতো পাগে

কাঁহিবলেও হায়! নাই শান্তি আৰু নাইকিয়া উপায়।

                   (৫)

মহেন ড্ৰাইভাৰে দুথোকা কলত ৰূপ দহকুৰি পালে,

বজাৰৰ ফালে গ’ল বেগা-বেগি গতি নাই বতৰৰ ফালে।

ভালেদিন হ’ল মাছ নোখোৱা,

কৰুণাৰ বাবেই জীৱন যোৱা-থোৱা,

হুমুনিয়াহ কাঢ়ি মহেনে এফাঁ‌কি হৰিনামকে গালে।

☆ ★ ☆ ★ ☆

2 Comments

  • Swapan Jyoti Kalita

    অতি সুন্দৰ!
    লিমাৰিকৰ জগতখনেই মনোমোহা….৫ টি অপূৰ্ব লিমাৰিক আমাক উপহাৰ দিয়াৰ বাবে লিখিকালৈ ধন্যবাদ। আগলৈও অতি সোনকালেই আশা কৰিলোঁ।

    Reply
  • বন্দিতা জৈন

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *