ফটাঢোল

দুঃস্বপ্ন- হিমাংশু ৰাজখোৱা

: চিৰজীৱন একেলগে থাকিব পৰাকৈ কিবা এটা বিচাৰি পোৱা নাই তোমাৰ মাজত, মই কথাটো ঠিক তোমাক বুজাব পাৰিছোঁনে নাজানো।

কেটৰিনা নিশ্চুপ হৈ থাকিল। 

: কি হ’ল কিবা এটা কোৱা, তোমাক এইটো কোৱা নাই যে, মই তোমাক পচন্দ নকৰোঁ, কিন্তু আমি আৰু একেলগে থকাতো হয়তো সম্ভৱ নহ’ব, বুজি পাইছানে?

: বুজিছোঁ। নুবুজিম কিয়? 

বহু সময়ৰ পাছত মুখ খুলিলে কেটেৰীণাই। 

: কিন্তু তোমাক মই ভীষণ ভালপাওঁ। তোমাক এৰি থকাতো মই কল্পনাও কৰিব নোৱাৰোঁ।

কেটেৰীণাৰ দুচকুৰ দুকোণত দুফোটা চকুপানী বিৰিঙি উঠিল।

: চোৱা কেট, ভাল লগা নলগাৰ ওপৰত সকলো সময়তে মানুহৰ হাত নাথাকে। তোমাৰ প্ৰতি মোৰ সেই আগৰ অনুৰাগ নাই, মই স্বীকাৰ কৰিছোঁ আৰু মানুহে যি বিচাৰে, যাকেই বিচাৰে সেইটো পোৱাও সকলো সময়তে সম্ভৱ নহয়। যদি হ’লহেঁতেন এই পৃথিৱীখন পৃথিৱী নহৈ স্বৰ্গ হ’লহেঁতেন। তুমি মোক ভালপোৱা কিন্তু মই তোমাক ভাল নাপাওঁ আৰু এই সত্যটো যিমান পাৰি সোনকালে মানি লোৱাটোৱেই হয়তো তোমাৰ বাবে ভাল হ’ব। তোমাৰ অলপ কষ্ট কমিব, ঠিক আছে আহোঁ তেন্তে,

‘কেট’ ওৰফে কেটৰীণা কাইফে আৰু একো নক’লে। 

মই উঠি আহিলোঁ। টেবুলৰ কাষলৈ ৱেইটাৰ এজন আহিল। বিল দিবলৈ বেগত হাত সুমুৱাওঁতেই ৱেইটাৰে কৈ উঠিল, 

: ইটচ্ অ কে মেম। চাৰ হেজ অলৰেডি পেইড দা বিল। হেভ এ নাইচ ডে মেম।

বাহিৰলৈ ওলাই আহি মই দেৰি নকৰিলোঁ। অট’ এখন লৈ ঘৰলৈ গুচি আহিলোঁ। অ’ডিখনৰ চাবি ৰেষ্টুৰেণ্টত সোমাওঁতেই কেটৰ হাতত দিছিলোঁ। নিয়ক সেইখন তাইয়েই লৈ যাওক!

ঘৰলৈ আহিয়েই খবৰ পালোঁ, বহু সময়ৰ পৰা কোনোৱা বিদেশী ভদ্ৰলোক এজন মোলৈ ৰৈ আছে।বিৰক্ত হ’লোঁ অলপ। কোন হ’ব পাৰে এই সময়ত! এতিয়া মোৰ গা ধুই লান্স কৰাৰ সময়। লান্সৰ পাছতে দুঘণ্টামান ভালকৈ শুই ল’বলৈ নাপালে মোৰ ভাল নালাগে। কাৰো লগত কথা পতাৰ মুড এইখিনি সময়ত মোৰ নাথাকে। তথাপি বিদেশী বুলিয়েই দেখা কৰিবলৈ গ’লোঁ। যিমান পাৰি সোনকালে বিদায় দিব লাগিব।

মোক দেখাৰ লগে লগেই মধ্য বয়সী সেই বিদেশী বহাৰ পৰা থিয় হ’ল।

: ছাৰ মোক চিনি পাব বোধহয়। মই ছাৰ বিল গে’টছ। মাইক্ৰ’ছফট নামৰ কোম্পানী এটা চলাওঁ ছাৰ।কম্পিউটাৰৰ কিবা কিবি বনাওঁ।

: অঁ চিনি পাইছোঁ, বহক বহক, কওকচোন কিয় আহিল?

মানে ছাৰ, কিছু ইতঃস্তত কৰি বিল গে’টছে ক’লে, 

: ছাৰ টকা অলপ লাগিছিল ছাৰ। বৰ টনাটনি চলিছে। গম পাইছেই ছাৰ, আপোনালোকৰ গুৱাহাটীৰে এটা বৰ বেয়াকৈ মোৰ পাছত লাগিছে ছাৰ। আম্বানী, আদানীহঁতক বৰবাদ কৰাৰ পিছত কোনদিনা মোক ধ্বংস কৰে ধৰিব পৰা নাই ছাৰ। ফেচবুকত মোক বৰবাদ কৰিম বুলি লিখিছেই। সেইটো পষ্টত দেখিছোঁ ৭৮ টামান লাইকো আহিছে। আমি আপোনাৰ লগত আছোঁ টাইপৰ কমেণ্ট দুটামানো দেখিছোঁ। ভয় খাইছোঁ ছাৰ মই এইটোলৈ। ইপিনে নতুন প্ৰজেক্ট এটা আছিল ছাৰ। আপুনি অকণমান ফাইনেন্স কৰি দিলে ভাল আছিল। দুমাহমানত ঘূৰাই দিম ছাৰ। শপত কৈছোঁ ছাৰ, দেওশাল বাবাৰ শপত।

: ধেই কি শপত-চপত খাই থাকেহে? কিমান লাগে টকা? লৈ যাওক। দুপৰীয়াখন আহিছে ইমান দূৰৰ পৰা কষ্ট কৰি। দিয়ক আপোনাৰ ‘ফোন পে’ নম্বৰটো দিয়ক। ট্ৰেন্সফাৰ কৰি দিওঁ। 

বিল গে’টছক ক’লোঁ মই।

: ছাৰ কি বুলি ধন্যবাদ জনাম ছাৰ, 

বিলে হাতযোৰ কৰি উঠিল।

: হ’ব, ধন্যবাদ-চন্যবাদ ঠিক আছে, কিমান লাগিব নক’লে যে?

: ছাৰ, দিয়ক ছাৰ আপুনি যি ভাল দেখে, মই কি ক’ম,

বিনয়ত গদ গদ হৈ উঠিল বিল গে’টছ।

ফোন পে এপটো খুলি ১ ৰ পাছত ১০ টামান শূন্য বহাই দিলোঁ। স্ক্ৰীণখন বিলক দেখুৱাই ক’লোঁ, 

: চাওক, হ’ব ইমানেৰে?

: হ’ব ছাৰ হ’ব, দুমাহত ঘূৰাই দিম ছাৰ।

: বাৰু, ঘূৰাই দিয়াতো পাছত চাই ল’ম, এতিয়া আপুনি উঠক। পাঠা মাংস বনাইছে আজি, ভাত ঠাণ্ডা হ’ব। কঁঠাল গুটি পিটিকাও আছে। মই গা ধুই সোনকালে ভাত খাব লাগে।

বিল গে’টছক বিদায় দি বাথৰূমত সোমালোঁ। ছাগলী মাংসৰে এক থাল ভাত ভালকৈ ডবাই দি দুপৰীয়া অলপ শুই লওঁ বুলি বিছনাত পৰোঁতেই হঠাৎ মনত পৰিল বহুদিন ইনষ্টাগ্ৰাম চোৱা হোৱা নাই। গৈ দেখোঁ, ঢেৰ মেছেজ আছে।

লিঅ’নাৰ্ড দি কেপৰিঅ’ নামৰ কোনোবা এটাই মেছেজ দি থৈছে, “বচ, দুটামান একটিঙৰ টিপছ লাগে, ৰিপ্লাই দিব প্লিজ।”

শ্বাহৰুখ খান নামৰ ভক্ত এটাই লিখিছে, 

“ছাৰ আপোনাৰ মই জাবৰা ফেন। মেছেজটো চিন কৰিলে কৃতাৰ্থ হ’ম।”

এমা ৱাটচন নামৰ আই ডি এটাৰ পৰা মেছেজ আহিছে, 

“আপোনাক মোৰ খুব ভাল লাগে। খুব খুব খুব ভাল লাগে। এদিন কথা পাতিব পাৰিম নেকি?”

ধুৰ, এইবোৰ মেছেজৰ ৰিপ্লাই লিখি থাকিলে আজি দুপৰীয়া শোৱা নহ’ব মোৰ। যোৱা সপ্তাহত চিন কৰাবোৰেই আজিলৈ ৰিপ্লাই কৰিব পৰা নাই।বিৰাট কোহলী বোলাটোৱে ছয় সাতবাৰ এটাই মেছেজ দি আছে, 

“দাদা, নতুন শ্বট এটা শিকাম বুলি কৈছিল, কি হ’ল? ৰিপ্লাই দিয়ক না দাদা।”

জাষ্টিন বিবাৰ বোলাটোৱে কিবা গানৰ লিংক এটা দিছে, 

“বচ, মোৰ নতুন গান। চাই জনাব কেনেকুৱা লাগিল। আপোনাৰ ৰিভিউলৈ ৰৈ আছোঁ।”

ঠিক আছে, বহুত মেছেজ পেণ্ডিং আছে। এইবোৰৰ ৰিপ্লাই ৰাতিলৈ দিব লাগিব। অলপ শুই লওঁ মুঠতে এইবাৰ। 

মোবাইলৰ ডাটা কানেকশ্যন অফ কৰি ফোনটো গাৰুৰ কাষত থৈ চকু দুটা মুদি দিলোঁ।

চকু মুদাৰ লগে লগে এটা সপোনে মোক ক’ৰবালৈ লৈ গ’ল।

সপোনত দেখিলোঁ, মোৰ ঘৰ গোলাঘাটৰ বহু ভিতৰৰ কোনোবা এখন গাঁৱত। ঘৰত এচি পৰ্যন্ত নাই।পকেট উদং। মাত্ৰ ত্ৰিশ টকা এটা আছে। ফোনৰ ডাটা অন কৰি দেখিলোঁ ডাটা পেক শেষ হ’ল। ৫১ টকাত এদিনত ২ জিবি পোৱা ডাটাপ্লেনটো কিনিবলৈ আৰু ২১ টকা লাগে। ২১ টকা ক’ত পাওঁ, সেইটো টেনশ্যনত আছোঁ।

অভিজিত নামৰ  লগৰ এটাক ফোন কৰিলোঁ, বিজি পালোঁ। এছ এম এছ এটা দিলোঁ, “ঐ ভাই ৫১ টকাৰ নেট পেক এটা ভৰাই দে না”,

মেছেজৰ ৰিপ্লাইয়েই নিদিলে সি, নিজকে কিবা ভিক্ষাৰী যেন লাগি গ’ল। খং আৰু ক্ষোভত মুখৰ পৰা এটা অবাইছ চিঞৰ ওলাই আহিল আৰু সেই চিঞৰটোতে মোৰ টোপনি ভাঙি গল!

টোপনিৰ পৰা সাৰ পাই দেখোঁ এক অচিন ভয়ত বেডৰূমৰ এই শীত তাপ নিয়ন্ত্ৰিত পৰিৱেশতো মোৰ গোটেই গাৰ পৰা ঘাম বাহিৰ হৈ গৈছে। উফঃ এইটো কি ভয়ানক সপোন আছিল!

ভাইব্ৰেশ্যন মোডত ৰখা ফোনটো কঁপি উঠিল। ৰিছিভ কৰিলোঁ। সিফালৰ পৰা মেকুৰীৰ যেন মাত যেন মিহি মাত এটা ভাঁহি আহিল, 

: দাদা, মই বিদেনে ক’লোঁ। এই মধ্য প্ৰাচ্য সংকটত দাদা কি কৰিম ভাবি পোৱা নাই। কিবা এটা কওক দাদা। কিবা এটা পৰামৰ্শ দিয়ক। 

: এতিয়া ৰাখকচোন, অলপ ব্যস্ত আছোঁ, ৰাতিলৈ ফোন কৰিম আপোনাক।

: ঠিক আছে দাদা, ৱেইট কৰিম আপোনাৰ ফোনৰ।

ফোনটো ৰাখিয়েই ঢকঢককৈ একজাৰ পানী খালোঁ। গামোচা এখনেৰে গাৰ ঘাম মচিলোঁ। উশাহটো যেন এতিয়াহে ঘূৰি আহিছে। তাৰমানে টোপনিত সপোনহে দেখিছিলোঁ।

মোবাইলৰ ডাটা অন কৰি ফেচবুক স্ক্ৰল কৰি যাওঁতেই দেখিলোঁ গোটেই পৰ্টেলবোৰত তেতিয়া একেটাই নিউজ বাজি আছে-

“কিছু সময়ৰ পূৰ্বে ভাত ঘুমতিৰ পৰা সাৰ পালে বিখ্যাত চেলিব্ৰেটি, বিলিয়নাৰ, বহুমুখী প্ৰতিভা, সদৌ অসম মিতব্যয়ী সন্থাৰ প্ৰতিস্থাপক মুখ্য সম্পাদক আদিত্য জ্যোতি বৰঠাকুৰ”।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *