জোখ-ৰঞ্জু হালৈ মুনি
কেতিয়াবা ক’ৰবাত আপুনি নিজৰ কৰ্মকাণ্ডৰ বাবে লাজ পাইছেনে? মই পাইছোঁ। তাকো কিহৰ বাবে জানেনে সঠিককৈ জোখ দিবং নোৱাৰাৰ বাবে। এযোৰ চেণ্ডেলে মোক লাজত পেলাইছিল।
সঠিক জোখ-মাপ আজিলৈকে নাপালোঁ।জোখৰ খেলি মেলিটো লাগে জোতা-চেণ্ডেল কিনাৰ সময়ত। সেই সময়ত প্ৰায়েই এটা সমস্যা হয়। সকলোৰে হয়নে নাজানোঁ, মোৰ কিন্তু প্ৰায়েই হয়। এই ধৰক মোক ছয় নম্বৰৰ চেণ্ডেল লাগে সঁচাকৈ মোক ছয় নম্বৰৰ চেণ্ডেলেৰে হ’বনে মই কনফিউজ্ড হৈ যাওঁ।
দোকানীক গৈ কওঁ
“চেণ্ডেল দেখুৱাবচোন।”
দোকানীয়ে ইযোৰৰ পিছত সিযোৰ চেণ্ডেল উলিয়াই দেখুৱাই। পিন্ধি চাই দোকানীক সোধোঁ
“দাদা হৈছেনে চাবচোন।”
পিন্ধিম মই, কব দোকানীয়ে।মুঠতে অথন্তৰেই নুগুচে। যেনেতেনেকৈ চাই মেলি আনি পিন্ধো। এবাৰ কি হ’ল দাদাক চেণ্ডেল আনিবলৈ দিলো এযোৰ। ক’লা ধুনীয়া চেণ্ডেল এযোৰ আনি দিলে দাদাই। পিন্ধি কিবা জোখটো নিমিলা যেন লাগিল।তেতিয়ালৈকে মই নাজানোঁ যে চেণ্ডেলযোৰ মোৰ ভৰিত আটিছে নে নাই। দাদাক চেণ্ডেলযোৰ ঘূৰাই দি বেলেগ এযোৰ আনিবলৈ ক’লো।এইবাৰ আনিছে একেবাৰে দীঘল চাই এযোৰ। বাৰে বাৰে উভতাইতো দিব নোৱাৰি। দীঘল চেণ্ডেলযোৰকে পিন্ধিবলৈ যত্ন কৰিলোঁ।
এবাৰ বিয়া খাবলৈ গৈছিলোঁ সেই চেণ্ডেলযোৰ পিন্ধি।পিছফালে ওলাই থাকে দুআঙুল মান। কি কৰোঁ উপায় নাই। পিছফালে কাটিব পাৰি নেকি চালো।নাই, বেয়া লাগিব কাটিলে।একো উপায় নাপায় ঘৰত ৰঙা চেলোটেপ আছিল আনি থোৱা, তাকেই দুয়োপাত চেণ্ডেলত ধাম-ধুম লগাই দিলো। ক’লা চেণ্ডেলত ৰঙা চেলোটেপ পৰি জিলিকি উঠিল।
আত্মীয়ৰ বিয়া আছিল সেইখন। বিয়াঘৰত গৈ চুকৰ ফালে চকী এখনত বহি আছোঁ। বৰ বেছি ঘূৰা ফুৰা কৰা নাই। য’তে বহো তাতেই বহিয়েই আছো। ৰাতি দৰাৰ লগত গৈছো ঠিকেই আছে।গণ্ডোগলটো লাগিল ৰাতিপুৱা কইনা লৈ আহোতেহে। বা এজনীয়ে দেখি সুধিলে নহয় বোলে
“তোৰ চেণ্ডেলযোৰত সেইয়া কি লাগি আহিছে ঐ। ৰাতি আচল বিধেই গচকিলি চাগে!”
ক’ত কি বুলি ইফালে -সিফালে চাও দুয়োপাত চেণ্ডেলৰ পৰা চেলোটেপ বোৰ এৰি দুপাখি মেলি উৰি আছে। ইফালে অত সোপা বিয়াৰ মানুহ। দৌৰা দৌৰিকৈ চেণ্ডেল যোৰ খুলি থৈ দিলো।শুদা ভৰিৰে বাকী থকা সময় খিনি পাৰ কৰি চেণ্ডেল নিপিন্ধাকৈয়ে আহি ঘৰ পালো। ঘটলং-মটলং কৈ চেণ্ডেল পিন্ধিব নোৱাৰি।তাতে ফ্ৰক পিন্ধা দিনৰে কথা। চুৰিদাৰ পিন্ধিলেও সিমান ধৰিব নোৱাৰি।
আজিও নাপালোঁ সঠিক জোখ।অনলাইন শ্বপিং কৰিলেও ধুনীয়া ধুনীয়া চেণ্ডেলবোৰ দেখিলে ইগনোৰ কৰো।জানোচা চেণ্ডেলযোৰ অনাৰ পিছত ভৰিত নহয়।তেতিয়া কমখন লটি ঘটি হ’বনে?
এইবোৰ ভাবিয়েই আজিকালি চেণ্ডেলৰ জোখটো মনত ৰাখিবলৈ চেষ্টা কৰো। নাই,মনত নাথাকে। দোকানলৈ গৈ সেই এদম চেণ্ডেল উলিয়াই পিন্ধি চাবই লাগিব। তেতিয়াহে যদি সঠিক জোখৰ চেণ্ডেল এযোৰ পাওঁ।
কিছুদিন বান্ধৱীজনীৰ ভৰিৰ জোখতেই চলিলো। তাইৰে মোৰে ভৰিৰ জোখ একেটাই।কেণাটো লাগিল তাতেই।এবাৰ দুইজনীয়ে একেই ৰঙৰ দুযোৰ চেণ্ডেল আনিলো। জোখো একেটাই।পূজাৰ সময়। দুয়ো বান্ধৱীয়ে বজাৰ কৰি আহি পাৰ্লাৰত সোমালোঁ। এঘণ্টা মানৰ মূৰত পাৰ্লাৰৰ পৰা ওলাই আহি দেখোঁ যে কোনোবাই আমাৰ এযোৰ চেণ্ডেল লৈ গৈ বেলেগ চেণ্ডেল এযোৰ থৈ গৈছে।
“তোৰ যোৰ সলনি হৈছে চেণ্ডেল।”
মই অলপ জোৰ দি কওঁ।
“ইচ, তোৰ যোৰ নাই চা ভালকৈ। মোৰ চেণ্ডেলত আঙুলিৰ দাগেই বহা নাই।”
হায়ৰে মোৰ পোৰা কপাল।মিলাই চাবলৈ সেইযোৰ চেণ্ডেল যে কাষত নাই।একেলগে কিনা চেণ্ডেল।তাইৰ যোৰত যদি পিন্ধা দাগ বহা নাই তেনেহ’লে মোৰো বহা নাই।
মোৰ মতে সলনি হৈছে বান্ধৱীৰ চেণ্ডেল যোৰ, বান্ধৱীৰ মতে মোৰ যোৰ সলনি হৈছে। মুঠতে তাতেই দুয়োৰে এখুন্দা লাগিল।শেষত সেই এৰি যোৱা চেণ্ডেল যোৰেই মোৰ ভাগত পৰিল। তেতিয়াৰ পৰা বান্ধৱীজনীৰ লগত জোখত মিলিলেও একে ৰঙৰ চেণ্ডেল কিনিবলৈ বাদ দিলো।
☆ ★ ☆ ★ ☆
1:43 pm
হয় দেই, মোৰো চেণ্ডেল জোতা কিনিবলৈ গৈ বহুত লটিঘটি হয়।