ফটাঢোল

য়ে হাথিয়াৰ কা মামলা হ্যে-সঞ্জীৱ মহন্ত

চাকৰিসূত্ৰে চিনামৰাত থকা সময়ছোৱাৰ কথা। কৰ্মস্থানৰ পৰা যোৰহাটলৈ প্ৰায়ে আহোঁ মেজিকত বহি। বিশেষকৈ দ্ৰাইভিং চিটৰ পিছফালে থকা (ওলোটাকৈ) চিটৰ দুৱাৰৰ কাষৰ চিটটো মোৰ প্ৰিয়। মেজিকবোৰত পেছেনজাৰৰ লগতে কেতিয়াবা ওপৰত বস্তু বান্ধি আনে, কেতিয়াবা চিটৰ তলত ঠেলি-হেঁচি সুমুৱায়।  

কেতিয়াবা কাষত মহিলা পেছেনজাৰ বহিলে এডজাষ্ট কৰিবলৈ যাওঁতে গাটোৱে বিকৃত ৰূপ এটা লয়গৈ।    কেতিয়াবা অলপ সিফালে চাপি দিবলৈ ক’লেও এনেকুৱা মুড এটা দেখুৱাই বহি থাকে যেন- ‘চিটতে শিপাহে গজিলে’। সেইবোৰ বহু কাহিনী, ৰসাল কথাও আছে।

বাৰু এদিনৰ কথা লিখিবলৈ লৈছোঁ।

১৫ আগষ্টৰ ওচৰ চাপিছিল। সেয়েহে সেইদিনকেইটাত চিনামৰাত গাড়ীবোৰ পুলিচ, আৰ্মীয়ে তন্ন-তন্নকৈ পৰীক্ষা কৰিহে যাবলৈ দিয়ে। স্কুলীয়া বেগটোকো এনেকুৱা কৈ পিটিকে যে, বেগেও চাগে ভাবে এইকেইটাৰ হাত নহয় হাতোৰাহে। এবাৰ ‘আলুচপ’ লৈ আহিছিলোঁ, নিৰপত্তাৰক্ষীৰ মোৰ স্কুলীয়া বেগটো পিটিকাৰ ফলত  ‘আলুচপ’ চেপেটা লাগিল।

বাৰু সেইদিনা মেজিকত উঠি অহা যাত্ৰীসকলৰ মাজত বহুকেইজন অনা-অসমীয়া আৰু দুজনমান আদিবাসী সম্প্ৰদায়ৰ ব্যক্তিও আহিছিল লগতে তেওঁলোকে চিটৰ তলত মোনা দুটামানত কিবা কিবি লৈ আনিছিল। 

আমাৰ মেজিকখন চিনামৰা তিনিআলি পোৱাৰ লগে লগে গতানুগতিক ভাৱে চেকিং কৰিবৰ বাবে ৰখালে আৰু সকলো যাত্ৰীকে নমাই গাড়ী চেক কৰাত লাগি গ’ল (বেগ চেক কৰা নিৰাপত্তাৰক্ষী কেইজন অনা অসমীয়া আছিল যেন লাগিছিল)। 

সকলো বেগ চেক কৰাৰ পাছত সেই ব্যক্তিকেইজনে চিটৰ তলত অনা বেগকেইটা চেক কৰি সুধিলে, 

: য়ে বেগ কিচকা হ্যে? য়হা ক্যা লায়ে হৌ? ক্যা হে য়হা?

: চাহাব, কুছ হাথিয়াৰ হ্যে….!!

ক’বলৈহে পালে এজনে লগালগ দুজন নিৰাপত্তাৰক্ষীয়ে সিহঁতক ঘেৰি ধৰি বেগকেইটা নমাই আনিলে আৰু খুলিবলৈ লাগিল। ওচৰতে থকা অসম পুলিচৰ জোৱান দুজনমানো কাষ চাপি আহিল।

(ইফালে বাকী যাত্ৰীৰ লগতে ময়ো ভাবিলোঁ, মৰিলোঁ আজি ইহঁতৰ লগতে)

বেগকেইটা খুলি পেলালত তেওঁলোকে দেখিলে তাত, ৰাণ্ডা দুটামান,

বটালি দুটামান, সৰু কৰট দুখনমান, হাতুৰী ২ টা আদিহে আছে।

(মিস্ত্ৰিৰ ভাষাত হাথিয়াৰ)

তেতিয়া অসম আৰক্ষীৰ জোৱান এজনে  অলপ ধমকীৰে ক’লে, 

: ঐ, এইবোৰ আনিছ আৰু কৈছ হাথিয়াৰ আছে। ফচি মৰিবি কেতিয়াবা!

: ছাৰ আমি তৌ এইগিলাক হাথিয়াৰ বুলিয়ে কওঁ, তৌ সুধিলত কৈ দিলোঁ চাহাবে।

উৰহী গছৰ ওৰ গম পালত তাত উপস্থিত থকা বহুজনে সশব্দৰে হাঁহি উঠিল। সেই নিৰাপত্তাৰক্ষীকেইজনেও আচল কথা বুজিব পাৰি “ফিৰ চে এইচে মত লানা” বুলি কৈ যাবলৈ দিলে।

(সেই ঘটনাটো মনত পৰিলে আজিও হাঁহি উঠে)

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজু কুমাৰ নাথ

    ভাল লাগিল দেই।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    জমনি৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *