ফটাঢোল

দিল্লীত সকাম খাবলৈ নামাতিলে -কমলা দাস

আগৰ ক্যাটব্যৰিয়া চৰায়ৰ ভাড়াঘৰটো সলনি কৰি নৰ্থ দিল্লীৰ ফালে ভাৰাঘৰ এটা ল’লোঁ আমি। এইখিনি ঠাই ঘন জনবসতি প্ৰধান অঞ্চল। এশ শতাংশ হিন্দু মানুহৰ বসতিস্থল। এই অঞ্চলটোৰমানুহ বোৰ হেনো ভাৰত-পাকিস্তান ভাগ হওঁতে, পাকিস্তানত থকা পাঞ্জাৱী হিন্দু মানুহখিনি ভাৰতলৈ অহা। তেতিয়াৰ চৰকাৰে সেই মানুহবোৰক হেনো ইয়াতে থাপিছিল! সেয়ে খুব পৰিকল্পনা কৰি, এক আঙুল মাটিও এনেয়ে নোযোৱাকৈ ঘৰবোৰ সজা হৈছিল। বাৰী বুলিবলৈ একো নাই। আগফালে ৰাস্তা আৰু বাকী তিনিওফালে সীমা বুলিবলৈ দুঘৰৰ মাজৰ পকী দেৱালখনেই আছে। তাতেই মানুহবোৰে দুই এজোপা আম গছ, মধুৰী আদি লগাইছে। ফুল আদিও লগায়। চৌহদৰ জপনা খুলিলেই ৰাস্তা পোৱা যায়। 

ঘাই ৰাস্তাৰ ইটো পাৰে, সিটো পাৰে বহুতো কলনি। কলনিৰ প্ৰথম ঘৰটো ঘাই ৰাস্তাৰ কাষতে। তাৰপিছত এটা এটাকৈ ঘৰ পিছুৱাই বিশ ঘৰমান গৈ ভাজ এটা লৈ দুঘৰমান, তাৰপাছত পুনৰ আগুৱাই আহি থাকি শেষৰ ঘৰটো আহি ঘাই ৰাস্তাত লাগেহি। মানে কলনিখনে ইউ আকৃতি এটা লয়। ইউ আকৃতিৰ মাজত এখন পাৰ্ক থাকে আৰু পাৰ্কৰ দুয়োফালে ৰাস্তা। পুৱা, গধুলি তাতেই মানুহবোৰে খোজ কাঢ়ে। আবেলি হ’লেও ল’ৰা-ছোৱালীবোৰ লৈ আনি তাতেই খেলিবলৈ দিয়ে। ডাঙৰবোৰে খেলে, খোজ কাঢ়ে। আনকি মহিলা সকলোৰ পৰচৰ্চাৰ স্থলীও সেই পাৰ্কখনেই। প্ৰায়বোৰ কলনি দেখিবলৈ একেই। প্ৰায় সকলোবোৰ ঘৰেই চাৰি, পাঁচ মহলীয়া। প্ৰতিখন কলনিৰে নিজা নিজা ছ’চাইটি আছে। 

তেনেকুৱা এখন কলনিতেই, মানুহ এঘৰৰ তিনি মহলাত আমাৰ ভাড়াঘৰটো। নতুন ঠাই এখনলৈ গ’লে সেই ঠাইখনৰ পৰিবেশ, মানুহবোৰৰ আচাৰ-ব্যৱহাৰ, ভাষা আদি জানিবলৈ চেষ্টা কৰাটো মোৰ পুৰণি অভ্যাস আৰু সেইবোৰ জানিবলৈ হ’লে, স্থানীয় বাসিন্দাৰ লগত মিলামিছা কৰাটো প্ৰয়োজনীয় হৈ পৰে। সেয়ে ঠাইখনৰ বিষয়ে ভালদৰে জানিবলৈ মই প্ৰথমেই আমাৰ ভাড়াঘৰৰ মালিকনীৰ লগত মিলামিছা কৰিবলৈ ধৰিলোঁ। আবেলি হ’লে তললৈ নামি আহি তেওঁৰ লগত আড্ডা দিবলৈ ধৰিলোঁ। প্ৰথমে তেওঁ মোৰ লগত অলপ সংকোচেৰে কথা-বতৰা পাতিছিল! এদিন কথাই কথাই ধৰ্মৰ কথা উলিয়াই, আমাৰ ধৰ্ম কি, জানি ল’লে। (দিল্লীত থাকোঁতে, দিল্লীবাসীৰ জনজীৱনত হিন্দু আৰু মুছলমানৰ কাঢ়া নিয়মবোৰ অনুভৱ কৰিছিলোঁ) আমি হিন্দু বুলি জনাৰ পাছতহে তেখেতসকলে আমাৰ লগত ভালদৰে মিলামিছা কৰিছিল! 

মই দেখা দিল্লীৰ প্ৰায়বোৰ শাহুয়েই হিন্দী চিৰিয়েলত দেখা শাহুবোৰৰ নিচিনা! যেতিয়াই দেখোঁ, আগফালৰ চোতালৰ নিচিনা ঠাইখিনিত খাটিয়া এখনত বহি থাকে শাৰী নাইবা চেলোৱাৰ কামিজ পিন্ধি। কেতিয়াবা বেজী সূতা লৈ কিবা চিলাই কৰি থাকে, খোৱা-বোৱাও তাতেই কৰে। হেনা লগাই লগাই মটিয়া বৰণ ধৰা চুলিখিনি, খাবলৈ নাপাই কেৰকেৰিয়া হোৱা টাইপ, খীণ-মীন বেণী এডাল গুঠি থৈ দিয়ে! চেলোৱাৰ বনাই ৰৈ যোৱা কাপোৰেৰে ঘৰতে বনোৱা, ৰচী লগোৱা সৰু বেগ এখন হাতৰ কিলাকুটিৰ সেই শখিনিতে ওলোমাই লৈ থাকে। সেই বেগখন হৈছে, ভাড়াতীয়াৰ ভাড়া, পুতেকৰ দৰ্মহাৰ টকা, গিৰিয়েকৰ দৰ্মহাৰ টকা, আদিৰ মিলন থলী! ঘৰখনৰ সকলো খৰচ, আয় দায় আদি তেওঁৰ সেই বেগৰ পৰাই কৰা হয়। তেওঁ ঘৰখনৰ সৰ্বেসৰ্বা বুলি ক’লেও ভুল নহয়।

গধূলি হ’লেই প্ৰায় এঘণ্টামান সদায় শাহুয়েকৰ ভৰি টিপি দিব লাগে বোৱাৰীজনীয়ে। বোৱাৰীজনী চাকৰি কৰায়ে হওক বা গৃহিনীয়েই হওক, শাহুৰ ভৰি টিপি দিবই লাগিব! মই আবেলি শাহুয়েকৰ লগত বহিলে, বোৱাৰীজনীয়ে প্ৰায়েই মোক এগিলাচ চাহ খাবলৈ দিছিল। ইলাচি দিয়া চাহ গিলাচ গাখীৰ, চেনী আৰু চাহপাতৰ মিশ্ৰণটো ইমানেই পাৰফেক্ট (অসমীয়া শব্দটো মনলৈ অহা নাই) হয় যে, চাহকাপ খালে মন ভৰি যায়। 

ময়ো হিন্দু বাবে তেওঁৰ লগত মাজে মাজে মোক মন্দিৰলৈ লৈ যায়। দিল্লীত যিমানবিলাক মন্দিৰলৈ গৈছোঁ, সকলোবিলাক মন্দিৰেই খুব ৰমকজমককৈ সজোৱা থাকে আৰু আৰ্থিকভাৱে যথেষ্ট চচ্ছল বুলি অনুমান কৰিব পাৰি। মন্দিৰত হাৰমোনিয়াম আৰু তাল, বাদ্য বজাই সমুহীয়া ভোজন গোৱাৰ পাছত প্ৰসাদ দিয়ে। পেকেট হিচাবে দিয়া প্ৰসাদত প্ৰায়েই আম, আপেল, ঘিউত ভজা চুজি আৰু বুন্দিয়াৰ লাড়ু থাকে। আটাইখিনি টোপোলা বান্ধি ঘৰলৈ লৈ আনো। যিদিনা মন্দিৰলৈ যাওঁ, সেইদিনা গধূলিৰ চাহৰ খোৱাখিনি হৈ যায় আমাৰ।

আমি তাত থকাৰ এমাহমান পিছত, আমাৰ কলনিৰ মানুহ এঘৰৰ মাক ঢুকাল। আবেলিৰ আড্ডাত মোক মালিকনীয়ে জনালে। তাৰপাছত আমাৰ আলোচনা মানুহ মৰিলে হোৱা নিয়ম-নীতিৰ ওপৰত চলিল। মালিকনীয়ে মোক সুধিলে,

: আপোনালোক জাতি কি! 

প্ৰশ্নৰ আকস্মিকতাত মই হতচকিত হ’লোঁ আৰু লগে লগে কৈ দিলোঁ, কলিতা বুলি! তেওঁ আকৌ কলিতা মানে কি বুজি নাপাই নহয়! তেওঁ বাৰে বাৰে কি কি কৈ সুধিছে আৰু ময়ো কৈ আছোঁ! বুজি নাপাই হে নাপায়! এতিয়া খা বাপ্পেকে, এইজনীক কি বুলি বুজাওঁ! আমাৰ ওচৰত তেখেতৰ বোৱাৰীয়েও, তেখেতৰ ভৰি মালিচ কৰি বহি আছিল। শাহুয়েকৰ কথা মই বুজি নোপোৱা বুলি গম পাই, এইবাৰ বোৱাৰীয়ে বুজাব ধৰিলে,

: চুনিয়ে দিদি, ও এইচা হে কি, হিন্দু ধৰম মে ভি আলগ আলগ জাত হেই না! যেইছে- হামলোগ ক্ষত্ৰিয় হে। ৱো মৰনেৱালী কি ফেমিলি ভি ক্ষত্ৰিয় হ্যে। ৱেইছে আপলোগ কা জাত কিয়া হ্যে! 

তাইৰ কথা শুনি মোৰ লগে লগে দিমাগ কি বত্তী জ্বলি উঠিল। “অঁ মানে ইহঁতে সেই ক্ষত্ৰিয়, ব্ৰাহ্মণ, শূদ্ৰ আদি জাতিৰ কথা হে বুজি পায়! বাৰু বাৰু! মইও আগ পিছ একো নাভাবি আমিও ক্ষত্ৰিয় বুলি কৈ দিলোঁ! (কিবা এটা ক’বহে লাগে!)”

তেতিয়াহে শাহুয়েকে বুজি পাই পুনৰ সুধিলে,

: মানুহ মৰা সকাম আদি আমি কেইদিনত কৰোঁ! 

মই এনেয়ে কৈ দিলোঁ, পোন্ধৰ দিনত বুলি! (যদিও আমাৰ তেৰদিনৰ পৰাই আৰম্ভ হয়!) তেতিয়া বোৱাৰীয়ে শাহুয়েকক ক’লে,

: কিয়া মাম্মী, আপ ভি! ইনলোগ ভি ক্ষত্ৰিয় হ্যে, তো পোন্দ্ৰোহ দিন মে হি কৰেঙ্গে না! 

মনলৈ এনেয়ে আহিল বাবে আমিও ক্ষত্ৰিয় বুলি কৈ দিয়া বাবে অৱশ্যে পিছলৈ মোৰ লাভেই হ’ল বুলি কব পাৰি। মাক ঢুকুৱা মানুহ ঘৰলৈ খবৰ কৰিবলৈ যাবলৈ, মালিকনীয়ে মোক ল’গ ল’লে আৰু এঘৰ নতুন মানুহৰ ঘৰলৈ যাবলৈ সুবিধা পাই ময়ো সন্মত হ’লোঁ। আমি তেওঁলোকৰ ঘৰলৈ এদিন এৰি এদিন গৈ থাকিবলৈ ল’লোঁ। 

মানুহ ঢুকুৱা ঘৰখন আমাৰ ঘৰৰ পৰা দেখা পায়। মাজে মাজে দেখোঁ তেওঁলোকৰ ঘৰৰ সন্মুখত কাঠৰ বাকচ কিছুমান দ’ম হৈ থাকে আৰু লগুৱাজাতীয় মানুহ এজনে সেইবোৰ এটা এটাকৈ ভিতৰলৈ লৈ গৈ থাকে। সদায় ভাবোঁ, সেইবোৰ বাকচত কি আনে বাৰু!

আমি তেওঁলোকৰ ঘৰলৈ প্ৰথম দিনাখন যাওঁতেও তেনেকুৱা কাঠৰ বাকচ কিছুমান তেওঁলোকৰ ঘৰৰ সন্মুখত দেখা পালোঁ। মোৰ লগত থকা আমাৰ ঘৰৰ মালিকনীক সেই বিষয়ে সুধি গম পালোঁ যে সেইবোৰ ফলমূলৰ বাকচ। মৃতকৰ পৰিয়ালৰ আত্মীয়সকলে তেনেদৰে তিনি চাৰি বাকচ ফলমূল পঠিয়ায়! মই আচৰিত হৈ গ’লোঁ! বাপৰে, ইমানবোৰ ফলমূল পঠিয়াই নে! 

প্ৰথমদিনা আমি মৃতকৰ ঘৰলৈ গ’লোঁ। ৰাস্তাৰ লগতে লাগি থকা প্ৰকাণ্ড গেটখনত থকা কলিং বেলটো মালিকনীয়ে টিপি দিলে। লগে লগে ভিতৰৰ পৰা আৱাজ ভাঁহি আহিল,

: কৌন্ হ্যে! 

মালিকনীয়ে নিজৰ নামটো কোৱাত, স্বয়ংক্ৰিয়ভাৱে গেটখন খোল খালে আৰু আমি সোমাই যোৱাৰ পাছত সেইখন নিজে নিজে বন্ধ হৈ গ’ল! সেইবোৰ দেখি মই আচৰিত হৈছিলোঁ, কাৰণ ইয়াৰ আগলৈকে মই তেনেকুৱা ছিষ্টেমৰ গেট দেখা পোৱা নাছিলোঁ! 

আমি ভিতৰত সোমাই দ্বিতীয় মহলালৈ লিফ্টেৰে উঠি গ’লোঁ! ঘৰৰ ভিতৰত লিফ্ট! মনতে ভাবিলোঁ, দিল্লীৰ মানুহবোৰ বৰ ধনী দেই! ঘৰৰ ভিতৰত সোমাই দেখিলোঁ, আৰু দহজনীমান মহিলা ইতিমধ্যে আহি বহি আছে। 

আমি গৈ পোৱাৰ পাছত, আমাক ঠাণ্ডা এগিলাচ খাবলৈ দিলে। তাৰপাছত আমাক সকলোকে এটা আহল-বহল ৰূমলৈ মাতি লৈ গ’ল। ৰূমটোৰ এটা মূৰত, মন্দিৰত থকাৰ নিচিনাকৈ ওখ বেদী এখন ৰংচঙীয়াকৈ সজাই, তাত ৰাধা কৃষ্ণৰ মূৰ্তি ঝুলাই থোৱা আছে। মহিলা এজনীয়ে বেদীৰ ওচৰত ঘিঁউৰ চাকি এগছ জ্বলাই দিলে। আমি সকলোৱে শাৰী পাতি থিয় হৈ থাকিলোঁ। আন এজনী মহিলাই আমাৰ সকলোৰে হাতে হাতে সৰু পুস্তিকা এখনকৈ দি গ’ল! ময়ো হাত পাতি ল’লোঁ। পুস্তিকাখন মেলি চাই দেখোঁ হিন্দীত কবিতাৰ নিচিনাকৈ কিবা লিখা আছে! সেইখন চাই থাকোঁতে মন কৰিলোঁ, মহিলাসকলে অলপ সুৰ লগাই, বিৰবিৰাই কিবা মাতিবলৈ ধৰিছে! ময়ো কিতাপখন জপাই লৈ তেওঁলোকে কি কৈছে বুজিবলৈ চেষ্টা কৰিলোঁ! আঁৰ চকুৰে সকলোৰে ফালে চাই দেখিলোঁ, কিছুমানে কিতাপখন চাই চাই মাতি আছে। অঁ তাৰমানে তেওঁলোকে কিতাপত থকাখিনিহে মাতি আছে নেকি! ময়ো কিতাপখন মেলি পঢ়িবলৈ যত্ন কৰিলোঁ। পিচে তেওঁলোকে কিনো কৈ আছে আৰু কিতাপৰ কোনটো পৃষ্ঠা পঢ়ি আছে, একো ধৰিব নোৱাৰিলোঁ। তেওঁলোকে পঢ়ি শেষ হোৱালৈ মই কিতাপখন এনেয়ে লুটিয়াই থাকিলোঁ। 

প্ৰাৰ্থনা শেষ হোৱাৰ পিছত (কিতাপখন পঢ়ি থকা সময়খিনি প্ৰাৰ্থনা বুলিয়েই ধৰি লৈছোঁ!) গৃহস্থই আমাৰ সকলোকে প্ৰায় দুই কেজিমান ওজনৰ একোটা ফলমূলৰ টোপোলা উপহাৰ দিলে। টোপোলাবোৰ লৈ, আমি তেওঁলোকৰ পৰা বিদায় লৈ ঘৰলৈ আহিলোঁ। ( কাৰ্টুনে কাৰ্টুনে পোৱা ফলবোৰ চাগৈ এনেকৈ বিলাই দিয়ে !)

এদিন এৰি এদিন আমি মৃতকৰ ঘৰলৈ গৈ থাকিলোঁ। প্ৰতিদিনে প্ৰাৰ্থনা শেষ হোৱাৰ পিছত একোটা ফলমূলৰ টোপোলা উপহাৰ দিয়ে। সেই কেইদিন আমি ক্ষত্ৰিয় হোৱাৰ সুবাদতে বিনামূলীয়াকৈ ঠিকছে ফলমূল ভক্ষণ কৰিলোঁ! পিচে আমাৰ ফালৰ নিচিনাকৈ মানুহ মৰিলে তেওঁলোকে ৰাইজক ভোজ-ভাত নুখুৱাই হ’বলা! খুৱালে নিমন্ত্ৰণটো নিশ্চয় পালোহেঁতেন কিজানি! খানাটোও নিশ্চয় জবৰদস্ত হ’লহেতেন! লোভটো অলপ থাকি গ’ল পায়!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *